নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ ভয়াৱহতা আৰু ৰাইজৰ কৰণীয়

  • বিভাষ দেৱ নাথ

আজি পৃথিৱীৰ সকলো দেশ–মহাদেশ, সাগৰ–মহাসাগৰৰ স্তব্ধতাই ক’ৰোনা আতংকৰ ভয়াৱহতাৰ উৎকৃষ্ট প্রমাণ দাঙি ধৰিছে৷ এই সময়ত পৃথিৱীৰ হয়তো এনে কোনো প্রান্ত নাই য’লৈকে ক’ৰোনাৰ ভয়াৱহতাৰ বাতৰি বিয়পি যোৱা নাই৷ ৰাজনৈতিক–ৰাজনৈত্ ক্ষেত্রৰ একাংশই ক’ৰোনা সন্ত্রাসক লৈ বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিলেও বিশ্ব স্বাস্থ্য সংস্থাই WHO)সমগ্র বিশ্বতেই জৰুৰীকালীন স্বাস্থ্য অৱস্থা Public Health Emergency)ৰ ঘোষণা কৰাৰ পাছত অন্ততঃ ক’ৰোনাৰ ভয়াৱহতাৰ বিষয়ে অনিশ্চয়তা প্রকাশ কৰাটো চূডান্ত মূর্খামিৰ বাদে আন একো বুলি বিবেচিত নহয়৷

আধুনিক চিকিৎসা বিজ্ঞান, তথ্য–প্রযুক্তি মহলে ক’ৰোনাৰ উন্নততকৈ উন্নত মানৰ প্রতিষেধক, চিটা আদি সৃষ্টি কৰাৰ ক্ষেত্রত পার্যমানে চেষ্টা চলাই আছে৷ বিশ্ববাসীৰ আশা– নিৰন্তৰ গৱেষণাৰ অন্তত ক’ৰোনাক সম্পূর্ণৰূপে প্রতিহত কৰিব পৰা অৱস্থা এটাৰ সূচনা অতি শীঘ্রেই হ’ব৷ কিন্তু তেনেকুৱা এটা সপোন বাস্তৱায়িত হোৱাৰ পূর্বেই হয়তো লাখ লাখ, কোটি কোটি লোক এই জটিল ৰোগত আক্রান্ত হৈ যাব৷ গতিকে, সম্প্রতি সাৱধানতা অৱলম্বনেই হৈছে একমাত্র সহজ আৰু বিৰল উপায়, যাৰ যোগেৰে আমি এই মহামাৰীৰ বিৰুদ্ধে ব্যাপকভাৱে যুঁজ দিব পাৰিম বা এই সন্ত্রাসৰ পৰা হাত সাৰি থাকিব পাৰিম৷

ক’ৰোনাৰ বিৰুদ্ধে ভাৰত আৰু অসম চৰকাৰে হাতত লোৱা সজাগতামূলক, সাৱধানতামূলক দৃঢ় পদক্ষেপসমূহৰ শলাগ লোৱাটো বাঞ্ছনীয়৷ সমান্তৰালকৈ চৰকাৰে জনোৱা আহ্বানৰ প্রতি সকলো শ্রেণীৰ লোকেই পূর্ণ সহযোগিতা আৰু সন্মান জনোৱাটো ৰাইজৰ গুৰু দায়িত্ব আৰু সময়ৰ আহ্বান৷ কিন্তু অতি দুর্ভাগ্যজনকভাৱে এচাম ৰাজনৈতিক মহলত চর্চা চলিছে বিজেপি চৰকাৰৰ এনে আঁচনিত বহুতো লাভ–লোকচানৰ অংক জডিত হৈ আছে বা নির্বাচনমুখী বুলি৷ পাছে এই কথাটো পাহৰি যোৱা অনুচিত যে জাতি–বর্ণ–ধর্ম–ভাষ্ নির্বিশেষে সকলো ধৰণৰ লোকৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰে যদি কোনো নির্বাচনমুখী পদক্ষেপ গ্রহণ কৰিছেও, তেন্তে সেয়া দেশখনৰ মংগলৰ অর্থেই৷

বর্তমান দেশ–বিদেশৰ শিক্ষিত তথা বৌদ্ধিক মহলে সর্বোচ্চ উচ্চতাত নিজৰ জ্ঞান আৰু বুদ্ধিমত্তাক প্রদর্শন কৰাৰ এক প্রকৃত বা শ্রেষ্ঠ সময়৷ চৰকাৰে নির্ধাৰণ কৰি দিয়া সাৱধানতা অৱলম্বনৰ প্রতিটো কথাই টিভি, বাতৰিকাকতকে আদি কৰি সকলো সংবাদ মাধ্যমৰ কেউফালে প্রচাৰ হৈ থাকিলেও নিৰক্ষৰ বা অশিক্ষিত জনসাধাৰণক সজাগ–সচেতন কৰি তোলাটোৱেই শিক্ষিত আৰু বৌদ্ধিক মহলৰ জৰুৰী দায়িত্ব৷ এই মুহূর্তত কোন বিজেপিৰ সমর্থক, কোন কংগ্রেছৰ সমর্থক, সেইবোৰ অযুক্তিকৰ কথা চিন্তা–চর্চা কৰাৰ সময় নহয়৷ মনত ৰখাটো ভাল যে ক’ৰোনা বা আন যিকোনো ভাইৰাছে মানুহৰ মাজত কোনজন বিজেপিৰ, কোন কংগ্রেছৰ, সেইবোৰ চিনি নাপায়৷ সংক্রমিত হ’বলৈ মাথোঁ এক শৰীৰৰহে প্রয়োজন৷

এই মূহূর্ততো প্রাচীন ভাৰতীয় আয়ুর্বেদ চিকিৎসা বিজ্ঞানক এচাম জনসাধাৰণে অতি তুচ্ছ জ্ঞান কৰা পৰিলক্ষিত হৈছে৷ এনে কৰাটো মুঠেও উচিত নহয়, কাৰণ আয়ুর্বেদিক চিকিৎসা বিজ্ঞানৰ বহল পৰিসৰৰ গৱেষণা যদি সফল হয়, তেন্তে হয়তো ক’ৰোনাক সম্পূর্ণৰূপে প্রতিহত কৰাৰ উন্নত মানৰ ব্যৱস্থা সৃষ্টি কৰি ভাৰতৰ আয়ুর্বেদ শাস্ত্রই সমগ্র বিশ্বতেই নতুন ধাৰাৰ সূচনা কৰি দিয়াৰ সম্ভাৱনা থাকিব৷

সেয়ে, মূলতঃ এতিয়া সকলো কথা পাহৰি চৰকাৰে নির্ধাৰণ কৰি দিয়া সাৱধানতামূলক পৰামর্শসমূহ বিনা সংকোচে মানি চলাৰ ক্ষেত্রত তিলমানো আপোচ নকৰাৰ ক্ষেত্রত আমি সংকল্পবদ্ধ হ’ব লাগে৷ পঢ়া–শুনা নজনা, নিৰক্ষৰ বা অশিক্ষিত জনসাধাৰণক সজাগ–সচেতন কৰি তুলিব নোৱাৰিলে এদিন তেওঁলোকৰ আটাইবোৰৰ মাজত এই ভাইৰাছৰ অৱস্থিতি পোৱা যাব৷ আৰু অতি কম দিনৰ ভিতৰতে বিভিন্ন মাধ্যমেৰে তেওঁলোকৰ গাৰ পৰা সেই ভাইৰাছ আন জনসাধাৰণলৈও সংক্রমণ হ’ব৷ গতিকে কেৱল মাথোঁ এটা নির্দিষ্ট শ্রেণীৰ লোকেই সজাগ আৰু সচেতন হ’লেই নহ’ব৷ শিশুৰ পৰা বৃদ্ধলৈ, দৰিদ্রৰ পৰা ধনীলৈ, শিক্ষিতৰ পৰা অশিক্ষিতলৈ, জে’লত থকা অপৰাধীৰ পৰা নির্দোষীলৈ সমাজৰ প্রতিটো স্তৰৰ প্রতিজন লোকেই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু এই যুঁজখনৰ সুপৰিকল্পিত, শৃংখলাবদ্ধ নেতৃত্ব ল’ব লাগিব শিক্ষিত আৰু জ্ঞানী, বৌদ্ধিক শ্রেণীৰ জনসাধাৰণে৷

You might also like