আমি কেতিয়া জীয়াই থাকোঁ
মোৰ চিন্তা আৰু আদর্শৰ ওপৰত যিজন মানুহৰ প্রভাৱ মই অতি গভীৰভাৱে অনুভৱ কৰোঁ তেওঁ হ’ল হেনৰী ডেভিদ থৰো৷ তেওঁৰ বিষয়ে মই এখন দীঘল ৰচনাও লিখিছোঁ৷ সেইখনেই বোধহয় থৰোৰ বিষয়ে অসমীয়া ভাষাত লিখা একমাত্র ৰচনা৷ অৱশ্যে মোৰ চিন্তা আৰু আদর্শৰ ওপৰত থৰোৰ প্রভাৱেই সর্বাধিক বুলি ক’লোঁ যদিও সেই কথাটোৰ এটা শুধৰণি দিয়াৰো প্রয়োজন আছে৷ তেওঁৰ জীৱনৰ আদর্শক মই নিজৰ জীৱনত প্রয়োগ কৰিব পাৰিছোঁ বুলি কেতিয়াও দাবী কৰিব নোৱাৰোঁ৷ মানুহৰ জীৱনত আদর্শৰ প্রভাৱ সম্পর্কে এজন পণ্ডিতে (চি এছ ক্লার্ক?) এটা বৰ সুন্দৰ কথা কৈছিল৷ তেওঁ কৈছিল– ‘মহৎ আদর্শবোৰক আকাশৰ তৰাবোৰৰ লগত তুলনা কৰিব পাৰি৷ আমি সেই তৰাবোৰক কেতিয়াও স্পর্শ কৰিব নোৱাৰোঁ কিন্তু কম্পাছ আৱিষ্কাৰ হোৱাৰ আগতে সমুদ্রগামী জাহাজৰ নাবিকে যেনেকৈ আকাশৰ তৰাবোৰ চায়েই দিক্নির্ণয় কৰিছিল, ঠিক তেনেকৈ মহৎ আদর্শবোৰক আমি নিজৰ জীৱনত প্রয়োগ কৰিব নোৱাৰিলেও সেই আদর্শবোৰক স্মৰণ কৰিও আমি জীৱনৰ শুদ্ধ পথ নির্ণয় কৰিব পাৰোঁ৷’
হেনৰী ডেভিদ থৰোৰ বহুতো গভীৰ ভাবোদ্দীপক উক্তিক মই বীজমন্ত্রৰ দৰে মনে মনে আওৰাই থাকোঁ৷ কিন্তু বয়স দ্রুতগতিৰে বঢ়াৰ লগে লগে তেওঁৰ এটা বিশেষ উক্তি মোৰ মনলৈ সঘনাই আহিব ধৰিছে৷
মাত্র ৪৫ বছৰ বয়সত থৰোৰ মৃত্যু হৈছিল৷ তেওঁ জীৱনৰ কেইবাটাও বছৰ অতিবাহিত কৰিছিল বনবাসী হিচাপে– যিটো অভিজ্ঞতাৰ বিৱৰণ তেওঁ লিপিবদ্ধ কৰি থৈ গৈছে ‘ৱাল্ডেন’ Walden) নামৰ অমৰ গ্রন্থখনত৷ কিতাপখনৰ এঠাইত তেওঁ লিখিছে– ‘এজোপা গছৰ লগত মোৰ পূর্ব–নির্দিষ্ট সাক্ষাৎ ৰক্ষা কৰিবলৈ মই কেতিয়াবা গভীৰ বৰফাবৃত আঠ–দহ মাইল বাটো খোজকাঢ়ি যাওঁ৷’
এদিন থৰোৱে ডিচেম্বৰ মাহৰ হাড়–কঁপোৱা জাৰত জেকা মাটিত পিঠি পেলাই শুই এজোপা উঘালি পৰা গছৰ আঙঠিবোৰ গন্তি কৰিবলৈ চেষ্টা কৰিছিল৷ (এই ঘটনা ঘটিছিল তেওঁ ৱাল্ডেনৰ পৰা ঘূৰি অহাৰ কেইবাবছৰ পিছত)৷ খুব বেছি ঠাণ্ডা লাগি তেওঁ বেমাৰত পৰিল৷ তেওঁ গোটেই জীৱন যক্ষ্মাৰোগৰ বীজাণু শৰীৰত কঢ়িয়াই লৈ ফুৰিছিল৷ এইবাৰ বেমাৰৰ সুযোগ লৈ চিৰসংগী যক্ষ্মাই তেওঁক ভালকৈয়ে আক্রমণ কৰিলে, আৰু কেইদিনমানৰ ভিতৰতে তেওঁৰ মৃত্যু হ’ল৷
মৃত্যুৰ কেইদিনমান নে কেইমাহমানৰ আগতে থৰোৱে নিজকে প্রশ্ন কৰিছিল– ‘মোৰ দেখোন মৰিবৰে সময় হ’ল কিন্তু মইনো জীয়াই আছিলোঁ কেতিয়া?’
এটা মর্মঘাতী প্রশ্ণ, কিন্তু খুব কম মানুহেইহে নিজকে এই প্রশ্ণটো কৰে৷ ড০ ঝিভাগোৰ বিশ্ববিখ্যাত লেখক বৰিছ পাষ্টেৰনাকে বোধহয় কৰিছিল সেই কাৰণে তেওঁ লিখিছিল– ‘আমি জীৱনটো যাপন কৰিবলৈ কেৱল প্রস্তুতিহে চলাই থাকোঁ, কিন্তু প্রকৃততে কেতিয়াও জীৱনটো যাপন নকৰোঁ৷’
থৰোৰ পৰা শিকনি লৈ মই যোৱা কেইবাবছৰ ধৰি নিজকে এই প্রশ্ন কৰি আহিছোঁ– ‘মোৰ দেখোন মৰিবৰে সময় হ’ল কিন্তু মইনো জীয়াই আছিলোঁ কেতিয়া?’
এই প্রশ্ণৰ সদুত্তৰ পাবলৈ হ’লে আমি তাৰ আগতে আন এটা প্রশ্ন কৰিব লাগিব– প্রকৃত অর্থত জীয়াই থকা মানে আমি কি বুজোঁ?
থৰোৱে কৈছিল– ‘আমাৰ জীৱন ক্ষয় হৈ থাকে তিলে তিলে, কাৰণ আমি বহু অলাগতিয়াল কথা আৰু কামত ব্যস্ত হৈ থাকোঁ৷ জীৱনটো যিমান পাৰা সৰল কৰা, সৰল কৰা…৷’
মই নিজে ভাবোঁ যে জীৱন সম্পর্কে বৰিছ পাস্তেৰনাকে কোৱা কথাটো আৰু বেছি গুৰুত্বপূর্ণঃ আমি জীৱনটো যাপন কৰিবলৈ কেৱল প্রস্তুতিহে চলাই থাকোঁ, কিন্তু প্রকৃততে জীৱনটো কেতিয়াও যাপন নকৰোঁ৷
‘মইনো জীয়াই আছিলোঁ কেতিয়া?’ –মই নিজকে এই প্রশ্ণটো যোৱা কিছুদিন ধৰি অবিৰামভাৱে কৰি আছোঁ, কিন্তু মই পোৱা উত্তৰবোৰ লিখাৰ আগতে তাৰ বিষয়ে আৰু কিছু দকৈ চিন্তা কৰাৰ প্রয়োজন আছে বুলি অনুভৱ কৰিছোঁ৷