ইতিহাসৰ চর্চাত ‘হেঁতেন’ শব্দটোৰ কোনো স্থান নাই বুলি এচাম ইতিহাসবিদে ক’ব খোজে৷ কিন্তু নিজে ইতিহাস বিষয়ৰ আনুষ্ঠানিক ছাত্র নহ’লেও বিষয়টোৰ এজন আগ্রহী পাঠক হিচাপে পূর্বোক্ত কথাষাৰৰ সৈতে মই একমত নহওঁ৷ যিসকলৰ বাবে ইতিহাসৰ তাৎপর্য একমাত্র অতীত কালতে সীমাবদ্ধ, তেনে ব্যক্তিৰ বাবে ‘হেঁতেন’ শব্দৰ (প্রকৃততে ই সম্ভাব্য ভূতকাল নির্দেশ কৰা এটা অনুসর্গহে) একো গুৰুত্ব নাথাকিব পাৰে, কিন্তু অতীতৰ দাপোণত ভৱিষ্যতৰ প্রতিবিম্ব চাই ঐতিহাসিক ভুলবিলাকৰ পৰা শিক্ষা ল’বলৈ বিচৰাসকলৰ বাবে ‘হেঁতেন’ শব্দৰ মহত্ত্ব অপৰিসীম৷ এই প্রসংগতে ভৱিষ্যবিজ্ঞান Futurology) নামৰ বিষয়টোৰ জৰিয়তে ইতিহাসৰ ভৱিষ্যৎ গতিধাৰা সম্বন্ধে বিচাৰ কৰা পদ্ধতিটোৰ গুৰুত্বও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ঐতিহাসিক ঘটনা–প্রৱাহক যদি আমি এখন বোৱঁতী নদীৰ লগত তুলনা কৰোঁ, তেনেহ’লে এইটো বোধগম্য হৈ উঠিব যে নদী এখনৰ উজনি অংশক প্রভাৱিত কৰা পাৰিপার্শ্বিক কাৰকসমূহে যিদৰে ইয়াৰ ভাটি অংশৰ গতিপথ নির্ধাৰণত বিশেষ ভূমিকা গ্রহণ কৰে, ঠিক তেনেদৰে অতীতৰ ঘটনাৱলীয়ে ভৱিষ্যতৰ স্বৰূপ নির্ণয় কৰাটো খুবেই স্বাভাৱিক কথা৷ এতেকে যিসকল লোকৰ দৃষ্টি অতীতৰ তুলনাত ভৱিষ্যতৰ দিশত অধিক নিবদ্ধ, তেনে ব্যক্তিৰ বাবে অতীতৰ সম্ভাৱনাসমূহ কাল্পনিকভাৱে হ’লেও বিশ্লেষণৰ প্রয়াস অর্থহীন হ’ব নোৱাৰে৷ এই সন্দর্ভত আমাৰ ৰিজনিটো এনেকুৱা– এইখিনিতে পর্বত এলানি নথকা হ’লে নৈখন এইটো বাটেৰেই বৈ গ’লহেঁতেন৷ এনেদৰে নৈ এখনৰ সম্ভাব্য গতিপথসমূহ অধ্যয়ন কৰাটো ভূতত্ত্বৰ দৃষ্টিৰে অথবা জলগতি বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও অর্থহীন কথা নহয়৷ সামগ্রিকভাৱে সম্ভাৱিতা তত্ত্বৰ Theory of Probability) প্রয়োগ জ্ঞান–বিজ্ঞানৰ প্রতিটো শাখাতে পৰিলক্ষিত হয়৷ এই বিবেচনাৰে ইতিহাস বিষয়টোও সম্ভাৱিতা তত্ত্বৰ পৰিসৰৰ বাহিৰত থাকিব পাৰে বুলি ভাবিব নোৱাৰি৷ বৰং কি কি কাৰকৰ দ্বাৰা ইতিহাসৰ গতিধাৰা নির্ধাৰিত হৈ আহিছে, তাৰ এক সম্যক ধাৰণা আয়ত্ত কৰিবৰ বাবেও সম্ভাৱিতাৰ আলোকত ইতিহাসৰ বিশ্লেষণ কৰাটোহে অপৰিহার্য বুলি পতিয়ন যাব পাৰি৷ কোৱাবাহুল্য যে অতি সূক্ষ্ম কাৰক কিছুমানৰ পৰা অনেক বৃহৎ কাৰকেও ইতিহাসৰ গতিধাৰা নির্ণয়ত অতীব গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ ধৰাপৃষ্ঠত মানুহৰ আৱির্ভাৱৰ আগলৈকে এই গতিধাৰা এশ শতাংশই প্রকৃতিৰ দ্বাৰা নির্ণীত হৈছিল৷ কিন্তু পৃথিৱীৰ বক্ষলৈ মানুহৰ আগমনৰ সময়ৰে পৰা এই জীৱন্ত গ্রহটোত ইতিহাসৰ দুটা প্রধান ধাৰা সমান্তৰালভাৱে প্রৱাহিত হ’বলৈ ধৰিলে৷ ইয়াৰে প্রথমটো হৈছে পূর্বাপৰ প্রৱাহিত হৈ থকা প্রাকৃতিক ইতিহাসৰ Natural History) ধাৰা আৰু আনটো হৈছে মানুহৰ দ্বাৰা প্রৱর্তিত মানৱ ইতিহাসৰ ধাৰা৷ এইখিনিতে ‘হেঁতেন’ অনুসর্গটো কেনেদৰে অপৰিহার্য হৈ উঠিব পাৰে, তাৰ প্রথমটো উদাহৰণ দাঙি ধৰাৰ সুযোগটো আমাৰ হাতলৈ আহিছে, যথা– পৃথিৱীৰ বুকুত মানুহ নামৰ চিন্তাশীল প্রাণীবিধৰ উৎপত্তি নঘটা হ’লে এই গ্রহটোত প্রকৃতিৰ একাধিপত্য আজিও অব্যাহত থাকিলেহেঁতেন৷ এই উদাহৰণটোৰ তাৎপর্য কিমান গভীৰ, সেই কথা উপলব্ধি কৰিবলৈ অসুবিধা হোৱাৰ একো থল দেখা নাযায়৷ আকৌ মন কৰক– আজিৰ পৰা কেইকোটিমান বছৰ আগেয়ে এটা গ্রহাণুৱে পৃথিৱীক আহি খুন্দা নমৰা হ’লে ভূপৃষ্ঠত ডাইন’ছৰৰ দৰে অতিকায় প্রাণীসমূহৰ প্রভুত্ব বহু যুগলৈ অব্যাহত থাকিলহেঁতেন৷ ওপৰৰ দ্বিতীয়টো উদাহৰণৰ পৰা এই কথাই প্রতিপন্ন হয় যে আমাৰ এই সংসাৰখন কিমান সম্ভাৱিতা–নির্ভৰ নিজ কক্ষপথত স্বচ্ছন্দে সূর্যক প্রদক্ষিণ কৰি থকা পৃথিৱীখনৰ ভৱিষ্যৎটোক এটা মাথোন গ্রহাণুৰ খুন্দাই সম্পূর্ণৰূপে সলনি কৰি দিলে৷ মানুহৰ উৎপত্তিৰ বহুকাল পূর্বে সংঘটিত এইটোও এটা ঐতিহাসিক ঘটনাই আছিল৷ পিছে সেই ইতিহাস হ’ল প্রকৃতিৰ ইতিহাস৷ এনেকুৱা ভঙা–গঢ়াৰ খেল প্রকৃতিৰ ৰাজ্যত কিমান ঘটি আছে, তাৰ সীমা–সংখ্যা নাই৷ ভৱিষ্যতে যে আন এটা গ্রহাণুৱে আহি পৃথিৱীত খুন্দা নামাৰিব, তাৰো কোনো নিশ্চয়তা নাই৷ এতেকে পৃথিৱীৰ প্রাকৃতিক ইতিহাসত দৃষ্টিপাত কৰিলে ই কি পৰিমাণে সম্ভাৱিতাৰ ওপৰত নির্ভৰশীল, সেই কথা সহজেই অনুভৱ কৰিব পাৰি৷
পিছে যিদিনাৰ পৰা ধৰাৰ পৃষ্ঠত মানুহে ইতিহাস ৰচিবলৈ আৰম্ভ কৰিলে, সেই মুহূর্ততে প্রকৃতিৰ ইতিহাসত এক অভিনৱ অধ্যায়ৰ সূচনা হ’ল৷ ক’বলৈ গ’লে এই জীৱন্ত গ্রহটোৰ ইতিহাসত এটা অভূতপূর্ব মাত্রাৰ সংযোজন ঘটিল৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে মানুহ নামৰ প্রাণীবিধ প্রকৃতি–ৰাজ্যৰ পৰা সম্পূর্ণ বিচ্ছিন্ন৷ আকৌ আন এক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে পাৰাপাৰহীন মহাজগতত মানুহ এক অকলশৰীয়া দ্বীপ ৰূপে প্রতিপন্ন হয়৷ সি যি নহওক, প্রাকৃতিক শক্তিসমূহৰ ওপৰত মানুহে সামান্য হ’লেও প্রভাৱ বিস্তাৰ কৰিবলৈ সমর্থ হৈছে৷ ইয়াৰে অন্যতম অংশ হৈছে মানুহে ৰচনা কৰা ইতিহাসৰ অধ্যায়টো৷ এইখিনিতে বিশেষভাৱে মন কৰিবলগীয়া কথা এটা এয়ে যে প্রাকৃতিক ইতিহাস যিদৰে প্রকৃতিৰ নিয়মসমূহৰ ওপৰত নির্ভৰশীল, মানৱ ইতিহাস বহুলাংশে মানুহৰ চৰিত্র আৰু আচৰণৰ দ্বাৰা নির্ণীত হয়৷ কিন্তু মানৱ চৰিত্রৰ প্রতিক্রিয়া অথবা প্রতিফলনসমূহ কোনো নির্দিষ্ট সূত্রৰ দ্বাৰা আবদ্ধ নহয় বুলিব পাৰি৷ বর্তমান পৃথিৱীৰ বাসিন্দা সাতশ পঞ্চাছ কোটি মানুহৰ মনবিলাক কোনোটোৰে লগত কোনোটো হুবহু একে নহয়৷ অথচ এনে প্রতিজন ব্যক্তিয়েই কিবা নহয় কিবা প্রকাৰে প্রজাতিটোৰ ইতিহাসলৈ বৰঙণি যোগাই আহিছে৷ অৱশ্যে ইয়াৰ ভিতৰৰ এমুঠিমান বিশেষ ব্যক্তিৰ ভূমিকাই যে মানুহৰ সামগ্রিক ইতিহাসৰ গতিপথ নির্ধাৰণ কৰি আহিছে, সেই কথাও অনস্বীকার্য৷ তেনে মুষ্টিমেয় ব্যক্তিৰ ক্ষেত্রতো সম্ভাৱিতা অথবা সম্ভাব্যতাৰ ধাৰণাটো প্রযোজ্য হৈ অহা আমি দেখিবলৈ পাইছোঁ৷ প্রসংগত সবাতোকৈ অধিক চর্চালৈ অহা নামটোৱেই হৈছে প্রাচীন মিছৰৰ ৰাণী ক্লি’পেট্রা৷ কথিত আছে যে অনিন্দ্যসুন্দৰী ৰাণী ক্লি’পেট্রাৰ নাকটো আধা ইঞ্চিমান চুটি হোৱা হ’লে বিশ্ব ইতিহাসৰ গতিধাৰাই সলনি হৈ গ’লহেঁতেন৷ কথাষাৰ বাহ্যিকভাৱে লঘু যেন লাগিলেও ইয়াৰ অন্তর্নিহিত তাৎপর্য পিছে অস্বীকাৰ কৰিব নোৱাৰি৷ সম্ভাব্য ভূতকালত ৰচিত এই কথাষাৰ মানুহৰ দ্বাৰা নির্মিত ইতিহাসতো যে সম্ভাৱিতা তত্ত্বৰ বিশেষ গুৰুত্ব আছে, সেই কথাকে প্রকাৰান্তৰে সোঁৱৰাই দিছে৷ এনেদৰে কেৱল ক্লি’পেট্রাই নহয়, আন একাংশ ব্যক্তিৰ আৱির্ভাৱেও যুগে যুগে ইতিহাসৰ গতিপথ নির্ধাৰণ কৰি দি আহিছে৷ এনে নির্ণায়ক ভূমিকাত অৱতীর্ণ হোৱা অধিকাংশ ব্যক্তিয়েই হয় কোনো ধর্মীয় পন্থৰ প্রৱর্তক নতুবা ৰাজনৈতিক নেতা৷ সীমিত ক্ষেত্রত এচাম বিজ্ঞানী আৰু সমাজ–সংস্কাৰকৰ অৰিহণাও উল্লেখযোগ্য৷
ইতিহাস–চর্চাত ‘হেঁতেন’ শব্দৰ কোনো স্থান নাই বুলি এচামে যিদৰে বিশ্বাস কৰে, ঠিক তেনেদৰে সামাজিক প্রসংগত আন এষাৰ কথাও সঘনে উচ্চাৰিত হোৱা শুনা যায়৷ কথাষাৰ হৈছে – দেশ অথবা জাতিৰ বাবে কোনো ব্যক্তিয়েই অপৰিহার্য নহয় Nobody is indispensable)৷ কিন্তু অতীতলৈ যেতিয়া আমি ঘূৰি চাওঁ, তেতিয়া এইষাৰ কথাৰো সাৰশূন্যতাহে প্রতিপন্ন হয়৷ কিয়নো মানুহৰ ইতিহাসৰ গৌৰৱোজ্জ্বল দিশটো আজিৰ পর্যায়ত উপনীত হোৱাৰ গুৰিতে যিসকল ব্যক্তিৰ অনবদ্য অৱদান আছে, ইতিহাস নির্মাণৰ বেলিকা সেইসকল ক্ষণজন্মা ব্যক্তিক অপৰিহার্য বুলি মানি ল’বই লাগিব৷ ইয়াৰ উদাহৰণ হিচাপে প্রথমেই মোৰ মনলৈ আহিছে মহামানৱ মহাত্মা গান্ধীৰ নাম৷ এইজনা বিশেষ ব্যক্তিৰ যথাসময়ত আৱির্ভাৱ নোহোৱা হ’লে আমাৰ দেশখন ইমান সোনকালে দাসত্বৰ শিকলিৰ পৰা মুক্ত হ’লহেঁতেননে? ঊনবিংশ শতিকাৰ মাজভাগত তিনিগৰাকী মহান অসমীয়াই জন্মলাভ নকৰা হ’লে আধুনিক অসমীয়া জাতি এটাই গঢ় লৈ উঠিলহেঁতেননে? একেদৰে বিংশ শতিকাৰ প্রথমার্ধত গোপীনাথ বৰদলৈ নামৰ ৰাজনৈতিক নেতা এজনৰ সৃষ্টি নোহোৱা হ’লে আমাৰ অসম ৰাজ্যখন তাহানিতে পূব পাকিস্তানৰ বুকুত জাহ যোৱাৰ ফলত খিলঞ্জীয়া অসমীয়াসকলৰ দশা চট্টগ্রাম পার্বত্য এলেকাৰ চাক্মা লোকসকলৰ দৰে নাজল–নাথল নহ’লহেঁতেননে? তাৰো পাঁচশ বছৰ পূর্বে অসম ভূমিত শ্রীমন্ত শংকৰদেৱৰ মহান মানৱতাবাদী ধর্মই গা কৰি নুঠা হ’লে সমগ্র অঞ্চলটোৰ তথাকথিত নিম্ন বর্গৰ লোকসকল পূর্ববংগৰ লোকসকলৰ দৰে ধর্মান্তৰিত হ’বৰ বাবে উৎসাহিত নহ’লহেঁতেন জানো? একেদৰে খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ চাও–লুং চুকাফা নামৰ ব্যক্তিজনাই সৌমাৰপীঠত পদার্পণ কৰি অঞ্চলটোত পৰাক্রমী আহোম ৰাজ্য প্রতিষ্ঠা নকৰা হ’লে সপ্তদশ শতিকাতে অসম মোগল সাম্রাজ্যৰ অন্তর্ভুক্ত নহ’লহেঁতেননে?
ওপৰৰ আলোচনাৰ মাধ্যমেৰে কেইগৰাকীমান ক্ষণজন্মা ব্যক্তিৰ আৱির্ভাৱৰ ফলত আমাৰ দেশ তথা ৰাজ্যখনৰ ইতিহাসৰ গতিধাৰা কিদৰে সলনি হৈ গৈছিল, তাৰ এটা আভাস দাঙি ধৰা হৈছে৷ ইয়াত ‘হেঁতেন’ শব্দটোৰ প্রয়োগ ইতিহাস–চর্চাৰ এক বিশেষ কৌশল ৰূপেহে পৰিগণিত হৈছে৷ সামাজিক ক্ষেত্রখনৰ অনুৰূপে বিশ্বমানৱৰ জ্ঞানৰাজ্যখন অভাৱনীয় ৰূপত সমৃদ্ধ কৰি তোলা ব্যক্তিকেইগৰাকীমানৰ্ ক্ষেত্রতো সদৃশ কৌশল প্রয়োগ কৰিব পাৰি৷ উদাহৰণ স্বৰূপে মহান ভাৰতীয় গণিতজ্ঞ ব্রহ্মগুপ্তই শূন্য অংকটোৰ Digit) ধাৰণা খ্রীষ্টীয় সপ্তম শতিকাতে আয়ত্ত নকৰা হ’লে সমগ্র মানৱ সভ্যতাই প্রগতিৰ পথত বহু যুগ পিছপৰি থাকিলহেঁতেন৷ ইউৰোপীয় মনীষীবৃন্দ ক্রমে ইউক্লিড, পাইথাগোৰাছ, আর্কিমিডিছ, ছক্রেটিছ, প্লেট’, এৰিষ্ট’টল আৰু পৰৱর্তী কালৰ গেলিলি’, কোপাৰনিকাছ, কেপ্লাৰ আদিৰ বেলিকাও একে কথাই প্রযোজ্য৷ বিজ্ঞানৰ আধুনিক যুগটোও বহুসংখ্যক মহান বিজ্ঞানীৰ অৱদানেৰে পৰিপুষ্ট হৈ উঠিছে৷ তেনে প্রতিজন বিজ্ঞানীৰ বিস্তৃত তালিকা দিয়াটো এই নিবন্ধৰ উদ্দেশ্য নহয়৷ কিন্তু সপ্তদশ, অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ভিতৰত এনে তিনিগৰাকী বিজ্ঞানীয়ে ইউৰোপত জন্মগ্রহণ কৰিছিল, যিসকলৰ মহান চিন্তা–উপাচাৰ অবিহনে বিংশ–একবিংশ শতিকাত বৈজ্ঞানিক সভ্যতাৰ পক্ষে শীর্ষাৰোহণ কৰাটো সম্ভৱ নহ’লহেঁতেন (এই তিনিগৰাকী বিজ্ঞানী আছিল যথাক্রমে নিউটন, ডাৰউইন আৰু আইন্ষ্টাইন)৷
এইখিনিতে লক্ষণীয় যে একাংশ ব্যক্তিৰ দৰেই কিছুমান ঘটনায়ো ইতিহাসৰ গতিপথ নির্ধাৰণ কৰি দি আহিছে৷ যেনেদৰে খ্রীষ্টীয় দ্বাদশ সতিকাত ভাৰতীয় হিন্দু সমাজখন ঐক্যবদ্ধ হৈ থকা হ’লে ই ছশবছৰীয়া মুছলমান শাসনৰ পদানত হ’ব নালাগিলহেঁতেন৷ এনে সম্ভাব্য ভূতকালৰ এক ইতিবাচক উদাহৰণ হ’ল– সাম্রাজ্যবাদৰ স্বার্থত হ’লেও ১৮২৬ খ্রীষ্টাব্দৰ আগৰ সময়ছোৱাত অসমলৈ ব্রিটিছ শক্তিৰ আগমন নঘটা হ’লে যমদূতসদৃশ মান দুর্বৃত্তহতঁৰ হাতত অসমীয়া জাতিৰ নাম–নিচান চিৰদিনলৈ নোহোৱা হৈ গ’লহেঁতেন৷
পূর্বোক্ত সকলো উদাহৰণৰ পৰা আমি এনে এক সিদ্ধান্ততে উপনীত হওঁ যে ইতিহাসৰ গতিধাৰা অতি সূক্ষ্ম আৰু ইয়াৰ ভৱিষ্যৎ সম্বন্ধে নির্ভুল ধাৰণা আয়ত্ত কৰাটো মানুহৰ সামর্থ্যৰ বাহিৰত৷ কিয়নো মানুহ ভৱিষ্যদ্রষ্টা নহয়৷ তথাপি ঐতিহাসিক ভুলবিলাকৰ পুনৰাবৃত্তি যাতে ভৱিষ্যতে নহয়, তাৰ শিক্ষা ইতিহাস–চর্চাৰ পৰা মানুহে গ্রহণ কৰাটো সম্ভৱপৰ৷ এইক্ষেত্রত সম্ভাব্য ভূতকালৰ আশ্রয় লোৱাটো এটা কৌশল মাথোন৷ সেয়ে এই কৌশল আৱশ্যকবোধে অৱলম্বন কৰাটো কেতিয়াও নীতিবিৰুদ্ধ কিম্বা পদ্ধতিগত ভুল হিচাপে পৰিগণিত হ’ব নোৱাৰে৷ প্রকৃতপক্ষে ইতিহাস বিষয়টো আৰু সম্ভাৱিতাৰ তত্ত্বৰ মাজত এক নিগূঢ় সম্বন্ধ আছে৷ এই সন্দর্ভত অধিক অনুসন্ধানৰ থল আমি দেখিবলৈ পাইছোঁ৷