নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন গিলগাড

কুৰি শতিকাৰ তিনিজন সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতাৰ ভিতৰত জন গিলগাড এজন বুলি ধৰা হয়৷ আন দুজন হ’ল লৰেঞ্চ অলিভিয়াৰ আৰু ৰাল্ফ ৰিচার্ডছন৷ অৱশ্যে বহুতৰ মতে জন গিলগাডেই হ’ল বর্তমান যুগৰ সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতা৷ মই কেইবাখনো কথাছবিত লৰেঞ্চ অলিভিয়াৰ আৰু ৰাল্ফ ৰিচার্ডছনৰ অভিনয় দেখিছোঁ৷ কিন্তু জন গিলগাডৰ অভিনয় দেখাৰ সুযোগ কেতিয়াও নাপালোঁ৷ ২০০০ চনৰ মে’ মাহত তেওঁৰ মৃত্যু হ’ল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ৷ কিন্তু বয়সক নিজৰ খুচি মতে বাঢ়ি থাকিবলৈ দি তেওঁ নিজে জীৱনৰ শেষ মুহূর্ত পর্যন্ত মগ্ণ হৈ আছিল যৌৱনৰ সাধনাত৷ মৃত্যুৰ দুবছৰৰ আগতেও ৯৪ বছৰ বয়সত তেওঁ ‘এলিজাবেথ’ নামৰ কথাছবিত অভিনয় কৰিছিল ৷

লৰেঞ্চ অলিভিয়াৰ আৰু ৰাল্ফ ৰিচার্ডছনৰ অভিনয় দেখিছোঁ যদিও আৰু দেখি মুগ্ধ হৈছোঁ যদিও তেওঁলোকৰ বিষয়ে মই আজিলৈকে মোৰ কোনো লেখাতে কোনো কথা উল্লেখ কৰা নাই৷ আনহাতে, জন গিলগাডৰ অভিনয় কেতিয়াও নেদেখা সত্ত্বেও মই ইতিমধ্যে তেওঁক দুবাৰ স্মৰণ কৰিছোঁ, অর্থাৎ মোৰ দুটা লেখাত তেওঁৰ কথা উল্লেখ কৰিছোঁ৷ এটা বিশেষ প্রসংগত মই তেওঁৰ বিষয়ে এনেদৰে লিখিছিলোঁ– ‘শৰীৰৰ অংগ–প্রত্যংগ আৰু মাংসপেশীবোৰ ব্যৱহাৰ নকৰি পেলাই থ’লে সেইবোৰ ক্রমাৎ শীর্ণ আৰু দুর্বল হৈ যায়৷ আনহাতে, নিয়মিতভাৱে শাৰীৰিক পৰিশ্রম আৰু ব্যায়াম কৰিলে মাংসপেশীবোৰ সবল আৰু কর্মক্ষম হৈ থাকে৷ স্মৃতিশক্তিৰ ক্ষেত্রতো এই কথা খাটে৷ বার্ধক্যজনিত স্মৃতি–বিলোপ একেবাৰে হয়তো ৰোধ কৰিব নোৱাৰি৷ কিন্তু প্রতিদিনে নিয়মিতভাৱে স্মৃতিশক্তিৰ অনুশীলন কৰিলে জীৱনৰ শেষ মুহূর্ত পর্যন্ত কাম চলাকৈ স্মৃতিশক্তি অটুট ৰাখিব পাৰি৷ বিখ্যাত ব্রিটিছ অভিনেতা ছাৰ জন গিলগাডৰ বয়স এতিয়া প্রায় ৮৫৷ তেওঁ এতিয়াও মঞ্চত অভিনয় কৰে৷ অভিনয়ৰ কাৰণে দীঘলীয়া বচন মুখস্থ ৰাখিবলৈ তেওঁ প্রতিদিনে শ্বেইক্সপীয়েৰৰ নাটকবোৰ মুখস্থ কৰে৷ কিছুদিনৰ আগতে তেওঁ যুগোশ্লাভিয়াত ফুৰিবলৈ গৈছিল৷ বাছত তেওঁৰ সহযাত্রীনী এগৰাকী মহিলাই এবাৰ মন কৰিলে যে বুঢ়াই চকু দুটা মুদি মুখেৰে কিবা বিৰবিৰাই আছে৷ ভালকৈ কাণ পাতিহে মহিলাগৰাকীয়ে বুজি পালে যে জন গিলগাডে আচলতে মুখস্থ মাতিছে শ্বেইক্সপীয়েৰৰ ‘তৃতীয় ৰিচার্ড’ নামৰ নাটকখন৷ অর্থাৎ যেতিয়াই সুযোগ পাইছে তেতিয়াই তেওঁ স্মৃতিশক্তিৰ অনুশীলন কৰি তাক সবল কৰি ৰাখিবলৈ চেষ্টা কৰিছে ৷

জন গিলগাডৰ অনুপম অভিনয় নিজ চকুৰে দেখাৰ সুযোগ নাপালেও মই তেওঁৰ প্রতি এক বিশেষ আকর্ষণ অনুভৱ কৰোঁ৷ তাৰ একমাত্র কাৰণ হ’ল তেওঁৰ নিজৰ ৰচনা আৰু তেওঁৰ বিষয়ে আনে লিখা ৰচনাই মোৰ মনত সৃষ্টি কৰা তেওঁৰ উজ্জ্বল ভাবমূর্তি৷ ১৮ শতিকাৰ সর্বশ্রেষ্ঠ ইংৰাজ অভিনেতা ডেভিদ গেৰিকৰ অভিনয় চোৱাৰ সুযোগ তেওঁৰ পৰৱর্তী যুগৰ মানুহৰ ভাগ্যত নঘটিল৷ তথাপি তেওঁ ইংৰাজ–চেতনাৰ এক অবিচ্ছেদ্য অংগ আৰু যুগমীয়া প্রভাৱত পৰিণত হ’ল তেওঁৰ এক বিশেষ ব্যক্তিত্বৰ কাৰণে৷ অৱশ্যে তেওঁ যে ছেমুৱেল জনছনৰ সভা–সংগী আছিল, সেই কথাটোৱেও নিশ্চয় তেওঁৰ অমৰত্বৰ প্রতি কিছু বৰঙণি যোগাইছে৷ এটা ক্ষেত্রত অৱশ্যে ডেভিদ গেৰিকতকৈ জন গিলগাড বেছি ভাগ্যৱান৷ তেওঁৰ চিনেমাবোৰৰ বাহিৰেও তেওঁৰ মঞ্চাভিনয় আৰু তেওঁৰ অনুপম কণ্ঠস্বৰ চিৰকাললৈ সংৰক্ষিত হৈ ৰ’ল অডি’–ভিজুৱেল কেছেটত৷ কিন্তু আধুনিক প্রযুক্তিবিদ্যাৰ সেই আশীর্বাদ নোপোৱা হ’লেও মানুহৰ স্মৃতিত জন গিলগাড জীৱন্ত হৈ ৰ’লহেঁতেন ওঠৰ শতিকাৰ ডেভিদ গেৰিকৰ দৰেই ৷

কেইবাখনো চিনেমাত অভিনয় কৰিলেও জন গিলগাড বেছি বিখ্যাত হৈছিল ৰংগমঞ্চত শ্বেইক্সপীয়েৰৰ নাটকৰ অভিনয়ৰ কাৰণে৷ মাত্র ২৭ বছৰ বয়সত তেওঁ ভাও লৈছিল ৮০ বছৰীয়া ৰজা লীয়েৰৰ আশীৰ ডেওনা পাৰ হোৱাৰ পিছত তেওঁ অভিনয় কৰিছিল ‘টেম্পেষ্ট’ নাটকৰ প্রস্পেৰোৰ ভূমিকাত৷ হেমলেটৰ ভূমিকাত তেওঁ অভিনয় কৰিছিল ৫০০ বাৰ৷ হেমলেটৰ ৰচনাৰ দিন ধৰি যোৱা ৪০০ বছৰত সহস্রাধিক অভিনেতাই সহস্রাধিক দৃষ্টিভংগীৰে হেমলেটৰ ট্রেজিক অন্তর্দ্বন্দ্ব আৰু তেওঁৰ চৰিত্রৰ ৰহস্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে৷ সর্বকালৰ এজন শ্রেষ্ঠ অভিনেতা জন গিলগাডৰ অভিনয়ত হেমলেটে কি ৰূপ ধাৰণ কৰিছিল, সেই কথা জানিবলৈ মই এক ব্যাকুল বাসনা অনুভৱ কৰোঁ৷ আমি কটন কলেজৰ ছাত্র হৈ থাকোঁতে বছৰেকীয়া সুকুমাৰ কলা প্রতিযোগিতাবোৰত আবৃত্তি প্রতিযোগিতাৰ এটা স্থায়ী বিষয় আছিল হেমলেটৰ সেই অমৰ স্বগতোক্তি–To be or not to be…৷ আমাৰ তেতিয়া ৰোমাণ্টিক বিষাদত শিহৰিত হোৱাৰ বয়স গতিকে হেমলেটৰ স্বগতোক্তিয়ে স্বাভাৱিকতেই আমাৰ হূদয় জোকাৰি গৈছিল৷ কিন্তু খাৰ খোৱা অসমীয়াৰ ভুল ইংৰাজী উচ্চাৰণত কবিতাটোৰ আবৃত্তি শুনি শুনি অন্ততঃ মোৰ মনত মাজে মাজে প্রবল ইচ্ছা জাগ্রত হৈছিল ইংৰাজ অভিনেতাৰ মুখত কবিতাটোৰ আবৃত্তি শুনিবলৈ৷ তাৰ অৱশ্যে এটা কাৰণো আছিল৷ মই ডিব্রুগড় চৰকাৰী হাইস্কুলৰ ছাত্র হৈ থাকোঁতেই ইংলেণ্ডৰ পৰা এটা শ্বেইক্সপীয়েৰিয়ান যাত্রাপার্টীৰ দল ভাৰতলৈ আহিছিল, আৰু দুদিনমানৰ কাৰণে তেওঁলোক ডিব্রুগড়লৈকো আহিছিল৷ জীৱনত প্রথম আৰু শেষবাৰৰ কাৰণে মই ইংৰাজ অভিনেতা–ভিনেত্রীয়ে কৰা শ্বেইক্সপীয়েৰৰ নাটকৰ অভিনয় চাবলৈ সুযোগ পাইছিলোঁ৷ মোৰ মনত সেই অভিনয়ৰ স্মৃতি সজীৱ হৈ থকাৰ কাৰণেই অসমীয়া ল’ৰাৰ মুখতTo be or not to beৰ আবৃত্তি শুনি শুনি মোৰ মনত ব্যাকুল ইচ্ছা জাগিছিল এজন ইংৰাজ অভিনেতাৰ মুখত কবিতাটোৰ আবৃত্তি শুনিবলৈ৷ অৱশেষত এদিন মোৰ মনস্কামনা পূর্ণ হৈছিল৷ মই কলেজত পঢ়ি থাকোঁতেই নে তাৰ কিছুদিনৰ পিছতে গুৱাহাটীলৈ আহিছিল লৰেঞ্চ অলিভিয়াৰৰ ‘হেমলেট’৷ মোৰ জীৱনৰ কেইটামান অবিস্মৰণীয় অভিজ্ঞতাৰ ভিতৰত সেইটো এটাঃ লৰেঞ্চ অলিভিয়াৰৰ মুখত হেমলেটৰ বিখ্যাততম স্বগতোক্তিটোৰ আবৃত্তি শুনা ৷

৯৪ বছৰ বয়সলৈকে অভিনয় কৰা জন গিলগাডে চিত্তৰ তাৰুণ্য আৰু সজীৱতা অক্ষুণ্ণ ৰাখিছিল জীৱনৰ শেষ মুহূর্ত পর্যন্ত৷ কিছুমান মানুহে সেইটো কেনেকৈ কৰিব পাৰে, সি হ’ল মোৰ অন্তহীন জিজ্ঞাসা আৰু কৌতূহলৰ বিষয়৷ জন গিলগাডে তেওঁৰ আত্মজীৱনীত বিখ্যাত অভিনেত্রী ডেইম ছিবিল থর্নডাইকৰ বিষয়ে লিখিছে– ‘বার্ধক্যতহে তেওঁৰ সৌন্দর্যৰ পূর্ণ বিকাশ ঘটিছিল৷ জীৱনৰ শেষ বছৰকেইটাত শাৰীৰিক যন্ত্রণাই এক মুহূর্তৰ কাৰণেও তেওঁক লগ এৰা দিয়া নাছিল৷ কিন্তু তেওঁ যন্ত্রণাক জয় কৰিছিল অসাধাৰণ আধ্যাত্মিক শক্তিৰে৷ ‘মোৰ আর্থাৰাইটিছে কেতিয়াও ঘেনঘেনাই থাকিবলৈ নেৰে’– নিজৰ যন্ত্রণাৰ বিষয়ে তেওঁ কেৱল ইমানকেহে কৈছিল ৷’

জন গিলগাড নিজেও আছিল একে ধৰণৰ আধ্যাত্মিক শক্তিৰ অধিকাৰী৷ তদুপৰি তেওঁ আছিল এজন প্রকৃত সৎ মানুহ৷ তেওঁৰ বিষয়ে এজন লেখকে লিখিছিল–’He is saintly, but it requires no effort. He was born good. There has been no struggle to get there.’

অসাধাৰণ প্রতিভা আৰু অসাধাৰণ সততা– মাত্র এজন মানুহৰ মাজতে এই দুয়োটা গুণৰ সমাৱেশ ঘটা মানুহ পৃথিৱীত কেইজন আছে ?’

You might also like