নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবৰ ব্যতিক্রমী নির্বাচন

-বৈকুণ্ঠনাথ গোস্বামী

যোৱা যোৱা ১২ মার্চত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন সুকলমে সম্পন্ন হ’ল৷ অসমৰ বিভিন্ন ঠাইত অনেক প্রেছ ক্লাব আছে৷ অকল জিলা বা মহকুমা সদৰ ঠাইবোৰতেই নহয়, সৰু সৰু নগৰ আৰু গাঁও, য’ত কেইজনমান মফচলীয় সাংবাদিক কর্মৰত হৈ আছে, তাতেই একোটা প্রেছ ক্লাব গঢ় লৈ উঠিছে৷ তাৰ সঠিক তথ্য আনকি তথ্য আৰু জনসংযোগ বিভাগৰ হাততো নাই৷ কিন্তু ৰাজধানী চহৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব আন প্রেছ ক্লাববোৰতকৈ সুকীয়া৷ তাৰ উপৰি অসমৰ প্রায়বোৰ দৈনিক বাতৰিকাকত আৰু বৈদ্যুতিন চেনেলৰ মুখ্য কার্যালয় গুৱাহাটীতে অৱস্থিত৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বাতৰিকাকত আৰু বৈদ্যুতিন চেনেলৰ উত্তৰ–পূবৰ প্রতিনিধিসকলে গুৱাহাটীক কেন্দ্র কৰিয়েই বাতৰি পৰিৱেশন কৰে৷ সেইবাবেই সাংবাদিকতাক মুখ্য বৃত্তি principal avocation) হিচাপে গ্রহণ কৰা লোকৰ সংখ্যা গুৱাহাটীত যথেষ্ট বেছি আৰু গুৱাহাটী প্রেছ ক্লাব হৈছে সকলো সাংবাদিকৰে সমূহীয়া মিলনৰ থলী৷
গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচনৰ বাতৰিটো হয়তো স্বাভাৱিক অৱস্থাত একলমৰ বাতৰি হিচাপে স্থানীয় কাকতবোৰে প্রকাশ কৰিলেহেঁতেন৷ বৈদ্যুতিন চেনেলবোৰেও এক গতানুগতিক স্থানীয় বাতৰি হিচাপে গ্রহণ কৰিলেহেঁতেন৷ কিন্তু এইবাৰৰ নির্বাচন অনুষ্ঠিত হৈছিল এক ভিন্ন পৰিস্থিতিত৷ সেয়ে অকল সাংবাদিকসকলেই নহয়, সাধাৰণ লোকেও এই নির্বাচন সম্বন্ধে আগ্রহ প্রকাশ কৰা দেখা গৈছিল৷ তাৰ মূল কাৰণ আছিল– সুদীর্ঘ ১৭ বছৰৰ মূৰত গুৱাহাটী প্রেছ ক্লাবৰ বিষয়ববীয়া আৰু কার্যবাহী সমিতিৰ নির্বাচন অনুষ্ঠিত হৈছিল৷ এই সুদীর্ঘ কালছোৱাত অসমত (পঢ়ক গুৱাহাটী) ছপা আৰু বৈদ্যুতিন মাধ্যমৰ দ্রুতগতিত সম্প্রসাৰণ ঘটিছিল৷ অনেক নতুন বাতৰিকাকত আৰু চেনেলৰ জন্ম হৈছিল৷ দুই–এখন ৰাষ্ট্রীয় বাতৰিকাকতেও গুৱাহাটী সংস্কৰণ প্রকাশ কৰিছিল৷ উচ্চ শিক্ষিক যুৱক–যুৱতীসকলৰ্ মাজত সাংবাদিকতাক বৃত্তি হিচাপে গ্রহণ কৰাৰ প্রবৃত্তি বৃদ্ধি পাইছিল৷ ফলস্বৰূপে সাংবাদিকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাই আহিছিল৷ অৱসৰ বিনিময় তথা ভাব বিনিময়ৰ কেন্দ্র ৰূপে প্রেছ ক্লাবৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছিল৷ কিন্তু প্রেছ ক্লাবৰ পৰিচালনাতে কোনো ভূমিকা গ্রহণ কৰাৰ সুযোগ তেওঁলোকৰ বাবে নাছিল৷ সেয়ে নৱাগত সাংবাদিকসকল ক্ষুব্ধ হৈ আছিল৷ অৱশেষত যেতিয়া ১৭ বছৰৰ মূৰত নতুন বিষয়ববীয়া নির্বাচনৰ সুযোগ আহিল, তেওঁলোকে উৎসাহেৰে তাত অংশগ্রহণ কৰিলে৷ উলহ–মালহেৰে নির্বাচন অনুষ্ঠিত হ’ল৷
আন এটা উল্লেখযোগ্য দিশ হ’ল– নির্বাচন পৰিচালনা সমিতি৷ সংবিধানৰ ব্যৱস্থা মতে কার্যকালৰ অন্তত কার্যবাহী সমিতিয়ে নির্বাচনৰ ব্যৱস্থা কৰিব লাগে আৰু নতুনকৈ নির্বাচিত অথবা সর্বসন্মতিক্রমে সকলো সদস্যই বাছনি কৰা বিষয়ববীয়া আৰু কার্যবাহী সমিতিৰ হাতত দায়িত্ব অর্পণ কৰিব লাগে৷ অনিবার্য কাৰণবশতঃ সময়মতে নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে, সাধাৰণ সভাই পূর্বৰ সমিতিৰ কার্যকাল বঢ়াই দিব পাৰে৷ অৱশ্যে এক জৰুৰী ব্যৱস্থাহে৷ ২০০৩ চনতে নির্বাচিত বিষয়ববীয়া আৰু কার্যবাহী সমিতিয়ে নির্বাচন পতাত ব্যর্থ হোৱাত গুৱাহাটীৰ জ্যেষ্ঠ–কনিষ্ঠ সাংবাদিক এখন সাধাৰণ সভাত মিলিত হৈ সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াৰ নেতৃত্বত ‘অকর্তৃত্বশীলভাৱে’ কার্যনির্বাহ কৰি থকা পূর্বৰ কমিটীখন ‘ভংগ’ কৰি দিয়ে আৰু প্রেছ ক্লাবৰ কাম–কাজ চোৱা–চিতা কৰাৰ বাবে এখন তদর্থ কমিটী গঠন কৰি দিয়ে৷ লগতে অতিশীঘ্রে নির্বাচন পাতিবলৈ নির্দেশ দি এখন নির্বাচনী সমিতি গঠন কৰা হয়৷ উক্ত সভাৰ সিদ্ধান্তমর্মে ১২ মার্চত স্বচ্ছ আৰু নিকাভাৱে নির্বাচন অনুষ্ঠিত হৈ যায়৷ অপসাৰিত সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াক উপেক্ষা কৰি অনুষ্ঠিত কৰা নির্বাচনৰ ওপৰত স্থগিতাদেশ বিচাৰি ক্ষুব্ধ ঠাকুৰীয়াই নিম্ন আদালতৰ কাষ চাপিছিল৷ কিন্তু নিম্ন আদালতে তেওঁক নিৰাশ কৰিলে৷ লক্ষণীয় বিষয় এই যে ভংগ হোৱা কমিটীৰ সাধাৰণ সম্পাদকগৰাকীৰ নির্বাচন বন্ধ কৰিবলৈ প্রচেষ্টা চলোৱাৰ বিপৰীতে সভাপতিগৰাকীৰ ভূমিকা আছিল সম্পূর্ণ বিপৰীত৷ নির্বাচন অনুষ্ঠিত হোৱাৰ দিনা সভাপতিগৰাকীক যথেষ্ট সক্রিয় দেখা গৈছিল৷ এই সক্রিয়তা কিছুদিন আগতে প্রদর্শন কৰি পূর্বৰ কমিটীৰ মুৰব্বী হিচাপে তেওঁৰ ওপৰত ন্যস্ত দায়িত্ব আৰু অধিকাৰ সাব্যস্ত কৰি নির্বাচন পতা হ’লে অযথা এক বিতর্ক এৰাই চলিব পৰা গ’লহেঁতেন৷ কি কাৰণে সভাপতিগৰাকীয়ে সেই দায়িত্ব পালনৰ সাহস দেখুৱাব নোৱাৰিলে সেয়া ৰহস্যজনক৷
পূর্বৰ সম্পাদকগৰাকীৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ আছে৷ প্রেছ ক্লাবৰ দুটা সভাগৃহৰ ভাৰাৰ বাবদ আৰু অন্যান্য উৎসৰ পৰা আহৰণ কৰা ধনৰ অপব্যৱহাৰ তথা আত্মসাতৰ অভিযোগৰ তদন্ত কৰিবলৈ এখন কমিটী ইতিমধ্যে গঠন কৰা হৈছে৷ এইখিনিতে উনুকিয়াই থোৱা ভাল যে আয়–ব্যয়ৰ সকলো হিচাপ–নিকাচ অপসাৰিত সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ জিম্মাত ৰাখিছিল৷ এতিয়া যিহেতু সংবিধান অনুযায়ী তেওঁৰ প্রেছ ক্লাবৰ পূর্ণ পর্যায়ৰ সদস্যপদ লাভ কৰাৰ যোগ্যতা নাই বুলি তদর্থ কমিটীয়ে ঠাৱৰ কৰিছে, নতুন নির্বাচিত কমিটীক দায়িত্বভাৰ চমজাই দিবলৈ অপসাৰিত সাধাৰণ সম্পাদকগৰাকীক কেনেকৈ বাধ্য কৰা হ’ব? তাৰ বাবে আদালতৰ শৰণাপন্ন হ’ব লাগিব নেকি? প্রেছ ক্লাবৰ নির্বাচনত বিধানসভা বা লোকসভা নির্বাচনৰ প্রায় সকলোবোৰ উপাদানেই বিদ্যমান আছিল৷ প্রার্থীসকলে হাউছবোৰলৈ গৈ ভোটভিক্ষা কৰাৰ পৰা প্রতিশ্রুতিৰ টোপোলা আগবঢ়োৱালৈকে সাধাৰণ নির্বাচনৰ দৰেই নিষ্ঠাৰে পালন কৰা দেখা গৈছিল৷ আর্থিকভাৱে সম্পন্ন প্রার্থীসকলৰ বৃহৎ কাট আউট আৰু ফটোসম্বলিত ৰঙ–বিৰঙৰ বেনাৰে প্রেছ ক্লাবৰ সন্মুখৰ ৰাজপথৰ শোভাবর্ধন কৰিছিল৷
৮১৬গৰাকী ভোটদাতাৰ ৭৮০গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদানৰ হাৰ ৯৫.৫৯ শতাংশ৷ প্রায় চাৰি দশক আগতে সেই সময়ৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ প্রস্তুত কৰা সংবিধানৰ আধাৰত তদর্থ কমিটীয়ে ভোটাৰ তালিকা প্রস্তুত কৰাত ভোটাধিকাৰৰ পৰা বঞ্চিত ভালেমান জ্যেষ্ঠ সাংবাদিকক ভোটদান কেন্দ্রৰ প্রাংগণত দেখা গৈছিল৷ গণতান্ত্রিক প্রক্রিয়াৰে প্রেছ ক্লাব পৰিচালনাৰ বাবে নির্বাচন অনুষ্ঠিত কৰাত তেওঁলোকে সন্তোষ প্রকাশ কৰিছিল৷ গণতান্ত্রিক চেতনাৰ প্রসাৰৰ বাবে কলম হাতত লোৱা সাংবাদিকসকলৰ নিজৰ অনুষ্ঠানতেই স্বৈৰাচাৰী ব্যৱস্থা ইমানদিনে চলি থকাত অৱসৰী সাংবাদিকসকলে আশ্চর্য প্রকাশ কৰে৷ এই ব্যৱস্থাৰ অৱসান ঘটাই গণতন্ত্র প্রতিষ্ঠা কৰাত আগভাগ লোৱা যুৱ সাংবাদিকসকলৰ তেওঁলোকে শলাগ লয়৷
যিয়ে নহওক, অৱশেষত প্রেছ ক্লাবৰ সদস্যসকলে নিজে নির্বাচিত কৰা এখন কার্যনির্বাহক সমিতি লাভ কৰিলে৷ স্বৈৰতন্ত্রক উৎখাত কৰিবলৈ সমৱেত হোৱা সাংবাদিকসকলৰ এই উচ্ছ্বাস যাতে ক্ষণস্থায়ী নহয়, তাৰ প্রতি সকলোৱে তীক্ষ্ণদৃষ্টি ৰাখিব লাগিব৷ প্রেছ ক্লাবৰ বাবে এডোখৰ স্থায়ী মাটিৰ ব্যৱস্থা কৰাটো নতুন কার্যনির্বাহক কমিটীৰ প্রথম আৰু প্রধান কর্তব্য হ’ব৷
বর্তমান যি ঠাইত গুৱাহাটী প্রেছ ক্লাব অৱস্থিত, সেই মাটিখিনি ভাৰতীয় পুৰাতত্ত্ব জৰীপ Archeological Survery of India) নামৰ কেন্দ্রীয় চৰকাৰৰ সংস্থাৰ বাবে আবণ্টন কৰা হৈছিল৷ ভাৰতীয় ৰিজার্ভ বেংকৰ বহুমহলীয়া অট্টালিকা এটা নির্মাণৰ বাবে মাটি খান্দোতে ভালেমান পুৰাতাত্ত্বিক মূল্যবিশিষ্ট সামগ্রী উদ্ধাৰ হয় আৰু প্রাক আহোম যুগৰ বুলি অনুমান কৰা এক গাঁথনিৰ Structure) আৱিষৃকত হয়৷ সেইবাবে ৰিজার্ভ বেংকক (বর্তমান যি ঠাইত অৱস্থিত) বিকল্প মাটি আবণ্টন দিয়া হয় আৰু বর্তমান প্রেছ ক্লাব থকা ঠাইখিনি পুৰাতত্ত্ব বিভাগলৈ হস্তান্তৰিত কৰা হয়৷ তাত এটা অসম আর্হিৰ ঘৰো নির্মাণ কৰা হয়৷ ঘৰটো দীর্ঘদিন ধৰি অব্যৱহূত হৈ থকাত গুৱাহাটী প্রেছ ক্লাবে একপ্রকাৰ দখল কৰি লয়, অৱশ্যে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ পাছতহে৷ ইয়াৰ পাছতহে আমবাৰী পুৰাতাত্ত্বিক স্থানৰ archeological site) খননৰ বাবে কেন্দ্রীয় চৰকাৰে পুঁজি মঞ্জুৰ কৰে আৰু কিছু কামো কৰা হয়৷ সেই সময়ত গুৱাহাটীস্থিত মুষ্টিমেয় সাংবাদিকে বিতর্কিত ভূমিখণ্ড প্রেছ ক্লাবৰ নামত আবণ্টন দিয়াৰ বাবে অসম চৰকাৰৰ ওচৰত আবেদন জনায়৷ তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰে আৰু তেওঁৰ চৰকাৰৰ ৰাজহ মন্ত্রী থানেশ্বৰ বড়োৰ উপস্থিতিত প্রেছ ক্লাবৰ বাবে বিকল্প মাটি আবণ্টন দিয়াৰ প্রস্তাৱ দাঙি ধৰে৷ এতিয়া অসম গণ পৰিষদ দলৰ কার্যালয় যি ঠাইত অৱস্থিত, তাত প্রেছ ক্লাব স্থাপনৰ বাবে মহন্তই প্রস্তাৱ আগবঢ়ায়৷ মাটিডোখৰৰ উন্নয়ন কৰি এটা সৰু ঘৰ সজাৰ বাবে চৰকাৰী অনুদান দিয়াৰ প্রতিশ্রুতিও মুখ্যমন্ত্রীয়ে প্রদান কৰে৷ কিন্তু প্রেছ ক্লাবৰ সেই সময়ৰ কর্মকর্তাসকলে প্রফুল্ল কুমাৰ মহন্তৰ সেই প্রস্তাৱ প্রত্যাখ্যান কৰিলে৷ পৰৱর্তী কালত প্রেছ ক্লাবৰ তৰফৰ পৰা চৰকাৰৰ ওপৰত হেঁচা দিয়া নহ’ল আৰু বিষয়টোৱে গেথেলা মাৰিলে৷ এতিয়া গুৱাহাটী প্রেছ ক্লাবৰ নতুনকৈ নির্বাচিত বিষয়ববীয়াসকলে অগ্রাধিকাৰ ভিত্তিত গ্রহণ কৰিব লাগিব৷
আগতেই কোৱা হৈছে, যোৱা শতিকাৰ সত্তৰৰ দশকৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিহে সংবিধানখন ৰচনা কৰা হৈছিল৷ সেই সময়ত বৈদ্যুতিন মাধ্যম নাছিল৷ সাম্প্রতিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সংবিধানখনৰ আৱশ্যকীয় সংশোধনী ঘটোৱাৰ প্রয়োজন হৈছে৷ তাৰ বাবে সংবিধানৰ পুংখানুপুংখ পুনৰীক্ষণ আৰু প্রয়োজনীয় সংশোধনীৰ বাবে পৰামর্শ দিবলৈ এখন উপ–সমিতি বা পৰামর্শদাতা সমিতি গঠন কৰা বিষয়টোৱে অগ্রাধিকাৰ লাভ কৰিব লাগিব৷
নির্বাচনী প্রচাৰৰ সময়ত উত্থাপিত অন্যান্য কামবোৰ অকণমান সদিচ্ছা আৰু দায়বদ্ধতা থাকিলেই সমাধা কৰাটো কঠিন নহ’ব৷ নির্বাচনৰ যোগেদি যি নৱজাগৰণৰ সূচনা হ’ল, তাক ইতিবাচক পথেদি আগবঢ়াই নিয়াৰ বাবে নতুন কার্যনির্বাহক কমিটী সংকল্পবদ্ধ হ’ব লাগিব৷ জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু কনিষ্ঠসকলৰ কর্মোদ্যমৰ সমন্বয় ঘটোৱাত নতুন কমিটীখনৰ অন্যতম কর্তব্য হ’ব৷ মন ৰখা দৰকাৰ যে প্রেছ ক্লাব সাংবাদিকৰ অৱসৰ বিনোদন আৰু ভাব বিনিময় তথা ভাতৃত্ববোধ জগাই তোলাৰ কেন্দ্রহে, ট্রেড ইউনিয়ন নহয়৷

You might also like