ক’ৰোনা ভাইৰাছ আৰু জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজ
- দীপক কুমাৰ দাস
একবিংশ শতিকাৰ তৃতীয় দশকৰ প্রাৰম্ভতে প্রাণঘাতী ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯য়ে মানৱ জাতিক অস্তিত্বৰ সংকটৰ পিনে আগবঢ়াই দিছে৷ ঘাতক ক’ভিড–১৯য়ে মানৱ জাতিক কঁপাই তুলিছে৷ আধুনিক বিজ্ঞান আৰু জীৱশ্রেষ্ঠ মানৱে ভাইৰাছটোৰ সংক্রমণক লৈ ত্রাহি মধুসূদন দেখিছে৷ চীনত প্রাদুর্ভাৱ ঘটা ঘাতক ভাইৰাছটোৱে বিশ্বৰ প্রান্তে প্রান্তে মানৱক শংকিত কৰি তুলিছে৷ বিশ্বৰ ১৮৮খন দেশলৈ বিয়পি পৰিছে৷ দুই–এদিনতে হয়তো বিশ্বত এনে এখন দেশ বাচি নাথাকিব, য’ত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নহ’ব৷ কিমানৰ প্রাণহানি, কিমান আক্রান্ত সেই সংখ্যা এতিয়া গণনাৰ পর্যায়ত নাই৷ ছেকেণ্ডে ছেকেণ্ডে ইয়াৰ সংখ্যা বৃদ্ধি পাই আছে৷ কার্যতঃ মহামাৰী ক’ৰোনা ভাইৰাছে বিশ্বক কঁপাই তুলিছে৷ য’ত ক’ৰোনা ভাইৰাছৰ উদ্ভৱ হৈছে, সি বিতর্কিত ৰূপ লৈছে৷ এইটো স্পষ্টকৈ ক’ব পাৰি যে ই মানৱ সৃষ্ট বুলি আমি সকলোৱে মানিব পাৰোঁ৷ প্রকৃতিৰ ওপৰত চীনৰ নির্যাতনকো ক’ৰোনা ভাইৰাছৰ সৃষ্টি বুলি সমালোচিত হৈছে৷ যিয়েই নহওক আমি মানৱ জাতি গভীৰ সংকটত পৰিছোঁ৷ সজাগ–সচেতন নহ’লে আধুনিক চিকিৎসায়ো আমাক সংক্রমণৰ পৰা পৰিত্রাণ দিব নোৱাৰে৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্র–স্বাস্থ্যত উন্নত দেশসমূহেও ক’ৰোনা ভাইৰাছৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হোৱা নাই৷ ২০১৯ চনৰ ডিচেম্বৰত চীনত প্রথম পোহৰলৈ অহা ঘাতক ক’ৰোনা ভাইৰাছে তিনি মাহতে বিশ্ব স্তব্ধ কৰি পেলাইছে৷ ইয়াৰ পৰা সম্পূর্ণ উদ্ধাৰ হ’বলৈ হয়তো বিশ্বক অধিক সময় লাগিব৷ মানৱ সৃষ্ট কাৰকৰ বাবেই যদি উদ্ভৱ হৈছে সেয়া অতিকে দুর্ভাগ্যজনক৷ যদি মানুহে প্রকৃতিৰ ওপৰত চলোৱা নির্যাতনৰ বাবে উদ্ভৱ ঘটিছে, সেয়া আমাৰ মানৱ জাতিৰ বাবে আত্মহনন৷ সম্প্রতি তেনে এক পৰিস্থিতিয়েই উদ্ভৱ হৈছে৷এই ঘাতক ভাইৰাছতকৈ ভয়াৱহ ৰূপত অতি সংগোপনে মানৱ জাতি–পৃথিৱীৰ বাবে প্রত্যাহ্বান হৈ আহিছে জলবায়ু পৰিৱর্তন৷ জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ ‘স্লো পইজন’ কিম্বা ‘টাইম বোমা’ৰ দৰে পৃথিৱীত পৰি আছে৷ মহামাৰী ক’ৰোনা ভাইৰাছে কিমানসংখ্যক লোকৰ প্রাণহানি ঘটাব সেয়া আমি প্রত্যক্ষ ৰূপত দেখিবলৈ পাইছোঁ আৰু তাক প্রতিৰোধৰ কাৰণে সজাগ–সচেতন হৈছোঁ৷ বিশ্ববাসী একত্রিত হৈছোঁ ঠিক তেনেদৰে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজিব লাগিব ৷
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ যিধৰণৰ পদক্ষেপ ব্যৱস্থা গ্রহণ কৰা হৈছে ঠিক তেনেদৰেই জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজিবলৈ সক্রিয় হ’ব লাগিব৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণে দেখ দেখকৈ বিশ্বত হাহাকাৰ লগাইছে ঠিক তেনেদৰে অনাগত দিনত জলবায়ু পৰিৱর্তন ভয়াৱহ প্রত্যাহ্বান হৈ পৰিব৷ তথ্য মতে বিশ্বত দুই দশকৰ ভিতৰত প্রতিবছৰে ২,৫০,০০০ লোক জলবায়ু পৰিৱর্তনৰ বলি হ’ব৷ ক’ৰোনা ভাইৰাছৰ আৰু জলবায়ু পৰিৱর্তনৰ বিপজ্জনক পৰিস্থিতিক লৈ তুলনাত্মক পর্যালোচনা আৰম্ভ হৈছে৷ ক’ৰোনা ভাইৰাছৰ বাবে মানৱসৃষ্ট কার্বন নির্গমন বৃদ্ধি প্রক্রিয়া স্তিমিত হৈছে৷ ইয়ে জলবায়ু পৰিৱর্তন প্রতিৰোধত ইতিবাচক হৈ পৰিছে৷ ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত হৈ উঠাৰ পাছতো বিশ্ববাসীয়ে জলবায়ু পৰিৱর্তনক লৈ সাজু হ’ব লাগিব৷ ঘাতক ক’ভিড–১৯ৰ প্রসংগ উত্থাপনেৰে জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাও মানৱ জাতিয়ে গুৰুত্ব দিব লাগিব৷ কিয়নো গোলকীয় উষ্ণতা ১.৫ ডিগ্রী ছেণ্টিগ্রেড বৃদ্ধি পালে বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪ শতাংশৰ ওপৰত নেতিবাচক প্রভাৱ পৰিব৷ যদি গোলকীয় উষ্ণতা ২ ডিগ্রী চেণ্টিগ্রেড বৃদ্ধি পাই তেতিয়াহ’লে বিশ্বৰ মুঠ জনসংখ্যাৰ ৩৭ শতাংশৰ ওপৰত নেতিবাচক প্রভাৱ পৰিব৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘৰ পেৰিছ চুক্তিত গোলকীয় উষ্ণতা ১.৫ৰ পৰা ২ ডিগ্রী ছেণ্টিগ্রেড নিয়ন্ত্রণক গুৰুত্ব দিয়া হৈছে৷ কিন্তু সাম্প্রতিক সময়ত বিশ্বৰ কোনো এখন দেশেই এনে চুক্তিক লৈ বিশেষ গুৰুত্ব দিয়া নাই৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে প্রাণঘাতী ক’ৰোনা ভাইৰাছত আক্রান্তৰ প্রাণহানিৰ হাৰ ৩ শতাংশ, য’ৰ পৰা উদ্ধাৰ পাবলৈ আধুনিক মানৱে হাহাকাৰ কৰিবলগীয়া হৈছে৷ তেনেক্ষেত্রত তাপ প্রবাহৰ পৰা মুঠ জনসংখ্যাৰ ১৭ শতাংশৰ পৰা ৩৭ শতাংশক কিদৰে উদ্ধাৰ কৰিব পাৰিব৷ তাপ প্রবাহৰ নেতিবাচক প্রভাৱ বিভিন্ন মানৱ জীৱনৰ উপাদানত পৰাৰ লগতে ভয়াৱহ ৰোগৰ প্রাদুর্ভাৱ ঘটাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ ক’ৰোনা ভাইৰাছতকৈ পৰোক্ষ ৰূপত অধিক ভয়াৱহ হৈ উঠিব জলবায়ু পৰিৱর্তন৷ বিশ্ববাসীক ক’ৰোনা ভাইৰাছে দেখুৱালে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজাৰ ইতিবাচক পথ৷