নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীৰ সামাজিক অৱস্থান

  • অনুস্মিতা চৌধুৰী

‘নাৰী’– দুটা বর্ণৰ এই শব্দটোৱে বহন কৰে গভীৰ তাৎপর্য তথা বিশেষ মহত্ত্ব৷ নাৰী ত্যাগৰ প্রতিমূর্তি, মমতাৰ অধিকাৰিণী হোৱাৰ লগতে নাৰী এখন ঘৰ বা পৰিয়ালৰ সুখ–শান্তি–সমৃদ্ধিৰ গৰাকী৷ নাৰীক নানা ৰূপেৰে বিভূষিত কৰা হয়৷ নাৰী– অনন্যা, মহীয়সী, মমতাময়ী, ত্যাগময়ী, শক্তিদায়িনী, সভ্যতাৰ ভূষণ ৷

‘নাৰী’ সৃষ্টিকর্তাৰ এক অনুপম অৱদান৷ নাৰী সহনশীল আৰু নমনীয়৷ সংসাৰ যাত্রাত বিভিন্ন ৰূপত, বিভিন্ন পদক্ষেপত নাৰীৰ ভূমিকা তুলনাবিহীন৷ জী, ভগ্ণী, সখী, পত্নী, বধু, মাতৃ– আদি এগৰাকী প্রকৃতিস্বৰূপা নাৰীৰেই জীৱন পৰিক্রমাৰ ৰূপান্তৰ৷ ‘নাৰী’ অবিহনে পুৰুষ জীৱন পূর্ণ নহয়৷ নাৰী–পুৰুষ উভয়ৰ অৱদানতেই প্রৱহমান সৃষ্টি প্রক্রিয়া৷ পৰস্পৰৰ সহযোগিতা, সহমর্মিতা অবিহনে সংসাৰ হৈ পৰে নিঃসাৰ, নিষ্প্রাণ৷ নাৰী–পুৰুষ পৰস্পৰৰ প্রেৰণাৰ উৎস৷ ‘নাৰী’ হৈছে উৎপাদিকা শক্তি, যাক মানুহে প্রকৃতি বুলি কয়৷ ইংৰাজীত কোৱা হয়–’Man is product by Nature.’

ভাৰতীয় পৰম্পৰাত নাৰী দেৱীস্বৰূপা৷ জগতৰ সকলো নাৰী দেৱীসকলৰ অংশস্বৰূপা৷ যিগৰাকী দেৱী মমতাময়ী, কৰুণাময়ী, প্রয়োজনত সেই নাৰীগৰাকীয়েই সংহাৰকাৰিণী হৈ পৰে৷ যেতিয়াই অন্যায়, অনুচিত আদিৰ বিৰুদ্ধে নাৰী শক্তি জাগি উঠে, তেতিয়াই কুসুমকোমল নাৰীগৰাকী হৈ পৰে বজ্রহূদয়া৷
মহাকবি কালিদাস, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নাটকত নাৰীক নায়িকা হিচাপে আখ্যা দিয়া হৈছে৷ ঠিক তেনেদৰে জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকসমূহত সামাজিকতা, অন্ধবিশ্বাস, কু–সংস্কাৰ আৰু নাৰীৰ মহীয়সী ৰূপ তথা সক্রিয়তাৰ প্রতি লক্ষ্য ৰাখি নাৰীক প্রধান চৰিত্র হিচাপে বিবেচিত কৰিছে৷ তেওঁ নাটকসমূহত নাৰীক পুৰুষতকৈ সক্রিয় কৰি গঢ়ি তুলিছে৷ প্রতিগৰাকী নাৰীৰ অন্তৰ প্রেম–প্রীতি, ভালপোৱাৰ উমেৰে উমাল হৈ থাকিলেও হূদয়ত লুকাই থকা দুখ–বেদনা, আশা–আকাংক্ষাৰ যি কৰুণ বোজা, সমাজৰ স’তে নাৰী হূদয়ৰ যি চিৰন্তন দ্বন্দ্ব, তাক যেন তেওঁ প্রতি ক্ষণে অনুভৱ কৰিছে৷ তেওঁ নাৰীক শক্তি ৰূপত অধিষ্ঠিত কৰিছে৷ নাৰীৰ প্রেম, ঈর্ষা, প্রতিশোধ, আত্মবলিদান আদিৰ দৰে মানৱীয় দোষ–গুণৰ মাজেৰে জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকসমূহত প্রতিগৰাকী নাৰীকেই অনন্য ৰূপত দাঙি ধৰিছে৷
অতি প্রাচীন কালৰ পৰাই ভাৰতত নাৰীৰ স্থান উচ্চ আছিল আৰু বর্তমানো আছে যদিও নাৰীক অবলা বা দুর্বলা হিচাপে অভিহিত কৰি আহিছে৷ নাৰীক সকলো প্রকাৰে অৱদমিত কৰা হৈছিল যদিও নাৰীয়ে নিজৰ দক্ষতাৰে আত্মপৰিচয় দি আহিছে৷ নাৰী নির্যাতন এটা সামাজিক ব্যাধি, তাক যুগে যুগে সকলো ক্ষেত্রতে প্রতিপন্ন কৰি আহিছে৷ ত্রেতা যুগত বাল্মীকিৰ ৰামায়ণত সীতাক অগ্ণিপৰীক্ষা কৰিছিল ৰামে মনোতুষ্টিৰ বাবে৷ দ্বাপৰ যুগত মহাভাৰততো দেখা যায় দ্রৌপদীক ৰাজসভাত বস্ত্রহৰণ কৰি পিতামহৰ চকুৰ আগতেই চৰম অৱমাননা কৰা হৈছিল৷
এইবোৰ মহাকাব্যৰ কথা৷ আর্যসকলৰ দিনতো বিদুষী মহিলাৰ জন্ম হৈছিল৷ লীলাৱতীয়ে তর্ক শাস্ত্রত, গার্গীয়ে অংক শাস্ত্রত, খনাই জ্যোতিষ শাস্ত্রত বিশেষ পাৰদর্শিতা দেখুৱাইছিল৷ পণ্ডিত মনু নাৰীবিৰোধী আছিল৷ তেওঁ লিখা মনুসংহিতাত নাৰী চৰিত্রটিক কেৱল দাসী হিচাপেহে বর্ণনা কৰিছিল৷ নাৰীয়ে কোনো সম্পত্তিৰ ভাগ পাব নোৱাৰে৷ কিন্তু সেই নাৰীয়েই আর্য সমাজত সমানে খেতি–বাতি কৰি ঘৰ–সংসাৰ চলাই স্ত্রী শিক্ষাৰ প্রচলন নথকা সত্ত্বেও বহু বিষয়ত ব্যুৎপত্তি লাভ কৰিছিল৷ দেখা যায় নাৰী যুগে যুগে লাঞ্ছিতা, বঞ্চিতা আৰু নির্যাতিতা৷ নাৰী জীৱনটো মধুৰতাৰ পৰা সৰলতালৈ পর্যবসিত বহুক্ষেত্রতে৷ জন্মৰ পৰাই নাৰী অৱহেলিত৷ শাস্ত্রত দশপুত্র, সমকন্যাৰ কথা লিখা থাকিলেও বাস্তৱত সেই সুবিচাৰ পোৱা দেখা নাযায়৷ বহু পিতৃ–মাতৃয়ে শিক্ষা–দীক্ষাৰ ক্ষেত্রতো ছোৱালীতকৈ ল’ৰাকহে বেছি গুৰুত্ব দিয়ে৷ তাৰ ভিতৰতো বহুতো ছোৱালীয়ে শিক্ষাৰ জগতত নিজকে আগবঢ়াই নি নিজৰ দায়িত্ব বহন কৰিবলৈ সমর্থ হৈছে যদিও বিভিন্ন ধৰণে সাংসাৰিক–সামাজিক আদি নির্যাতনৰ পৰা হাত সাৰিব পৰা নাই৷
নাৰী নির্যাতন সমাজৰ ঘৰে–বাহিৰে৷ বাতৰিকাকত মেলিলেই নাৰী নির্যাতন, যৌতুকৰ বাবে বোৱাৰী হত্যাৰ চাঞ্চল্যকৰ বাতৰি দেখা যায়৷ নাৰী নির্যাতন আৰু উচ্ছৃংখলতা হ’ল সামাজিক অৱক্ষয় তথা ক্ষয়শীল সমাজৰ মুখ্য লক্ষণ৷ পৃথিৱীত নাৰীৰ প্রগতি হৈছে৷ কিন্তু নাৰী নির্যাতন এতিয়ালৈকে ৰোধ কৰিব পৰা নাই৷ আজি কিছু বছৰ ধৰি আমাৰ সমাজত গা কৰি উঠা বোৱাৰী হত্যা, নাৰী ধর্ষণ, নাৰীক অশালীন ব্যৱহাৰ আদিৰে মানুহৰ মূল্যবোধক কলুষিত কৰি তুলিছে৷ দৈনিক ক্রমবর্ধমান হাৰত নাৰী নির্যাতনৰ ঘটনাবোৰ ঘটি আছে৷ অভাৱ–নাটন, অন্ধবিশ্বাস, কু–সংস্কাৰৰ বলি হৈছে ‘নাৰী’৷ আজিৰ সমাজ ব্যৱস্থাত বিদ্যমান চৰম অর্থনৈতিক তথা সামাজিক বৈষম্যতাৰ চিকাৰ হৈছে ‘নাৰী’৷ পুৰুষৰ মানসিক দৈন্যই নাৰীক প্রেমৰ সলনি শাৰীৰিক অপমান তথা পাশৱিক অত্যাচাৰৰ চিকাৰ বনাইছে৷ আনহাতে বর্তমান সমাজত ধর্ষণ এক সামাজিক ব্যাধি ৰূপত দেখা দিছে৷ যিমানেই আদালত হৈছে সিমানে নির্যাতন বাঢ়িছেহে৷
প্রতিবাৰ বুকু কঁপাই যোৱা ধর্ষণৰ পাছতে প্রতিবাদৰ ঢ়ৌ উঠে, দোষীসকলৰ শাস্তিৰ দাবীত শোভাযাত্রা উলিয়ায়৷ কাগজে–পত্রই নাৰী মর্যাদাৰ ওপৰত বিভিন্ন লেখাও প্রকাশ পায় যদিও নাৰীয়ে সম্পূর্ণৰূপে অধিকাৰ তথা সন্মান জানো পাইছে ধর্ষণৰ বলি অকল ফুলকুমলীয়া কন্যা বা যুৱতীয়ে নহয়, যাৰ পৰা বহু তিৰোতা বা শিক্ষয়িত্রীও হাত সাৰিব পৰা নাই৷ যৌতুকৰ বাবে বোৱাৰী হত্যা বা জীৱন্তে জ্বলাই দিয়াৰ ঘটনা আজিৰ যুগত কম নহয়৷
প্রাতঃস্মৰণীয় ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে বিধৱা বিবাহ প্রচলন, বাল্য বিবাহ প্রথা আৰু সতীদাহ প্রথা বন্ধ কৰিছিল৷ তাৰ পাছৰ পৰাই বাল্য বিবাহ আৰু সতীদাহ প্রথা বন্ধ হৈছে যদিও আজিও আমাৰ সমাজত এজন বৰলা মানুহে যিকোনো ছোৱালীক বিয়া কৰাব পাৰে৷ কিন্তু বিধৱা এগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱাটো একেখন সমাজে সহজভাৱে গ্রহণ নকৰে৷ সেইদৰে এজন পুৰুষ কোনো নাৰীৰ লগত কেলেংকাৰিত জড়িত হ’লে পুৰুষজনক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগে৷ কিন্তু গাভৰু এগৰাকী কেনেবাকৈ পতিতা হ’লে, সেই গাভৰুগৰাকীক সমাজে সামাজিকভাৱে বর্জন কৰিবলৈ উঠিপৰি লাগে৷ মুঠৰ ওপৰত নাৰীসকল সামাজিকভাৱে উপেক্ষিত হৈয়ে আছে৷ বহুক্ষেত্রত নাৰীৰ দ্বাৰাও নাৰী শোষিত আৰু লাঞ্ছিত হোৱাৰ উদাহৰণ পোৱা যায়৷ যৌতুকৰ বাবে বহু শাহু–ননদে নিজৰ বোৱাৰীৰ ওপৰত অত্যাচাৰ চলাই আহিছে৷ গতিকে ই স্বীকার্য যে নাৰী নাৰীৰ দ্বাৰাও শোষিত আৰু লাঞ্ছিত৷
নাৰীয়ে সৰুতে পিতৃৰ অধীন, যৌৱনত স্বামীৰ অধীন আৰু বৃদ্ধকালত পুত্রৰ অধীন বুলি থকা প্রবাদ বাক্যশাৰী সকলোতে প্রযোজ্য নহ’লেও ইয়াৰ পৰা হাত সাৰি থাকিব পৰা নাই৷ ইমান বাধাৰ মাজতো বহু নাৰীয়ে অৱশ্যে নিজৰ জীৱনৰ স্থিতি সলনি কৰি নির্যাতনক প্রত্যাহ্বান ৰূপে গ্রহণ কৰিছে৷ বহু পুৰুষে নাৰীক ভোগ আৰু লালসাৰ সামগ্রী হিচাপে ভাবিলে তাৰ প্রত্যুত্তৰ বহুতে যুগে যুগে দিছে৷ নাৰীয়ে পৃথিৱীৰ বিপ্লৱ, আন্দোলন, যুদ্ধ সকলোতে পুৰুষৰ সমানে যোগদান কৰি আহিছে৷ কোনো দেশেই নাৰীক বাদ দি কোনো ৰাজনীতি অথবা গৃহকর্মতো অকলে সফলতা লাভ কৰিব পৰা নাই৷ ভাৰতৰ স্বাধীনতা আন্দোলনত সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, অসমৰ কনকলতা আদিয়ে নিজৰ জীৱন আহুতি দি গৈছে৷ সি নাৰীৰ বাবে এক উজ্জ্বল আদর্শস্বৰূপ৷
আধুনিক সমাজত নাৰী সাংসাৰিক, সামাজিক, ৰাজনৈতিক আদি দিশৰ লগতে ক্রীড়া আৰু চলচ্চিত্র নির্মাণ জগতত নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ আজিৰ নাৰী স্বাধীনমনা, স্বাধীনতাপ্রিয়৷ যি পুৰুষৰ সমানেই আধুনিক পৃথিৱীত মূৰ দাঙি থিয় হ’বলৈ সক্ষম হৈছে৷ কিন্তু একে সময়তে আধুনিকতাৰ নামত সমাজৰ আন এচাম নাৰীৰ মাজত গঢ়ি উঠা বিকৃত ৰুচিবোধকো নুই কৰিব নোৱাৰি৷ বর্তমান এচাম অত্যাধুনিক নাৰীৰ বাবে ‘আধুনিকতা’ৰ সংজ্ঞা হৈছে পশ্চিমীয়া সাজপাৰৰ লগতে পশ্চিমীয়া আদব–কায়দাৰ অন্ধ অনুকৰণ৷ অত্যাধুনিকতাৰ ভুল সংজ্ঞাৰে পৰিচালিত হৈ এই নাৰীসকলে আধুনিকতা, মুক্তমনা হ’বলৈ গৈ নিজৰ নাৰীত্বকে পদে পদে লাঞ্ছিত কৰিছে৷ অশোভনীয় সাজ–পোছাকে মানুহক আধুনিক কৰিব নোৱাৰে৷ আধুনিকতা প্রকাশিত হয় আধুনিক চিন্তাধাৰা আৰু বিচাৰ–বিবেচনাৰ মাজেৰে৷ নাৰীয়ে নাৰী হিচাপে নিজৰ মৌলিক গুণ তথা অধিকাৰসমূহক জলাঞ্জলি নিদিয়াকৈ ভাল দিশটোক আঁকোৱালি ল’লেহে নতুন প্রজন্মক নতুন চিন্তাৰে গঢ় দি এখন সুস্থ সমাজ গঢ় দিব পাৰিব৷
ভাৰতীয় সংবিধানৰ চতুর্থ অধ্যায়ত সন্নিৱিষ্ট ভাৰতীয় নাগৰিকৰ ১০টা মৌলিক কর্তব্যৰ (বর্তমান ১১টা) অন্যতম হ’ল– নাৰীৰ প্রতি অসন্মানজনক আচৰণ পৰিহাৰ কৰা৷ এই কর্তব্য পালনৰ প্রতি আমাৰ সমাজৰ ধনী–দুখীয়া, জাতি–কুল নির্বিশেষে সকলোৱে নিজ সন্মান তথা অধিকাৰ সম্পর্কে সজাগ হৈ সমাজত নাৰীৰ ওপৰত চলি থকা অন্যায়–ত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব৷ এইক্ষেত্রত শিক্ষিতা মহিলাসকলে আগভাগ লৈ ঐক্যবদ্ধ চিন্তাশীল প্রচেষ্টাৰ জৰিয়তে নাৰীৰ সন্মানৰ প্রতি সমাজক সজাগ কৰিব লাগিব৷ সেয়া নহ’লে নাৰীৰ উদাসীনতাৰ সুযোগ লৈ দুষৃকতিকাৰীৰ দ্বাৰা যৌতুকৰ বাবে নাৰী হত্যা, দলবদ্ধ ধর্ষণ এই অসামাজিক কামবোৰ চলিয়ে থাকিব আৰু আন্দোলন, প্রতিবাদী কার্যসূচী, নাৰী মর্যাদাৰ ওপৰত লেখা বাতৰিকাকতত প্রকাশিত হৈয়ে থাকিব৷

You might also like