টিছুপেপাৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ
- দীপক কুমাৰ দাস
আধুনিক মানৱ জীৱনৰ বাবে অপৰিহার্য সামগ্রীত পৰিণত হৈছে টিছু পেপাৰ৷ এই টিছু পেপাৰ মানুহে প্রসাধনৰ পৰা শৌচাগাৰ, হোটেলৰ পৰা চিকিৎসালয়লৈকে ব্যৱহাৰ কৰা হয়৷ এসময়ৰ অতি প্রয়োজনীয় ৰুমালৰ স্থান লৈছে টিছু পেপাৰে৷ এই টিছু পেপাৰৰ সম্প্রতি সকলো ক্ষেত্রতে বহুল প্রয়োগ হোৱাৰ পৰিপ্রেক্ষিতত ইয়াৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাইছে৷ পুনৰ চক্রৰে পুৰণি পেপাৰৰ পৰা টিছু পেপাৰ উৎপাদন কৰা প্রক্রিয়া এটা চলি আছে যদিও মাত্রাধিক নৰম টিছু পেপাৰ উৎপাদন কৰাৰ বাবে পুনৰ ব্যৱহাৰযোগ্য প্রক্রিয়া এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷ অতি নৰম টিছুপেপাৰৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পাই থকাৰ বাবে ৰিচাইকলড পেপাৰৰ পৰিৱর্তে গছৰ পৰা এই টিছু পেপাৰ উৎপাদন কৰা হয়৷ যেতিয়াৰে পৰা নৰম টিছু পেপাৰৰ চাহিদা বৃদ্ধি পাইছে, তেতিয়াৰে পৰা বনাঞ্চলত গছ কটা আৰম্ভ হৈছে৷ উনুকিয়াও যে টিছু পেপাৰ উৎপাদন প্রক্রিয়া আৰম্ভ হোৱাৰ সময়ত গছৰ ঠাল–ঠেঙুলি কিম্বা মৃত গছৰ পৰা টিছু পেপাৰ উৎপাদন কৰিছিল৷ কিন্তু অতি নৰম টিছু পেপাৰৰ চাহিদা বৃদ্ধি পোৱাত জীৱিত গছৰ পৰা উৎপাদন কৰিবলৈ ধৰিলে৷ তথ্য মতে, প্রতিদিনে টিছু পেপাৰ উৎপাদনৰ নামত ২৭ হাজাৰতকৈও অধিক গছ কর্তন কৰা হয়৷ সেই হিচাপত বছৰি এক কোটিতকৈও অধিক গছ কেৱল টিছু পেপাৰ উৎপাদনতেই কর্তন কৰা হ’ব৷ প্রকৃতিৰ বাবে ই অতিকে নেতিবাচক দিশ, কিয়নো দ্রুত উন্নয়নৰ নামত বনাঞ্চল ধ্বংস কৰা প্রক্রিয়া এটা চলি আছে৷ গছ–গছনি পৃথিৱীৰ পৰা দ্রুতগতিত হেৰাই গৈ গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত অৰিহণা যোগাই আছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজাৰ বাবে গছ–গছনি ৰোপণ কৰা আঁচনি গ্রহণ কৰি থকাৰ সময়তে ৰিচাইকলড পেপাৰৰ সলনি জীৱিত গছৰ পৰা টিছু পেপাৰ উৎপাদন কৰাটো কিমান গ্রহণযোগ্য, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ গছ কাটি টিছু পেপাৰ প্রস্তুত কৰোঁতে এক টন টিছু পেপাৰত অতিকমেও ১৭ ডাল গছ কাটিবলগীয়া হয় আৰু ইয়াৰ বাবে প্রয়োজন হয় ২০ হাজাৰ গেলন পানী৷ বিশ্বৰ প্রতিখন দেশতেই টিছু পেপাৰৰ ব্যাপক চাহিদা আছে যদিও তথ্য মতে হংকঙত সর্বাধিক টিছু পেপাৰ ব্যৱহাৰ হয়৷ প্রতিদিনে ৬৬৮ টন টিছু পেপাৰ ব্যৱহাৰ হৈ আহিছে৷ বনাঞ্চল ৰোধ কৰাৰ বাবে টিছু পেপাৰৰ ব্যৱহাৰ নিয়ন্ত্রিত কৰাক লৈ বিশ্বজুৰি চর্চা আৰম্ভ হৈছে৷ পার্যমানে টিছু পেপাৰ ব্যৱহাৰ কৰাৰ পৰা নাগৰিকক আঁতৰত থাকিবলৈ আহ্বান জনোৱা হৈছে৷ এই টিছু পেপাৰৰ সলনি নাগৰিকসকলক পূর্বৰ বহু প্রচলিত ৰুমালৰ ব্যৱহাৰক প্রাধান্য দিবলৈ আহ্বান জনোৱা হৈছে৷ মন কৰিবলগীয়া যে টিছু পেপাৰে অকল বনাঞ্চলেই যে ধ্বংস কৰে তেনে নহয়, এই টিছু পেপাৰৰ বর্জিতই পৰিৱেশ প্রদূষিত কৰে৷ ব্যৱহাৰ কৰাৰ পিছত টিছু পেপাৰৰ বর্জিত য’তে–ত’তে পেলাই দিয়াৰ পিছত নলা–নর্দমা ভৰি পৰে আৰু এইবোৰ গৈ খেতিপথাৰৰ লগতে নদী, সাগৰ আদিত জমা হয়৷ ইয়ে পানী প্রদূষিত কৰে৷ প্রদূষিত পানীয়ে মানৱ স্বাস্থ্যৰ হানি কৰে৷ গতিকে এবাৰ ব্যৱহাৰ কৰা টিছু পেপাৰ মানৱ জাতিৰ বাবে অনিষ্টকাৰক৷ এই কথাৰ গুৰুত্ব বুজি সচেতন নাগৰিকসকলে পার্যমানে টিছু পেপাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷ এনে কৰিলে পৰিৱেশৰ লগতে বনাঞ্চল ধ্বংস প্রক্রিয়া প্রতিৰোধ কৰাত পৰোক্ষভাৱে অৰিহণা যোগোৱা হ’ব৷ মানৱসৃষ্ট উপাদানৰ ইতিবাচকৰ সমান্তৰালকৈ নেতিবাচক গুণো থাকে৷ যিটো কথা মানৱ জাতিয়ে গুৰুত্ব দিয়া দৰকাৰ ৷