ঈশ্বৰৰ খোজ নে প্রকৃতিৰ ৰহস্য : পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু নামিবিয়াৰ মৰু অঞ্চল
- দীপক কুমাৰ দাস
জীৱশ্রেষ্ঠ মানৱে যেতিয়া নিজৰ সামর্থ্য, ক্ষমতা অনুসৰি সমস্যা তথা আশা পূৰণ কৰিবলৈ সমর্থ নহয়, তেতিয়াই অদৃশ্য শক্তিৰ ওচৰত নিজকে সমর্পণ কৰে৷ তেনেদৰে প্রাকৃতিক ৰহস্যক উদ্ঘাটন কৰিবলৈ সক্ষম নহ’লেও অদৃশ্য শক্তিক লৈ চর্চিত হয়৷ বিজ্ঞানে যিটোৰ ৰহস্যক উদ্ঘাটন কৰিবলৈ অক্ষম হয়, তাতো অদৃশ্য শক্তিৰ ধাৰণাৰ প্রভাৱ স্পষ্ট হৈ পৰে৷ অদৃশ্য শক্তিৰ এই ধাৰণাটোৱেই ধর্মৰ আৱির্ভাৱৰ কাৰক বুলি সকলোৱে মানি লৈছে৷ পৃথিৱীৰ সকলো প্রান্ততে ঈশ্বৰৰ ধাৰণাক জীৱশ্রেষ্ঠ মানৱে স্বীকাৰ কৰি আহিছে৷ প্রকৃতিৰ এনে কিছু ৰহস্য চর্চিত হৈ আহিছে যিবোৰক জীৱশ্রেষ্ঠ মানৱৰ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই স্পষ্টভাৱে প্রমাণিত কৰিব পৰা নাই৷ ক’ৰ পৰা কেনেকৈ প্রকৃতিৰ ৰহস্যৰ সৃষ্টি হৈছে, তাক বিজ্ঞানৰ যুক্তিৰে তথ্য দাঙি ধৰিব পৰা নাই৷ তেনে এক ব্যাপক চর্চিত বিষয় হৈছে নামিবিয়াৰ মৰুভূমিত ঈশ্বৰৰ খোজ অথবা ভগৱানৰ পদচিহ্ণ৷ আমাৰ দেশ ভাৰততো এনে অনেক ভাস্কর্য আছে, যিবোৰ ঈশ্বৰৰ অস্তিত্বৰ লগত জড়িত হৈ আছে৷ ভাৰতৰ ধর্মীয় বিশ্বাসক এই লেখাৰ পৰা আঁতৰাই ৰাখি নামিবিয়াৰ মৰুভূমিৰ লেখীয়া অঞ্চলত থকা চর্চিত ‘ঈশ্বৰৰ খোজ’ ধর্মীয় বিশ্বাসক আলোচনা কৰা হৈছে৷
দক্ষিণ আফ্রিকাৰ নামিবিয়াৰ মৰুভূমিসদৃশ অঞ্চলত ঘাঁহনিৰ মাজত এটুকুৰা বৃত্তাকাৰ স্থানক অঞ্চলবাসীয়ে ঈশ্বৰৰ খোজ বুলি মানি আহিছে৷ ঘাঁহনিৰ মাজে মাজে অসংখ্য এনে বৃত্তাকাৰ স্থান থাকে, য’ত কোনো তৰু–তৃণৰ লেখমানো অস্তিত্ব নাথাকে৷ দেখিবলৈ ঈশ্বৰৰ খোজৰ নিচিনা বুলি মানি লৈ সেই অঞ্চলৰ জনজাতীয় লোকসকলে ধর্মীয় বিশ্বাস অনুসৰি সংৰক্ষিত কৰিও ৰাখে৷ নামিবিয়াৰ প্রায় ১৬০ বর্গ কিলোমিটাৰজোৰা অঞ্চলৰ ভূমিত এই বৃত্তাকাৰ স্থান আছে৷ তথ্য মতে, দেশখনৰ ভিতৰুৱা অঞ্চলত থকা এই প্রকৃতিৰ ৰহস্য সম্পর্কে পোনপ্রথমে ১৯২০ চনত পোহৰলৈ আহিছিল আৰু তাৰ ৰহস্য উদ্ঘাটনৰ বাবে গৱেষণা–ধ্যয়ন চলি আছে৷ নামিবিয়াৰ ‘ঈশ্বৰৰ খোজ’ প্রাকৃতিক ৰহস্য উদ্ঘাটনৰ প্রক্রিয়া চলি থকাৰ সময়তেই ২০১৪ চনত পশ্চিম অষ্ট্রেলিয়াৰ নিউমেনতো একেই ধৰণৰ বৃত্তাকাৰ খোজৰ সন্ধান লাভ কৰে৷ তাৰ পিছতেই নামিবিয়াৰ বৃত্তাকাৰ খোজৰ প্রচাৰ বৃদ্ধি পায়৷ নামিবিয়াৰ বৃত্তাকাৰ খোজক লৈ অনেক কাহিনীও প্রচলিত আছে৷ স্থানীয় লোকৰ বিশ্বাস মতে, সেই বৃত্তাকাৰ খোজ ঈশ্বৰৰ পদচিহ্ণ৷ আন একাংশৰ মতে, ড্রেগনৰ বিষাক্ত নিশ্বাসৰ ফলত সেই বিস্ময়কৰ বৃত্তাকাৰ স্থানৰ সৃষ্টি হৈছে৷ বিষাক্ত নিশ্বাসৰ কাৰণেই সেই বৃত্তাকাৰ স্থানত কোনো তৰু–তৃণ গজিব নোৱাৰে৷ সেই অঞ্চলত শতিকা শতিকা পূর্বৰে পৰা বসবাস কৰি অহা হিম্বা জনজাতীয় লোকে বিশ্বাস কৰা মতে সেই অঞ্চলৰ ভূমিৰ তলত ড্রেগনৰ বসতি৷ ড্রেগনৰ নিশ্বাসত ঘাঁহবোৰ জ্বলি গৈছে আৰু ৰহস্যজনক বিৰল এটি বৃত্তৰ সৃষ্টি হৈছিল৷ আন এক ধাৰণা মতে, সেয়া সম্পূর্ণভাৱে ঈশ্বৰৰ পদচিহ্ণ৷ চর্চিত এই কাহিনীৰ আধাৰতে গৱেষণা চলাই বিজ্ঞানীসকলে বিভিন্ন মত প্রকাশ কৰিছে, কিন্তু এতিয়ালৈকে সর্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ বৃত্তক লৈ চলা গৱেষণাৰ ভিতৰত ২০০৮ চনত বিজ্ঞানী এঞ্জেলিক জওবাটে দাবী কৰা মতে, ইউফ’বিয়া ডামাৰানা নামৰ এবিধ গছৰ মৃত্যুৰ পিছত এনে বৃত্তৰ সৃষ্টি হৈছে৷ গছৰ পৰা নিঃসৰিত বিষাক্ত পদার্থৰ বাবে স্থান টুকুৰাত কোনো গছৰ জন্ম হোৱা নাছিল৷ বিজ্ঞানীগৰাকীৰ এই দাবীৰ পিছত ২০১২ চনত আন এগৰাকী বিজ্ঞানীয়ে বৃত্তাকাৰ স্থানৰ সৃষ্টিৰ আঁৰত উঁই পোকৰ ভূমিকা থকা বুলি মত প্রকাশ কৰে৷ বিজ্ঞানীগৰাকীয়ে দাবী কৰা মতে, প্রতিটো বৃত্তৰ ভিতৰত এক ধৰণৰ মৰু উঁই পোকৰ স্তৰ ধৰা পৰিছে৷ বৃত্তাকাৰ স্থানৰ মাজত সিক্ত মাটিও আছে৷ উঁই পোক জীয়াই থাকিবৰ বাবে তেনে সিক্ত মাটিৰ প্রয়োজন৷ ২০১২ চনত কৰা বিজ্ঞানীগৰাকীৰ দাবীত ছীল মোহৰ মাৰি দিয়ে ২০১৩ চনত নৰবার্ট জুয়েৰগিন্ছ নামৰ বিজ্ঞানীগৰাকীয়ে৷ জার্মানীৰ হামবার্গ বিশ্ববিদ্যালয়ৰ জীৱবিদ্যাৰ অধ্যাপক–বিজ্ঞানী নৰবার্ট জুয়েৰগিন্ছে গৱেষণা চলাই দাবী কৰা মতে, স্যামোটাৰমিছ আলোসেৰাছ নামৰ এক প্রজাতিৰ মৰু উঁই পোকৰ প্রতিটো বৃত্তৰ মাজৰ মাটিৰ গভীৰত স্থিতি আছে৷ যিটো বৃত্তাকাৰ স্থান অথবা বৃত্ত নতুন, তাৰ মাজত প্রচুৰ পৰিমাণে উঁই পোকৰ স্থিতি পোৱা গৈছে৷ পুৰণি বৃত্তৰ ৮০ শতাংশত উঁই পোকৰ খোজ পোৱা গৈছে৷ মৰু উঁই পোকবিধে অঞ্চলটিৰ গছবোৰ খাই পেলায়, তাৰ পিছত গাঁত খান্দি বসতি কৰে৷ শুকান মৰু অঞ্চলত নিজৰ বসতিস্থলক সিক্ত কৰি ৰখাৰ এক উপায়৷ উঁই পোকে খন্দা গাঁতৰ জৰিয়তে পানী সোমাই মাটিক সিক্ত কৰি ৰাখে৷ বৃত্তৰ ভিতৰত কোনো গছ নাথাকিলেও তাৰ চাৰিওফালে গছ জন্ম হয়৷ এই সন্দর্ভত বিজ্ঞানীসকলে প্রকাশ কৰা মতে, মাটিৰ তলত উঁই পোকৰ দ্বাৰা পানী জমা ৰখা হয়, সেই পানীৰ বাবেই বৃত্তৰ আশে–পাশে গছ জন্ম হৈ থাকে৷ পৰৱর্তী সময়ত গছ–গছনিবোৰ উঁই পোকে খাই পেলায় আৰু বৃত্তৰ আকাৰ বর্ধিত হৈ থাকে৷ ইপিনে বিজ্ঞানী জুয়েৰগিন্ছৰ দাবী নস্যাৎ কৰিছে ফ্ল’ৰিডা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ জৈৱবিদ ৱাল্টাৰ আৰ টিছিনকেলে৷ জৈৱবিদ টিছিনকেলে প্রকাশ কৰা মতে, বৃত্তাকাৰ অঞ্চলত উঁই পোকৰ কোনো স্থিতি নাই৷ ২০১৭ চনত গার্ডিয়ানত প্রকাশিত প্রবন্ধ মতে, সেই বৃত্তাকাৰ অঞ্চলত উঁই পোকৰ কোনো অস্তিত্ব নাই, গতিকে ঈশ্বৰৰ খোজৰ ধাৰণাক অস্বীকাৰ কৰিব নোৱাৰি৷ কম্পিউটাৰৰ জৰিয়তে গার্ডিয়ানত নামিবিয়াৰ মৰু অঞ্চলত ঈশ্বৰৰ খোজৰ বিশ্লেষণ কৰি উঁই পোকৰ দাবী নস্যাৎ কৰি দিছে৷ উঁই পোকৰ দাবীক নস্যাৎ কৰি পৰোক্ষ ৰূপত ঈশ্বৰৰ খোজৰ ধাৰণাক আগবঢ়াই দিছে৷ প্রকৃতিৰ ৰহস্যক সঠিক উদ্ঘাটন কৰিবলৈ সমর্থ নোহোৱাৰ বাবেই ঈশ্বৰৰ ধাৰণা উজ্জীৱিত হৈ পৰে৷ নামিবিয়াৰ বৃত্তৰ ৰহস্যক লৈ বিজ্ঞানীসকল একমত হ’ব পৰা নাই৷ ইয়াৰ দ্বাৰাই এটা কথা স্পষ্টকৈ ক’ব পাৰি যে প্রকৃতিৰ ৰহস্যক লৈ ঈশ্বৰৰ ধাৰণা জীৱশ্রেষ্ঠ মানৱৰ মনত সদায় সজীৱ হৈ থাকিব৷ বিজ্ঞানীসকলে বৃত্তাকাৰ স্থানক লৈ গৱেষণা–ধ্যয়ন চলাই আছে আৰু যিমান দিনলৈকে সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰে, সিমান দিনলৈকে চলি থাকিব৷ অৱশ্যে এই লৈ স্থানীয় লোকৰ মাজত কোনো আগ্রহ নাই, কিয়নো তেওঁলোকৰ মতে প্রকৃতিৰ ৰহস্য ঈশ্বৰৰ খোজ৷ প্রকৃতিৰ ৰহস্যক লৈ পর্যটকৰ আকর্ষণ বৃদ্ধি পাই আছে৷ নামিবিয়াৰ ‘ঈশ্বৰৰ খোজ’ক লৈ পর্যটকৰ ভিৰে এই কথাও প্রমাণিত কৰিছে যে প্রকৃতিৰ ৰহস্য জীৱশ্রেষ্ঠ মানৱৰ বাবে সদায়ে অনুসন্ধিৎসু বিষয় ৷