আৰু কিছু কথা আছে, সিংঘলদেউ
অসমৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংঘলদেউ, নমস্কাৰ গ্রহণ কৰিব৷ ইতিপূর্বে, যোৱা ২৯ ছে’প্ঢে’ম্বৰ আৰু ২০ অক্টোবৰত মোৰ এই নিয়মীয়া শিতানটোতে আপোনাক পোনপটীয়াকৈ সম্বোধন কৰি দুখন চিঠিৰ ৰূপত দুটা প্রৱন্ধ লিখিছিলোঁ৷ উক্ত দুয়োটা প্রৱন্ধতে, ৰাজধানী মহানগৰ গুৱাহাটীকে ধৰি অসমৰ সকলো নগৰ–চহৰৰ অত্যন্ত জৰুৰী আৰু গুৰুত্বপূর্ণ তথা প্রধান সমস্যাসমূহৰ কথা আৰু সিবিলাকৰ আশু সমাধানৰ প্রয়োজনৰ কথাও উল্লেখ কৰিছিলোঁ, যিবোৰৰ ভিতৰত আছিল স্বাস্থ্যসন্মত, পৰিষ্কাৰ খোৱা পানীৰ যোগান, নগৰীয়া অঞ্চলৰ ওফন্দা পানীৰ কৃত্রিম বান নলা–নর্দমাৰ অভাৱ তথা নলা–নর্দমাৰ দুর্গন্ধময় ময়লা আৰু বন্ধ পানী বাটৰ কাষত আৰু ওপৰত জাবৰ–জোঁথৰ আৰু অন্যান্য আৱর্জনাৰ পাহাৰ পদপথ, ৰাজপথ আৰু অন্যান্য ৰাজহুৱা ঠাইত বজাৰ–সমাৰ আৰু দোকান–পোহাৰ স্থাপন আৰু ঘৰ–দুৱাৰ নির্মাণ আদি অলেখ অবৈধ কার্য্য–কলাপ তথা চহৰাঞ্চলসমূহৰ চৰম কদর্য্য ৰূপৰ কথা আৰু যথাসম্ভৱ শীঘ্রে সিবিলাক দূৰ কৰি এক স্বচ্ছ, নিকা, স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টিৰ কথা৷ বিশেষতঃ ২০ অক্টোবৰৰ লেখাটোত মই ১৬১খন চহৰৰ নাম উল্লেখ কৰিছিলোঁ, কিন্তু ৰাজ্যত তাৰ প্রায় দুগুণ তেনেকুৱা চহৰ তথা চহৰাঞ্চল আছে যিবোৰৰ আটাইকে এই মাৰাত্মক সমস্যাবোৰে জুমুৰি দি ধৰি আছে৷ উল্লেখযোগ্য যে ২০ অক্টোবৰৰ লেখাটোত মই ৰাজ্যৰ এনে কেইবাখনো জিলাৰ কথা উনুকিয়াইছিলোঁ, যিকেইখনৰ বহুতো নগৰত আৰু অন্যান্য অঞ্চলত অতি আতংকজনক ‘ফ্লুৱৰ’ছিছ’ ৰোগে বয়সস্থ পুৰুষ–মহিলাৰ উপৰি অসংখ্য, ডেকা–গাভৰু, কিশোৰ–কিশোৰী আৰু নিচেই সৰু ল’ৰা–ছোৱালীকো মেমেৰা–মেমেৰী, কোঙা–কুঙী, সোলা–সুলী আৰু লেঙেৰা–লেঙেৰী কৰি আটাইৰে ভৱিষ্যৎ মষিমুৰ কৰি পেলাইছে৷ ইয়াৰ প্রধান কাৰণ হ’ল, বিষাক্ত পানী৷ আশা কৰোঁ, বিশেষকৈ এই সমস্যাটোৰ লগতে সমগ্র ৰাজ্যৰ সকলো লোকৰ বাবে, সেৱন আৰু অন্যান্য ব্যৱহাৰৰ বাবে যথোচিত পৰিমাণৰ পানী যোগান আৰু ৰোগটোৰ চিকিৎসাৰ কথা আপুনি আৰু আপোনাৰ চৰকাৰে গভীৰভাবে চিন্তা–চর্চা কৰিছে৷ দুঃখৰ কথা যে ইমান পুৰণি এটা মাৰাত্মক ৰোগ আৰু তাৰ ব্যাপ্তিৰ বিষয়ে বিধান সভাৰ মজিয়াত এই পর্য্যন্ত একো আলোচনা হোৱা বা কোনো বিধায়কে বিষয়টো উত্থাপন কৰাৰ কথা মোৰ চকুত বা কাণত পৰা নাই৷ ইতিমধ্যে কিন্তু মহাচীনে তিব্বতত ৎসাংপো নদীৰ পানী চীনৰ উত্তৰাঞ্চললৈ বোৱাই নিয়াৰ ফলত অৰুণাচলত সেই নদীৰে নিম্নাংশ অর্থাৎ ছিয়াং, আৰু অসমত অধিক নিম্নতৰ লোহিত বা ব্রহ্মপুত্র নামৰ অংশত তাৰ প্রভাৱ পৰিলক্ষিত হৈছেই৷
মন্ত্রী মহোদয়, আশা কৰোঁ, আপোনাৰ বিভাগে আৰু আপোনালোকৰ চৰকাৰখনে অসমৰ সকলো নগৰ–চহৰৰে পূর্বোল্লিখিত সমস্যাসমূহ ইতিমধ্যে অনুধাৱন কৰিছে আৰু, চলিত কার্য্যকালৰ বাকী থকা ৪ বছৰ ৫ মাহ ১৫/১৬ দিনৰ ভিতৰত সেই সমস্যাবোৰৰ অন্ততঃ শতকৰা ৬০/৭০ ভাগ সমাধানৰ হকে ব্যৱস্থা গ্রহণ কৰিব৷ ডেৰ সপ্তাহমান পূর্বে মুম্বাইত সমাপ্ত হোৱা, সমগ্র ভাৰতৰ ভাজপা বিধায়কসকলৰ প্রশিক্ষণ কার্য্যসূচীত আপোনালোকৰ যোগদান তথা প্রশিক্ষণলব্ধ নীতি–নির্দেশনাই যাৱতীয় কর্তব্য পালন তথা কর্ম সম্পাদনত আপোনালোকক যথেষ্ট সহায় কৰিব৷ অৱশ্যে অসম তথা সমগ্র ভাৰতত সংঘটিত ঘটনাৱলী আৰু ক্রমবর্ধমানভাবে নিম্নগামী সামগ্রিক পৰিস্থিতিয়ে জনসাধাৰণক এনে দৰে ভাবিবলৈ বাধ্য কৰিছে যে জীয়াই থকাৰ অধিকাৰকে ধৰি, জনসাধাৰণৰ সমস্ত মৌলিক অধিকাৰ হৰণ কৰিবলৈ ধৰা হৈছে৷ বস্তু–বাহানিৰ দামৰ অকল্পনীয় বৃদ্ধিয়ে মোটামুটিভাবে অৱস্থাপন্ন মানুহকো দুয়োবেলা দুসাঁজ ভালদৰে খাব নোৱৰা আৰু নিজৰ বহুতো অত্যাৱশ্যকীয় কাম–কাজ বাদ দিবলগীয়া অৱস্থাত পেলাইছে৷ ৰাষ্ট্রীয় আৰু ৰাজ্যিক ঘাই পথসমূহৰ বহুতৰে ঘেগেলা অৱস্থাই, যন্ত্রচালিত যান–বাহনৰ ইন্ধন তেলৰ তাইজ্জুপ মানিবলগীয়া দামে, যুদ্ধকালীন ক্ষিপ্রতাৰে ইখনৰ পাছত সিখনকৈ নির্মিত টৌল্ গেইট্ (য়মৰ দুৱাৰ?)সমূহে দিয়া কেঁকোৰা চেপাই মানুহক, নিজৰ যান–বাহনেৰে হওক বা ভাৰা গাড়ীৰে হওক,– ৰাজ্যখনৰ ভিতৰতে, অতি অপৰিহার্য্য কামৰ বাবেও, ইঠাইৰপৰা সিঠাইলৈ যাব নোৱৰা, পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ কৰিব নোৱৰা, সভা–সমিতি পাতিব নোৱৰা অৱস্থাৰ সৃষ্টি কৰি মানুহৰ ব্যক্তিগত তথা ৰাজহুৱা মৌলিক অধিকাৰ আৰু স্বাধীনতা কাঢ়ি নি এক আতংকজনক সামাজিক–র্থনৈতিক– সংকট মাতি আনিছে৷ লুণ্ঠনকাৰী বণিক শ্রেণীয়ে দাবী কৰা মতে দাম দিলে কিন্তু বজাৰত একো বস্তুৰ অভাৱ নাই৷ চৌদিশে মাথোন সৰবৰাহ আৰু যোগানৰ ক্ষেত্রত দৃশ্য–দৃশ্য ছিণ্ডিকেইট্৷ বছৰ একোটাৰ ভিতৰত সাধাৰণতে দাম বঢ়া যিখিনি সময়ত এক লিটাৰ মিঠা তেলৰ দাম আছিল ৬০–৬৫ টকা, এতিয়া সেই একে সময়তে তাৰ দাম হ’ল– ২২০/২৩০ টকা অথচ, প্রকাশিত বাতৰি মতে, সেইখিনি সময়তে, দীপাৱলীত অযোধ্যাৰ ৰাম জনমভূমিত জ্বলোৱা হৈছিল মিঠা তেলৰ বাৰ লাখ চাকি বাতৰি ওলাইছিল যে বহুত মানুহে সেই চাকিবোৰত বাকী থাকি যোৱা তেল সংগ্রহ কৰি নিছিল ঘৰুৱা ব্যৱহাৰৰ বাবে মোৰ মনত পৰিছিল কৱি অমূল্য বৰুৱাৰ কৱিতাৰ জোনবাইজনী আৰু ৰুটীখনৰ কথা৷ কোনেও প্রকাশ কৰা বুলি মোৰ চকু বা কাণত নপৰা, কিন্তু মনত খুন্দিয়াই থকা এটা প্রশ্ণ হ’ল, মিঠা তেলৰ অবিশ্বাস্য দাম বৃদ্ধিৰ একমাত্র কাৰণ নহ’লেও, সেই বাৰ লাখ চাকি তাৰ অন্ততঃ অন্যতম কাৰণ নহয়তো? দিওঁ বুলিলে ইয়াৰ উত্তৰ এনে দৰেও দিব পৰা যায় যে মাটিৰ চাকি তৈয়াৰ কৰা বহুতো মৃৎ শিল্পীয়ে কিছু সকাহ পাইছিল নাই বুলিলে সাপৰো বিষ নাই৷ ইতিমধ্যে বিভিন্ন সময়ত ৰঞ্জিত দাস, ভৱেশ কলিতা, ৰামেশ্বৰ তেলী আৰু আন অনেকজনৰ ভিন্ ভিন্ মন্তব্যই মানুহৰ মূৰত, জ্বলা জুইত ঘিউ ঢ়লাদি ঢ়ালিছে৷
মন্ত্রী মহোদয়, ব্যৱহাৰৰ উপযোগী পানীৰ প্রাপ্তি, দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ৷ চৰকাৰে সকলো নাগৰিককে সেই পানী দিবই লাগিব৷ কিন্তু আন ঠাইৰ কথা দূৰতে থাকক, স্বয়ং ৰাজধানী মহানগৰী গুৱাহাটীতে হৈছে কি? গুৱাহাটী বৃহৎ মহানগৰ (মে’ট্রপলিটেন্) পানী যোগান প্রকল্পৰ কি হ’ল? সমস্ত গুৱাহাটীত পানী যোগানৰ কাম সম্পূর্ণ হোৱাৰ কথা আছিল কেতিয়া আৰু এতিয়ালৈকে হৈ আছে কি? জাইকা,JNURM আদি বিত্ত যোগনিয়াৰ প্রতিষ্ঠানে, গেমন্ ইণ্ডিয়া আদি নির্মাণ প্রতিষ্ঠানে আৰুAUWSSBৰ ঠাইত নপতা ফুকন হৈ বহা জল বৌর্ডে কৰি আছে কি? এতিয়া সিদিনা আপুনি ক’লে বোলে গুৱাহাটীত পানী যোগানৰ কাম সম্পূর্ণ হ’বলৈ আৰু আঢ়ৈ বছৰ লাগিব তাকে হজম কৰাৰ বাদে ৰাইজৰ উপায় কি? সেই আঢ়ৈ বছৰৰ পাছত আকৌ বা কিমান বছৰ প্রকল্পৰ উহ বিচাৰি, পম খেদি উলিয়াবলৈ হ’লে পাবগৈ লাগিব হস্তিনাপুৰ৷ এই প্রকল্প ৰূপায়ণ প্রক্রিয়াৰ আদি পুৰুষ, তথা একেলেথাৰিয়ে বহু বছৰ ধৰি বিভিন্ন প্রকাৰে গুৱাহাটীৰ হর্তা–কর্তা–বিধাতা এতিয়া ত’ত৷ এইটো এটা সুকীয়া কথা যে সমগ্র প্রকল্পৰ দক্ষিণ–পশ্চিম মণ্ডলৰ কামৰ অগ্রগতি তুলনামূলকভাবে ভাল৷ বুজোঁতাই বুজিব৷ কিন্তু মহানগৰৰ পূব অঞ্চলত, বিশেষকৈ ৰাধা গোৱিন্দ বৰুৱা পথ এলেকাত কি হৈ আছে? আমি নিজে ভুক্তভোগী৷ গীতানগৰ, অনিল নগৰ, নৱীন নগৰ আদি ঠাইত সপ্তাহটোৰ নির্দিষ্ট দুটামান দিনতহে পানী যোগান ধৰা বা ধৰিব পৰাৰ পশ্চাদপট ৰহস্যজনক৷ বহু লোকে সন্দেহ কৰে যে গভীৰ নলী নাদ বহুৱাই পানীৰ বেপাৰ কৰোঁতা এচাম লোক আৰু ধেৰ্–ধেৰ্–থেৰ্–থেৰ্কৈ পানীৰ গাড়ী চলাই ঘৰে ঘৰে পানীৰ যোগান ধৰা এচাম লোকৰ লগত কর্তৃপক্ষৰ একাংশ লোকৰ কিছু বিশেষ যোগাযোগ আৰু বুজা–পৰা আছে৷ এনে স্থলত, সমগ্র অসমৰ সকলো নগৰ–চহৰত স্বাস্থ্যসন্মত পানী যোগানৰ বিষয়টো যে এটা ডাঙৰ প্রত্যাহ্বান, সেই কথা আপোনাক সোঁৱৰাই দিছোঁ৷ কিন্তু সেইটো আপোনালোকৰ একান্ত পালনীয় কর্তব্য৷ আশা কৰোঁ, বিধান সভাত এই কথাবোৰ উত্থাপিত আৰু আলোচিত হ’ব৷ পিচে, উত্থাপন কৰিব কোনে? বিৰোধী বুলিবলৈ ‘কিবা’ থাকিবগৈ জানো? চলন্ত নতুন তত্ত্ব মতে, গণতন্ত্রত বোলে এটা দলেয় চৰকাৰ, বিৰোধী সকলো৷
মন্ত্রী মহোদয়, সকলোকে স্বাস্থ্যসন্মত পানী দিবই লাগিব৷ মসৃণ, আহল–বহল, সুচল বাট–পথ আৰু উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অবিহনে পর্য্যটনৰ ধিন্দুৰা পিটাৰ দৰেই, ভাল পানীৰ ব্যৱস্থা অবিহনে জনতাৰ স্বাস্থ্যৰ ধিন্দুৰা পিটাও বিয়াগোম ভণ্ডামি৷ যিবোৰ নগৰাঞ্চলত, ময়লা আৰু পানী নিষ্কাসনৰ বাবে নলা–নর্দমা মুঠেও নাই, যিবোৰত কেঁচা নর্দমাহে আছে আৰু সেইবোৰেদি পানী, ময়লা একো ওলাই নাযায়, সেইবোৰ সকলোতে, আৱর্জনা সহজেই ওলাই যাব পৰাকৈ বিজ্ঞানসন্মত আহল–বহল, এঢ়লীয়া নর্দমা সাজি দিব লাগিব৷ আৱর্জনা পেলাই নর্দমা বন্ধ কৰা, নর্দমা পোতা, নর্দমা দখল কৰা দুষৃকতিকাৰীক কঠোৰ শাস্তি দিয়াৰ আইনী ব্যৱস্থা কৰিব লাগিব৷ গাঁৱৰ মানুহৰ কথা বাদ, একেৰাহে কেইবাটাও প্রজন্ম ধৰি নগৰত বাস কৰা আমাৰ বেছিভাগ ‘নগৰীয়া’ লোকেও, নর্দমাৰ সুব্যৱহাৰ আদিকে ধৰি বহুতো সভ্য নগৰীয়া আচৰণ এতিয়াও আয়ত্ত কৰিব পৰা নাই৷ নগৰত থাকিলেই মানুহ নগৰীয়া বা সু–নাগৰিক নহয়৷ গাঁৱতে প্রায় সমস্ত জীৱন কটোৱা, নগৰত একো কাম বা প্রয়োজন নথকা, আমাৰ অনেক লোকৰে মুখত প্রায়ে শুনা যায়– ‘বোপাই, পাৰিলে মোৰ বাবে গুৱাহাটীত/যোৰহাটত/ডিব্রুগড়ত/তেজপুৰত মাটি এডোখৰ চাবিচোন’৷ তেনেবোৰ মানুহে গাঁৱৰ পৈতৃক মাটি–ভেটি বেচি চহৰত ঘৰ এটা সাজিলেও, চহৰৰ জনসংখ্যা বৃদ্ধি আৰু সমস্যা বৃদ্ধিৰ বাদে কি ‘অৱদান’ আগ বঢ়াব? থলুৱা অসমীয়াৰ বিভিন্ন শ্রেণীৰ মাটি নিতৌ বিভিন্ন প্রকাৰৰ বহিৰাগতৰ হাতলৈ গৈ আছে৷ ধনৱান আৰু স্থাৱৰ সম্পত্তিশালী কিন্তু পুত্র সন্তানহীন কিম্বা পুত্রহাৰা অসমীয়া পিতৃ–মাতৃয়ে অসমৰ বাহিৰত পঢ়িবলৈ পঠোৱা বহুসংখ্যক কন্যাসন্তান সা–সম্পত্তিসহ অনা–সমীয়া লোকৰ পত্নী হৈ, বোৱাৰী হৈ গৈ আছে৷ যিবোৰ চিন্তাই মোক দিনে–ৰাতিয়ে জুৰুলা কৰিছে, সেইবোৰক লৈ বেছিভাগ খাৰখাদকৰ তিলমানো মূৰ কামোৰণি দেখা নাপাওঁ৷
সিংঘলদেউ, অসমৰ নগৰ–চহৰসমূহত্ যথোচিত ৰূপত পদপথ নির্মাণ কৰি দিব পৰাকৈ মূল ৰাজপথবোৰ যথেষ্ট আহল–বহল নহয়৷ গতিকে পথৰ কাষৰ নর্দমাৰ ওপৰতে পদপথ নির্মাণ কৰিবলগীয়া হয়৷ সেইবোৰো কৰা হয় লোহা, ছীমে’ণ্ট্ আৰু শিলেৰে নির্মিত পকী ফলক বা ‘স্লেব্’ Slab ঃ সেইটো, অসমীয়া ‘শ্লেব্’ SHlab?) কেনেকৈ হয়?)বোৰ নর্দমাৰ ওপৰত খাজি খাজি বহুৱাই৷ সেই ফলকবোৰৰ বেছিভাগেয় অতি ঠুনুকা ঃ দুর্নীতিগ্রস্ত বিষয়া, অভিযন্তা, ঠিকাদাৰ, মহৰীৰ ‘সম্ঝৌতা’ৰ ফচল৷ তদুপৰি সেই তথাকথিত পদপথবোৰো সম্পূর্ণ অসমান ঠাইতে ওখ, ঠাইতে দ৷ সেইবোৰ ভালকৈ, সুন্দৰকৈ, ৰঙীন ‘ব্লক্’ দি নির্মাণ কৰিব পাৰিবনে? সমগ্র ৰাজ্যতে, পদপথৰ ওপৰত দোকান–বজাৰ বহুওৱা সম্পূর্ণ ৰূপে বন্ধ কৰিব লাগিব৷ এতিয়া চলি থকা তেনেকুৱা সকলো বেপাৰ–বাণিজ্য বন্ধ কৰি সকলো দোকান–পোহাৰ উচ্ছেদ কৰিব লাগিব৷ পদপথ মানে যে মানুহে খোজ কাঢ়ি অহা–যোৱা কৰা পথহে, দোকান–বজাৰ বহা আৰু বহুওৱা ঠাই নহয়, সেই কথা, বেপাৰীয়ে, গ্রাহকে, সর্বসাধাৰণ ৰাইজে, বেপাৰীবোৰৰ পৃষ্ঠপোষক, ৰাজনৈতিক, অর্ধৰাজনৈতিক দল–সংগঠনসমূহে, স্থানীয় পৌৰ নিকায়সমূহে জৰিমনাৰ নামত খোৰাকি সংগ্রহ কৰোঁতা, সেই নিকায়সমূহৰ বিষয়া–কর্মচাৰীসক, আৰক্ষীয়ে আৰু সংশ্লিষ্ট আটায়ে বুজিব আৰু স্বীকাৰ কৰিব লাগিব৷ এই কথাও আটায়ে বুজিব লাগিব যে পদপথেদি খোজ কঢ়াৰ উপায় নাপাই ৰাজপথেদি খোজ কাঢ়ি যোৱা বাবেই, প্রতি বছৰে পথ দুর্ঘটনাত অসংখ্য মানুহৰ মৃত্যু হয়৷ যিসকলে এই কথা নুবুজে বা বুজিব নোখোজে, সেইসকলক, বটালীৰে মূৰত খুবলি খুলি হ’লেও সেইটো বুজাই দিব লাগিব৷ তাৰ সমান্তৰালভাবে, নিজৰ ঘৰৰপৰা ওলায়েই ঠাইতে পোৱা তিনি আলি বা চাৰি আলিটোৰ কেঁকুৰিটোতে যে নিজৰ প্রয়োজনীয় সকলো বস্তু পাবই লাগিব, এই উদ্ভট ধাৰণাটো সকলো লোকৰ মূৰৰপৰা, ভূত জৰাদি জাৰি খেদি বাহিৰ কৰিব লাগিব৷ তাৰ লগে লগে, ভৌগোলিক অৱস্থান, যাতায়াতৰ সুচলতা আদি পৰীক্ষা–নিৰীক্ষা কৰি সকলো চহৰতে, সুবিধাজনক ঠাই নির্বাচন কৰি, নির্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে, নিত্যব্যৱহার্য্য সামগ্রীৰ যথেষ্ট সংখ্যক পৌৰ বজাৰ স্থাপন কৰি দিব লাগিব৷ মুঠৰ ওপৰত, পদপথ আৰু ৰাজপথত দৈনিক বজাৰ বহিব নোৱাৰে৷ সেয়ে নহ’লে, ‘স্মার্ট্ ছিটি, স্মার্ট্ ছিটি’ বুলি বজাই থকা জয়ঢ়োলবোৰ বৰহমপুতৰত দলিয়াই দিয়ক সেইবোৰ বংগোপসাগৰলৈ উটি যাওক৷ আমাৰ ভাগ্য বিধাতাসকলে ৰাইজৰ ভাগ্য ভৱনত হামিয়াই–হিকটিয়াই, ঘুমটি মাৰি নাথাকি এই কথাবোৰৰ হেস্ত–নেস্ত কৰক৷ চন্দ্রমোহন পাটোৱাৰী, ৰঞ্জিত দাস, ভৱেশ কলিতা, প্রশান্ত ফুকন আদিয়ে ‘বৌম্ফোচ্’ কথাবোৰ ক’বলৈ এৰক৷ মই গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি হৈ থাকোঁতে, গুৱাহাটী পৌৰ নিগমৰ এ’ম জী ৱী কেই ভানু, বেণীন্দ্র বৰা, দীনেশ বর্মন আদি কেইবাজনো আয়ুক্তৰ লগত এনেবোৰ বিষয়ত ভালেখিনি আলোচনা হৈছিল৷ কিন্তু দিছপুৰে একো নকৰে৷
উপসংহাৰ ঃ চেপন ঃ– নাজিৰ নগৰৰ পূবে উত্তৰা–দক্ষিণাকৈ বৈ যোৱা দিখৌ নৈখন পাৰ হৈ গড়গাঁও নগৰৰ কাষেদি চূণপোৰাৰপৰা শলগুৰি আলিয়েদি লংকাক, পানীবিল (সোণাদৈ) পুখুৰী আৰু ধিতাই পুখুৰী পাৰ হৈ অলপ দূৰ গৈ দিহিং নৈ পাৰ হ’লেই, পূবে নঙলামুখ আৰু বকতা নগৰ৷ এই বকতায় (ইX) আছিল (‘থাক্’ ধাতুৰ অতীত কালৰ ক্রিয়া ৰূপ) ৪২ বছৰ মহা প্রতাপেৰে ৰাজত্ব কৰা চতুর্দশজনা আহোম স্বর্গদেউ চ্যুহুংমুং ওৰফে স্বর্গনাৰায়ণৰ ৰাজধানী৷ দিহিঙৰ পাৰত ৰাজধানী পতা, আৰু, স্বর্গদেৱে নিজে প্রতিষ্ঠা কৰা চাৰিটা ফৈদৰ ভিতৰৰ দিহিঙীয়া ফৈদটোৰ সৱাতোকে শক্তিশালী ৰজা হোৱাৰ সুবাদতে এওঁ দিহিঙীয়া ৰজা নামে জনাজাত৷ ৰাজধানী বকতাত থাকিলেও, চ্যুহুংমুং প্রায়ে, নৱমজনা স্বর্গদেউ চ্যুজাংফা ওৰফে বামুণী কোঁৱৰে প্রতিষ্ঠা কৰা ৰাজধানী চৰগুৱাত থাকিছিল৷ এইজনা স্বর্গদেউৰ সুদীর্ঘ ৪২ বছৰীয়া ৰাজত্ব কাল অতি ঘটনাবহুল, আৰু অনেক আমোদজনক কাহিনীৰে ভৰপূৰ আছিল৷ চ্যুহুংমুঙৰ ৰাজত্বতে মুছলমানে কামৰূপ–কমতাত ষষ্ঠবাৰ তথা আহোম ৰাজ্যত প্রথমবাৰ আক্রমণ কৰিছিল গুৰুজনাই আহোম ৰাজ্য এৰি কোঁচ ৰাজ্যৰ অন্তর্গত বৃহত্তৰ বৰপেটাত প্রৱেশ কৰিছিল তৃতীয়জনা ‘ডাঙৰীয়া’ অর্থাৎ বৰপাত্র গোহাঁই পদবীৰ সৃষ্টি হৈছিল কলিয়াবৰৰ যুঁজত চাওফ্রাচেনমুং বৰগোহাঁই আৰু তস্য পত্নী মূলা গাভৰুৱে প্রাণ আঁহুতি দিছিল আৰু ৰজাৰ সতীয়া ভায়েক ‘নগা কোঁৱৰ’, কনচেং (প্রথমজনা) বৰপাত্র গোহাঁই–এ মুছলমান সেনাপতি তুৰবকৰ মূৰ কাটি ৰজাক উপহাৰ দিছিল৷
চ্যুহুংমুং ৰজাৰ নাৰী প্রীতি আছিল সর্বজনবিদিত৷ তেওঁৰ বৰকুঁৱৰী, পর্বতীয়া কুঁৱৰী, মাজুমেলীয়া কুঁৱৰী, চমুৱা কুঁৱৰী, সৰু কুঁৱৰী আদি নিয়মিত কুঁৱৰীসকলৰ উপৰি আৰু অনেক কুঁৱৰী আছিল৷ তেওঁৰ লগত যুঁজত হৰা ৰজাসকলে তেওঁলৈ প্রায়ে কোনো কুঁৱৰী বা ছোৱালী উপহাৰ দিব লাগিছিল৷ এবাৰ তেনে এজন কছাৰী ৰজাই অন্যান্য সম্ভাৰৰ লগতে, নিজৰ তিনিগৰাকী মণিপুৰী কুঁৱৰীৰ সৰু দুগৰাকীক তেওঁলৈ পঠাবলগীয়া হৈছিল৷ আন এবাৰ, কমতেশ্বৰে স্বর্গদেউৰ বৰপুত্র চ্যুক্লেন্ কোঁৱৰলৈ বুলি পঠিওৱা দুজনী কুঁৱৰীকো পিতৃ ৰজা চ্যুহুংমুঙে নিজৰ কৰি লৈছিল৷ ইফালে, গৌড়(বংগ)ৰ নৱাব হুছেইন শাহৰ শাহজাদী তথা তুৰবকৰ ভনীয়েক তথা কমতাৰ ৰজা দুর্লভ নাৰায়ণৰ পত্নী পাৰৱীন বানু ওৰফে সুশুদ্ধি ওৰফে গৰমা কুঁৱৰী (অতি ৰসাল, কিন্তু দীঘল কাহিনী) দৈৱক্রমে পৰিলগৈ, গৌড়লৈ গৈ থকা, ডেট্চুং ওৰফে ডেৰচুংফা নামৰ কছাৰী কোঁৱৰ এজনৰ হাতত৷ গৰমা পালেগৈ ডিমাপুৰ হ’লগৈ কছাৰী ৰাণী৷ কিন্তু, আনহাতে, আহোম আৰু কছাৰীৰ যুঁজত ডেট্চুং নিহত হোৱাত, অপূর্ব সুন্দৰী গৰমা এইবাৰ পৰিলগৈ ধনশিৰিত বাহৰ পাতি থকা চ্যুহুংমুং স্বর্গদেউৰ হাতত৷ ৰাজকার্য্যলৈ পিঠি দি গৰমাৰ লগত প্রেম, ৰং–ৰহইচ আৰু চিকাৰত ৰজা মতলীয়া৷ উপায়ান্তৰ নাপাই ৰাজভ্রাতা কনচেঙে ৰজাবাহৰ নিজ হাতে জ্বলাই দিলে৷ আটাই বকতা পালেগৈ৷ ৰজাই গৰমাক পাটমাদৈ (বৰ কুঁৱৰী) পতাৰ আশংকাত কনচেঙে কৌশলেৰে ককায়েকক মান্তি কৰাই, গৰমাক ডেট্চুং পুত্র মদন কুমাৰ/নির্ভয়নাৰায়ণ সহিতে কছাৰী ৰাজমাতা ৰূপে প্রেৰণ কৰিলে মাইবাঙলৈ (‘মাইবং’ নহয়)৷ ডিমাপুৰ ইতিপূর্বে আহোমৰ হাতত বিধ্বস্ত৷
সি যি কি নহওক, ৰাজপাটত উঠিবলৈ আশা পালি পালি থাকি ইতিমধ্যে হতাশ আৰু অতিষ্ঠ হৈ থকা, ৰজাৰ বৰ পুত্র চ্যুক্লেনমুং কোঁৱৰ এনেবোৰ কথাত বাৰুকৈয়ে ক্ষুব্ধ হৈ আছিল, আৰু, ফলস্বৰূপে, ৰজা আৰু বৰ কোঁৱৰৰ মাজত প্রায়ে খকা–খুন্দা লাগি থাকিছিল৷ সময়ত চ্যুক্লেনে, বকতা আৰু চৰগুৱাত থকাৰ পৰিৱর্তে, কোঁৱৰ কালতে দিখৌৰ পাৰত গড় মাৰি গড়গাঁও নগৰ পাতি বাস কৰিছিল৷ এবাৰ ব’হাগ বিহুত কুকুৰা যুঁজত ৰজাই নিজৰ আৰু বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ ল’ৰা আৰু ছোৱালীৰ বিয়াৰ কথাৰে বাজি ধৰি থাকোঁতে কাষতে থকা চ্যুক্লেনে মাত লগাইছিল,– ‘আপদেউৰ নিজলৈকে নাটে আনৰ কথা ক’লে কি হ’ব?’ এনে সম্পর্ক৷ শেষত এবাৰ আকবৰ আৰু ছেলিম (জাহাংগীৰ)ৰ দৰে চ্যুহুংমুং আৰু চ্যুক্লেনমুঙৰ মাজত লাগিল এখন যুঁজ৷ সেই যুঁজত শলগুৰি আলিৰ মূৰৰ যি ঠাইত ৰজাৰ সেনাই কোঁৱৰৰ সেনাক চৌদিশৰ পৰা চেপি পেলালে, সেই ঠাইৰে নাম হ’ল চেপন৷
১৫৩৯ চনত চ্যুক্লেন্ কোঁৱৰে ৰাতমাল নামৰ লেহেতীয়া (নপুংসক) ল’ৰা এটাক ৰতিমণি নামে নতুন লিগিৰীৰ বেশত ৰাতি ৰজাৰ শোৱনি কোঠালৈ পঠিয়াই ছুৰীৰে হত্যা কৰাই, চৰগুৱা এৰি গড়গাঁও নগৰত শিঙৰি ঘৰত উঠি ৰাজপাটত আৰোহণ কৰিলে৷ সেয়ে ‘গড়গঞা ৰজা’ চ্যুক্লেনমুং৷