নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা খননৰ বাবে কাটিলে ৪০,০০০ গছ

কয়লা খননৰ এটা প্রকল্পৰ বাবে প্রায় ৪০,০০০ গছ কটা হ’ল ওড়িশাত ৷ আদানি গ্রুপৰ স’তে চুক্তিবদ্ধ নেইভেলি লিগনাইট কর্প’ৰেচন ইণ্ডিয়া লিমিটেড নামৰ কোম্পানীটোৱে এই প্রকল্পৰ বাবদ মুঠ ১,৩০,৭২১ডাল গছ কটাৰ আশংকা আছে ৷ উল্লেখ্য যে ওড়িশাৰ চম্বলপুৰ জিলাৰ তালাবিৰা গাঁৱৰ কাষৰ এই অঞ্চলটোত কয়লা খননৰ প্রকল্পটোৰ বাবে ১,০৩৮.১৮৭ হেক্টৰ অৰণ্য অঞ্চল মুকলি কৰাৰ অনুমতি প্রদান কৰিছে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্রালয়ে৷ কিন্তু চৰকাৰৰ এনে কার্যত অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ গছ–বিৰিখৰ মাজতে থাকি জীৱন নির্বাহ কৰা প্রায় ৩০০০ হাজাৰ লোকৰ বসতিস্থল আছিল এই অৰণ্য অঞ্চল ৷

You might also like