নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওমি ছাইব্টঃ থুনবার্গৰ সন্মুখত উদীয়মান ক্লাইমেট ৰিয়েলিষ্টৰ প্রত্যাহ্বান

  • পূর্বজ্যোতি চুতীয়া

লবায়ু পৰিৱর্তনৰ বিৰুদ্ধে বিশ্বজোৰা আন্দোলনে জনপ্রিয়তা অর্জন কৰা গ্রেটা থুনবার্গলৈ আহিছে প্রত্যাহ্বান৷ যুৱপ্রজন্মৰ মাজত থুনবার্গৰ বিপুল জনপ্রিয়তা প্রশ্ণাতীত৷ কিন্তু এইবাৰ আন এগৰাকী কম বয়সীয়া যুৱতীয়ে শিৰোনাম দখল কৰিছে থুনবার্গৰ সম্পূর্ণ বিপৰীত মেৰুত স্থিতি গ্রহণ কৰি৷ ১৯ বছৰীয়া এই জার্মান যুৱতীগৰাকীৰ নাম নাওমি ছাইব্ট৷ শুকুৰবাৰে চিকাগোত ছাইব্টে কনজাৰভেটিভ পলিটিকেল একছন কনফাৰেন্সত ভাষণ দি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ ভাষণটোত তেওঁ পোনপটীয়াকৈ জলবায়ু পৰিৱর্তনৰ প্রতিবাদ কৰা লোকসকলক মানুহৰ মাজত ভয় আৰু আতংকৰ পৰিৱেশ সৃষ্টি কৰা বুলি দোষাৰোপ কৰে৷ তেওঁৰ মতে থুনবার্গৰ দৰে প্রতিবাদকাৰীয়ে ভয়ৰ ভাব সৃষ্টি কৰি যুৱ প্রজন্মৰ স্বাধীনতা খর্ব কৰিব বিচাৰিছে৷ তেওঁ কয় যে সদায়ে পৃথিৱীৰ জলবায়ু পৰিৱর্তন হৈয়ে আছে৷ গতিকে জলবায়ু পৰিৱর্তনক অস্বীকাৰ কৰাটো মূর্খামি৷ কিন্তু জলবায়ু পৰিৱর্তনে ধ্বংস মাতি আনিব বুলি অতিৰঞ্জিত প্রচাৰেৰে সাম্প্রতিক বিশ্বৰ প্রতিজন মানুহৰ স্বাধীনতা খর্ব কৰিব বিচৰা হৈছে৷ মানুহে যদি ভাবে যে কার্বন–ডাই–ক্সাইড নির্গমনেৰে জলবায়ু ধ্বংস কৰিব পৰাকৈ মানৱ জাতি শক্তিশালী তেন্তে তেওঁলোকে ভুল কৰিছে৷ তেওঁৰ স্পষ্ট মত– জলবায়ু পৰিৱর্তন ৰোধ কৰাৰ বাবে চৰকাৰসমূহক আন্দোলনৰ জৰিয়তে এক জৰুৰীকালীন পৰিস্থিতি সৃষ্টি কৰি যিদৰে হেঁচা প্রয়োগ কৰা হৈছে তাৰ ফলত মানৱ সভ্যতাই থমকি ৰ’বলৈ বাধ্য হ’ব৷ জলবায়ু পৰিৱর্তনক লৈ অতিৰঞ্জিত সতর্কবাণী সময়ৰ অপচয়ৰ বাদে আন একো নহয়৷ ইতিমধ্যে ইউৰোপীয় দেশসমূহত ছাইব্টৰ ফটোসম্বলিত এটা টী ছার্ট জনপ্রিয় হৈ পৰিছে, য’ত লিখা আছে– ‘আই ড’ণ্ট ৱাণ্ট ইউ টু পেনিক৷ আই ৱাণ্ট ইউ টু থিংক’৷

যোৱা ২৪ ফেব্রুৱাৰীত ৱাশ্বিংটন পোষ্ট কাকতৰ প্রথম পৃষ্ঠাত ছাইব্টৰ প্রফাইল প্রকাশ পোৱাৰ পিছতে বিশ্বজুৰি তেওঁক লৈ চর্চা হৈছে৷ তেওঁক অভিহিত কৰা হৈছে ‘এণ্টি গ্রেটা এক্টিভিষ্ট’ বুলি৷ আলোচনা হৈছে থুনবার্গ যদি ক্লাইমেট এলার্মিষ্ট তেন্তে ছাইব্ট হ’ল ক্লাইমেট ৰিয়েলিষ্ট৷ লক্ষণীয়ভাৱে চিকাগোৰ দ্য হার্টলেণ্ড ইন্সষ্টিটিউট নামৰ এটা অনুষ্ঠানে ছাইব্টৰ শেহতীয়া এই অভিযানৰ পৃষ্ঠপোষকতা কৰিছে৷ থুনবার্গ আৰু জলবায়ু পৰিৱর্তনৰ আন্দোলনকাৰীৰ বিৰুদ্ধে প্রচাৰ চলাবলৈ এই প্রতিষ্ঠানটোৱে ছাইব্টক প্রক্ষেপ কৰিছে৷ বিশেষকৈ যুৱপ্রজন্মৰ মাজত থুনবার্গৰ যি জনপ্রিয়তা তাক প্রত্যাহ্বান জনোৱাৰ বাবেই ছাইব্টক বিশেষভাৱে নির্বাচন কৰি লোৱা হৈছে৷ বিজ্ঞানৰ ছাত্রী হিচাপে নিশ্চিতভাৱে জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ ছাইব্টে বিজ্ঞানসন্মত পর্যালোচনা আগবঢ়াবলৈ সক্ষমতা ৰাখিছে৷ জার্মানীৰ ভিতৰতে তেওঁ হাইস্কুল পর্যায়ত পদার্থ বিজ্ঞানত প্রথম স্থান আৰু অংকত দ্বিতীয় স্থান লাভ কৰিছিল৷ গতিকে বৈজ্ঞানিক বিশ্লেষণেৰে তেওঁ জলবায়ু পৰিৱর্তনৰ প্রসংগত যুৱ প্রজন্মৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

এণ্টি গ্রেটা হিচাপে হার্টলেণ্ড ইনষ্টিটিউটে প্রক্ষেপ কৰা বুলি চর্চা হ’লেও ছাইব্টে এই কথা একাষাৰে অস্বীকাৰ কৰিছে৷ তেওঁ কয়– ‘মই সোঁপন্থী বা জলবায়ু পৰিৱর্তনক অস্বীকাৰ কৰাসকলৰ পুতলা নহয়৷ মই হার্টলেণ্ড ইনষ্টিটিউটৰ দ্বাৰা পৰিচালিত পুতলাও নহয়৷ বিজ্ঞানসন্মতভাৱে আৰু যুক্তিসহকাৰে মই যি ভাবিছোঁ তাকেই মুকলি মনেৰে প্রকাশ কৰি আহিছোঁ৷’ থুনবার্গৰ বিৰুদ্ধে প্রত্যাহ্বান জনাবলৈ তেওঁ এই প্রচাৰ আৰম্ভ কৰা বুলি হোৱা চর্চাকো ছাইব্টে অস্বীকাৰ কৰিছে৷ থুনবার্গৰ সৈতে ব্যক্তিগত শত্রুতা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ছুইডিছ যুৱতীগৰাকীৰ সৈতে অনানুষ্ঠানিকভাৱে কথা পাতিবলৈ তেওঁ যিকোনো সময়তে সাজু৷ অৱশ্যে থুনবার্গৰ সৈতে তেওঁ বিজ্ঞানক লৈ কোনো তর্কযুদ্ধত অৱতীর্ণ হ’ব নিবিচাৰে৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কয়– ‘মই থুনবার্গ ধ্বংস হোৱাটো বিচৰা নাই৷’

জনপ্রিয়তাৰ সমান্তৰালভাৱে এতিয়া ছাইব্টৰ কেতবোৰ পুৰণি মন্তব্যক লৈও চর্চা আৰম্ভ হৈছে৷ জার্মানীত এক গুলীচালনাৰ ঘটনাৰ পিছত তেওঁ মন্তব্য কৰিছিল যে– জার্মানীত এতিয়া সাধাৰণ জার্মানসকল গুৰুত্বহীন হৈ পৰিছে৷ মুছলমানৰ প্রৱেশ ঘটিছে আৰু ইহুদীয়ে গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে৷ তেওঁৰ ভাষ্য বিকৃত কৰা বুলি ছাইব্টে দাবী কৰিলেও পতিয়ন নিয়াব পৰা নাই৷ কাৰণ জার্মানীৰ অনুপ্রৱেশৰ সমস্যা আৰু শৰণার্থীৰ বিৰুদ্ধে তেওঁ পূর্বৰে পৰা ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্তব্য কৰি আহিছে৷ মাত্র ১৪ বছৰ বয়সতে অধিবক্তা মাতৃয়ে ছাইব্টক ইউটিউবৰ ব্লগৰ সৈতে পৰিচয় কৰি দিছিল৷ তেতিয়াৰে পৰা তেওঁ নিয়মীয়াকৈ ব্লগ লিখি আহিছে৷ গতিকে ছাইব্টে নিশ্চিতভাৱে ক্লাইমেট ৰিয়েলিষ্ট হিচাপে পৰিচিত হৈ পৰাৰ পূর্বেই এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল৷ জার্মানীৰ মুনষ্টাৰৰ উপকণ্ঠ অঞ্চলত মাতৃ আৰু ভগ্ণীৰ সৈতে বাস কৰা ছাইব্টে এক সাক্ষাৎকাৰত জনোৱা মতে ২০১৫ চনৰ পৰা তেওঁ ৰাজনীতিৰ প্রতি আকর্ষিত হৈছিল৷ সেই সময়ত তেওঁৰ বয়স আছিল মাত্র ১৪ বছৰ৷ ৰাজনীতিৰ প্রতি আকর্ষিত হোৱাৰ মূল কাৰণ আছিল জার্মানীৰ অনুপ্রৱেশ আৰু শৰণার্থী সমস্যা৷ ব্লগসমূহৰ জৰিয়তে তেওঁ জাতীয়তাবাদী বুলি পৰিচয় লাভ কৰিছিল৷ ২০১৭ চনত তেওঁৰ ‘ছামটাইম্ছ আই কিপ ছাইলেন্স’ নামৰ কবিতাটোক লৈ ব্যাপক চর্চা হৈছিল৷ কবিতাটো প্রকাশ পাইছিল ডেভিদ বার্জাৰৰ মুছলিমবিৰোধী ব্লগ ফিল’ছ’ফিয়া পেৰেনিছত৷ ইমানদিনে জার্মানীৰ শৰণার্থী সমস্যাক লৈ উদ্বিগ্ণ এই যুৱতীগৰাকীয়ে হঠাৎ কেনেকৈ ক্লাইমেট ৰিয়েলিষ্ট হিচাপে খলকনি তুলিবলৈ সক্ষম হ’ল তাক লৈ স্বাভাৱিকতে চর্চা হৈছে৷

You might also like