নতুন দলে ‘কা’ বাতিল কৰিব নোৱাৰে
- প্রাঞ্জল কুমাৰ শর্মা
সাংবাদিক, মাজবাট
প্রধানমন্ত্রী আৰু গৃহমন্ত্রীয়ে যোৱাটো লোকসভা নির্বাচনৰ নির্বাচনী সভা–সমিতিসমূহত কেব যেনেকৈ নহওক, নির্বাচনৰ পিছতেই গৃহীত কৰা হ’ব বুলিও দৃঢ়তাৰে কৈ গৈছে৷ কথা মতে কাম কৰি দেখুৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে৷ যোৱা ডিচেম্বৰ মাহৰ ১০ তাৰিখে বিলখন ৰাজ্যসভাত গৃহীত কৰি চলিত মাহৰ ১০ জানুৱাৰীত ৰাজপত্রিত অধিসূচনাৰ জৰিয়তে কার্যকৰীকৰণৰ নির্দেশ দিয়ে কেন্দ্রীয় চৰকাৰে৷ সেই দিন ধৰি দেশজুৰি ‘কা’ বাতিলৰ ধাৰাবাহিকভাৱে আন্দোলন–সংগ্রাম চলিবলৈ ধৰে৷ কাবিৰোধী আন্দোলনত ৫গৰাকী ফুলকুমলীয়া ল’ৰা পুলিচৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হ’বলগীয়াত পৰিল৷ বহুকেইজনক জে’লত ভৰাই ৰাখিছে, ইণ্টাৰনেট যোগাযোগ বন্ধ কৰি দিছে৷ তদুপৰি কার্ফিউ, ১৪৪ ধাৰা ইত্যাদি বলৱৎ কৰি যত যিমান পাৰে সিমান কৌশল অৱলম্বন কৰিছে প্রতিবাদ দমন কৰিবলৈ৷ কিন্তু চৰকাৰ–ৰাইজ কোনোৱেও হাৰ মনা বিধৰ নহয়৷ বৰঞ্চ চৰকাৰী পক্ষও ‘কা’ৰ সপক্ষে ৰাজপথত শান্তি সমদলৰ নামত লাখ লাখ মানুহ গোটাই শক্তি প্রদর্শন কৰি বাংলাদেশপ্রীতি বিজেপিক জনসাধাৰণে ভাল পাই সেইটো দেখুৱাবলৈ গৈছে৷ ৰাইজে চৰকাৰী পক্ষৰ জনপ্রতিনিধিসকলক্ দেখা মাত্রকে ক’লা পতাকা দেখুৱাবলৈ ধৰিলে৷ চৰকাৰে ৫০ হাজাৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি, শিল্পীসকলক ৫০ হাজাৰকৈ এককালীন সাহায্য ইত্যাদি বিভিন্ন প্রলোভন দিয়াৰ উপৰি চৰকাৰী চাকৰিয়ালসকলক আকৌ ধমক দিছে ৰাজ্য চৰকাৰে৷ চৰকাৰৰ প্রলোভনত গুৰুত্ব নিদি কাবিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ বাবে শিল্পীসকলে এতিয়াৰ পৰা জিএছটি দিব লাগিব বুলি ভাবুকি প্রদান কৰে চৰকাৰে৷ ইমানৰ পিছতো ৰাইজৰ প্রতিবাদ বর্তমানলৈ অব্যাহত আছে৷ চৰকাৰ–জনসাধাৰণ্ দুয়ো পক্ষ আঁকোৰগোজ৷ বাংলাদেশৰ অবৈধ হিন্দু নাগৰিকসকলক ‘কা’ৰ জৰিয়তে বিজেপি চৰকাৰে যেনেকৈ নহওক অসমত সংস্থাপন দি ভোটবেংক কৰিব বিচাৰিছে যাতে হিন্দু ভোটাৰৰ সংখ্যা বৃদ্ধি হয়৷ সাধাৰণতে খিলঞ্জীয়া অসমীয়াৰ মনত এটি প্রশ্ণই বাৰুকৈয়ে আমনি কৰি আছে– বাংলাভাষী হিন্দুসকলক অসমত কিমান দিনলৈ ভোটবেংকৰ স্বার্থত বিজেপি চৰকাৰে ব্যৱহাৰ কৰি থাকিব? ১০ বছৰ পাছত সেইসকল লোকৰ মাজত সন্থা গঠন হ’ব৷ সেই সন্থাসমূহে চৰকাৰক ভাষা, মাধ্যম, সংৰক্ষণ বিচাৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাব৷ ঘৰ শত্রু বিভীষণ হৈ বাংলাভাষী হিন্দুসকলক বহুতেই বুদ্ধি শিকাব৷ তেতিয়া বাংলাভাষী হিন্দু–মুছলমান এক হৈ খিলঞ্জীয়া অসমীয়াৰ ভাষা, মাধ্যম, সংস্কৃতি, সাহিত্য, ৰাজনৈতিক, সমাজনীতি আদিত বিৰূপ প্রভাৱ পৰিব৷ বাংলাভাষী হিন্দু–মুছলমান একলগ হৈ ৰাজনৈতিক দল খুলি চৰকাৰ গঠন কৰিব৷ অসমীয়াক সকলো দিশৰ পৰা টেঁটু চেপি নিঃশেষ কৰাৰ বাবে জাতিধবংসী নাগৰিকত্ব আইন জাপি দি ত্রিপুৰাৰ ত্রিপুৰীসকলৰ দৰেই অৱস্থাৰ সৃষ্টি কৰিলে৷ যিখন ৰাজ্য এতিয়া বাংলাদেশৰ হিন্দু মুখ্যমন্ত্রীৰ অধীনত৷ ভৱিষ্যতে অসমতো হিন্দু বাংলাদেশীয়েই অসমৰ মুখ্যমন্ত্রীৰ আসন শুৱনি কৰিব যে সি ধুৰুপ৷ মুছলমান বাংলাদেশী অসমৰ মুখ্যমন্ত্রী হ’লে হিন্দুসকলে আপত্তি কৰিব, কিন্তু ৰাজনীতিৰ মেৰপেঁচত ক্ষমতা দখলৰ বাবে বাংলাদেশী হিন্দুক মুখ্যমন্ত্রী পাতিলে আপত্তি কৰিবলৈ কাৰো একো নাথাকিব৷ ৰাজনীতিৰ পাকচক্রত পৰি নেতৃত্ব বহন কৰি থকাসকল কোনে কাৰ জেপত সোমাই ঠিক নাই৷ তাৰ পিছত লাহে লাহে তেওঁলোকক দেখা পোৱা নাযাব৷ বিভিন্ন অজুহাত দেখুৱাব৷ জনসাধাৰণে এনেবোৰ নেতাক চিনাক্তকৰণ কৰি থৈছে৷ কোনে কাৰ ঘৰত ৰাতি ৰাতি ভাত খাবলৈ যাব বা বিদেশলৈ কাৰ কাৰ লগত যাব, তাতো ৰাইজে নজৰত ৰাখিছে৷ মুঠৰ ওপৰত এইবাৰ জনসাধাৰণৰ নতুন ৰাজনৈতিক দল খুলি চৰকাৰ গঠন কৰি ‘কা’ বাতিল কৰিব আৰু বাকী থকা বিজেপি–এজিপি–কংগ্রেছ্ ইত্যাদি ৰাজনৈতিক দলসমূহে কি নির্বাচনত অংশগ্রহণ নকৰিব নেকি? ইমান সহজতেই অংকৰ উত্তৰ উলিয়াই দিছে সম্ভাব্য নতুন ৰাজনৈতিক দল সৃষ্টিকাৰীসকলে৷ যোৱাটো লোকসভা নির্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্রেছ দলৰ হৈ নির্বাচনত অৱতীর্ণ হোৱা অৱসৰপ্রাপ্ত অসমৰ মুখ্য সচিব ভানু বনাম সাংসদ পল্লৱ লোচন দাসৰ নির্বাচনী প্রচাৰৰ কাহিনী অসমবাসীৰ এতিয়াও মনত আছে৷ ‘কা’বিৰোধী আন্দোলনকাৰীসকলৰ মূৰত সোমাল যে আমি নিজাববীয়াকৈ ৰাজ্যৰ চৰকাৰ গঠন কৰি কা বাতিল কৰিম৷ সেই লৈ যোৱা কিছুদিন ধৰি বিকল্প ৰাজনৈতিক দল গঠন কৰাক লৈ ৰাজ্যৰ আকাশ–বতাহ মুখৰ হৈ পৰিছে৷ আছু আৰু শিল্পীসকলৰ নেতৃত্বত গঠন হ’বলগীয়া বিকল্প ৰাজনৈতিক দলৰ ব্যাপক কুচকাৱাজ চলি থকা দেখিবলৈ পোৱা গৈছে৷ তেনে সময়তে আছু আৰু শিল্পীসকলে আমি দলত নাথাকোঁ, ৰাইজে গঠন কৰিব এনেধৰণৰ মন্তব্যও কৰা দেখা গ’ল৷ আন্দোলন–সংগ্রাম কৰি একো কৰিব নোৱাৰাসকলে এতিয়া আঞ্চলিক ৰাজনৈতিক দল খুলি নির্বাচনত অৱতীর্ণ হৈ জনসাধাৰণে তেওঁলোকক ভোটদানেৰে নির্বাচিত কৰি একক সংখ্যাগৰিষ্ঠ আসন লৈ চৰকাৰ গঠন কৰি কা বাতিল কৰিব, সেয়া গছত গৰু উঠা কথা৷ ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত ৰাজ্য চৰকাৰ৷ যদি কোনো ৰাজ্যই কেন্দ্রীয় চৰকাৰৰ নির্দেশ অমান্য কৰে, তেনেহ’লে সেই ৰাজ্যক লৈ কেন্দ্রীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব৷ তাৰেই উদাহৰণ অসম গণ পৰিষদ৷ অগপই কি কৰিলে? সেই পন্থাকেই আকৌ অৱলম্বন কৰিবলৈ গৈ আছে৷ অগপৰ মন্ত্রী–বিধায়কসকল্ বর্তমান সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্রী–বিধায়ক৷ তেওঁলোকৰ মাত–বোল নাই৷ সৌ সিদিনালৈ আছুৰ সভাপতি হৈ থকা তপন কুমাৰ গগৈ বিধায়ক হ’ল, পৰৱর্তী সময়ত সাংসদ হ’ল, তেওঁৰ গাৰ পৰা আছুৰ মাহ–হালধিৰ গোন্ধ যোৱাই নাই৷ এটা নতুন ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে চিন্তা–চর্চা চলি আছে৷ এই চিন্তা–চর্চাৰ মূলতে হ’ল এই উপলব্ধি যে বিজেপিয়ে অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে কাম কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ আশা নাই৷ অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে স্থাপিত হোৱা অসম গণ পৰিষদৰ বর্তমান নেতৃত্বই তেওঁলোকৰ কাম–কাজ আৰু চিন্তাৰ দ্বাৰা দলটোক সম্পূর্ণ অপ্রাসংগিক কৰি তুলিছে কংগ্রেছৰ ১৫ বছৰীয়া শাসনে অসমৰ জনমানসত দলটো সম্পর্কে নেতিবাচক ধাৰণাৰ সৃষ্টি কৰিছে৷ গতিকে অতি স্বাভাৱিকভাৱেই অসমৰ অন্ততঃ একাংশ মানুহে এটা নতুন আঞ্চলিক দলৰ প্রয়োজন অনুভৱ কৰিছে৷ এই পৰিস্থিতিৰ সুযোগ লৈ একাধিক জাতীয় সংগঠনে এটা নতুন দল গঠন কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ কিন্তু তেওঁলোকৰ এই প্রয়াসে ৰাইজৰ মনত আশানুৰূপ আগ্রহ আৰু সমর্থন সৃষ্টি কৰিব পাৰিছে বুলি ধাৰণা নহয়৷ এবাৰ সাপে খালে কেঁচুলৈকো ভয়– এই আপ্তবাক্যই অসমৰ বহুতো মানুহক মনত পেলাই দিছে অসম গণ পৰিষদৰ জন্ম কাহিনী৷ সেই দলটো ওলাই আহিছিল অসমৰ বিদেশী খেদা আন্দোলনৰ গর্ভৰ পৰা৷ দলটো গঠন কৰাৰ কামত মুখ্য ভূমিকা লৈছিল ছাত্র আৰু যুৱ সম্প্রদায়ে, কিন্তু অসমৰ ৰাইজে বিপুল আশা আৰু উদ্দীপনাৰে সমর্থন কৰা দলটোৱে অসমৰ ৰাইজৰ মনোবাঞ্ছা পূৰণ কৰিব নোৱাৰিলে৷ অসম গণ পৰিষদৰ চমু ইতিহাসৰ পৰা ৰাইজে ল’বলগীয়া শিক্ষাটো হ’ল এই যে কেৱল আৱেগ আৰু উত্তেজনাৰ সহায়েৰে এটা শক্তিশালী ৰাজনৈতিক দল গঠন কৰিব নোৱাৰি৷ কৰিলেও তাৰ স্থায়িত্ব সম্পর্কে এটা প্রশ্ণবোধক থাকি যাব৷ সম্প্রতি যিটো নতুন আঞ্চলিক দলৰ প্রস্তাৱ কৰা হৈছে, সিও ওলাই আহিব লাগিব যোৱা কেইমাহমান ধৰি চলি থকা ‘কা’বিৰোধী আন্দোলনৰ গর্ভৰ পৰা৷ এইবাৰো উদ্যোগ লৈছে ঘাইকৈ ছাত্র আৰু যুৱ সম্প্রদায়ে৷ অসম গণ পৰিষদৰ জন্ম বৃত্তান্তৰ লগত প্রস্তাৱিত নতুন দলটোৰ সাদৃশ্য ইমান বেছি যে সি মানুহৰ মনত বহুতো প্রশ্ণৰ উদ্রেক কৰাটো তেনেই স্বাভাৱিক কথা৷ আমি ভাবোঁ যে সম্প্রতি অসমত যিটো ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰিছে, তেনে এটা পৰিৱেশত ৰাইজৰ মনলৈ এটা নতুন ৰাজনৈতিক দলৰ কল্পনা অহাটো অতি স্বাভাৱিক আৰু যুক্তিপূর্ণ, কিন্তু অসম গণ পৰিষদৰ ইতিহাসৰ পৰা শিক্ষা লৈ আমি এই কথাও উপলব্ধি কৰিব পাৰিব লাগিব যে গণ আন্দোলনে সৃষ্টি কৰা উত্তেজনাৰ তৰংগ শীর্ষক এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ’ব নোৱাৰে তাৰ জন্ম হ’ব লাগিব এখন সুপৰিকল্পিত গণ অভিৱর্তনত৷ প্রশ্ণ উত্থাপন হৈছে যে যিসকলে নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা–চর্চা কৰিছে তেওঁলোকৰ বিজেপিৰ প্রতি মোহভংগ হোৱা যেন অনুভৱ হয়৷ সেইসকল ব্যক্তিয়ে বিজেপিৰ বিধায়ক–সাংসদ হোৱাৰ মন মেলিছিল৷ এতিয়া যিহেতুকে ৰাইজ কাবিৰোধী প্রতিবাদত হিলদল ভাঙি ওলাই আহিল সেইবাবে জনসাধাৰণৰ ৰোষত পৰাৰ ভয়ত নতুন ৰাজনৈতিক দল গঠন কৰি কা বাতিল কৰিব৷ সেয়া জানো সম্ভৱ কাৰণ ৰাজনীতিৰ লগত কূটনীতি জডিত৷ কূটনীতি নাজানিলে ৰাজনীতি কৰিব নোৱাৰে৷ কা বাতিলৰ দাবীত স্বতস্ফূর্তভাৱে ৰাইজ যেনেদৰে ওলাই আহিছে, ৰাজনৈতিক দলৰ বেনাৰত তেনেদৰে ওলাই নাহিব৷ ফলত নতুন ৰাজনৈতিক দলে মাৰ খাব৷ দুই–তিনিখন আসনত জয়ী হৈ কা বাতিল কৰিব পাৰিব জানো? যিসকলে নতুন ৰাজনীতি দল গঠনৰ বিষয়টো চিন্তা–চর্চা কৰিছে, সেইসকলে কা বাতিলৰ দাবীত অব্যাহত থকা আন্দোলন–সংগ্রাম চলাই নিলে জনসাধাৰণৰ সমর্থনৰ লগতে সহায়–সহযোগ পাব৷ আনহাতে যিসকলৰ কাবিৰোধী আন্দোলন–সংগ্রাম চলাই নিয়াত অনীহা আহিছে বা ৰাজনৈতিক ক্ষমতাৰ বিষয়ে মনে মনে চিন্তা–ভাবনা কৰি আছে, সেইসকলে মনে মিলা ৰাজনৈতিক দলত যোগদান কৰি নির্বাচনত অৱতীর্ণ হৈ কি কৰে জনসাধাৰণক কৰি দেখুওৱাক৷ কিন্তু তাৰ পৰিৱর্তে নতুন ৰাজনৈতিক দলৰ নামত কাবিৰোধী আন্দোলন–সংগ্রামত ইতি পৰিবলৈ নিদিব৷ আছুৰ উদ্যোগত নতুন ৰাজনৈতিক দল গঠন কৰা হ’ব বুলি ব্যাপক চর্চা আৰম্ভ হোৱাৰ পিছতেই যেন স্তিমিত হৈ পৰিছে কাবিৰোধী আন্দোলন৷ অসম আন্দোলনৰ গুৰি ধৰোঁতাসকলেই এতিয়া বিজেপি চৰকাৰৰ মন্ত্রী–বিধায়ক–সাংস্, তেওঁলোক বর্তমান নিমাত৷ জনসাধাৰণে তেওঁলোকক বাংলাদেশীৰ সমর্থক বুলিয়েই ধৰি লৈছে৷ অনাগত দিনত বাংলাভাষী হিন্দুসকলৰ হাতত খিলঞ্জীয়া অসমীয়াই কিমান নির্যাতন সহিবলগীয়াত পৰে তাৰ কোনো হিচাপ নাথাকিব৷ গৈ গৈ খিলঞ্জীয়া অসমীয়াসকল সংখ্যালঘুত পৰিণত হ’ব৷ সমগ্র অসমখন বাংলাদেশীয়ে গ্রাস কৰি পেলাব৷ আকৌ ভাষা, অস্তিত্ব ৰক্ষা আন্দোলন–সংগ্রাম আৰম্ভ হ’ব৷ ভাষা, সাহিত্য আৰু মাধ্যমৰ সংকটত পৰিব অসমীয়া৷ ভাষা–সাহিত্য–সংস্কৃত্ হৈছে এটা জাতিৰ পৰিচয়৷ ধর্ম কোনো জাতীয় পৰিচয় নহয়৷ ধর্ম একোজন ব্যক্তিৰ সম্পূর্ণ ব্যক্তিগত চিন্তা আৰু বিশ্বাস৷ ইয়াৰ লগত জাতিৰ কোনো সম্পর্ক নাই৷ সেয়েহে পাকিস্তানৰ পৰা পৃথক হৈ বাংলাদেশৰ সৃষ্টি হৈছিল৷ দুয়োখন দেশ যদিও ইছলাম ধর্মীয় দেশ, তথাপি বাংলাদেশে তেওঁলোকৰ জাতীয় পৰিচয়ৰ বাবেই পাকিস্তানৰ পৰা পৃথক হ’ব বিচাৰিছিল৷ গতিকে আমাৰ মাজত ধর্মৰ নামত বিষবাষ্প বিয়পাব বিচৰাটো অতি ঘৃণনীয় কার্য৷ দেশক বিভাজন কৰিব বিচৰাজনক দেশদ্রোহী বুলি নিশ্চয় কাইলৈ ইতিহাসে আখ্যা দিব৷ এচাম হিন্দু বাংলাদেশ প্রেমিকে এইবুলি প্রচাৰ কৰি ফুৰিছে যে বাংলাদেশত হিন্দুসকলক নির্যাতিত কৰাৰ বাবে পলাই আহিবলগীয়াত পৰিছে৷ পলৰীয়া বাংলাভাষী হিন্দুসকলে অসমত থাকিবলৈ লৈছে যদিও অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ গ্রহণ কৰিব বিচৰা নাই৷ ভাৰত চৰকাৰেও বাংলাদেশক এই বিষয়ে হেঁচা প্রয়োগ কৰা নাই৷ নতুন ৰাজনৈতিক দল গঠন কৰি চৰকাৰ বনাই এওঁলোকেও যে কিমান কি কৰিব পাৰিব মনে নকয়৷ কাৰণ এজিপি, কংগ্রেছ আৰু বর্তমানৰ বিজেপি চৰকাৰে বাংলাদেশীক লৈয়ে মূৰ ঘমাই আছে নিজ নিজ স্বার্থৰ বাবে৷