নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয়তাবাদী ভাবৰ মাজেদি নতুন প্রভাত আহক

  • ৰমিছা বেগম
    লেখিকা, গুৱাহাটী

নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে যি জনজাগৰণ হৈছে, সেইটোৱে এক জাতীয় চেতনা জগাই তুলিছে৷ নিজ জাতি–মাটি, নিজ ভাষাৰ প্রতি আহি পৰা বিপদৰ আগলি বতৰা পাই জাতিৰ স্বার্থত বৃহত্তৰ অসমীয়া জাতিয়ে শেষবাৰৰ বাবে শৰাইঘাটলৈ ওলাই আহিছে সাহসেৰে কঁকালত টঙালি বান্ধি৷ এই ‘কা’বিৰোধী আন্দোলনৰ মাজতেই বহুতৰ মনলৈ এক শক্তিশালী আঞ্চলিক দল গঠনৰ ভাব আহিছে৷ যিহেতু আগৰ প্রতিটো ৰাজনৈতিক দলেই অসমীয়াক ৰামঠগন দিছে৷ অসমৰ ৰাইজে দেখি আহিছে ১৯৭১ চনৰ পাছত অহা বিদেশীক চিনাক্তকৰণ আৰু বহিষ্ককৰণৰ কামটো ১৯৮৫ চনৰ পাছত গঠন হোৱা কোনো এখন চৰকাৰে আন্তৰিকতাৰে কৰিবলৈ চেষ্টা নকৰিলে৷

অসম আন্দোলনৰ ফলত অসম চুক্তি হৈছিল৷ অসম চুক্তি ৰূপায়ণ কৰিবৰ বাবে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হ’ল৷ সদৌ অসম ছাত্র সন্থা, গণ সংগ্রাম পৰিষদ আৰু অসম আন্দোলনৰ অংশীদাৰসকলে লগ লাগি অসম গণ পৰিষদ দল গঠন কৰিছিল৷ জাতিৰ আৱেগেই আঞ্চলিক দলটোলৈ জয় কঢ়িয়াই আনিছিল৷ সেই আৱেগক গুৰুত্ব নিদি নির্বাচনৰ জয়ৰ পাছত ক্ষমতাত নেতাসকল ডটি–ভাহি গৈছিল৷ সঁচা কথা ক’বলৈ হ’লে ক’ব লাগিব যে আঞ্চলিক দলৰ মন্ত্রী–বিধায়কসকল্ নিজ স্বার্থতকৈ জাতিৰ স্বার্থক অগ্রাধিকাৰ দিছিল বুলি পতিয়ান যাব পৰাকৈ কোনো কাম কৰাৰ দৃষ্টান্ত কাৰো চকুত নপৰিল৷ ব্যক্তি স্বার্থৰ ঊর্ধ্বলৈ গৈ স্বজাতিৰ, স্বদেশৰ বাবে আঞ্চলিক দলটোৱে কাম কৰিব বুলি সকলোৱে আশা কৰিছিল৷ অথচ আঞ্চলিক দলটোৱে আৰু ইয়াৰ চৰকাৰখনে দুটা কার্যকালত এক বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ দিশত কোনো পদক্ষেপ লোৱা দেখা নগ’ল৷অসম চুক্তি ৰূপায়ণৰ কাৰণে অগপই একোৱে নকৰিলে৷ গতিকে নতুন দলৰ কথা মনলৈ অহাটো স্বাভাৱিক৷ কংগ্রেছ, অগপ চৰকাৰৰ দিনত বাংলাদেশ সীমান্ত সুৰক্ষিত নহ’লেও কোনেও কিন্তু অসম চুক্তি ডলংঘা কৰাৰ সাহস কৰা নাছিল৷ ২০১৬ চনত গঠন হোৱা বিজেপি চৰকাৰেও নিজৰ ‘ভিজন ডকুমেণ্ট’ত অসম চুক্তি ৰূপায়ণৰ প্রতিশ্রুতি দিছিল৷ ৰাইজে মোদীৰ মিঠা মিঠা কথাত ভোল গৈ ভাবিলে যে বিজেপিয়ে বিদেশী খেদিহে এৰিব৷ কিন্তু দেখা গ’ল বিজেপি চৰকাৰে শাসনৰ গাদীত বহিয়ে সেই প্রতিশ্রুতিক ফুঁ মাৰি ডৰাই দি, সকলোকে অবাক কৰি বাংলাদেশীক বহিষ্কাৰৰ সলনি নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল’লে৷নাগৰিকত্ব সংশোধনীৰ সমগ্র বিষয়টোৱে ৰাজনৈতিক৷ শেহতীয়াভাৱে অগপই অসম চুক্তিখন নস্যাৎ কৰাৰ ক্ষেত্রত বিজেপিক সহায় কৰিলে৷ এই পৰিপ্রেক্ষিততেই অসম গণ পৰিষদক এতিয়া মানুহে সন্মান আৰু বিশ্বাস কৰিব বিচৰা নাই৷ স্বাভাৱিকভাৱে এনে প্রেক্ষাপটত নতুন ৰাজনৈতিক দলৰ কথা ৰাইজৰ মনলৈ আহিছে৷

এইখিনিতে মনলৈ প্রশ্ণ আহে– অসমৰ ৰাজনীতিত প্রকৃতার্থত বিশ্বাসৰ সংকট আহিছে নেকি? বিশ্বাস কৰি ৰাইজে বিজেপিক শাসনৰ গাদীত বহুৱাইছিল৷ দেখা গ’ল বিজেপিয়ে ৰাইজক ৰামঠগন দিলে৷ কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন অনাৰ পাছত আকৌ এবাৰ অসমৰ ৰাইজে জাতীয়তাবাদী মনোভাবেৰে এই আইনৰ বিৰোধিতা কৰি গৈছে৷ জাতি–মাটি–ভেটি ৰক্ষাৰ বাবে ৰাজপথলৈ লাখ লাখ ৰাইজ ওলাই আহিছে৷ এইক্ষেত্রত আঞ্চলিকতাবাদী দল হিচাপে অগপই নিজ দায়িত্ব পালন কৰা নাই৷ অগপৰ ওপৰত বিশ্বাস ভংগ হোৱাৰ বাবেই নতুন আঞ্চলিক ৰাজনৈতিক দলৰ চিন্তা–চর্চা চলিছে৷ ঠগ খোৱা ৰাইজে এতিয়া গুণা–গঁথা কৰিছে যে অগপ, কংগ্রেছ আৰু বিজেপিয়ে বিদেশী নেখেদিলে যেতিয়া আমাক এটা নতুন ৰাজনৈতিক দল লাগে৷ অসমীয়াৰ সংকট সদায় সৃষ্টি কৰি আহিছে অসমীয়াই মৰমতে নির্বাচন কৰি পঠিওৱা জনপ্রতিনিধিয়ে৷ প্রতিটো দলৰ প্রতিজন নির্বাচিত প্রতিনিধিয়ে প্রকৃততে অসমীয়াক প্রতাৰণা কৰি আহিছে আৰু আহি আহি এনে এটি পর্যায় পালেহি য’ত জাতিটোক নিঃশেষ কৰি দিব ওলাইছে৷ জাতিটোৰ পৰিচয় ভাষাৰেহে হয়৷ ভাষাটোৱে জাতিটোক ধৰি ৰাখে৷ য’ত ভাষাটোৰ সংকট আহিছে, ভাষাটোৱে নাথাকিব, তাত জাতিটোৰ অস্তিত্ব ক’ত? মাডখে ডটিলে গুডি পৰুৱাৰো মৰণ নাই৷ এই ভাবেৰে আমি আগবাঢ়ি যাব নোৱাৰোঁনে? এতিয়া কথা হ’ল দল এটাৰ সফলতাৰ বাবে জনসমর্থন আৰু নীতি–আদর্শৰ যিমান প্রয়োজন, সিমানেই প্রয়োজন নেতৃত্বৰ৷ নেতা অবিহনে সঠিক নীতি আৰু জনসমর্থন থকাৰ পাছতো দল এটা ব্যর্থ হ’বলৈ বাধ্য৷ এইখিনিতে প্রশ্ণ ডঠিছে– কোন হ’ব নতুন ৰাজনৈতিক দলৰ নেতা? নতুন ৰাজনৈতিক দলেও পুনৰ প্রৱঞ্চনা কৰিব নেকি? আমি মনে–প্রাণে আশা কৰোঁ নতুন আঞ্চলিক দলটো অসমীয়া জাতীয় জীৱনৰ লগত জডিত দল হওক৷ দিল্লীৰ কেজৰিৱাল চৰকাৰে যেনেদৰে জনতাৰ হকে কাম কৰি আহিছে, আমাকো তেনে এখন চৰকাৰ লাগে৷ এই নতুন দলটোত বুদ্ধিজীৱী, শিল্পী, সাংবাদিক সকলোৱে জডিত থাকিব লাগে৷ জাতীয়তাবাদী ভাবৰ মাজেদিয়েই এক নতুন প্রভাত আহক, এক নতুন সূর্য ডদয় হওক৷ মানুহৰ মুখে মুখে হওক– জয় আই অসম৷

You might also like