উত্তৰ–পূবৰ স্বার্থত প্রয়োজনঃ ভাৰত–ম্যানমাৰৰ মধুৰ সম্পৰ্ক
ক’ভিড–১৯ৰ বিৰুদ্ধে দেশজুৰি চলি থকা কঠিন যুঁজখনৰ মাজতে ভাৰতবর্ষই এখন বৃহৎ কূটনৈতিক যুঁজত জয়লাভ কৰি উত্তৰ–পূব ভাৰতৰ ৰাজ্যকেইখনৰ ৰাজনৈতিক–র্থনৈতি তথা আইন–শৃংখলাজনিত ক্ষেত্রখনলৈ আমূল পৰিৱর্তনৰ বার্তা কঢ়িয়াই আনিছে৷ যুঁজখন আন একো নহয়, ম্যানমাৰ পৰা উগ্রপন্থী সংগঠনৰ নেতা–কর্মীক কূটনৈতিক প্রয়াসেৰে স্বদেশলৈ অনা৷ প্রতিৱেশী ৰাষ্ট্রখনে শেহতীয়াকৈ অসম আৰু মণিপুৰৰ ছটা সংগঠনৰ ২২জন নেতা–কর্মীক ভাৰতৰ হাতত গতাই দিয়ে৷ কেডজন ডগ্রপন্থী ম্যানমাৰৰ জে’লত বন্দী হৈ আছিল৷ তেওঁলোকক ভাৰতৰ আগ্রহ মর্মে জে’লৰ পৰা ডলিয়াই আনুষ্ঠানিকভাৱে গতাই দিয়া হয়৷ ইয়াৰ পূর্বে ম্যানমাৰৰ সৈতে তেনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল৷ ডগ্রপন্থী সদস্যকেইজনক ম্যানমাৰৰ পৰা ভাৰতলৈ অনা কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া এজনেও সংবাদ মাধ্যমৰ আগত ইয়াৰ গুৰুত্ব আৰু তাৎপর্য স্বীকাৰ কৰি কৈছিল যে ভাৰতৰ আবেদন মর্মে প্রথমবাৰৰ বাবে ম্যানমাৰ চৰকাৰে ডত্তৰ–পূবৰ ডগ্রপন্থী সদস্যক ভাৰতৰ হাতত গতাই দিয়ে৷ অৱশ্যে ইয়াৰ পূর্বে ভাৰতীয় সেনাই ম্যানমাৰৰ ভূমিত ছার্জিকেল ষ্ট্রাইক কৰি এন এছ চি এনৰ কেইবাটাও শিবিৰ ধ্বংস কৰাৰ লগতে কেইবাজনো ডগ্রপন্থীক হত্যা কৰিছিল৷ কিন্তু সেয়া বিশেষ পৰিস্থিতিত সম্ভৱ হৈছিল৷ কিন্তু এইবাৰ প্রতিৱেশী ৰাষ্ট্রখনে আনুষ্ঠানিকভাৱে ভাৰতৰ হাতত ডগ্রপন্থী সংগঠনৰ নেতা–কর্মীক গতাই দি দ্বি–পাক্ষিক সম্পর্কত নতুন মাত্রা প্রদান কৰে৷ তাৰে কেইদিনমান পূর্বে ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰক ক’ভিড–১৯ৰ সৈতে মোকাবিলা কৰাৰ অর্থে দুই লাখ হাইড্র’ক্সিক্লৰোকুইনসহ ছার্জিকেল পাম্প, ছিৰিঞ্জ, গ্লুকোমিটাৰ, থার্মেল স্কেনাৰ আদি মৈত্রীপূর্ণ সম্পর্কৰ ডপহাৰ হিচাপে প্রদান কৰিছিল৷
ম্যানমাৰৰ ভৌগোলিক অৱস্থান ভাৰতৰ স্বার্থৰ বাবে অতি গুৰুত্বপূর্ণ৷ দেশখনে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ ভূমিৰে সংযোগ কৰি আছে৷ অর্থাৎ ভাৰতবর্ষই যদি দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ সৈতে বাণিজ্যিক সম্পর্ক গঢ়িব বিচাৰে, ম্যানমাৰৰ ভূমি ব্যৱহাৰ কৰিবই লাগিব৷ ৰাষ্ট্রখনৰ সৈতে সম্পর্কৰ ওপৰতে নির্ভৰ কৰিব এক্ট ইষ্ট পলিচীৰ সাফল্য৷ ৰাষ্ট্রখনৰ সৈতে মধুৰ সম্পর্ক নাথাকিলে এক্ট ইষ্ট পলিচীয়ে কোনো কাৰণতে কাংক্ষিত সফলতা লাভ কৰি নোৱাৰে৷ আৰু পৰিকল্পনাটো সফল নহ’লে ভাৰতবর্ষই লক্ষ্য হিচাপে লোৱা পাঁচ ত্রিলিয়ন ডলাৰৰ আর্থিক আকাৰ কেতিয়াও বাস্তৱায়িত নহ’ব৷ লগতে বিকাশৰ যি স্বপ্ণই অসম তথা সাতভনীৰ ৰাজ্যকেইখনক আতুৰ কৰি ৰাখিছে, সেয়াও ক’ৰবাতে ৰৈ যাব৷ ভাৰতে ম্যানমাৰ চৰকাৰৰ লগত মধুৰ সম্পর্ক গঢ়াৰ লগতে দুয়োখন ৰাষ্ট্রৰ জনসাধাৰণৰ মাজতো ভাব বিনিময়ৰ মাত্রা বৃদ্ধি কৰিব লাগিব যাতে জনগণৰ মাজত পাৰস্পৰিক মৈত্রীপূর্ণ সম্পর্ক গঢ়ি ডঠে৷ ইয়াৰ বাবে ৰাষ্ট্র দুখনৰ মাজত ঐতিহাসিকভাৱে থকা সম্পর্কৰ দিশসমূহলৈ ডভতি যাব লাগিব৷ লেখক মনীষ দত্তৰ মতে, বৌদ্ধ ধর্ম, ব্যৱসায়, বলীডড, ভাৰত নাট্যম আৰু ম্যানমাৰৰ শাল গছে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পর্কৰ সেতুডাল সুদৃঢ় কৰিব পাৰে৷ এইটো সকলোৱে জনা কথা যে ম্যানমাৰৰ সৈতে ভাৰতৰ বহু যুগৰ পৰা সাংসৃকতিক সম্পর্ক আছে৷
কিন্তু ম্যানমাৰৰ ক্ষেত্রত এটা সমস্যা চিৰন্তন৷ দেশখনে সদায়েই চীনৰ সৈতে অধিক মৈত্রীপূর্ণ সম্পর্ক ৰক্ষা কৰি চলি আহিছে৷ আচৰিত কথাটো হ’ল, গণতন্ত্র প্রতিষ্ঠাৰ পাছত ম্যানমাৰৰ সৈতে চীনৰ বন্বুূত্ব অধিক ডষ্ম হৈ পৰিছে৷ ম্যানমাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত চামিল হৈছে৷ তদুপৰি, দুয়োখন দেশ আর্থিক কৰিড’ৰ নির্মাণৰ দিশেও আগবাঢ়িছে৷ ম্যানমাৰৰ সৈতে চীনৰ এনেধৰণৰ ক্রমবর্ধমান সম্পর্কক ভাৰতৰ বাবে বিপদৰ আগজাননী বুলি ক’ব পাৰি৷ দেশখনে সদায়েই ভাৰতক সকলো দিশৰ পৰা ঘেৰি চাপৰ মুখত ৰখাৰ চেষ্টা চলাই আহিছে৷ পাকিস্তান সীমান্তৰ পৰা নেপাল, বাংলাদেশ সীমান্তলৈ, আনকি শ্রীলংকাতো নিজৰ ডপস্থিতি বৃদ্ধি কৰি চীনে ভাৰতক নানা ধৰণে বান্ধি ৰখাৰ চক্রান্ত চলাই আহিছে৷ এনে অৱস্থাত ভাৰতবর্ষই প্রতিবেশী ৰাষ্ট্রৰ পৰা চীনৰ কৌশলী আগ্রাসন ৰোধ কৰিবলৈ নতুন ধৰণে কূটনৈতিক যুঁজ এখন চলাব লাগিব৷ পূর্বৰ তুলনাত অধিক আগ্রাসী হ’ব লাগিব৷ বি ৰমণৰ The Kaoboys of R & A W : Down Memory Lane’ নামৰ গ্রন্থখনত কোৱা হৈছে যে ১৯৬২ চনৰ যুদ্ধৰ পূর্বে চীনৰ সেনাই ডত্তৰ–পূব ভাৰতৰ ৰাজ্যকেইখনক ধমক দিবলৈ ম্যানমাৰৰ ভূমি ব্যৱহাৰ কৰিছিল৷
এই লেখাৰ পাতনিতে কোৱা হৈছে যে ম্যানমাৰ ভাৰতৰ বাবে অতি গুৰুত্বপূর্ণ৷ ৰাষ্ট্রখনৰ সৈতে ভাৰতৰ প্রতিৰক্ষা, আন্তর্জাতিক–ঘৰুৱা বাণিজ্যকে ধৰি বিভিন্ন দিশত স্বার্থ জডিত হৈ আছে৷ প্রায় ১৬০০ কিলোমিটাৰ আন্তঃৰাষ্ট্রীয় সীমান্ত ভগাই ৰখা দেশ দুখনৰ সীমান্তৱর্তী অঞ্চলৰ মাজত নৃগোষ্ঠীয় সম্পর্কও আছে৷ দেশখনৰ ভূমিত সক্রিয় ভাৰতবিৰোধী শক্তিক ডৎখাত কৰিবলৈ হ’লে ম্যানমাৰ চৰকাৰৰ সহযোগ অতি আৱশ্যক৷ একেদৰে দক্ষিণ এছিয়াৰে বাণিজ্যিক সম্পর্কত নতুন মাত্রা প্রদান কৰি ডত্তৰ–পূব ভাৰতত বিকাশৰ নতুন ইতিহাস ৰচিবলৈও লাগিব ম্যানমাৰৰ সৈতে সু–সম্পর্ক৷ আনহাতে, ঘৰুৱা বাণিজ্যৰ ক্ষেত্রতো ম্যানমাৰৰ গুৰুত্ব আছে৷ প্রস্তাৱিত কালাডান প্রকল্পই কলকাতা আৰু ম্যানমাৰৰSittwe বন্দৰৰ মাজত প্রত্যক্ষ সম্পর্ক স্থাপন কৰিব৷ ইয়ে অনাগত দিনত ডত্তৰ–পূবৰ সৈতে দেশৰ অন্যান্য ৰাজ্যৰ বাণিজ্যিক সম্পর্কত নতুন মাত্রা প্রদান কৰিব পাৰে৷ ম্যানমাৰৰ সৈতে বর্তমান ভাৰতৰ বার্ষিক বেহাৰ পৰিমাণ দুই মিলিয়ন ডলাৰ৷ দেশখন ভাৰতবর্ষৰ বাবে এখন সম্ভাৱনাপূর্ণ বজাৰ৷ এই দ্বি–পাক্ষিক বাণিজ্যৰ আকাৰ যিমানেই বৃদ্ধি পাব, ভাৰতৰ লাভ সিমানেই বৃদ্ধি পাব৷
আশাৰ কথা যে শেহতীয়াকৈ ম্যানমাৰৰ সৈতে নতুন দিল্লীৰ সম্পর্ক বৃদ্ধি পাই গৈ আছে৷ দেশখনে বহুক্ষেত্রত ভাৰতৰ ওপৰত নির্ভৰশীলতা তথা আস্থা প্রদর্শন কৰিছে৷ ভাৰত–ম্যানমাৰ–থাই ত্রিপাক্ষিক পথটো ইয়াৰ ডৎকৃষ্ট ডদাহৰণ৷ বিগত বর্ষত দুয়োখন ৰাষ্ট্রৰ সেনাই যুটীয়া অনুশীলন চলোৱাৰ লগতে সুৰক্ষাৰ ক্ষেত্রত ডিফেন্স কো–পাৰেচন এগ্রীমেণ্ট নামৰ এখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰ কৰে৷ তদুপৰি ভাৰতীয় সেনাই ম্যানমাৰৰ সেনাক প্রশিক্ষণো দি আহিছে৷ আনহাতে, অপাৰেচন ছানৰাইজৰ জৰিয়তে ভাৰতীয় সেনাক ম্যানমাৰৰ আৰাকান আর্মী নামৰ ডগ্রপন্থী সংগঠনটোৰ বিৰুদ্ধে দেশখনৰ ভূমিত অভিযান চলাবলৈ অনুমতি দিছিল৷ ডগ্রপন্থী সংগঠনটোৱে কালাডান প্রকল্পটোৰ বিৰোধিতা কৰিছিল৷ একেদৰে অপাৰেচন ছানৰাইজৰ অধীনত বিগত বর্ষৰ ফেব্রুৱাৰী–মার্চত চলোৱা অভিযানত ভাৰতীয় সেনাই ডত্তৰ–পূব ভাৰতৰ কেইবাজনো ডগ্রপন্থী সদস্যক নিহত কৰাৰ লগতে ডৎখাত কৰিছিল কেইবাটাও গুৰুত্বপূর্ণ শিবিৰ৷ ম্যানমাৰত সেনাৰ ক্রমশঃ চাপৰ বাবেই এন এছ চি এনৰ কেইবাটাও গোটে লাহে লাহে আলোচনাৰ মেজলৈ আহিবলৈ আৰম্ভ কৰে৷
ম্যানমাৰৰ সৈতে ভাৰতৰ দ্বি–পাক্ষিক সম্পর্কৰ ওপৰত অসম তথা সাতভনীৰ ৰাজ্যকেইখনৰ ভৱিষ্যৎ যথেষ্টখিনি নির্ভৰশীল৷ দুয়ো ৰাষ্ট্রৰ মধুৰ সম্পর্কই এক্ট ইষ্ট পলিচীৰ জৰিয়তে ডত্তৰ–পূব ভাৰতৰ ৰাজ্যকেইখনৰ বাবে আর্থিক সম্ভাৱনাৰ কেইবাখনো নতুন দুৱাৰ মুকলি কৰিব৷ কিন্তু লগতে এইটোও ঠিক যে এখন ৰাষ্ট্রই নিজ ৰাষ্ট্র স্বার্থৰ কথা মনত ৰাখিহে বৈদেশিক নীতি বা আন ৰাষ্ট্রৰ সৈতে সম্পর্কৰ ৰূপৰেখা প্রস্তুত কৰে৷ এইক্ষেত্রত ম্যানমাৰে ভাৰতৰ তুলনাত চীনক সদায়েই অধিক প্রাধান্য দি আহিছে৷ ভাৰতৰ লক্ষ্য হ’ব লাগিব, নিজৰ স্বার্থ সুৰক্ষিত কৰিব পৰাকৈ নীতি গ্রহণ, যাতে দক্ষিণ এছিয়াৰ দুৱাৰখন ভাৰতৰ বাবে সহজে খোল খায়৷ ইয়াৰ বাবে প্রয়োজনত ম্যানমাৰক আর্থিকভাৱে সহায় কৰিব লগাও হ’ব পাৰে৷ আর্থিক সহযোগিতাও সময় নির্ধাৰিত হ’ব লাগিব৷ কিয়নো ভাৰতে প্রতিৱেশী ৰাষ্ট্রৰ বিকাশৰ অর্থে পুঁজি বিনিয়োগকে ধৰি বহু প্রতিশ্রুতি দিয়ে ঠিকেই, কিন্তু সেয়া ৰূপায়ণত মাত্রাধিক হেমাহি কৰে৷ ইয়াৰ সুযোগ লয় চীনে৷ আন্তঃগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্রত বিকাশৰ বাবে আগবঢ়োৱা ধন সময়মতে ব্যয় কৰি প্রতিৱেশী ৰাষ্ট্র, ৰাজনৈতিক শক্তিক ৰাষ্ট্রখনৰ ওপৰত নির্ভৰশীল কৰিবলৈ বাধ্য কৰে৷