নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাম নকৰা বিধায়ক হ’ব কোন?

দুবছৰমান আগেয়ে বাংগালোৰ পলিটিকেল একচন কমিটী (বিপিএচি) নামৰ বেচৰকাৰী সংস্থা এটাই কর্ণাটকৰ বিধায়কগণৰ কাম–কাজ (প্রদর্শন) সন্দর্ভত এটা সমীক্ষা চলাই তেওঁলোকৰ মাজত সফল বিধায়কক বাছি ডলিয়াইছিল৷ তাৰ বাবে সংস্থাটোৱে কিছুমান ক্ষেত্র বাছনি কৰি প্রতিটো ক্ষেত্রৰ বিপৰীতে ভিন্ন ভিন্ন নম্বৰৰ দিহা কৰিছিল৷ অর্থাৎ তাৰে আধাৰত সামগ্রিক প্রদর্শনৰ নির্ণয় কৰি বিধায়কগৰাকী কিমান সফল বা তেওঁৰ প্রদর্শন কেনেকুৱা, সেইটো নির্ণয় কৰা হৈছিল৷ শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি সভাপতি ৰঞ্জিত কুমাৰ দাসে কাম নকৰা বিধায়কে সমাগত বিধানসভা নির্বাচনত প্রার্থিত্ব নাপায় বুলি এখন সংবাদ মেলযোগে ঘোষণা কৰিছে৷ অসম তথা দেশৰ ৰাজনীতিত এনেধৰণৰ ঘোষণা নতুন নহয়৷ ইয়াৰ পূর্বেও সময়ে সময়ে তেনেধৰণৰ ঘোষণাৰ কথা সংবাদ মাধ্যমত প্রচাৰ–সম্প্রচাৰ হয়৷ চৰকাৰ এখন নতুনকৈ গঠন হ’লে মন্ত্রী–বিধায়কক নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিজৰ নিজৰ সম্পত্তিৰ বিষয়েও ঘোষণা কৰিবলৈ কোৱা হয়৷ সাধাৰণতে এনেধৰণৰ ঘোষণা দলটোৰ ভাবমূর্তি ডজ্জ্বল কৰাৰ বাবে কৰা হয়৷ সময় যেতিয়া কঠিন বা প্রত্যাহ্বানজনক হৈ পৰে, দল এটাৰ নেতৃত্বই তেনেধৰণৰ ঘোষণাৰে চমকৰ সৃষ্টি কৰি জনসাধাৰণৰ মাজত নিজৰ গ্রহণযোগ্যতা বৃদ্ধি কৰিবলৈ প্রয়াস কৰে৷ হয়তো সেইবাবেই ঘোষণা বা কথাবোৰ কথা হৈয়েই ৰৈ যায়৷ কার্যত পৰিণত হোৱা দেখা নাযায়৷ শাসক দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰা শেহতীয়া ঘোষণাটোৰো যে বাস্তৱত প্রতিফলন ঘটিব, তাক বৰ বেছি লোকে অন্তঃকৰণেৰে বিশ্বাস কৰি লৈছে বুলি মনে নকয়৷

ৰাজনৈতিক নেতা, জনপ্রতিনিধিৰ প্রতিটো কথা, প্রতিটো প্রতিশ্রুতি নাইবা প্রতিটো আশ্বাসক শিলৰ ৰেখা বুলি মানি ল’ব পৰা পৰিৱেশটোৰ কাহানিবাই অপমৃত্যু ঘটিল৷ অৱশ্যে তাৰ বাবে জনসাধাৰণ নহয়, জনপ্রতিনিধি, নেতাসকলহে দায়ী৷ সেই পৰিৱেশৰ স্রষ্টা, গঢ়োঁতা তেওঁলোকহে৷ যিয়েই নহওক, ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ঘোষণাটোৱে শাসক দলটোৰ অভ্যন্তৰত কিছু পৰিমাণে খলকনি তোলা বুলি সংবাদ মাধ্যমত খবৰ ওলাইছে৷ হাজাৰ হ’লেও প্রার্থিত্ব বুলি কথা৷ কিবা কাৰণত টিকটখন নাপালে নাপালে, সান্দহ খোৱা বালি তল যাব৷ অনাগত দিনৰ ৰাজনীতিয়েই সংকটত পৰিব পাৰে৷

ৰাজ্যিক সভাপতি দাসে সংবাদ মেলযোগে কৰা ঘোষণাটো কিদৰে কার্যকৰী কৰা হ’ব, তাক লৈ বিশেষ কথা সদৰী কৰা নাই৷ অর্থাৎ ‘মেকানিজম’ কি হ’ব, সেইটোৰ বিস্তাৰিত বর্ণনা দিয়া হোৱা নাই৷ বিষয়টো দলৰ বুথ পর্যায়ৰ সমিতিলৈকে সামৰি লোৱা হ’ব বুলি তেওঁ প্রকাশ কৰিছে৷ অর্থাৎ সৰল অর্থত ক’বলৈ হ’লে ৰাজ্যিক বিজেপিয়ে যদি সঁচাকৈ যোগ্যজনক বিধানসভা নির্বাচনত প্রার্থিত্ব দিয়াৰ পৰিকল্পনা কৰিছে, প্রার্থীজন তৃণমূল পর্যায়ৰ কর্মীৰ তুলাচনীত ডঠি আহিব লাগিব৷ কিন্তু কথাবোৰ সিমান সৰল নহয়৷ সৰল নহয় বাবেই লোকসভা, ৰাজ্যসভা অথবা বিধানসভাত বছৰ বছৰ ধৰি প্রতিনিধিত্ব কৰি থকা এনে লোকো দেখা যায়, যিয়ে সদনত হামিয়াই–হিকটিয়াই সময় পাৰ কৰে৷ জনপ্রতিনিধি হৈ সদনত যে জনসাধাৰণৰ সমস্যা, দুখ–দুর্গতিৰ কথা ডপস্থাপন কৰিব লাগে, সেইটোলৈ মন–কাণেই নিদিয়ে৷ সমষ্টিবাসীৰ সৈতে সু–সম্পর্ক নৰখা জনপ্রতিনিধিৰ সংখ্যাও আজিৰ তাৰিখত তাকৰ নহয়৷ বাকী দুর্নীতি–ভ্রষ্টাচাৰৰ কথা নক’লোৱেইবা৷

গণতান্ত্রিক শাসন ব্যৱস্থাত বিধায়কজন এটা মূল্যৱান সম্পদ৷ তেওঁৰ হাতত জনসাধাৰণৰ বাবে, ৰাজ্যখনৰ বাবে কৰিব পৰাকৈ যথেষ্ট কাম থাকে৷ শিক্ষা, স্বাস্থ্যৰ পৰা কর্মসংস্থাপন, ৰাস্তা–ঘাট, আইন–শৃংখলাকে এজন বিধায়কে এখন ৰাজ্য তথা এটা সমষ্টিত অপৰিসীম সেৱা আগবঢ়াব পাৰে৷ বিধায়কজন এজন নেতাও৷ তেওঁৰ নেতৃত্বত এখন সমাজে ভৱিষ্যতৰ সেন্দূৰীয়া পথেৰে আগবাঢ়িব পাৰে৷ তেওঁ দিক্নির্ণয় কৰিব পাৰে৷ তেওঁ হাজাৰ হাজাৰ মানুহৰ বাবে বহুক্ষেত্রত আশা–ভৰসাৰ পাত্র৷ গতিকে, সৰল অর্থত এইটোকে ক’ব পাৰি যে যিজন বিধায়কে সমষ্টি তথা সমাজৰ আশা–আকাংক্ষাক প্রতিফলিত কৰিব নোৱাৰে, তেওঁ এজন সফল বা যোগ্য বিধায়ক হ’ব নোৱাৰে৷ কর্ণাটকৰ সংস্থাটোৱে চলোৱা সমীক্ষাটোৰ অংশীদাৰ সংগঠন ডক্(DOKSH)–এ যেতিয়া কর্ণাটকৰ জনসাধাৰণৰ মাজলৈ গৈ বিধায়কৰ প্রদর্শন সন্দর্ভত প্রশ্ণ কৰিছিল, তাৰে মূল বিষয় এটা আছিল জনসাধাৰণৰ প্রত্যাশা৷ তাত দেখা গৈছিল, সমষ্টিৰ গৰিষ্ঠসংখ্যকে বিধায়কজনক ব্যক্তিগত লাভালাভৰ তুলাচনীৰে জোখা নাছিল৷ তেওঁলোকে বুনিয়াদী সমস্যাবোৰৰ সমাধান বিচাৰে৷ ৰাস্তা–ঘাট ভাল হওক, স্বাস্থ্য সেৱাৰ সুবিধা ডন্নত হওক, পানী যোগানৰ সুবিধা হওক৷ কৃষকৰ বাবে সা–সুবিধা ডপলব্ধ কৰক৷ কিন্তু ইয়াৰ বিপৰীতে সমীক্ষাটোত দেখা গ’ল বেছিভাগ বিধায়কে ঠিকাদাৰ, আঁচনিৰ অনুমোদন, বিষয়া–কর্মচাৰীৰ বদলিৰ দৰে কামত অধিক গুৰুত্ব আৰু সময় ব্যয় কৰে৷ সমষ্টিৰ জনসাধাৰণে তেওঁৰ কাষলৈ সমস্যাৰ সমাধান বিচাৰি গ’লে, দায়সৰা ধৰণৰ মন্তব্য দি নিজৰ দায়িত্ব সামৰিব বিচাৰে৷ জনপ্রতিনিধিৰ এই ছবিখন যদিও কর্ণাটকৰ, অসমৰ সৈতে তাৰ বৰ বিশেষ পার্থক্য নাই বুলি সহজেই ক’ব পাৰি৷

আমাৰ দেশখনত নির্বাচিত জনপ্রতিনিধিৰ দ্বাৰা জনসাধাৰণ প্রতাৰিত–প্রৱঞ্চিত গৈ অহাৰ এটা অন্যতম প্রধান কাৰণ হৈছে প্রার্থী বাছনিৰ ক্ষেত্রত জনগণৰ সীমাবদ্ধতা৷ ৰাজনতিক দলবোৰে মূলতঃ এজন বা দুজনৰ ছবি সন্মুখত ৰাখি নির্বাচনী প্রতিদ্বন্দ্বিতাত নামে৷ এনে এটা পৰিৱেশ ৰচনা কৰা হয় যে সেই ব্যক্তিজন নাইবা ব্যক্তিগণৰ হাতত ক্ষমতা আহিলেই সকলোৰে সমস্যা সমাধান হৈ যাব৷ সেই ঢ়ৌৰ বাবে বহুসময়ত যোগ্য ব্যক্তি এজনেও নির্বাচনী ৰণত পৰাজিত হ’ব লগা হয়৷ বিশেষ দলৰ প্রার্থী হিচাপে আনজন প্রার্থী জয়ী হৈ বিধানসভা, লোকসভালৈ গুচি যায়৷ নেতৃত্বৰ জনপ্রিয়তাৰ সুযোগ লৈ অবাঞ্ছিত লোকৰ দেহত জনপ্রতিনিধিৰ চোলাটো পৰে৷ অৱশ্যে এইক্ষেত্রত প্রশ্ণ ডঠিব পাৰে যে দল এটাই যোগ্য প্রার্থী বাছনি নকৰে নেকি? প্রশ্ণটোৰ ডত্তৰ নির্বাচনৰ সময়তে পোৱা যায়৷ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাসকল বা পছন্দৰ প্রার্থীজনে টিকট নোপোৱাৰ বেদনাত দল এটাৰ তৃণমূল পর্যায়ৰ কর্মীয়ে প্রার্থী বাছনিৰ ক্ষেত্রত কি কি খেল চলে, তাক ডদঙাই দিয়ে৷ তেওঁলোকে কোৱা কথাখিনিৰ দহ শতাংশকো যদি শুদ্ধ বা সঁচা বুলি ধৰি লোৱা হয়, তেতিয়াও ক’ব পাৰি, জনসাধাৰণৰ প্রত্যাশা–পছন্দলৈ পিঠি দি কিছু কিছু প্রার্থীৰ বাছনিৰ ক্ষেত্রত লেতেৰা ৰাজনীতি চলে৷ ধনৰ লেনদেন হয়৷ যোগ্যতা নির্ণয়ৰ মাপকাঠীডাল নেতাৰ আত্মীয়–স্বজন গণ্ডীৰ চাৰিওফালে ঘূৰে৷

লেখাটোৰ পাতনিতে কর্ণাটকৰ সংস্থা এটাৰ কথা কোৱা হৈছিল৷ তেওঁলোকে বিধায়ক এজনৰ প্রদর্শনৰ জোখ–মাখ লওঁতে কেইটামান নির্দিষ্ট বিষয় বা ক্ষেত্র নির্ধাৰণ কৰি লৈছিল৷ মুঠ এশ নম্বৰৰ ভিতৰত বিধায়কজনৰ বিধানসভাত ডপস্থিতিত কুৰি নম্বৰ দিয়া হৈছিল৷ বিধানসভাত প্রশ্ণ ডত্থাপন কৰাক লৈ দিয়া হৈছিল মুঠ পঁচিশ নম্বৰ৷ বিধায়কৰ বাবে আবণ্টিত স্থানীয় অঞ্চল ডন্নয়ন পুঁজি ব্যয়ৰ ক্ষেত্রত কুৰি নম্বৰ, জনসাধাৰণৰ আশা–আকাংক্ষাক সঠিক ৰূপত অনুধাৱন কৰাৰ ক্ষেত্রত পোন্ধৰ নম্বৰ, শিক্ষাগত অর্হতাৰ বিপৰীতে পাঁচ নম্বৰ, ছ’চিয়েল মিডিয়াৰ অনুগামীৰ পৰিসংখ্যাৰ ক্ষেত্রত দহ নম্বৰ আৰু অপৰাধমূলক ৰেকর্ডৰ ক্ষেত্রত ধৰা হৈছিল পাঁচ নম্বৰ৷ অৱশ্যে এজন বিধায়কক এই বিষয়কেইটাৰে সম্পূর্ণৰূপে মূল্যায়ন কৰিব পাৰি বুলি কোৱাটোত বিতর্কৰ অৱকাশ থাকি যাব পাৰে৷ কিন্তু মোটামুটিকৈ ধাৰণা এটা কৰিব পৰা যায়৷ জনসাধাৰণে নিজৰ প্রতিনিধি বাছনিৰ ক্ষেত্রত এনেধৰণৰ ডপায়ৰ সহায় ল’লে জনপ্রতিনিধিৰ দ্বাৰা প্রৱঞ্চনাৰ মাত্রা কিছু পৰিমাণে হ্রাস হ’ব পাৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি, দলটোৱে সমাগত বিধানসভা নির্বাচনত যাকেই প্রার্থিত্ব নিদিওক কিয়, জনতাৰ তুলাচনীত ডঠা লোকজনহে বিধানসভালৈ যোৱাৰ পথ প্রশস্ত হ’ব৷ কথাটো মাথোঁ বিজেপিৰ ক্ষেত্রতেই নহয়, আন আন দলৰ ক্ষেত্রতো প্রযোজ্য৷

You might also like