দিছপুৰৰ ডায়েৰী
- সঞ্জয়
লুক ইষ্ট–এক্ট ইষ্ট
পূর্বৰ ড০ মনমোহন সিং চৰকাৰৰ লুক ইষ্ট পলিচীখন নৰেন্দ্র মোদী চৰকাৰৰ দিনত এক্ট ইষ্টলৈ ৰূপান্তৰিত হ’ল৷ এই পলিচীয়ে নিশ্চিতভাৱে ১০০ শতাংশ সফলতা লাভ কৰিছে৷ সম্প্রতি ৰাজধানী দিছপুৰত প্রতিটো ৰাজনৈতিক দলে অকপটে এই কথা স্বীকাৰ কৰিছে৷ সমগ্র দেশে যে এতিয়া পূবলৈ চায়, পূবে যি কাম কৰে পশ্চিমেও তাকে কৰে, সেয়া প্রতিপন্ন হৈছে৷ কা’ৰ বিৰোধিতাৰ নামত হোৱা প্রতিবাদে সেয়া প্রমাণ কৰি দিছে৷ ৰাজধানী দিছপুৰত চলা চর্চা অনুসৰি – কা’ৰ বিৰুদ্ধাচৰণৰ নামত যোৱা ডিচেম্বৰ মাহত অসমত হিংসাত্মক ঘটনা সংঘটিত হ’ল, বহুত ধ্বংসযজ্ঞ চলিল৷ সম্প্রতি অসম শান্ত৷ পিছে ঘটনাৰ আঢ়ৈ মাহ পাছত দিল্লীত আৰম্ভ হ’ল অনুৰূপ ঘটনা৷ সেয়ে দিছপুৰত এতিয়া প্রতিটো দলৰ ৰাজনৈতিক নেতা, আমোলাসকলে ক’বলৈ আৰম্ভ কৰিছে– দেশে এতিয়া পূবলৈ চোৱা আৰম্ভ কৰিছে, পূবে আজি যি কাম কৰে আঢ়ৈ–তিনি মাহ পাছত পশ্চিমৰ ৰাজ্যবোৰে সেই কাম আৰম্ভ কৰে৷
সন্দেহজনকৰ সংজ্ঞা
অসমীয়া ভাষাত সততে ব্যৱহূত এটা শব্দ হৈছে সন্দেহজনক৷ সন্দেহজনক নাগৰিক, সন্দেহজনক উগ্রপন্থী জাতীয় শব্দ প্রায় ব্যৱহাৰ কৰা হয়৷ সোমবাৰে অসম বিধানসভাত নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ৰাজহ মন্ত্রী যোগেন মোহনৰ পৰা জানিব বিচাৰিলে সন্দেহজনক কোন? লগে লগে মোহনৰ উত্তৰ সন্দেহজনক মানে হৈছে– আমি যাক সন্দেহ কৰিব পাৰোঁ৷ মন্ত্রী মোহনৰ উত্তৰ শুনি বিধায়ক চৌধুৰীৰ মন্তব্য – ‘গুড এনছাৰ৷’
বেছি গুৰুত্বপূর্ণ
অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বিধানসভাৰ প্রতিখন অধিৱেশনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত প্রশ্ণ উত্থাপন কৰে৷ এইবাৰ বাজেট অধিৱেশনতো তাৰ ব্যতিক্রম নহ’ল বিধায়ক কলিতা৷ অধিৱেশনৰ প্রথম দিনটোতে সোমবাৰে কলিতাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত প্রশ্ণ উত্থাপন কৰে৷ ছয় জনগোষ্ঠীৰ লগতে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয় সম্পর্কতো প্রশ্ণ উত্থাপন কৰে৷ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই প্রতিটো প্রশ্ণৰ উত্তৰ দি গ’ল৷ কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ প্রসংগ অহাৰ লগে লগে মন্ত্রী ব্রহ্মই কয়– ‘এইটো বেছি গুৰুত্বপূর্ণ৷’ লগে লগে সদনত হাঁহিৰ ৰোল উঠে৷