নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ হাণ্ড’কো গুনৱান আৰু ক’ৰোনা যুদ্ধৰ আগৰণুৱা স্বাস্থ্যকর্মীসকল

  • পূর্বজ্যোতি চুতীয়া

জীৱনযুদ্ধত অৱতীর্ণ যুঁজাৰুৰ বুকুত বহুৰঙী বেজ নিজিলিকে৷ হাতত আগ্ণেয়াস্ত্রও তুলি নলয় তেওঁলোকে৷ বৰঞ্চ আত্মৰক্ষাৰ সামান্য সমলেৰে তেওঁলোক আগবাঢ়ি যায় জাতিক বচাবলৈ৷ ক’ৰোনা ভাইৰাছ–১৯ৰ বিৰুদ্ধে যুদ্ধতো চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল নিজৰ জীৱনক তুচ্ছ কৰি জাতিক বচাবলৈ জঁপিয়াই পৰিছে৷ তেওঁলোকেই হ’ল আজিৰ দিনটোত প্রকৃত নায়ক৷ সমগ্র বিশ্বই হূদয় উজাৰি তেওঁলোকক চেল্যুট জনাইছে৷

বিশ্ববাসীৰ সংকট আৰু অনিশ্চয়তাৰ এই জটিল সময়ত সেৱা আগবঢ়াবলৈ ওলাই আহিছে বহুপূর্বেই চাকৰি বা পেছাৰ পৰা অৱসৰ লোৱা স্বাস্থ্যকর্মী–নার্ছ আৰু চিকিৎসকো৷ কানাডাৰ অ’ট্টাৱাৰ এগৰাকী বয়স্ক নার্ছ নন্দা ব্রেডশ্ব’ৱে সাংবাদিকৰ প্রশ্ণৰ উত্তৰত কয়– ‘এই সংগ্রামত আমাৰো কৰিবলগীয়া কাম আছে৷ যেতিয়ালৈকে মই স্বাস্থ্যৱান হৈ থাকোঁ, ভাগৰি নপৰোঁ, মই সেৱা আগবঢ়াই যাম৷’ কানাডাৰ সহস্রাধিক অৱসৰপ্রাপ্ত চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে স্বইচ্ছাৰে ওলাই আহি এই সংগ্রামত চামিল হৈছে৷ ইণ্ডোনেছিয়াত ক’ৰোনাৰ সংক্রমণে সকলোকে উদ্বিগ্ণ কৰি তোলাৰ সময়তে সেৱা আগবঢ়াবলৈ দৃঢ় মনোবলেৰে ওলাই আহিছিল ডাঃ হাণ্ড’কো গুনৱানেও৷ তেওঁ এজন সুপৰিচিত শ্বাস–প্রশ্বাস সম্পর্কীয় ৰোগৰ বিশেষজ্ঞ৷ ডাঃ গুনৱানৰ কাহিনী এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পশ্চিম জাকার্টাৰ গ্রহ কেড’য়া হাস্পতালত পুৱতিনিশা ৩ বজালৈকে তেওঁ অক্লান্ত কাম কৰি গৈছিল৷ এই বয়সত তেওঁ মাৰাত্মকভাৱে সংক্রমিত হ’ব পৰা ক’ভিড–১৯ত আক্রান্তৰ চিকিৎসাত ব্রতী হ’বলৈ সকলোৱে বাধা দিছিল৷ আনকি হাস্পতালৰ অন্য চিকিৎসকসকলেও৷ বাধা দিছিল পুত্র–কন্যাই৷ কিন্তু কাৰো বাধা নামানি ডাঃ গুনৱানে নিজৰ আত্মাৰ কথা শুনি আগবাঢ়ি গৈছিল সেৱা আগবঢ়াবলৈ৷ বাধা নামানি তেওঁ কৈছিল– ‘মই যদি ১০জনৰ জীৱন বচাব পাৰোঁ তেন্তে মোৰ জীৱনক লৈ চিন্তা কৰাৰ প্রয়োজন নাই৷ এই বয়সত মোৰ মৃত্যুৱে বিশেষ ক্ষতি নকৰে৷’ সম্প্রতি ডাঃ গুনৱান একেখন হাস্পতালৰে ইণ্টেনচিভ কেয়াৰত চিকিৎসাধীন৷ তেওঁ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে নেকি, সেয়া এতিয়াও হাস্পতাল কর্তৃপক্ষই নিশ্চিত কৰা নাই৷ ডাঃ গুনৱানৰ অসুস্থতাৰ বাতৰি টুইটাৰযোগে প্রকাশ কৰিছিল ইণ্ডোনেছিয়াৰ জনপ্রিয় অভিনেত্রী কিৰানা লাৰাসতীয়ে৷ ১৫ হাজাৰবাৰ ইয়াক ৰি–টুইট কৰা হৈছে৷ ৩০ হাজাৰজনে লাইক কৰিছে৷ সম্প্রতি চিকিৎসাধীন ডাঃ গুনৱানৰ সুস্বাস্থ্যৰ বাবে হাজাৰ হাজাৰ গুণমুগ্ধই প্রার্থনা জনাইছে৷

ডাঃ গুনৱানৰ দৰে চিকিৎসক আৰু ব্রেডশ্ব’ৰ দৰে আন বহুতো চিকিৎসক–নার্ছ–স্বা স্ব–ইচ্ছাই ক’ৰোনা ভাইৰাছ–১৯ক প্রতিৰোধ কৰাৰ এই যুদ্ধত স্ব–ইচ্ছাই চামিল হৈছে৷ সমগ্র বিশ্বই তেওঁলোকৰ এই সাহস, দায়িত্ববোধ আৰু সেৱাৰ মনোভাবক আদৰণি জনাইছে৷ যোৱা শনিবাৰে বর্তমান লকডাউন হৈ থকা ফ্রান্সত নাগৰিকসকলে খিৰিকীৰ কাষত আৰু বেলকনীত থিয় হৈ হাতচাপৰিৰে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এনেদৰে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ জনোৱা আবেদনৰ প্রতি মানুহৰ সঁহাৰি আছিল অভাৱনীয়৷ কেৱল ফ্রান্সতে নহয় মঙলবাৰৰ দিনাই নেডাৰলেণ্ডছতো অনুৰূপধৰণে ডাচ্চ নাগৰিকসকলে স্বাস্থ্যকর্মীসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ শনিবাৰে স্পেইন আৰু ইটালীত দেখিবলৈ পোৱা গ’ল একেই দৃশ্য৷ দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানত ভাৰতবাসীয়েও স্বাস্থ্যকর্মীসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ একেলগে হাতচাপৰি বজালে৷

সংক্রামক ৰোগৰ চিকিৎসাৰ সৈতে জড়িত প্রতিজন স্বাস্থ্যকর্মীয়েই নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়াই যাবলগীয়া হয়৷ ক’ৰোনাৰ ভাইৰাছৰ ক্ষেত্রত সম্ভাব্য বিপদ আৰু বেছি৷ এই সংগ্রামত বহুকেইজন স্বাস্থ্যকর্মীয়ে ইতিমধ্যে মৃত্যুক সাবটি লৈছে৷ ৰোগীক চিকিৎসাৰ সময়তে তেওঁলোকৰ শৰীৰলৈ সংক্রমিত হৈছে ক’ভিড–১৯৷ ক’ৰোনা ভাইৰাছ–১৯ৰ বিৰুদ্ধে বিশ্ববাসীৰ সংগ্রামত স্বাস্থ্যকর্মীসকলেই আগৰণুৱা৷ এই মহামাৰীৰ আৰম্ভণিৰ সময়তে চীনৰ য়ুহানত এই মাৰাত্মক ভাইৰাছৰ আক্রমণত মৃত্যুমুখত পৰিছিল লী ৱেনলিয়াং নামৰ চিকিৎসকজন৷ প্রকৃততে তেৱেঁই এই ভাইৰাছ সংক্রমণৰ তথ্য ফাদিল কৰিছিল আৰু ইয়াৰ বাবে কর্তৃপক্ষৰ ৰোষত পৰিবলগীয়া হৈছিল৷ চীনত আজি তেওঁ এজন কিংবদন্তিত পৰিণত হৈছে৷ ডাঃ লী, ডাঃ গুনৱানৰ দৰে আৰু হয়তো বহু উদাহৰণ ওলাব৷ মানৱজাতি নিজিকাপর্যন্ত এই যুদ্ধ চলি থাকিব৷ কাৰণ আজিৰ প্রকৃত নায়ক স্বাস্থ্যকর্মীসকলে দিনে–নিশাই হাস্পতালত অক্লান্তভাৱে দিনৰ পিছত দিন কাম কৰিয়েই আছে৷ ছ’চিয়েল মিডিয়াত চিকিৎসক–স্বাস্থ্যক প্রেৰণ কৰা এক বার্তা শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে য’ত লিখা আছে–’We stay at work for you, You stay at home for us.’

You might also like