খেৰৰ ঘৰ–আপোন ঘৰ
(এক)
আমাৰ অসমখন ঘাঁহজাতীয় উদ্ভিদৰ ক্ষেত্রত অতি চহকী৷ ৰাজ্যখনৰ ভূ–প্রকৃতি, মাটি, জলবায়ু আদি উপাদান এনে উদ্ভিদৰ বাবে বিশেষভাৱে উপযোগী৷ সাধাৰণতে নৈপৰীয়া সমতল, বিল–খালৰ কেউকাষ, পাহাৰৰ নামনি অংশ, অনুচ্চ পাহাৰৰ ঢ়াল আদিত নানা প্রকাৰৰ ঘাঁহজাতীয় উদ্ভিদ দেখা যায়৷ তাৰ ভিতৰত উলু, নল, খাগৰি, কঁহুৱা, বিৰিণা, কুশ, বতা, দূবৰি আদি প্রধান৷ এইবোৰৰ প্রত্যেকৰে নিজস্ব গুণাগুণ আৰু ব্যৱহাৰিক উপযোগিতা আছে যদিও সম্পদ হিচাপে উলু বনৰ(Imperata cylindrica) চাহিদা আপেক্ষিকভাৱে বেছি৷
এটা সময় আছিল যেতিয়া প্রধানকৈ বাঁহ–খেৰেৰে নির্মিত ঘৰে আমাৰ গাঁওবোৰক শুৱনি কৰি ৰাখিছিল৷ যোৱাটো শতিকাৰ ষাঠীৰ দশকমানলৈ গাঁওবোৰত টিনৰ ঘৰৰ সংখ্যা আছিল তেনে তাকৰ৷ পকীঘৰ নাছিল বুলিবই পাৰি৷ বাঁহ–কাঠ–খেৰৰ দ্বাৰা নির্মিত ঘৰেই গ্রাম্য বাসস্থানৰ সাধাৰণ চৰিত্র নির্ণয় কৰিছিল৷ স্থানীয় প্রাকৃতিক পৰিৱেশ আৰু সহজলভ্য সম্পদৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ মানুহে নিজৰ কৌশল প্রয়োগ কৰি বিশেষ আর্হিৰ ঘৰ সাজি লৈছিল৷ নিজস্ব আকাৰ–আকৃতি আৰু ৰূপেৰে উদ্ভাসিত এনে পৰম্পৰা বিজড়িত ঘৰবোৰ গাঁৱৰ ‘লেণ্ডস্কেপ’ৰ প্রধান উপাদান হৈ আছিল৷ সৰল গঞা জীৱনৰ সহজ চাহিদা পূৰণ কৰা থলুৱা আর্হিৰ সেই ঘৰবোৰ আছিল সঁচা অর্থত পৰিৱেশ–নুকূল৷ ৰাইজে নিজে সজা নিজৰ ঘৰ৷
(দুই)
এইখিনিতে মন কৰিবলগীয়া কথা যে মানৱ ইতিহাসৰ একোটা স্তৰত পৃথিৱীৰ সকলো ঠাইতে মানুহৰ আৱাসবোৰ আছিল লোকভিত্তিক থলুৱা আর্হিৰ৷ ক্রান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলবোৰত সাধাৰণতে ঘৰৰ চালবোৰ নির্মাণ কৰা হৈছিল ঘাঁহ–বন, জলাহ ভূমিৰ ঘাঁহ, ধান–ঘেঁহুৰ খেৰ, কুঁহিয়াৰৰ পাত, তালজাতীয় গছৰ পাত আদিৰে৷ কেৱল চালিখন নহয়, ঘৰৰ বেৰো সজা হৈছিল এইবোৰ উদ্ভিদেৰে৷ অৱশ্যে ঘৰবোৰৰ আকাৰ–আকৃতি আৰু নির্মাণ কৌশল আছিল অঞ্চলভেদে বেলেগ বেলেগ৷
১৮০০ চন পর্যন্ত ইংলেণ্ডৰ গাঁওবোৰৰ লগতে বহুতো নগৰত ঘৰৰ চালিবোৰ আছিল ঘাঁহ–খেৰ আদিৰে নির্মিত৷ ২০১৩ চনৰ এক প্রতিবেদন মতে যুক্তৰাজ্যত United Kingdom) এতিয়াও প্রায় ৬০ হাজাৰ সা–সম্পত্তি আছে, য’ত ঘৰবোৰৰ চাল খেৰৰ৷ এতিয়া অৱশ্যে বহুতো আঢ়্যৱন্ত লোকে আভিজাত্যৰ নামতে খেৰৰ ঘৰ সাজি পৰম্পৰাক সন্মান জনায় আৰু সেইবোৰক যথেষ্ট ধন ব্যয় কৰি সংৰক্ষণ কৰে৷ দেশখনত এতিয়াও কেৱল খেৰৰ ঘৰ নির্মাণ কৰি ফুৰা এহাজাৰমান আধুনিক কলা–কুশলী আছে৷
জাপানতো খেৰৰ ঘৰৰ প্রতি মানুহৰ অনুৰাগ হ্রাস পোৱা নাই৷ কিছুমান পৰম্পৰাগত খেৰৰ ঘৰ থকা গাঁও চৰকাৰে সংৰক্ষণ কৰিছে৷ সেইবোৰ গাঁৱক ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দি পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিছে৷ ২০১৪ চনত জাপানলৈ যাওঁতে মোৰ তেনে এখন গাঁৱতে থকাৰ সৌভাগ্য ঘটিছিল৷ গাঁওখনৰ নাম কিটামূৰা৷ পাহাৰৰ নামনিৰ এই গাঁওখনৰ ঘৰবোৰ বাঁহ–কাঠ–খেৰেৰে সজা৷ কেউকাষে খেতিপথাৰ৷ পাহাৰৰ ঢ়াল সেউজীয়া গছেৰে আৱৰা৷ কিটামূৰা এখন সংৰক্ষিত গাঁও৷ বছৰি ইয়ালৈ প্রায় তিনি লক্ষ পর্যটক আহে৷ গাঁওখনত এটা সংগ্রহালায় আছে৷ তাতে পুৰণি গ্রাম্য জীৱনৰ সকলো দিশ সংৰক্ষিত হৈ আছে– ঢেঁকীৰ পৰা গোহালিলৈ৷ গাঁওখনৰ মূল আকর্ষণ হৈছে পৰম্পৰাগত খেৰৰ চালিৰ ঘৰবোৰ৷ ঘৰবোৰ মেৰামতি কৰে চৰকাৰী সাহায্যত৷ মেৰামতি ব্যয়ৰ ৮০ শতাংশ বহন কৰে চৰকাৰে৷ ঘৰবোৰৰ খেৰৰ চালবোৰ তিনি ফুটমান ডাঠ৷ শেলুৱৈৰ তৰপ পৰি চালবোৰে সেউজীয়া ৰূপ পৰিগ্রহণ কৰে৷ মুঠতে অতি আকর্ষণীয় পৰম্পৰাগত জাপানী গাঁও৷ তাতে সংৰক্ষিত হৈ আছে গাঁৱলীয়া জীৱন–যাত্রাৰ মধুৰ চানেকি৷
(তিনি)
আমাৰ ইয়াৰ গ্রাম্য পৰিৱেশো আছিল সমানে বৈচিত্র্যপূর্ণ৷ অতি আকর্ষণীয়৷ গ্রাম্য আৱাস ভূমি আছিল মানুহ আৰু প্রকৃতিৰ সৰল মিলনক্ষেত্র৷ ঘৰ–বাৰীৰ ধাৰণা আছিল পৰিৱেশ অনুকূল, আত্মনির্ভৰশীল৷ ঘৰবোৰ আছিল বিভিন্ন আকাৰ–আকৃতিৰ৷ ব্যৱহাৰো আছিল সুকীয়া সুকীয়া৷ ব্যৱহাৰৰ ভিত্তিতেই ঘৰবোৰক নামকৰণ কৰা হৈছিল, যেনে– থকাঘৰ, চ’ৰাঘৰ (বাটচ’ৰা), পাকঘৰ, ভঁৰাল ঘৰ, (ভাখ্ৰি), ঢেঁকী ঘৰ (ঢেঁখাল ঘৰ), গোহালি ঘৰ, গোসাঁই ঘৰ, নামঘৰ, ৰংঘৰ (ৰং–ধেমালি কৰা ঘৰ), গা–ধোৱা ঘৰ ইত্যাদি৷ তদুপৰি অন্য কিছুমান বিশেষ ধৰণৰ ঘৰো গাঁওবোৰত আছিল– পামঘৰ, মাৰল ঘৰ, খৰিঘৰ আদি৷
এই ঘৰবোৰৰ নির্মাণকার্যত ব্যৱহাৰ হৈছিল প্রধানকৈ বাঁহ, বেত, খেৰ আৰু কাঠ৷ সাধাৰণতে ভলুকা, মকাল, জাতি, বিজুলি আদি বাঁহেৰে নির্মিত ঘৰবোৰৰ চালখন সজা হৈছিল প্রধানকৈ উলু খেৰেৰে৷ ঠাই বিশেষে তাল, টকৌ, নাৰিকল আদিৰ পাতেৰেও চালখন সজা হৈছিল৷ থলুৱা জাতৰ ধানৰ খেৰেৰেও চাল নির্মাণ কৰা হৈছিল৷ মুঠতে আমাৰ পৰম্পৰাগত ঘৰবোৰত ব্যৱহূত হৈছিল থলুৱা সম্পদ আৰু নিজস্ব কলা–কৌশল৷ সেই কাৰণে আমাৰ সভ্যতা–সংস্কৃতিত এই ঘৰবোৰৰ আছে বিশেষ গুৰুত্ব আৰু তাৎপর্য৷
ঘৰ নির্মাণৰ উদ্দেশ্যে নানাবিধ বাঁহৰ পৰা কাটি উলিওৱা হৈছিল বহুতো নির্মাণ সামগ্রী– খুঁটা, মাৰলি, ধাম, কামি, ৰুৱা, গুৰি, খাতি, খাৱ, কুকুৰ, চঁছালি, তমাল আদি৷ এইবোৰৰ নাম ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়৷ জনজাতীয় লোকসকলৰ মাজত ঘৰ নির্মাণ পদ্ধতিৰ ক্ষেত্রত কিছু সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়৷ উদাহৰণস্বৰূপে– মিচিংসকলৰ চাংঘৰৰ কথাকে উল্লেখ কৰিব পাৰি৷ এওঁলোকৰ বাসস্থান একেবাৰে নৈৰ পাৰতে হোৱাৰ কাৰণে ঘৰৰ আর্হি আৰু নির্মাণ প্রণালী কিছু সুকীয়া৷
গাঁৱৰ সকলো লোকেই কম–বেছি পৰিমাণে ঘৰ সাজিব জানিছিল যদিও তাৰ মাজৰে কিছুসংখ্যক আছিল বিশেষভাৱে পাৰদর্শী৷ ঘৰ প্রতিষ্ঠাৰ দিশ, দীঘল–বহল, ভেটিৰ উচ্চতা, কাঁথিৰ প্রস্থ, চালৰ ঢ়াল, খেৰৰ পৰিমাণ, ক’ত কি ধৰণে বান্ধ বা গাঁঠি আদি দিব লাগে, সেইবোৰ পাৰদর্শী লোকসকলে ভালদৰে জানিছিল আৰু তেওঁলোকৰ দিহা–পৰামর্শতেই ঘৰবোৰ সজা হৈছিল৷ বেৰৰ গাঁঠি, চালৰ গাঁঠি, খুঁটা আৰু মাৰলিৰ গাঁঠি, ৰুৱাৰ গাঁঠি, দুয়োখন চাল সংযোগী মূধচৰ গাঁঠি কেনে ধৰণৰ তমালেৰে কিদৰে দিব লাগে, সেইবোৰ সঠিকৰূপে জনাটো অতি প্রয়োজনীয় আছিল৷ তেতিয়াৰ সংশ্লিষ্ট সমাজখনত ঘৰ নির্মাণৰ এইবোৰ কলা–কৌশলৰ মূল্য আছিল অসামান্য৷
এইদৰে গাঁৱৰ মানুহৰ সহযোগত একোটা পৰিয়ালৰ (সাধাৰণতে যৌথ পৰিয়াল) সকলো সদস্যই নিজৰ শ্রম আৰু কৌশলেৰে নিজৰ ঘৰবোৰ সাজি লৈছিল৷ মহিলাসকলেও ঘৰ সজা কামত সক্রিয় সহযোগ আগবঢ়াইছিল৷ পৰিয়ালৰ কনিষ্ঠসকলেও জ্যেষ্ঠসকলক সাধ্যানুসাৰে সহায় কৰিছিল৷ আনকি ইষ্ট–কুটুম্বয়ো সময়ত আহি পৰিয়ালবোৰক ঘৰ সজা কামত সহায় কৰিছিল৷ মুঠতে ঘৰবোৰ আছিল গাঁওবাসীৰ সহযোগত পৰিয়ালে নিজে সাজি উলিওৱা নিজৰ থকা ঘৰ৷ তেওঁলোকৰ আৱেগ, অনুভূতি, সৃষ্টিৰ আনন্দ নিহিত হৈ আছিল সেই ঘৰবোৰত৷ বাঁহ–খেৰৰ সেই ঘৰবোৰ আছিল গৰমে–ঠাণ্ডাই, বতাহে–বৰষুণে তেওঁলোকৰ পক্ষে পৰম শান্তিৰ ঘৰ, আপোনৰো আপোন ঘৰ৷