নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ মন্ত্রী মহোদয়, পৰিবহন মন্ত্রী মহোদয় – অট’ৰিক্সা, অট’ভেন্, ঈ–ৰিক্সা ‘মেজিক’ৰ ‘আইন অমান্য আন্দোলন’

  • দেৱেন দত্ত

মাননীয় গৃহ মন্ত্রী সোণোৱালদেউ আৰু মাননীয় পৰিবহন মন্ত্রী পাটোৱাৰীদেউ, নমস্কাৰ গ্রহণ কৰিব৷ আপোনাসৱক সম্বোধি, যোৱা ৫ ফে’ব্রুৱাৰীত, গুৱাহাটীৰ ছিটি বাছৰ লীলা–খেলাৰ কাহিনী আৰু ১৯ ফে’ব্রুৱাৰীত, সমগ্র ৰাজ্যতে বাইক্, সূকটা(ৰ্), সূকটী আদিৰ লীলা–খেলাৰ কাহিনী বর্ণাইছিলোঁ৷ বহু বছৰ হ’ল, অসমৰ ৰাজহুৱা তথা ব্যক্তিগত পৰিবহনৰ ক্ষেত্রখনত, মুঠৰ ওপৰত যান–বাহনৰ ক্ষেত্রখনত, এটা ‘বি–ৰ্–ৰা–ট ডাঙৰ’ আইন অমান্য আন্দোলন চলি আছে৷ ক’ত ব্রিটিশ্ চৰকাৰৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ (ন্যায্যতাবিহীন)– আইন অমান্য আন্দোলন আৰু ক’ত ‘স্বাধীন দেশত দেশীয়’ চৰকাৰৰ লিপিৱদ্ধ আইন–কানুন–বিধি উলংঘা কৰা, ৰাজহুৱা শৃংখলা তথা জনসাধাৰণৰ নিৰাপদ জীৱন যাত্রাক বুঢ়া আঙুলি দেখুৱাই বিভিন্ন যান–বাহন চলাচলকাৰীয়ে ৰাজপথত অহৰহ অব্যাহত ৰখা ‘আইন অমান্য আন্দোলন’ সেই উদ্ভণ্ডালিপূর্ণ ‘আন্দোলন’ মাথোন গুৱাহাটীৰ ছিটি বাছ চলাচলকাৰীসকলে আৰু অসম মুলুকৰ বাইক্, সূকটা(ৰ্) আৰু সূকটী চলাচলকাৰীসকলেই জাৰি ৰখা নাই যন্ত্রচালিত তথা মানৱচালিত আটাই যান–বাহনৰে চলাচলকাৰীসকলে জাৰি ৰাখিছে৷ এইখিনিতে কৈ লোৱা ভাল যে যান–বাহন আইন–শৃংখলা ৰক্ষাৰ বিষয়টোত সামগ্রিকভাবে, গৃহ বিভাগৰ আৰক্ষী বাহিনীৰ যান–বাহন শাখা আৰু পৰিবহন বিভাগ দুয়োটা জড়িত হ’লেও, পৰিবহন বিভাগ ম’টৰ যান–বাহন বা যন্ত্রচালিত যান–বাহনৰ চলাচলৰ লগতহে প্রত্যক্ষভাবে জড়িত আৰু সেই বিষয়ে দায়ী আনহাতে, আৰক্ষী, বিশেষতঃ যান–বাহন আৰক্ষী, যন্ত্রচালিত যান–বাহনৰ উপৰি ৰিক্সা, বাইছিক্ল্ (‘চাইকেল’), ঠেলা গাড়ী, ঘোঁৰা গাড়ী আদি মানৱচালিত যান–বাহনৰ চলাচলৰ আইন–শৃংখলাৰ বিষয়তো জড়িত৷

সোণোৱালদেউ আৰু পাটোৱাৰীদেউ, আজি ক’বলৈ লৈছোঁ অট’ৰিক্সা, অট’ভেন্, ঈ–ৰিক্সা, টাটা মেজিক্ আদি বাণিজ্যিক যান–বাহনৰ লীলা–খেলাৰ কথা৷ কিন্তু সেইখন শাস্ত্র মেলাৰ আগেয়ে আপোনাসৱ দুয়োকে আৰু, এইবোৰ বিষয়ত প্রত্যক্ষভাবে জড়িত আপোনাসৱৰ বিভাগকেইটাৰ সংশ্লিষ্ট বিষয়া–কর্মচাৰীসক গোটাদিয়েক প্রশ্ণ কৰি লওঁ৷ গুৱাহাটীৰ ছিটি বাছ ৰোৱা (চালকে ৰখোৱা) সুনির্দিষ্ট ঠাইসমূহত ভালকৈ চকুত পৰাকৈ, ‘ছিটি বাছ স্তপ্’/‘ছিটি বাছ ৰোৱা ঠাই’ বুলি লিখা থকা ফলি লগোৱা হ’লনে? য’তে–ত’তে, জধে–মধে বাছ ৰখোৱা তথা যাত্রী উঠোৱা–নমোৱা কৰা চালক আৰু পৰিচালকক ততালিকে ঠাইতে ধৰি আৰু বাছৰ মালিকক মাতি আনি, সংশ্লিষ্ট আটাইকে শাস্তি দিয়া হৈছেনে? যদি দিয়া হৈছে তেন্তে কেতিয়া, কাক? নিজ ইচ্ছামতে হাত দাঙি বাছ ৰখোৱা আৰু য’তে–ত’তে, বিশেষতঃ বাটৰ মাজত, বাছ ৰখাই উঠা বা নমা যাত্রীক ধৰা হৈছেনে? একেলগে, একে ঠাইতে অতিৰিক্ত সংখ্যকভাবে আৰু নির্দিষ্ট সময়তকৈ বেছি সময় বাছ ৰখাই থোৱা তথা সমৱেশ (য়ূনিফর্ম্) পৰিধান নকৰা চালক–পৰিচালকক, যাত্রীক টিকিট নিদিয়া পৰিচালকক আৰু সংশ্লিষ্ট বাছৰ মালিকক কিবা শাস্তি বিহা হৈছেনে? বাটৰ সোঁ কাষেদি, পথ বিভাজক (ৰৌড্ ডিভাইডা(ৰ্)) থকা পথত বিভাজকৰ সোঁ কাষেদি বাইক্, সূকটা(ৰ্), গাড়ী, ৰিক্সা, অট’ৰিক্সা, চাইকেল চলোৱা চালকসকলক, হে’লমিট্ নিপিন্ধাকৈ বাইক্, সূকটা(ৰ্) আদি চলোৱা চালকক (ভিতৰুৱা পথত বেছি দৃশ্যমান), কান্ধৰ ওপৰত ফৌন্ ৰাখি লৈ ডিঙিটো বেঁকাকৈ কাণেৰে ফৌন্ হেঁচা মাৰি ধৰি কথা পাতি বিভিন্ন যান–বাহন চলাই দুর্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰা লোকসকলক ধৰা হৈছেনে? ছীট্ বে’ল্ট্ নবন্ধাকৈ গাড়ী চলাওঁতাসকলক? এই যে ক’ৰবাত ক’ৰবাত পথ বিভাজকৰ মাজতে বিজুলী বাতিৰ খুঁটাৰ কাষতে থকা নাওমান ফাঁক একোটাইদি কিছুমান বাইকচালক আৰু সূকটা(ৰ্) চালকে ইফালৰ পৰা সিফাললৈ পাৰ হৈ বিভাজকৰ দুয়ো কাষৰ পথেদি চলি থকা যান–বাহনসমূহক প্রচণ্ড অসুবিধাত পেলায়, সেই ‘সময় সচেতন আধুনিক’ নাগৰিকসকলক ধৰিবলৈ, ৰকিবুল হুছেইন আৰু সোণোৱালে ঘোষণা কৰা ‘নৱনিযুক্ত’ দহ হাজাৰ চিপাহীক কোনোবাজনে কেতিয়াবা দেখিছেনে?

গৃহ মন্ত্রী মহোদয়, পৰিবহন মন্ত্রী মহোদয়, আৰু লগতে, প্রায় আটাই লোকে ‘অতি প্রতাপী, শক্তিশালী আৰু দক্ষ মন্ত্রী’ বুলি সততে অভিহিত কৰা অলেখজনে ‘অনানুষ্ঠানিক উপ মুখ্য মন্ত্রী’ বুলি, আৰু, কোনো কোনোৱে তাতোকৈ বহু বেছি কিবা–কিবি বুলি অভিহিত কৰা, বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্ঢানি আদি অনেক বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মহোদয়,– ৰাজ্যত আইন–শৃংখলা বজাই শান্তি অটুট ৰখা মানে অতি ন্যায্য তথা জাতীয় স্বার্থ সুৰক্ষার্থে শান্তিপূর্ণ প্রতিবাদ কৰোঁতা থলুৱা জনসাধাৰণৰ ওপৰত কন্দুৱা গেছ প্রয়োগ কৰি, লাঠীচালনা আৰু গুলীচালনা কৰি সিসৱক দমন কৰাটোহে নেকি? এই যে বিগত বহু দশকজুৰি মই, ৰাজপথত হৰেক কিচিমৰ বাণিজ্যিক আৰু ব্যক্তিগত যান–বাহনচালকে চৰকাৰ বাহাদুৰক বুঢ়া আঙুলি দেখুৱাই হৰেক কিচিমৰ দৌৰাত্ম্য, উদ্ভণ্ডালি, অসভ্যালি আৰু টিঘিলঘিলনি চলাই প্রতি বছৰে হাজাৰ হাজাৰ মানুহৰ লগতে নিজৰো মৃত্যু ঘটোৱা ভয়ংকৰ অপৰাধৰ বিৰুদ্ধে চিঞৰি আছোঁ, সেইবোৰ দমন আৰু নিয়ন্ত্রণ কৰি জনসাধাৰণক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্রদান কৰাটো ‘আইন–শৃংখলা বজাই ৰাখি শান্তি অটুট ৰখা’ চৰকাৰী কর্তব্যৰ ভিতৰত নপৰে নেকি? কেৱল গুৱাহাটীৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পথ, লাখটকীয়া, মাছখোৱা, পল্টন বজাৰ, গণেশগুৰি, কইনাধৰা, বোন্দা, নাৰেংগী, নগাঁও–ৰ হয়বৰগাঁওকে ধৰি সমগ্র নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ পথসমূহতে নহয়, সমগ্র অসমৰে সকলো জিলাৰ সকলো ৰাষ্ট্রীয় ঘাই পথ আৰু ৰাজ্যিক পথত বিভিন্ন যান–বাহনচালকৰ ‘আইন অমান্য আন্দোলন’লৈ চাওক আৰু সেই ‘আন্দোনলন’ৰ প্রতি পৰিবহন বিভাগ আৰু যান–বাহন আৰক্ষীৰ নীৰৱ সমর্থনলৈ চাওক৷ হে মাননীয় অমাত্যগণ, হে চৰকাৰ বাহাদুৰ, ক’ত কি ঘটি আছে, এবাৰ তং কৰক৷ মই যেতিয়াই য’লৈকে যাওঁ, তেতিয়াই ত’তে চকু আৰু কাণ সজাগ কৰি ৰাখোঁ৷ অসমৰ প্রায়বোৰ জিলাৰ মাজেদি যাওঁতে মোৰ মনত সততে প্রশ্ণ হয়– ‘ইয়াত জিলা উপায়ুক্তসকলে, আৰক্ষী অধীক্ষকসকলে, জিলা পৰিবহন বিষয়াসকলে আৰু সিসৱৰ অধস্তন বিষয়া–কর্মচাৰীসক কি কৰি থাকে’ যোৱা ২০ ফে’ব্রুৱাৰীৰ পৰা ২৭ ফে’ব্রুৱাৰীলৈ আঠ দিন মই উজনি অসমৰ কেইবাখনো ঠাইলৈ গৈছিলোঁ৷ পূর্বে সদায় হোৱাৰ দৰে এইবাৰো মোৰ মনত প্রশ্ণ হৈছিল– ‘মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ,– এই জিলাবোৰৰ ক’তো হে’ল্মিটৰ দোকানে নাই নেকি আৰক্ষী লোকসকলে বাৰু ‘হে’ল্মিট্’ শব্দটোকে শুনা নাই নেকি’?

পথ দুর্ঘটনাকে ধৰি পৰিবহন বিভাগৰ বিভিন্ন দিশ সামৰি আমাৰ ‘জনপ্রতিনিধি’সকলে কিয় গভীৰ আৰু বিস্তৃতভাবে আলোচনা, তর্ক–বিতর্ক আৰু প্রশ্ণ কৰিব নোখোজে, তাৰ আঁৰৰ ৰহস্য মই বহু বছৰ ধৰি কৈ আহিছোঁ৷ বয়সস্থ বিদ্যার্থী সংগঠন আৰু বয়সস্থ ডেকা সংগঠনৰ যিসকল বয়সস্থ নেতা সময়ত ৰাজনৈতিক দলৰ সদস্য তথা নেতা হয়হি, সেইসকলে এই কথা এনেয়েও জানে৷ চৌদিশে প্রায় প্রতিটো দিনতে ইমান আতংকজনক ঘটনাবোৰ ঘটি থকা সত্ত্বেও, ল’ৰা–ছোৱালীৰ অযথা দম আৰু ভাবুকিত সেও মানি মাক–দেউতাকসকলে সিহঁতক বাইক্–সূকটী কিনি দিয়া কথাটো ভাবিলে তাইজ্জুপ মানিব লাগে৷

বাৰু, এতিয়া অট’ৰিক্সা, অট’ভেন্ আদিৰ কথা৷ সোণোৱালদেউ আৰু পাটোৱাৰীদেউ, কিছু বয়স আপোনালোকৰো হৈছে৷ এটা সময় আছিল যেতিয়া, প্রথম পদক্ষেপ স্বৰূপে (প্রথমে) গুৱাহাটীৰ অট’ৰিক্সাত ভাৰা–মিটাৰ সংযোজিত কৰা হৈছিল৷ মই তেতিয়া গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি হোৱা দুবছৰ হৈ গৈছিল৷ আপোনালোক দুয়ো তথা আপোনাসৱৰ সম–সাময়িক অনেকজন ভিন্ ভিন্ সংগঠনৰ নেতা৷ এতেকে, অন্ততঃ খা–খবৰ ৰখাৰ দিশৰ পৰা সেই অধ্যায়টো আপোনাসৱৰ অজানা হ’ব নালাগে৷ সি যি কি নহওক, আজি সেই বিষয়ে নবহলাই চমুৱাই কৈ থওঁ৷ অসমত প্রথমে গুৱাহাটীত, অট’ৰিক্সা চলাচলৰ ব্যৱস্থা ১৯৭১ চনত তদানীন্তন মুখ্য মন্ত্রী মহেন্দ্র মোহন চৌধুৰীয়ে অতি তৎপৰতাৰে কৰাই দিছিল যদিও ১৯৯২ চনলৈকে অট’ৰিক্সাসমূহত ভাৰা–মিটাৰ সংযোজিত হোৱা নাছিল৷ অট’ চলাচলৰ তিক্ততাপূর্ণ দীঘলীয়া কথাবোৰ আজি উল্লেখ নকৰোঁ৷ মই, ১৯৮৭ চনত প্রতিষ্ঠিত গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতিৰ দায়িত্ব লওঁ ১৯৮৯ চনত৷ সংস্থাৰ দাবীত ১৯৯১ চনৰ আগস্ত্ মাহত তদানীন্তন মুখ্য মন্ত্রী হিতেশ্বৰ শইকীয়াই দিছপুৰত চৰকাৰ আৰু সংস্থাৰ মাজত এখন সভাৰ আয়োজন কৰে য’ত পৰিবহন মন্ত্রী শিউশম্ভ ওঝা (তেওঁৰ উপাধিটো ‘ওজা’ নাছিল), পৰিবহন বিভাগৰ আয়ুক্ত সচিব (পাছলৈ মুখ্য সচিব) প্রে’ম প্রকাশ ৱার্মা, পৰিবহন আয়ুক্ত (সঞ্চালক পাছলৈ শিক্ষা সচিব), আৰক্ষী সঞ্চালক প্রধান এছ্ সুব্রামণিয়ম আৰু অনেক বিষয়াৰ উপস্থিতিত মুখ্য মন্ত্রীয়ে, তিনি ঘণ্টাজোৰা এখন সভাৰ অন্তত প্রথমতে গুৱাহাটীৰ অট’ৰিক্সাসমূহত (পাছলৈ আন ঠাইবোৰত) ভাৰা–মিটাৰ সংযোজন কৰা হ’ব বুলি সংস্থাক সিদ্ধান্ত জনালে৷ তাৰ পাছত আৰু কেইবালানিও আলোচনা আৰু যোগাযোগৰ অন্তত ১৯৯২ চনৰ এপ্রিল মাহত কোনো চৰকাৰী লোকৰ উপস্থিতি অবিহনে সংস্থা আৰু অট’ৰিক্সা চালক সংগঠনৰ প্রতিনিধিবর্গৰ উপস্থিতিত ভাৰা–মিটাৰ মতে অট’ৰিক্সা চলাচলৰ উদ্বোধন কার্য হৈ গ’ল৷

তেতিয়া ভাৰা নির্ধাৰিত হৈছিল প্রতি কিলোমিটাৰত ২.৫০ টকাকৈ আৰু নূ্যনতম ভাৰা (দুই কিঃমিঃ বা তাতোকৈ কম দূৰত্বৰ বাবে) ৫ টকা৷ দুমাহমানলৈ ঠিকেই চলিছিল৷ তাৰ পাছত, অধিকাংশ চালক আৰু মালিক–চালকৰ বিভিন্ন প্রকাৰৰ অজুহাত, আজল মথালি, চৰকাৰী প্রশাসন যন্ত্রৰ আওকণীয়া, গা এৰা দিয়া আচৰণ, তথাকথিত জনপ্রতিনিধিগণৰ সেৰেকা মনোভাৱ, যাত্রী ৰাইজৰ সক্রিয়তা আৰু সচেতনতাৰ অভাৱ আদিৰ বাবে প্রক্রিয়াটো ঢ়িমা হৈ পৰিল৷ পাছত, পুনৰ ১৯৯৪ চনত, সংস্থাৰ তীব্র হেঁচাত আৰু অবিভক্ত কামৰূপ জিলাৰ উপায়ুক্ত (বর্তমান মুখ্য সচিব) কুমাৰ সঞ্জয় কৃষ্ণৰ তৎপৰতাত ব্যৱস্থাটো পুনৰ সক্রিয় হৈছিল৷ আইন–বিধি, অনুশাসন, শৃংখলা আটাইৰে ঊর্ধ্বত থাকিব খোজা এচাম উদণ্ড, গুণ্ডা অট’চালকে মোক গুলিয়াই মৰাৰ ভাবুকি দিছিল৷ বিষয়টোৰ তদন্তৰ বাবে উপায়ুক্তই আৰক্ষী অধীক্ষক (বর্তমান অতিৰিক্ত সঞ্চালক প্রধান) মুকেশ আগৰৱালক ভাৰ দিছিল৷ আগৰৱালে কিছু দিন কুৰুং–কাৰাং কৰি বিষয়টো সামৰি–সুতৰি সাঁফৰ মাৰি থৈ দিলে৷ অসমৰ প্রশাসন সদায় এনেকুৱাই, সোপা ঢ়িলা, ৰসতে নাম থোৱা, ভিতৰি ধোবাং বাং৷ সাধাৰণ যাত্রীয়ে বিচাৰে বেছিভাগ ‘বিন্দাছ’, ‘মৌজ মস্তি’ত মছগুল ‘সৰু–সুৰা’ কথাত লাগি থাকিবলৈ সময় নাই৷ ‘জৰুৰী কাম’ থাকে

এনেদৰেই অট’ৰিক্সাত ভাৰা–মিটাৰ থাকিও সি ‘ফুলদানি’ হৈয়েই থাকিল৷ গুৱাহাটীতে চূড়ান্ত অনুশাসনহীনতা৷ গুৱাহাটীৰ বাহিৰততো নিকৰুণ, বে’–পৰোৱা লুণ্ঠন৷ গুৱাহাটীত মাজে–সময়ে, নতুনকৈ কার্যভাৰ লোৱা, কামৰূপৰ দুই–একোজন জিলা আৰক্ষী অধীক্ষকৰ ভীমৰ বচনঃ ‘অট’ৰিক্সাত মিটাৰ সক্রিয়কৰণ কৰাইহে এৰিম’ যেনে– জ্ঞানেন্দ্র প্রতাপ (জী পী) সিং, সত্যেন্দ্র নাৰায়ণ (এ’ছ্ এ’ন্) সিং আদি ইত্যাদি৷ প্রথমতে আটায়ে ‘পুট্ আপ্ এ’ ব্রেইভ্ ফ্রাণ্ট্’ তাৰ পাছে, আটাই ভিজা মেকুৰী ঃ ‘ডাঙৰ কাম আছে’৷ এবাৰ আকৌ মাজতে, বিধায়ক, নে, মন্ত্রী হৈ থকা অৱস্থাত, বর্তমান ভাজপা দলৰ ধামা ধৰা ‘খ’ শাখা, অগপৰ ৰমেন্দ্র নাৰায়ণ কলিতায়ো, একোটো নজনা–নুশুনাকৈ দিলে কোনোবা ভেঁকো–ভাওনাৰ এফাকি বচন মাতি, বোলে– তেখেতেও হেনো অট’ৰিক্সাৰ মিটাৰ ‘ফ্লেগ্ ডাউন্ কৰাইহে এৰিব আৰু বহুত কথা আছে ক’লে, আন কথা কোৱা নহ’ব৷ এতেকে, থাকক৷ গুৱাহাটীত তথা সমগ্র অসমৰ ক’ত কিমান অট’ৰিক্সা, অট’ভেন, ঈ–ৰিক্সা, মেজিক্ আদি যাত্রীবাহী আৰু মালবাহী যন্ত্রচালিত যান–বাহন আছে, তাৰ সঠিক হিচাপ পৰিবহন মন্ত্রী, মন্ত্র্যালয়, সচিবালয়, আয়ুক্তালয় (সঞ্চালকালয়), সাধাৰণ প্রশাসন, জিলাসমূহৰ উপায়ুক্তৰ কার্য্যালয়, যান–বাহন আৰক্ষী, জিলা পৰিবহন বিষয়া, গুৱাহাটী পৌৰ নিগম, বিভিন্ন পৌৰ সভা তথা নগৰ সমিতি আদি সংশ্লিষ্ট পৌৰ কর্তৃপক্ষসমূহ তথা য’ত যিমান অন্যান্য সংশ্লিষ্ট পক্ষ আছে, সিবিলাকৰ একোৱেই বা কোনেও দিব নোৱাৰে৷ চলাচল কৰি থকা বাহনসমূহৰ কিমানখন পঞ্জীকৃত, কিমানখন পঞ্জীয়নবিহীন, কিমানখনৰ ব্যৱসায়িক অনুজ্ঞাপত্র আছে, তাৰ একো ইয়ত্তা নাই৷ এয়ে ৰাজ্যৰ পৰিবহন বিভাগ সম্পূর্ণ বিশৃংখল, অৰাজক ছাগলী মাংস, কুকুৰা মাংস, মাছ, কণী, শাক–পাচলি, ফল–মূলৰ বজাৰৰ নিচিনা এখন ‘মুক্ত বজাৰ’ চাকৰি হওক, ব্যৱসায়–বাণিজ্য হওক, ঠিকা–ঠুকলি হওক বা ফেৰি বজাৰেয় হওক, উপার্জনৰ পথ বা আহিলা হিচাপে লওঁতাজন ক’ৰবাত নহয়, ক’ৰবাত পঞ্জীকৃত বা হিচাপভুক্ত হ’বই লাগে৷ কিন্তু অসমৰ বিভিন্ন পৰিবহন ব্যৱসায়ীসকল যেন এনে সকলো নিয়ম–কানুন–বিধিৰ পৰা মুক্ত৷ ৰিক্সা, ঠেলা গাড়ী, ঘোঁৰা গাড়ী আদি মানৱচালিত যান–বাহনেয় হওক বা অট’ৰিক্সা, অট’ভেন, ঈ–ৰিক্সা, মেজিক্, টাটা চুম’, বলে’ৰ’, ট্রেভিয়েৰা, ৪০৭ আদি যন্ত্রচালিত যান–বাহনেয় হওক, যাৰে মন যায়, সিয়েই সিবিলাকৰ কিবা এখন যোগাৰ কৰি লৈ ব্যৱসায় আৰম্ভ কৰি দিব পাৰে, ‘আস্থান’ বুলি বাটৰ কাষত য’তে–ত’তে ‘স্তেণ্ডত এ’ণ্ড্রী মাৰি’ দিব পাৰে৷ তালাচী বা তদাৰকী কৰোঁতা কোনো নাই ৷

গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়,– আপোনালোকে নিশ্চয় জানে, নে নাজানে নেকি, যে উল্লিখিত যান–বাহনসমূহৰ বাবে গুৱাহাটীকে ধৰি অসমৰ ক’তো আনুষ্ঠানিক তথা বিধিবদ্ধভাবে নির্ধাৰিত সুনির্দিষ্ট স্থান নাই? যে, তথাকথিত ‘পৰম্পৰা’গতভাবে যেনেকৈ চলি আছে, তেনেকৈয়ে সকলো চলি আছে? বিশেষকৈ অট’ৰিক্সা চালকসকলে, য’তে তিনি আলি, চাৰি আলি, আলি কেঁকুৰি দেখে, তাতে, ক্রমাৎ ৩/৪/৫জনকৈ আৰু পাছত, লাহেকৈ, ৭/৮/৯জনকৈ দল পাতি বাটৰ কাষ দখল কৰি লৈ নিজাববীয়াকৈ অট’ আস্থান ‘স্থাপন’ কৰি লয়৷ পথ বিভাজকৰ মাজত বিযুক্তি (ব্রে’ক্) থকা ঠাইবোৰত এওঁলোকে ৰছী বান্ধি ‘স্তেণ্ড্’ পাতি লোৱাৰ ফলত, ইফালৰ পৰা অহা যান–বাহন তেনে বিযুক্তিয়েদি সিফাললৈ ঘূৰাওঁতে চালকসকল ভয়ংকৰ অসুবিধাৰ সন্মুখীন হয় আৰু তেনেবোৰ ঠাইত হঠাৎ ডাঙৰ যান–জঁটৰ সৃষ্টি হয়৷ অট’চালকসকলে ৰছী বান্ধি দখল কৰা এনেকুৱা অনেক ‘আস্থান’ত ৰবৰৰ খুঁটি (ৰাবা(ৰ্) পৌল্)ও দেখা যায়৷ সেই খুঁটিবোৰ আৰক্ষীয়েই যোগান ধৰে নেকি? কামবোৰ নিয়ম মতে, চৰকাৰীভাবে নহয় কিয়?

অট’ৰিক্সা, অট’ভেন্, ঈ–ৰিক্সা, মেজিক্ আদিৰ অহা–যোৱাত বাটৰ শুদ্ধ কাষ, ভুল কাষ, সোঁ কাষ, বাওঁ কাষ বুলি একো বাছ–বিচাৰ নাই৷ যিফালেদি গ’লে গন্তব্য স্থান শীঘ্রে পাব বুলি জানে, বেছিভাগ চালকেই যাত্রীৰ জীৱন বিপদাপন্ন কৰি, আইন উলংঘা কৰিও বাটৰ সোঁ কাষেদি, অর্থাৎ, ভুল হ’লেও, সেই ফালেদিয়েই পোনাই দিয়ে৷ ৰাজ্যৰ ধমনী স্বৰূপ, স্বয়ং ৩৭ সংখ্যক ৰাষ্ট্রীয় ঘাই পথত সেই কাণ্ড প্রতি মুহূর্তে দৃশ্যমান৷ ধৰোঁতা কোনো নাই৷ ‘ফ্রী ইণ্ডিয়া’ৰ ‘ফ্রী আসাম’৷ কাঠ, বাঁহ, ইটা, লোহা, বালি, টিনপাত, গৰু, ছাগলী, বজাৰৰ বেপাৰীৰ লাও, কোমোৰা, ভাত কেৰেলা, বেঙেনা, কবি, কাচকল, চকী, মেজ, বাল্টি, শামিয়ানা কেৰাহী, হেতা, দা–কুঠাৰ কঢ়িওৱা আৰু গুৱাহাটীত পানী যোগান ধৰা আদি অট’ভেনবোৰৰ চালকসকলে সিসৱৰ বাহনবোৰেৰে ধের্ধেৰ–ধার্ধাৰ–ঠাং– শব্দ কৰি বিম্বাশৱদে ক’ৰ পৰা ক’ত দৈৱাসন ৰক্ষা কৰিবলৈ যাত্রা কৰে, ভাবিলে, দেখিলে অনেকৰে ‘প্রাণবায়ু কেশাগ্রে তিষ্ঠতি’ যেন অৱস্থা৷ এইবোৰ নিত্যনিমিত্তিক দৃশ্যৰ পৰা চকু বিপৰীত দিশে ঘূৰোৱাটোৱেয় নিশ্চয় ‘কর্তব্যৰত’ পুলিচ ভায়াৰ কর্তব্য !
গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, সকলোতকৈ ডাঙৰ কথা হ’ল, এনে বাহনবোৰে অত্যধিক যাত্রী আৰু মালবস্তু কঢ়িওৱা৷ একোখন অট’ভেনে কিমান ওজনৰ তথা কিমান ওখলৈকে বা পিছলৈকে (ওলমাই) বস্তু কঢ়িয়াব পাৰে? একোখন অট’ৰিক্সা, ঈ–ৰিক্সা, টাটা মেজিক্ বা চুম’ই কিমানজন যাত্রী কঢ়িয়াব পাৰে? চৰকাৰক কৰ–কাটল কি হিচাপত দিয়া হয়? অট’ আৰু ঈ–ৰিক্সাচালকে নিজৰ দুয়োকাষে মহিলাকে ধৰি তিনি–চাৰিজনকৈ যাত্রী তথা এনে সকলো বাহনৰ চালক–পৰিচালকে বাদুলি ওলমাদি ওলমাই যাত্রী কঢ়িওৱাটো আইনসিদ্ধ নেকি? মহোদয়সকল, চালকৰ আসনত চালকৰ কাষত যাত্রী বহা আৰু বহুওৱা, এই দুয়োটা ডাঙৰ অপৰাধ হয়নে নহয়? এনে অপৰাধত অপৰাধী কিমানজন চালক তথা পুৰুষ যাত্রী–মহিলা যাত্রীক ধৰা হৈছে? এনেবোৰ অপৰাধ চলি থকাৰ যোগে কোনো মহলৰ কোনো লোকৰ একো লাভ নহয় বুলি ক’লে, আন কোনোবাই বিশ্বাস কৰিলেও, মই বিশ্বাস কৰিম বুলি আপোনালোকে ভাবেনে? ৰাজ্যৰ ক’ৰবাত হেনো এখন স্মার্ট্ ছিটি হ’ব?

You might also like