নাগৰিকত্ব সংশোধনী আইন আৰু জাতিৰ সংকট
নাগৰিকত্ব সংশোধনী বিধেয়কখন সাংবিধানিক প্রক্রিয়াৰ মাজেৰে আইনলৈ পৰিৱর্তন হ’ল যদিও অসম এতিয়াও উত্তাল৷ সংগ্রামী জনতাৰ বজ্রনিনাদত উত্তপ্ত ৰাজ্যৰ ৰাজনৈতিক আৰু আর্থ–সামাজিক ভেটি৷ অসমীয়া ডেকা শক্তিৰ গণতান্ত্রিক প্রতিবাদৰ সমান্তৰালকৈ আন এক শক্তিয়ে ৰাজহুৱা ধবংসলীলা আৰু জনজীৱনৰ প্রতি সন্ত্রাস কঢ়িয়াই আনিলে৷ টিভিৰ পর্দাত আৰু আন্দোলনৰ চাক্ষুস অভিজ্ঞতাৰ পৰা এইসকল কোন সকলোৱে বুজি পাইছে৷ নিৰপেক্ষভাৱে ৰাজনৈতিক বিশ্লেষণ কৰাসকলে অনুমান কৰিব পাৰিছে যে নাগৰিকত্ব সংশোধনী আইনখনে এইসকলৰ প্রতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে৷ বিশেষকৈ দেশৰ গৃহমন্ত্রীয়ে ২০ নৱেম্বৰ ২০১৯ তাৰিখে সদনত সমগ্র দেশতে ১৯৫১ চন ভিত্তিবর্ষ হিচাপে লৈ ৰাষ্ট্রীয় নাগৰিকপঞ্জী তৈয়াৰ কৰা হ’ব আৰু এই নাগৰিকপঞ্জীৰ আওতাত অসমো আহিব বুলি ঘোষণা কৰাৰ পাছত এক বৃহৎ জনসংখ্যাৰ লোকৰ লগতে কিছু সংগঠনৰ অস্তিত্বৰ সংকট স্পষ্ট আছিল৷ স্বাভাৱিকতে এই ‘কা’বিৰোধী আন্দোলন ১৯৫১ ভিত্তিবর্ষত হ’বলগীয়া যুদ্ধৰ ৰণশিঙাহে মাথোঁ৷ বিৰোধিতা কৰাসকলৰ বক্তব্য আৰু এনেবোৰ হিংসাত্মক ঘটনাই আইনখনৰ বিৰোধিতাতকৈ এই ইংগিত আৰু ব্যক্তিগত ৰাজনৈতিক অভিপ্রায় প্রকাশ কৰা যেন উপলব্ধি হয়৷
প্রতিবাদ আৰু আন্দোলন গণতান্ত্রিক প্রক্রিয়া এটাৰ অংগ৷ ভোটদানৰ দৰেই ক্ষোভ প্রকাশো নাগৰিকৰ মৌলিক অধিকাৰ৷ চৰকাৰৰ সকলো সিদ্ধান্তই জনগণে নিঃশব্দে মানি ল’ব লাগিব তেনে কোনো কথা নাই৷ বিৰোধিতা আৰু বিতর্ক সুস্থ গণতন্ত্রৰ চালিকাশক্তি৷ এই বিতর্ক আৰু বিৰোধিতা হ’ব লাগে যুক্তিৰ আধাৰত, সুস্থ আলোচনা আৰু সহনশীলতাৰ মাধ্যমত৷ প্রয়োজনসাপেক্ষে ৰাজহুৱা বিতর্কও অনুষ্ঠিত হ’ব লাগে৷ কিন্তু বর্তমান এনে কর্মসূচীৰ বাবে যেন কোনেও আগ্রহী নহয়৷ পক্ষসকলে সমস্যাৰ সমাধান বিচাৰে নে সমস্যা জীয়াই ৰাখি নিজৰ অস্তিত্ববজাই ৰাখিব খোজে, সেয়া এতিয়া সন্দেহৰ মাজত৷ সকলোৰে জ্ঞাত যে সদনত গৃহীত হৈ বিল এখন আইনত পৰিণত হ’লে তাক বাতিল কৰাৰ ক্ষমতা মাত্র উচ্চতম ন্যায়ালয়ৰ৷ যিদৰে আই এম ডি টি আইন বাতিল হৈছিল৷ নাগৰিকত্ব (সংশোধনী) আইনখনো বর্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন৷ তাৰ পাছতো ন্যায়ালয়ৰ ৰায়ৰ পূর্বে ধাৰাবাহিকভাৱে গণবিক্ষোভ প্রদর্শন কৰি অহাৰ অন্তৰালত নিশ্চিতভাৱে কাৰোবাৰ কিবা স্বার্থ জডিত থকাৰ উমান পোৱা যায়৷ সহজ–সৰল মানুহক উত্তেজিত কৰি ন্যায়ালয়ৰ ওপৰত পৰোক্ষভাৱে হেঁচা প্রদান কৰাৰ অভিপ্রায়ো অসাংবিধানিক৷
নাগৰিকত্ব সংশোধনী আইনখনৰ ক্ষেত্রত আন্দোলনৰ নেতৃত্বই এটা কথা বাৰম্বাৰ কৈ আহিছে যে এই আইনখনে অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিলৈ অস্তিত্বৰ সংকট কঢ়িয়াই আনিব৷ আনকি ভাষা–সংস্কৃতি বিলুপ্ত হ’ব বুলিও তেওঁলোকেবৰ উষ্মাৰে ক্ষোভ প্রকাশ কৰিছে৷ তেওঁলোকৰ শত–সহস্র অনুগামীসকলে ভাটৌ চৰাইৰ দৰে এই কথাষাৰ বিয়পাই দিছে আৰু অসমৰ আকাশত কথাষাৰ অনুৰণন হৈ উঠিছে৷ এতিয়া এইক্ষেত্রত এটা প্রশ্ণ অতি প্রাসংগিক হৈ পৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন উভয় সদনত গৃহীত হৈ আইনত পৰিণত হোৱাৰ আগলৈকে, অর্থাৎ ১৩ ডিচেম্বৰ ২০১৯লৈ অসমৰ ভাষা–সংস্কৃতি স–সন্মানে সুৰক্ষিত হৈ সৌষ্ঠৱবঢ়াই আছিল আৰু জাতিগত স্বাভিমানৰবাবে অসমীয়াসকল দেশৰ বুকুত তামিল, মাৰাঠী বা বাঙালীসকলৰ দৰেই উজ্জ্বল নক্ষত্র হৈ জিলিকি আছিল৷ নিজৰ বুলিবলৈ যদি সামান্যতমো মগজু আছে, তেন্তে এই কথাষাৰ সঁচা যেন লাগেনে? যদি সঁচা নহয়, তেনেহ’লে নিজৰ বাৰীত জেওৰা নিদি আনৰ ছাগলীলৈ ফর্মূটি মাৰি লাভ আছেনে? এনে মিথ্যাচাৰেৰে অগণন লোকক বিপথে পৰিচালনা কৰা উচিত জানো
লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, প্রসন্নলাল চৌধুৰী, জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ড০ ভূপেন হাজৰিকা, হীৰেন ভট্টাচার্য আদি বৰেণ্য ব্যক্তিৰ কিছু নির্বাচিত গীত, কবিতা আৰু সংলাপ সকলো আন্দোলনৰ সমদলত শুনা যায় বা প্রতিজন আন্দোলনকাৰীৰ মুখত বেদমন্ত্রৰ দৰে প্রতিধ্বনি হৈ থাকে৷ তেতিয়া এনেহেন ভাব হয় যে এইসকলবৰেণ্য অসমীয়াই তেওঁলোকৰ অমূল্য সৃষ্টিবোৰৰ কপীৰাইট মাত্র আন্দোলনকাৰীসকলক দি থৈ গৈছে৷ যাতে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী ‘থীম ছং’বা ‘টেগলাইন’ ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু দুর্ভাগ্যৰ বিষয় যে অসমীয়া সংস্কৃতিৰ এই সুন্দৰৰ পূজাৰীসকল অসমীয়াৰ সকলো উৎসৱ বা অনুষ্ঠানত এলাগী হৈ ৰয়৷ সেই সময়ত আধুনিকতাৰ সোঁতত বিলীন হৈ পৰে মাত্র প্রতিবাদৰ ভাষাৰে জাতি উদ্ধাৰ কৰিব খোজা জাতীয়তাবাদীসকল৷ বিহু, উৰুকা, নৱবর্ষ, বনভোজবা অন্য কোনো সাংস্কৃতিক অনুষ্ঠানত যদি এই হঠাৎ লাচিত–মূলাগাভৰু হোৱা এইসকল প্রতিবাদকাৰীয়ে জাতি আৰু সংস্কৃতিৰ প্রতি ৰাজপথত দেখুওৱা জাতিপ্রেম জীয়াই ৰাখিলেহেঁতেন, তেতিয়া নিশ্চয় অসমীয়া জাতিটোক কোনোবা বহিৰাগতই সংকট আনিব পাৰিব বুলি ভবাৰ থল নাথাকিলহেঁতেন৷ ড০ ভূপেন হাজৰিকাৰ বহুকেইটা গীতেৰে আন্দোলনস্থলী মুখৰ হৈ থাকে৷ কিন্তু এইজনা সুধাকণ্ঠই অসমৰ যুৱপ্রজন্মক কর্মৰ মাধ্যমেৰে আত্মনির্ভৰশীল হ’বলৈ ‘অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই’ লিখা নাছিলনে? আনকি প্রতীকী অর্থত ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই অটোৰিক্সা চলাইছিল৷ এই গীতটো কিমানে আওৰাব শিকিছে৷ এতিয়া অটোৰিক্সা বা বৈদ্যুতিক ৰিক্সা অসমীয়া যুৱকৰ হাতত আছেনে? অম্বিকাগিৰীৰ কথাৰে জাতিক উদ্বুদ্ধ কৰিব বিচৰা আন্দোলনৰ নেতৃত্বই কিয় পাহৰি যায় যে সেইগৰাকী অম্বিকাগিৰীয়ে কৈছিল– ‘জাতিক বচাবলৈ পথাৰ আৰু বজাৰ নিজৰ হাতত ৰাখিব লাগিব৷’ পাঁচটা দশক ধৰি জাতিটোক মাত্র আন্দোলনৰ মাধ্যমেৰে অস্তিত্ব ৰক্ষাৰ সপোন দেখুৱাই অহা নেতাসকলে কেতিয়াবা অম্বিকাগিৰীৰ এইষাৰ কথা অনুভৱ কৰি মাত্র এদিনৰ বাবে হ’লেও জাতিৰ ভৱিষ্যৎ চিন্তা কৰিছেনে? আছেনেবাৰু আমাৰ পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত? যদিও কিছুমান অসমীয়াই অর্থনৈতিক স্বাভিমান জীয়াই ৰাখিব বিচাৰিছে, তেওঁলোকক আন্দোলন, বন্ধ আৰু চান্দাৰে হাৰাশাস্তি কৰা এইসকলেই বাৰু ৰাজপথৰ হঠাৎ জাতিপ্রেমী নহয়নে? কৃষকৰ নামত থকা সংগঠনে মিডিয়াকেন্দ্রিক ভূঁই ৰোৱা উৎসৱবা থলুৱাবজাৰ প্রদর্শন কৰাৰ বাহিৰে কৃষকৰ সমস্যাৰ লগত একাত্ম হোৱা নাই অথবা কৃষক নির্মাণত কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ হ’বনো ক’ৰ পৰা, আন্দোলনৰ খেতিৰ পৰা আহৰি পালেহে৷ আমাৰ বজাৰ আৰু পথাৰ খিলঞ্জীয়াৰ বাহিৰত৷ ৰাজনৈতিক অজুহাতত যিদৰে শত–সহস্র জনতাই বছৰৰ পাছত বছৰ ধৰি ৰাজপথত ৰজনজনাই আহিছে, সেয়া যদি অসমৰ পথাৰ আৰুবজাৰ ৰক্ষাৰ বাবেও হ’লহেঁতেন, তেতিয়া জাতি আৰু ভেটি নিশ্চিতভাৱে সুৰক্ষিত হ’লহেঁতেন আৰু কোনো বহিৰাগতৰ বাবে আমাৰ অস্তিত্বৰ সংকট নহ’লহেঁতেন৷ অৱশ্যে বজাৰ আৰু পথাৰ টনকিয়াল হ’লে এনে আন্দোলনৰ নেতৃত্বৰ অৱশ্যেই অস্তিত্বৰ সংকট আহিব৷ হয়তো সেইবাবেও এনে সোণালী দিন আমি দেখিবলৈ পোৱা নাই৷ সেইদৰে ভাষাও আমাৰ নিজৰ মানুহৰ অনীহা, হীনমন্যতা আৰু ষডযন্ত্রত ধ্বংসৰ গৰাহত গৈছে৷ প্রণিধানযোগ্য যে ১৯৯১ চনৰ লোকপিয়ল মতে অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৫৭ শতাংশ আৰু ২০১১ চনত এই সংখ্যা হ’লগৈ ৪৮ শতাংশ৷ এতিয়া বিশ বছৰত প্রায় দহ শতাংশ অসমীয়াভাষী কমি যোৱাৰ কাৰণ নিশ্চিতভাৱে আমি, নাগৰিকত্ব সংশোধনী আইন নহয়৷ মাত্র আন্দোলন আৰু উৎসৱৰ মাজেদি জাতি এটাই স্বকীয়ভাৱে জীয়াই থাকিব যে নোৱাৰে, সেয়া ইতিহাসৰ পাতেবাৰেবাৰে সোঁৱৰাই দিয়ে৷
নাগৰিকত্ব সংশোধনী আইনখন বর্তমান কেন্দ্রৰ বিজেপি চৰকাৰৰ নির্বাচনী ইস্তাহাৰৰ এক অন্যতম কার্যসূচী আছিল৷ তাৰ পাছতো অসমৰ জনগণে পূর্বতকৈ অধিক আসনেৰে বিজয় দিয়াৰ লগতে পঞ্চায়ত নির্বাচনতো এই বিধেয়কৰ কথা জানিও গ্রামাঞ্চলৰ মানুহে অধিক প্রত্যাশাৰে গেৰুৱা দলটোক নির্বাচিত কৰিছিল৷ তেনেহ’লে সদনত উত্থাপিত হোৱাৰ আগলৈকে অথবা লোকসভা আৰু পঞ্চায়ত নির্বাচনৰ সময়ত বিধেয়কখনৰ বিৰুদ্ধে প্রতিবাদ নহ’ল কিয়? নির্বাচনী ইস্তাহাৰত প্রকাশ কৰা বিষয় এটা স্পষ্ট জনাদেশ পোৱাৰ পাছত সকলো ৰাজনৈতিক দলে কার্যক্ষম কৰি তুলিব৷ সদনৰ সংখ্যাগৰিষ্ঠতাই বিধেয়ক এখনক আইনত পৰিণত কৰাৰ বাট প্রশস্ত কৰে৷ এয়া চৰকাৰী পক্ষৰ সাংবিধানিক অধিকাৰ৷ আইনক বাতিল কৰাৰ ক্ষমতা মাত্র উচ্চতম ন্যায়ালয়ৰ৷ তেনেহ’লে আকৌ হাজাৰজনক মূর্খ সজাই ৰাজপথত প্রত্যেকে নিজৰ অস্তিত্ব প্রকাশৰ নাটকখন কৰাৰ আঁৰত ৰহস্য নাইনে? যিদৰে ১৯৮৩ চনত তদানীন্তন কংগ্রেছ চৰকাৰে আই এম ডি টি আইন প্রণয়ন কৰিছিল, তাকো মাত্র অসমৰ বাবে৷ তেতিয়া অৱশ্যে অত্যধিক বিদেশী জাপি দিয়াৰ চক্রান্ত হিচাপে অসমত বিক্ষোভৰ জুই জ্ব্বলিছিলবুলি ইতিহাসৰ কোনো পৃষ্ঠাত পঢ়িবলৈ পোৱা নাযায়৷ অতি আশ্চর্যজনকভাৱে সেই সময়ত বিদেশী বহিষ্কাৰ আন্দোলনে দেশৰ ৰাজনৈতিক প্রেক্ষাপট কঁপাই আছিল৷ গতিকে একে সময়তে বিদেশীক স্বদেশী সজোৱা আইনখনৰ কিয় বিৰোধিতা নহ’ল, সেয়াও এতিয়াৰ প্রজন্মৰ বাবে এটা মাত্র প্রশ্ণবোধক৷
বিধেয়কখনত স্পষ্টভাৱে সময়সীমা নির্ধাৰণ কৰা হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰত৷ এয়া সকলোৰে জ্ঞাত৷ তাৰ পাছতো এনেভাৱে প্রৰোচিত কৰা হ’ল যে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী মানুহে সীমাৰ তাঁৰকাঁটাত ধৰি ৰৈ আছে আৰু বিধেয়কখন সদনত গৃহীত হোৱাৰ পাছতেই তাঁৰকাঁটা ডাঙি তেওঁলোকে মহাভাৰতৰ সৈন্যৰ দৰে দৌৰি সোমাই আহিব আৰু ‘আক্রমণ’বুলি কৈ অসমীয়াৰ ঘৰ–মাটি, ভাষা–সংস্কৃতি সকলো চূৰমাৰ কৰি বাঙালী সাম্রাজ্য গঠন কৰিব৷ এয়া মাত্র ৰাজনৈতিক প্রৰোচনা নাছিল৷ অসমৰ বৌদ্ধিক সমাজৰ বিদ্বৎ মহলেও একাংশ ৰাইজক এনেভাৱে প্রৰোচিত কৰিলে আৰু এই উদ্দেশ্য সফল হ’ল৷ অৱশ্যে ৰাজ্য চৰকাৰৰ প্রচাৰ আৰু জনসম্পর্কৰ বাবে এটা স্বতন্ত্র বিয়াগোম বিভাগ থকাৰ পাছতো বিধেয়কখনৰ বিষয়ে এখিলা কাগজো খৰচ নকৰিলে৷ এয়াও এক ৰহস্যৰ বিষয়৷ ৰাজনৈতিক স্বার্থ সিদ্ধি কৰিবলৈ দলসমূহে এনে নিকৃষ্টতাৰ প্রশ্রয় লোৱাটো ডাঙৰ কথা নহয়৷ যিহেতু ৰাজনীতিক ‘চয়তানৰ শেষ আশ্রয়স্থল’বুলি কোৱা হয়৷ কিন্তু সমাজৰ বিদ্বান মহলেও যেতিয়া এনে অপপ্রচাৰত হাত উজান দিয়ে, তেতিয়া জাতিৰ অস্তিত্ব সঁচাকৈয়ে সংকটাপন্ন হয়৷বহুজনে কোৱাৰ দৰেই নাগৰিকত্ব সংশোধনী বিধেয়কখন (বর্তমান আইন) সঁচাকৈয়ে অসমৰ অস্তিত্বৰ সংকটৰ আগজাননী নেকি? ৰাজনৈতিক স্বার্থত বিজেপিয়ে মিছা মাতিবও পাৰে৷ দলটো যিহেতু ৰাষ্ট্রীয় বা দিল্লীকেন্দ্রিক, গতিকে অসমৰ সুৰক্ষাৰ ক্ষেত্রত বিজেপিয়ে আপোচ কৰি নিজৰ ভৱিষ্যতৰ ভেটি মজবুত কৰাৰ অভিসন্ধিও কৰিব পাৰে৷ কিন্তু প্রায় তিনি দশক আগতেই অসমৰ সমাজ জীৱনৰ প্রজ্ঞাগুৰু ড০ হীৰেন গোহঁাইদেৱে বাংলাদেশৰ হিন্দু নাগৰিকক ভাৰতত সংস্থাপন কৰাৰ বাবে চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছিল৷ ১৯৯২ চনৰ ১২ জুলাইত ‘আজিৰ অসম’ কাকতৰ ‘প্রসংগক্রমে’ নামৰ ব্যক্তিগত শিতানটোত ড০ হীৰেন গোহঁায়ে লিখিছিল এইদৰে– ‘বাংলাদেশৰ হিন্দু জনসংখ্যাৰ নিৰাপত্তা আদিৰ আংশিক দায়িত্ব ভাৰত চৰকাৰৰ৷ এইটো কোনো ধর্মীয় সাম্প্রদায়িকতাৰ কথা নহয়৷ ধর্মৰ ভিত্তিত দেশ বিভাজন মানি লোৱাৰ পাছত হয় ভাৰতে পূর্ব পাকিস্তানৰ সংখ্যালঘুসকলক ভাৰতত স্থান দিব লাগিব, নহয় নিৰাপত্তা দিবলৈ সেই চৰকাৰক বাধ্য কৰাব লাগিব৷ ১৯৭২ চনতবাংলাদেশৰ লগত হোৱা চুক্তিৰ ভিত্তিতো তেনে হেঁচা ভাৰতে আজিও প্রয়োগ কৰিব পাৰে৷ যদি কিবা কাৰণত ভাৰত চৰকাৰে সেই দায়িত্ব ল’ব নোখোজে, তেন্তে বাংলাদেশী হিন্দুৰ দায়িত্ব ভাৰতৰ সকলো ৰাজ্যৰ মাজত সমানে ভগাই দিব লাগিব৷ কিন্তু এই দায়িত্ব এৰাব নোৱাৰে৷’ অথচ এইজন ব্যক্তিৰ অধিনায়কত্বতে এতিয়া অসমত চলিছে নাগৰিকত্ব সংশোধনী আইনৰ বৌদ্ধিক প্রতিবাদ৷
মাত্র ড০ হীৰেন গোহঁায়েনে? অসমত অতি সোনকালে এখন মুছলিম ৰাষ্ট্র প্রতিষ্ঠাৰ ষডযন্ত্র হৈছে বুলি উল্লেখ কৰিছিল সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ ২০০৪ চনত অসমীয়া প্রতিদিন কাকতত দিয়া এক দীঘলীয়া সাক্ষাৎকাৰত আছুৰ উপদেষ্টাগৰাকীয়ে এই কথা প্রকাশ কৰিছিল যে বাংলাদেশৰ পৰা অবিৰতভাৱে চলি থকা অবৈধ প্রব্রজনত অসমীয়া জাতিৰ কৃষ্টি–সংস্কৃতি ধ্বংসৰ গৰাহত পৰিব আৰু এইসকলে অসমৰ আর্থ–সামাজিক, ৰাজনৈতিক আৰু ভৌগোলিক দিশত কুঠাৰাঘাত কৰিব৷ জাতীয় অৱক্ষয় নামি আহিছে৷ সেইজন নেতাই এতিয়া উদাত্ত কণ্ঠে বজ্রনিনাদ কৰি কয় যে এই বিধেয়কেহে এতিয়া অসমীয়া খিলঞ্জীয়াৰ পৰিচয় নোহোৱা কৰিব৷ একেদৰে এই আন্দোলনৰ নেতৃত্ব লোৱা আন এক সংবাদ মাধ্যম ‘অসমীয়া প্রতিদিন’ চেনেলটোৱে ২০১৫ চনত বাংলাদেশলৈ সাংবাদিক পঠিয়াই বাতৰি যুগুত কৰিছিল যে সেই দেশত থকা অসমীয়া জনজাতিবোৰৰ মানুহে অতি সংশয়ত জীৱন কটাইছে৷ তেওঁলোকে অসমলৈ আহিবলৈ ইচ্ছা কৰে আৰু ভাৰত চৰকাৰেও এইসকল লোকক সংস্থাপনৰ দিহা কৰিব লাগে৷ এতিয়া এইসকলেই অসমৰ মানুহক প্রৰোচনা কৰিছে যে এই আইনৰ ফলত অসমত অসমীয়া জাতি–মাটি–ভাষা বিলুপ্ত হ’ব৷ মিথ্যাচাৰৰো এটা সীমা থকা উচিত৷ তাকো সমাজক দিক্ দেখুৱাই দিয়া বৌদ্ধিক জগতখনৰ৷ সকলো এনেভাৱে সংযুক্ত হোৱা নাইতো– ‘কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে৷’
অসমত এতিয়া মূলাগাভৰু আৰু লাচিত বৰফুকন হোৱাৰ প্রতিযোগিতা চলিছে৷ লগতে তেওঁলোকে নিজেই প্রতিপক্ষক সজাইছে বদন বৰফুকন৷ যেন নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু দর্শক এজনেই৷ প্রবচন মাতোতে পাহৰি গ’ল যে পূর্ণানন্দ বুঢ়াগোহঁাইৰ ৰাজনৈতিক ষডযন্ত্রৰ পৰা দেশক উদ্ধাৰ কৰাৰ স্বার্থতহে বদনবৰফুকনে মান সৈন্যৰ সহায় ল’বলৈ বাধ্য হৈছিল৷ তেনেহ’লে বর্তমানৰ পূর্ণানন্দ বুঢ়াগোহঁাইৰ অভিনয় কোনে কৰি আছে? অৱশ্যে বর্তমান অসমৰ বাবে অর্থনৈতিক স্বাধীনতাৰ বাবে যুঁজ দি শ্বহীদ হোৱা মণিৰাম দেৱানৰ চৰিত্রটোৰ বৰকৈ প্রয়োজন৷ বদনৰ বিষয়ে বাৰুকৈয়ে উল্লেখ কৰি থকা স্বঘোষিত লাচিত–মূলাই অৱশ্যে কেতিয়াও চৈয়দ ছাদ্দুল্লাৰ নাম উল্লেখ নকৰে৷ বংগৰ পৰা কেইবালাখ মুছলমান আনি অসমকো পূর্ববংগৰ লগত চামিল কৰাৰ অসমৰ ইতিহাসৰ সবাতোকৈ জাতিধ্বংসী ষডযন্ত্র ৰচিছিল এইজন ছাদ্দুল্লাই৷ এয়াও চাগে’ ধর্মনিৰপেক্ষতাৰ নীতি৷ সময় সমাগত৷ আজিৰ অসমীয়াই নিজৰ কোন চিনি লওক৷ নহ’লে ভূপেনদাৰ সুৰতে ক’ব লাগিব– ‘আজিৰ অসমীয়াই/নিজক নিচিনিলে/অসম ৰসাতলে যাব৷’
লেখক- প্ৰাঞ্জল মজুমদাৰ
ফোনঃ ৯৪৩৫০–২৮৩৭৫