চৰাইদেউৰ পৰা ৰাষ্ট্রপতি ভৱনলৈ পদযাত্রা বৃক্ষবন্ধুৰ
- পাপু কুমাৰ ঙাটে
আমি জানো বৃক্ষ আৰু মানুহৰ সম্পর্ক অতি নিবিড৷ বৃক্ষই সৃষ্টিৰ পাতনিৰে পৰা আমাৰ মৌলিক প্রয়োজনীয় অন্ন, বস্ত্র আৰু বাসস্থান দি সহায় কৰি আহিছে৷ কিন্তু আমি মানুহে প্রকৃতিৰ এই উপকাৰক ন্যায্যতা দিব পাৰিছোঁনে? উপকাৰীক অজগৰে খাই বোলাৰ দৰে আমি মানুহেও প্রকৃতিক এফালৰ পৰা ধ্বংস কৰি নৃশংসতাৰ পৰিচয় দিছোঁ৷ তাহানিতে বৃক্ষৰ গুৰুত্ব অনুধাৱন কৰি গুৰজনাই কৈছিল– ‘এক বৃক্ষ দশপুত্র সম’ আৰু শাস্ত্রত কৈছে– ‘মঠ–মন্দিৰ নির্মাণ গুৰুতৰ কর্ম, বৃক্ষৰোপণত অধিক ধর্ম’৷ তাৰ মাজতে কিছু প্রকৃতিপ্রেমী ব্যক্তি, সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু বন বিভাগে প্রকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি আছে৷ অসমৰ প্রখ্যাত পৰিৱেশকর্মী তথা মোলাই কাঠনিৰ স্রষ্টা পদ্মশ্রী যাদৱ পায়েঙৰ কথা উনুকিয়াব পাৰি ৷
বর্তমান বিশ্বৰ আটাইতকৈ ভয়াৱহ সমস্যা হিচাপে দেখা দিয়া জলবায়ু পৰিৱর্তন আৰু পৰিৱেশ প্রদূষণৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা তথা পৰিৱেশ সুৰক্ষাৰ বাবে অসমৰ এদল পৰিৱেশ সচেতন ব্যক্তিয়ে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে চর্চা আৰম্ভ কৰিছে৷ এই চিন্তা–চর্চাৰ নেতৃত্ব দিছিল জে এন ইউৰ গৱেষিকা নিজৰা ফুকনে৷ তাৰ ফলতে ২০১৯ চনৰ ১৪ জুলাইত সামাজিক মাধ্যম ফেচবুকৰ পৰা সোশৰীৰে সৃষ্টি হ’ল বৃক্ষবন্ধু (People for Tree) নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠান৷ এই অনুষ্ঠানৰ সম্পাদক নিজৰা ফুকন আৰু সভাপতি শ্রীমন্ত ৰঞ্জনবৰাৰ নেতৃত্বত পৰিৱেশ সুৰক্ষা তথা বৃক্ষৰোপণৰ কার্যসূচী আৰম্ভ কৰে৷ বৃক্ষবন্ধুৰ প্রথম কার্যসূচী হিচাপে ২২ ছেপ্ঢেম্বৰ ২০১৯ তাৰিখে ইতিহাসপ্রসিদ্ধ জেৰেঙা পথাৰত প্রায় ২৮০ জোপা আপুৰুগীয়া ফলমূল, ফুলৰ গছ ৰোপণ কৰি ৰাইজৰ মাজত এখন সজাগতা সভাৰ আয়োজন কৰে৷ দ্বিতীয় কার্যসূচী ঐতিহাসিক ৰূপহী পথাৰত অৱস্থিত শিৱসাগৰ জাতীয় বিদ্যালয়ত প্রায় ১০০ জোপা পুলি ৰোপণ কার্য সফলতাৰে গ্রহণ কৰে৷ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ২ অক্টোবৰত বৃক্ষবন্ধুয়ে ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ পথত স্বচ্ছতাৰ অভিযান কার্যসূচী গ্রহণ কৰে৷ আটাইতকৈ ব্যতিক্রমী কার্য আছিল তলাতল ঘৰৰ পথৰ ১০০ জোপা গছত ৬ বিধ থলুৱা প্রজাতিৰ অর্কিড সংৰোপণ ৷
বর্তমান চৰকাৰে পৰিৱেশ সুৰক্ষাৰ কথা চিন্তা কৰি পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্রম মহাবিদ্যালয়পর্যন্ত্ বাধ্যতামূলক কৰিছে৷ কিন্তু কিমান ফলপ্রসূ এই পদ্ধতি? কোনে পঢাই পৰিৱেশ বিজ্ঞান? মাল্টিপল চইচৰ প্রশ্ণতে শেষ হৈছে নেকি পৰিৱেশ বিজ্ঞান? এশ এবুৰি প্রশ্ণ? এটা সময়ত আমাৰ সমাজ জীৱন সম্পূর্ণ প্রকৃতিৰ ওপৰত নির্ভৰশীল আছিল৷ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিকাশ দ্রুততৰ হোৱাত মানুহৰ প্রকৃতিৰ প্রতি অৱহেলা আৰু নিষ্ঠুৰতা বৃদ্ধি পালে৷ উন্নয়নৰ নামত বন ধ্বংস, পাহাৰ খনন, জলাশয়ৰ পৰিমাণ হ্রাস আদি কার্যসমূহ দ্রুতগতিত বৃদ্ধি পালে৷ সৃষ্টি হ’ল হাতী–মানুহৰ সংঘাত, কপিকুল–মানৱ সংঘাত ইত্যাদি৷
আমি মানুহে নিজৰ অধিকাৰ বিচাৰি আন্দোলন, ধর্ণা আদি কৰোঁ, কিন্তু প্রকৃতিয়ে জানো আন্দোলন কৰিব চৰকাৰৰ ওচৰত? পৃথিৱীত ইকুৱেডৰেই একমাত্র দেশ, য’ত সংবিধানত প্রকৃতিৰ অধিকাৰ আইন সন্নিৱিষ্ট কৰা হৈছে৷ আমাৰ দেশতো প্রকৃতিৰ অধিকাৰ আইন প্রণয়ন কৰিব পাৰোঁ নেকি, এই চিন্তা বৃক্ষবন্ধুৰ ৷
বৃক্ষবন্ধুৰ প্রতিষ্ঠাপক সম্পাদিকাই সমগ্র ভাৰততেই এক জনজাগৰণ সৃষ্টিৰ যোগেদি সকলোকে এক বৈপ্লৱিক চেতনা উদ্বুদ্ধ কৰিবৰ বাবে চেষ্টা কৰিছে৷ দেশৰ কেন্দ্রীয় চৰকাৰক পৰিৱেশ সুৰক্ষাত অধিক মনোনিৱেশ কৰি যথোচিত পদক্ষেপ ল’বলৈ আহ্বান জনাই স্মাৰক–পত্র দিয়া তেওঁলোকৰ অন্যতম উদ্দেশ্য৷ এই মহান উদ্দেশ্যৰে ১ ডিচেম্বৰ ২০১৯ তাৰিখে বৃক্ষবন্ধুৰ উদ্যোগত ঐতিহাসিক চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্রপতি ভৱনলৈ এক পদযাত্রাৰ কার্যসূচী হাতত লৈছে৷ নিজৰা ফুকনৰ এই পদযাত্রাত সহযোগী হিচাপে বৃক্ষবন্ধুৰ কর্মী নৱজ্যোতি শইকীয়াই চৰাইদেউ মৈদামৰ পৰা যোৰহাটলৈ, অৰণ্য মানৱ যাদৱ পায়েঙৰ কন্যা মুনমী পায়েঙে যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ পংখী বৰা আদিয়ে পদযাত্রাত সহযোগ আগবঢায়৷ এই যাত্রাত চৰাইদেউ জিলা প্রশাসন, স্থানীয় মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, অসম চৰকাৰৰ সহযোগিতা প্রশংসনীয়৷ এই যাত্রাত বিভিন্ন স্থানত বাহৰ পতাৰ সময়ত বিভিন্ন ব্যক্তি সহায়ৰ বাবে ওলাই অহাটো বৃক্ষবন্ধুৰ বাবে শুভ লক্ষণ৷ পদযাত্রাৰ সময়ত পথৰ কাষৰ বিভিন্ন মহাবিদ্যালয়ত পদযাত্রা সম্পর্কে সজাগতা সভা তথা আলোচনা কৰা হয়৷ প্রায় ৩৮১ কিলোমিটাৰ পদযাত্রাৰ শেষত গুৱাহাটীত উপস্থিত হৈ বিভিন্ন প্রকৃতিপ্রেমী দল–সংগঠন আৰু অসমৰ বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগত আলোচনাত মিলিত হয়৷ ২৫–২–২০২০ তাৰিখলৈকে পদযাত্রা কৰি প্রায় ২,১২৮ কিলোমিটাৰ অতিক্রম কৰি উত্তৰপ্রদেশৰ অমৰোহা(Amroha) জিলাৰ গজৰোল (Gajraula) থানাত উপস্থিত হয় নিজৰা ফুকনে৷ এই পদযাত্রাত প্রতিখন ৰাজ্যৰ পুলিচ–প্রশাসনে নিৰাপত্তা আৰু থকা–মেলাৰ সু–ব্যৱস্থাৰ তদাৰক কৰিছে৷ বৃক্ষবন্ধুৰ এই ২,২৫০ কিলোমিটাৰ পদযাত্রাৰ শেষত প্রধানমন্ত্রীক সাক্ষাৎ কৰি বিভিন্ন দাবীসম্বলিত এখন স্মাৰক–পত্র প্রদান কৰা৷ বৃক্ষবন্ধুৰ এই স্মাৰক–পত্রখনৰ জৰিয়তে ২০২০ চনৰ ভিতৰত সমগ্র ভাৰতবর্ষত সংবিধানৰ আধাৰত ‘প্রকৃতিৰ অধিকাৰ আইন’ প্রণয়ন কৰি বলৱৎ কৰা, জৈৱ–বৈচিত্র্যৰ ৰম্যভূমি উত্তৰ–পূব ভাৰতত দেশৰ ভিতৰতে প্রথমখন ‘পৰিৱেশ বিশ্ববিদ্যালয়’ স্থাপন কৰা, পৰিৱেশ সুৰক্ষার্থে চৰকাৰৰ অধীনত ‘পৰিৱেশ সুৰক্ষা বাহিনী’ হিচাপে এক চৰকাৰী বিভাগৰ ব্যৱস্থা কৰা, প্রতি মাহৰ প্রথমটো শনিবাৰে প্রতিটো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ পৰিৱেশ সুৰক্ষার্থে কাম কৰাৰ নীতি প্রৱর্তন কৰা, ভাৰত চৰকাৰৰ অধীনত ইতিমধ্যে প্রকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ সকলো আইনৰ ব্যাপক প্রচাৰ আৰু প্রসাৰৰ জৰিয়তে বাস্তৱ ৰূপায়ণ আৰু প্রয়োগ কৰা, পলিথিন আৰু প্লাষ্টিকৰ পৰিৱর্তে দেশত উপলব্ধ প্রাকৃতিক সম্পদেৰে ব্যৱহার্য সামগ্রী নির্মাণ কৰা, আচবাব নির্মাণৰ বাবে ব্যৱহাৰ কৰা কাঠগছসমূহ ৰোপণৰ এক পদ্ধতিগত কৃষি ব্যৱস্থা হিচাপে নীতি প্রৱর্তন কৰা দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰা হ’ব ৷
- শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি
- ফোনঃ ৮৬৩৮৬–৮৮১৯৩