জয় আই অসম
- অশ্বিনী বৰুৱা
‘জয় আই অসম’ ৷ বিভিন্ন জাতি–জনগোষ্ঠীয়ে যুগ যুগ ধৰি অসমীয়া পৰিচয়েৰে বসবাস কৰি থকা অসম নামৰ ভূমিখণ্ডক মাতৃজ্ঞান কৰি ভক্তি আৰু অকৃত্রিম চেনেহেৰে বন্দনা কৰা এই তিনিটা শব্দৰ এটা যাদুকৰী শক্তি আছে৷ এই তিনিটা শব্দৰ বাক্যটিৰ উচ্চাৰণেৰে আমি অসম মাতৃৰ গুণ বখানো, শ্রদ্ধা জনাওঁ আৰু শলাগ লওহঁক৷ এনেহেন মন্ত্রফাঁকিৰ স্রষ্টা অসমৰ ভাষা–সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ ঠিক যেনেকৈ আজাদ হিন্দ ফৌজৰ জন্মদাতা নেতাজী সুভাষ চন্দ্রই স্বাধীনতা সংগ্রামৰ কালতে জনপ্রিয় কৰি তুলিছিল দেশ বন্দনাৰ অন্যতম ঐতিহাসিক ধ্বনিবাক্য ‘জয় হিন্দ’, যিটো পিছলৈ আজাদ হিন্দ ফৌজৰ ৰণধ্বনি ব War Cry হিচাপে পৰিগণিত হৈছিল৷ পঢ়িবলৈ পোৱা মতে নেতাজীৰ কণ্ঠেৰে ব্যাপক জনপ্রিয়তা লাভ কৰা ‘জয়হিন্দ’ ধ্বনিবাক্যটোৰ স্রষ্টা আছিল তেওঁৰেই সচিবপ্রধান মেজৰ আবিদ হাছান ৷
দেশবন্দনাৰ আন এটা বিশ্ববিখ্যাত ধ্বনিবাক্য হ’ল–
‘বন্দে মাতৰম’৷ বংকিম চন্দ্র চট্টোপাধ্যায়ৰ যুগজয়ী উপন্যাস ‘আনন্দমঠ’ত সন্নিৱিষ্ট তেওঁৰেই এটা কবিতাৰ অংশ ‘বন্দে মাতৰম’ আছিল আমাৰ দেশৰ স্বাধীনতা সংগ্রামৰ কালত এক প্রচণ্ড শক্তিৰ ৰণধ্বনি, যাৰ উচ্চাৰণ মাত্রে কঁপি উঠিছিল ব্রিটিছ সিংহ প্রতিবাৰেই৷ ইয়াৰ লগতে জনপ্রিয় হৈছিল আন এটা শ্লোগান ‘ভাৰত মাতাকী জয়’৷ এইটো ধ্বনিবাক্যৰ স্রষ্টাৰ বিষয়ে বিশদ জনা নাযায়৷
পৃথিৱীৰ সকলো জাতি–জনগোষ্ঠীৰ নিজা শৌর্য–বীর্য বিশেষজ্ঞৰ পৰিচয়সূচক এক বা ততোধিক ধ্বনিবাক্য অথবা ৰণধ্বনি থাকে৷ গীতো থাকে৷ যেনেকৈ আমাৰ আছে–
‘অসমা, সুষমা, নিৰুপমা/ কামৰূপা কামদা’কে ধৰি একাধিক সুললিত ৰচনা৷ সাহিত্যৰথী বেজবৰুৱাৰ ‘বাজক ডবা, বাজক শংখ’ও এনে বিখ্যাত ৰচনাসমূহৰ অন্যতম৷ এই গীতিকবিতাৰ মাজে মাজে সোমাই আছে আমাৰ এতিয়াৰ চর্চাৰ ‘জয় আই অসম’ ধ্বনি৷
উল্লেখিত কবিতাটো যিসকলে শাৰীয়ে শাৰীয়ে মন দি পঢ়িছে, তেওঁলোকেহে বুজিব যে ‘জয় আই অসম’ ধ্বনিটো কিমান শান্তসমাহিত, অসমৰ যুগ–যুগান্তৰৰ পৰা চলি অহা বিভিন্ন ব্যক্তি তথা বিকাশৰ এক অতি উল্লেখযোগ্য সাংগীতিক বর্ণনা৷ ‘জয় আই অসম’ ধ্বনিত ধর্ম নাই, ঘৃণা নাই, ৰণৰ বিভীষিকাও নাই৷ কিন্তু ৰাজ্যখনত আজি কিছুবছৰ ধৰি সময়ে সময়ে হৈ থকা ইটো সিটো আন্দোলন কালত ৰণধ্বনিৰ ৰূপত ব্যৱহাৰ কৰা হৈ আহিছে এই ‘জয় আই অসম’ ধ্বনি৷ কবিতাটোত কিন্তু অসমৰ বুৰঞ্জীয়ে আঁকোৱালি লোৱা নানা সম্পদ সুলভ ঘটনাৰ স্বাদ আৰু উৱাদিহ লোৱাৰ পিছত অসম মাতৃৰ প্রতি ধন্যবাদার্হ হৈহে ক’বলৈ কোৱা হৈছে– ‘জয় আই অসম’ বুলি৷ ৰসৰাজে যেনেকৈ কবিতাটোত কৈছে– ‘আমি অসমীয়াসকল কোনোদিনেই নাছিলোঁ দুখীয়া৷ আমাৰতো সকলো আছিল ৷ আমিহে সেইবোৰৰ গম নলওঁ৷ শংকৰে আমাক দিলে এটা বিশুদ্ধ ধৰম, লাচিতে দেহত শক্তি দিলে আৰু সতী জয়মতীৰ সতীত্ব তেজেৰে অসমী আইক বলৱান কৰি তুলিলে৷’ অসম আকৌ উন্নতিৰ পথত বুলি সন্তোষ প্রকাশ কৰিহে কবিয়ে কৈছে– ‘বাজক ডবা বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত, জয় আই অসম বোল৷’ এই ‘জয় আই অসম’ ধ্বনি অতি আশাব্যঞ্জক, শান্তিৰ পৰিচায়ক৷
অসমে কিমান যে কথাত গৌৰৱ কৰিব পাৰে তাৰো আভাষ দিছে বিভিন্ন উদাহৰণেৰে৷ শংকৰাচার্যৰ গুৰু কুমাৰিলা ভট্ট যে অসমীয়া আছিল সেয়াও জানো গৌৰৱৰ বিষয় নহয়? ‘যতন কৰিলে সৰু বৰ হয়, তামুলী মোমায়ে ক’লে/ ৰজা হৈ ৰাম ৰজা হ’ব পাৰি ৰুদ্রসিংহে দেখুৱালে৷’ আকৌ ‘লক্ষ্মনাৱতী গৌৰ ৰজাৰ, আমাৰ শংকলে কৰা/ৰাজধানী হৈ আছিল বংগৰ/দুহাজাৰ বছৰজোৰা৷’
‘সিদিনা তোমাৰ ঢ়েকিয়াল ফুকনে, ঊনত্রিছ বছৰীয়া ডেকা/অসমৰ হকে যিখিনি কৰিলে, কি কীর্তি ৰাখিলে লেখা’
‘তোমাৰে আনন্দ বৰুৱাই চোৱাঁ ‘সংস্কৃত সাহিত্য মথি/ইউৰোপ এছিয়াত কীৰিতি ৰাখিলে/জগতে কৈছে ডাঠি/বাজক ডবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত জয় আই অসম বোল৷’ ৰসৰাজে তেওঁৰ সুদীর্ঘ কবিতাটোৰ শেষত অসমৰ ডেকা–গাভৰুহঁতক উদ্দেশ্য কৰি কৈছে– ‘বুৰঞ্জীৰ হ’ব পুনৰ অভিনয়, জ্ঞানী বৃদ্ধ সবে গায়, লক্ষ্য স্থিৰ ৰাখা, আগবাঢ়ি যোৱাঁ/মানুহ মুৱা হোৱাঁ ভাই, বাজক ডবা বাজক শংখ, বাজক মৃদং খোল /অসম আকৌ উন্নতি পথত জয় আই অসম বোল৷’
ৰসৰাজৰ এই যুগজয়ী কবিতাটো আকৌ এবাৰ পঢ়ি মোৰ এনে এটা বদ্ধমূল ধাৰণা হৈছে যে কবিতাটোত বাৰে বাৰে উল্লেখিত ‘জয় আই অসম’ কথাষাৰিয়ে ৰণধ্বনিৰ স্থান ল’ব নোৱাৰে৷ ই যিকোনো প্রতিবাদী কার্যসূচীৰ শেষত উচ্চাৰিত শব্দধ্বনিও হ’ব নোৱাৰে ৷ ইয়াৰ স্থান চিৰদিনৰ বাবে অসমবাসীৰ হৃদয়ে হৃদয়েহে ৷
ফোনঃ ৯৪৩৫৭–০৪৮৩৪