নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ ডায়েৰী

-সঞ্জয়

কোন সেই সৌভাগ্যৱান?

যোৱা সপ্তাহত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটালে৷ বিধায়ক যোগেন মহন আৰু সঞ্জয় কিষাণক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিলে৷ পিছে অসম মন্ত্রীসভাত এতিয়াও এটা মন্ত্রীপদ খালী হৈ আছে৷ কাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে সেই মন্ত্রীপদটো খালী ৰাখিছে তাক লৈ দিছপুৰৰ ৰাজনৈতিক শিবিৰত আলোচনাৰ শেষ নাই৷ কাৰোবাৰ মতে, পদ্ম হাজৰিকাৰ বাবে সেই মন্ত্রীপদটো খালী ৰাখিছে৷ আন কোনোবাৰ মতে, প্রশান্ত ফুকনৰ বাবে সেই পদটো খালী ৰাখিছে৷ কোনোবাই আকৌ বলীন চেতিয়াৰ কথা ভাবিছে৷ ইয়াৰ মাজতে কোনো কোনোৱে বিনন্দ শইকীয়াৰ কথা কৈছে৷ তাৰ মাজতে নাম ওলাইছে আঙুৰলতা ডেকাৰো৷ মুঠতে বহুতৰ মুখত বহু নাম৷ চর্চা অনুসৰি, সেই মন্ত্রীপদত যাকেই নিয়োগ কৰিব সম্পূর্ণ কেবিনেট মর্যাদা দিব৷ তাৰ বাবেই হেনো মুখ্যমন্ত্রী সোণোৱালে সেই পদটো পূৰণত বিলম্ব কৰি আছে৷ দিছপুৰত প্রচাৰিত বাতৰি অনুসৰি ২০২০ৰ শেষৰ ফালে অথবা ২০২১ৰ একদম আৰম্ভণিতে সেই মন্ত্রীপদটো পূৰণ কৰিব৷
ৰাইজ আছুৰ লগত নাই
‘কা’বিৰোধী আন্দোলনৰ মাজতে আছু, যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই বিকল্প ৰাজনৈতিক দল গঠনৰ চিন্তা–চর্চা আৰম্ভ কৰে৷ কংগ্রেছৰ তৰুণ গগৈয়ে লগে লগে তেওঁলোকৰ সৈতে মিত্রতাৰ প্রস্তাৱ দিলে৷ পিছে আছুৰ নেতৃত্বই সেই প্রস্তাৱ প্রত্যাখ্যান কৰিলে৷ কিন্তু গগৈও কম নহয়৷ গগৈৰ তাৎক্ষণিক উত্তৰ– বিকল্প দলে তেওঁলোকৰ লগ নালাগিলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ কংগ্রেছেহে অধিক আসন পাব৷ ৰাইজ আছুৰ লগত নাই৷ ‘কা’বিৰোধী আন্দোলনলৈ অহা সকলো ৰাইজ আছুৰ সমর্থক নহয়৷ গগৈৰ সেই বক্তব্যক কেৱল কংগ্রেছেই নহয়, বিজেপিয়েও সমর্থন কৰিছে৷

সিদ্ধার্থৰ সকাহ

মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ পৰা শিক্ষা দপ্তৰ কর্তন কৰা হ’ল৷ ইয়াকে লৈ অইনে কি ভাবিছে বেলেগ কথা৷ কিন্তু মন্ত্রী ভট্টাচার্যই ভিতৰি বৰ সকাহ পাইছে৷ দিছপুৰত অহুকাণে–পহুকাণে প্রচাৰিত বাতৰি অনুসৰি, ভট্টাচার্যই হেনো মনে–প্রাণে শিক্ষা বিভাগৰ দায়িত্ব এৰিব বিচাৰি আছিল৷ কাৰণ এই বিভাগটো হৈছে গালি খোৱা বিভাগ৷ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ, শিক্ষকৰ বদলি, মধ্যাহ্ণ ভোজনৰ ৰান্ধনী, টেট শিক্ষকৰ নানান সমস্যাৰ বাবে নিতৌ মন্ত্রীয়ে গালি শুনিবলগীয়া হয়৷ যোৱা ২০ মাহত গালি শুনি শুনি মন্ত্রী ভট্টাচার্য অতিষ্ঠ হৈ পৰিছে৷ সেয়ে তেওঁ শিক্ষা বিভাগটো যোৱাত মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰা যেন অনুভৱ কৰিছে৷

You might also like