২০১৯ চনত দক্ষিণ আফ্রিকাৰ জুজিবিনি টুনজিয়েMiss Universeৰ খিতাপ দখল কৰিছিল৷ কৃষ্ণাংগ টুনজিৰ স্পষ্টবাদিতাই তেওঁৰ দেশৰ বহুতো গাভৰুক নিজৰ ৰং, ভাষা, শিক্ষাৰ হীনমন্যতাৰ পৰা উদ্ধাৰ কৰিছিল৷ টুনজিয়ে প্রশ্ণ–উত্তৰ শিতানত কৈছিল– ‘আজি যদি মোৰ দেশৰ গাভৰু–জীয়ৰীয়ে শিকিবলগা কিবা আছে সেয়া হৈছে নেতৃত্ব৷’
আজিৰ তাৰিখত নাৰী অধিকাৰ, নাৰী সমতা, নাৰী সবলীকৰণৰ হাজাৰ ভাষণ, হাত চাপৰি, অনুদান, ৰেহাই দেখি–শুনি টুনজিৰ কথাষাৰৰ তাৎপর্য বুজিবলৈ সহজ৷ সমাজ খৰকৈ আগুৱাইছে৷ পুৰুষ–নাৰীয়ে একেই জোৰত শিক্ষাও লাভ কৰিছে৷ কিন্তু নেতৃত্বৰ প্রশ্ণ উঠিলেই, সিদ্ধান্ত গ্রহণৰ দাবী জন্মিলেই নাৰী দুখোজ পিছুৱাই আছে পুৰুষতকৈ৷
নাৰীৰ সম–ধিকাৰৰ প্রশ্ণ উদ্যোগীকৰণৰ বিকাশৰ পৰাই আৰম্ভ হোৱা৷ উদ্যোগীকৰণে কেৱল উৎপাদনৰ বাবে নতুন যন্ত্রপাতি, বজাৰ, বজাৰক কেন্দ্র কৰি গঢ়ি উঠা চহৰৰে জন্ম দিয়া নাছিল৷ তাৰ সমান্তৰালভাৱে পশ্চিম ইউৰোপৰ সমাজ ব্যৱস্থাত ৰাজনীতি আৰু সমাজক লৈ নতুন নতুন বিষয় আলোচনা হৈছিল৷ তাৰ প্রভাৱ পৰিছিল পৰিয়ালৰ ভিতৰচ’ৰাত, কর্মস্থলীত, শিক্ষা ব্যৱস্থাত, গণতান্ত্রিক নির্বাচনৰ অংকতো৷ তাৰেই পৰিপ্রেক্ষিতত ১৯০৮ চনত ১৫,০০০ মহিলাই নিউয়র্ক চহৰলৈ সমান মজুৰি আৰু ভোটদানৰ অধিকাৰ বিচাৰি সমদলত অংশগ্রহণ কৰিছিল৷ বিশ্ব ইতিহাসত সেয়া আছিল নাৰীৰ প্রথম আনুষ্ঠানিক বিক্ষোভ৷ এই বিক্ষোভে সমগ্র দেশখনক এনেকৈ জোকাৰি গৈছিল যে ২৮ ফেব্রুৱাৰী দিনটোক মহিলাৰ নামত আমেৰিকা যুক্তৰাষ্ট্রই আন্তঃৰাষ্ট্রীয় মহিলা দিৱস হিচাপে পালন কৰিছিল৷
১৯১০ চনত ডেনমার্কৰ কোপেনহেগেনত আন্তঃৰাষ্ট্রীয় মহিলা শ্রমিকসকলৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়৷ এই সভাই মহিলাসকলৰ মনত এক নতুন বিশ্বাস জগাই তোলে৷ পুৰুষৰ সমান মজুৰি মহিলাসকলৰ অধিকাৰ৷ এই স্পষ্টবাদিতা সেই সময়ৰ ঔদ্যোগিক দেশসমূহত নতুন বিপ্লৱৰ দৰে আছিল৷ উক্ত সভাতে জার্মানীৰ ছ’চিয়েল ডেম’ক্রেটিক পার্টীৰ ক্লাৰা জেবাটিনে প্রথমবাৰৰ বাবে বিশ্বজুৰি এক আন্তঃৰাষ্ট্রীয় নাৰী দিৱস পালনৰ প্রস্তাৱ ৰাজহুৱা কৰে৷ এই প্রস্তাৱে তেতিয়াও অৱশ্যে আফ্রিকা, দক্ষিণ আমেৰিকা তথা এছিয়াৰ বহুতো দেশক চুব পৰা নাছিল৷ আলোচনা–চক্রত উপস্থিত থকা ১৭খন দেশৰ ১০০গৰাকী প্রতিনিধিয়ে এই প্রস্তাৱৰ প্রতি ৰাজহুৱা সন্মতি প্রদান কৰে৷
এই প্রস্তাৱৰ প্রতি আদৰণি জনাই ১৯১১ চনত প্রথমবাৰৰ বাবে অষ্ট্রিয়া, ডেনমার্ক, জার্মানী আৰু ছুইজাৰলেণ্ডত ১৯ মার্চৰ দিনটোক আন্তঃৰাষ্ট্রীয় নাৰী দিৱস হিচাপে পালন কৰা হয়৷ এই দিনটোতে দাবী উত্থাপন কৰা হয় ঘৰৰ বাহিৰত কাম কৰাৰ অধিকাৰ, ভোটদানৰ অধিকাৰ তথা নাৰী–পুৰুষৰ মাজৰ বৈষম্য দূৰ কৰাৰ প্রতি৷ ১৯ মার্চৰ সেই ৰেলীত পুৰুষ–মহিলাই সমানে অংশগ্রহণ কৰে৷ ইমানৰ পিছতো নাৰীক পুৰুষৰ সমানে মজুৰি দিয়াৰ দাবীৰ প্রতি বেছিভাগ নেতৃত্বই আছিল উদাসীন৷ ইয়াৰ ঠিক এসপ্তাহ পিছতেই– আমেৰিকা যুক্তৰাষ্ট্রত ২৫ মার্চত’Triangle Fire’ত ১৪০গৰাকী কর্মৰত মহিলাৰ মৃত্যু হয়৷ এই জুয়ে প্রথমবাৰৰ বাবে কাৰখানাসমূহত কাম কৰাৰ পৰিৱেশক লৈ বিশ্ববাসীৰ মনত প্রশ্ণ জন্মাই তোলে৷ তাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে প্রতিপত্তিশালী দেশো যে নাৰীৰ সুৰক্ষাৰ প্রতি দায়বদ্ধ নহয়, এই কথাও স্পষ্ট হৈ পৰে৷ ইয়াৰ পিছৰ পৰাই মহিলা শ্রমিকসকল আগতকৈও অধিক দৃঢ়তাৰে সংগঠিত হয় আৰু এখন ঐক্যবদ্ধ মঞ্চৰ পৰা মত প্রকাশ কৰাৰ হকে আগবাঢ়ি অহাৰ সাহস কৰে৷ এই সময়ছোৱা বিশ্ব ইতিহাসত আছিল আটাইতকৈ লেখত ল’বলগীয়া সময়৷ প্রথম বিশ্বযুদ্ধৰ প্রভাৱে ইতিমধ্যে দেশবোৰক বেলেগ বেলেগ শিবিৰত ভাগ কৰিছিল৷ ১৯১৪ চনত সমগ্র বিশ্বৰে নাৰী সমাজে যুদ্ধৰ বিৰোধিতা কৰি প্রচাৰ অভিযান চলায়৷ ৮ মার্চ, ১৯১৪ চনত লণ্ডনত এই সূত্রেই এক ৰেলী উলিওৱা হয়৷ এই ৰেলীত মহিলাৰ অৱদমনৰ বিষয়ে উত্থাপন কৰা হয়৷ উক্ত ৰেলীত অংশগ্রহণ কৰিবলৈ বুলি আহি থকা চিলভিয়া পাংখ্রাষ্টক ৰে’ল ষ্টেচনতে গ্রেপ্তাৰ কৰা হয়৷ এই ৰেলীয়ে এটা কথা স্পষ্ট কৰি দিয়ে বিশ্বযুদ্ধৰ সিদ্ধান্ত গ্রহণ কৰাত মহিলাসকলৰ কোনো নেতৃস্থানীয় প্রভাৱ নাই৷ ৮ মার্চৰ এই ঐতিহাসিক দিনটোৱে হাজাৰ অৱদমন আৰু অলেখ শোষণৰ পিছতো মহিলাসকলৰ স্বাভিমান আৰু চেতনাক নতুন ধৰণে উপস্থাপন কৰাৰ সাহস দিয়ে৷ এই বার্তা দেশে দেশে বিয়পিবলৈ আৰম্ভ কৰে৷
দ্বিতীয় বিশ্বযুদ্ধই দেশসমূহৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰি পেলায়৷ তাৰ লগে লগে শাসন ব্যৱস্থাত নাৰীৰ উপস্থিতি প্রয়োজনীয় হৈ পৰে৷ নব্বৈৰ দশকটোত হোৱা বিভিন্ন নাৰী আন্দোলনসমূহে নাৰীৰ প্রতি সমাজৰ দৃষ্টিকোণ সলাবলৈ সক্ষম হয়৷ ১৯৯৬ চনত ৰাষ্ট্রসংঘত’Celebrating the Past, Planning for the Future’ শীর্ষক এক কার্যসূচী আৰম্ভ কৰা হয় য’ত নাৰী দিৱসৰ পাৰ হৈ অহা ইতিহাসে আৰু ভৱিষ্যতৰ কার্যপন্থাই মূল গুৰুত্ব লাভ কৰে৷ ১৯৯৭ চনত মহিলাসকলে পুৰুষৰ সমানে সমানে শান্তি সম্পর্কীয় দাবী জনোৱা আলোচনাসমূহতো অংশগ্রহণ কৰে৷ ১৯৯৯ চনত মানৱ অধিকাৰৰ দাবী উত্থাপন হোৱা বিভিন্ন বিষয়ত মহিলাই স্পষ্টভাৱে নিজৰ মত জাহিৰ কৰে৷ কিন্তু তাৰ পিছতো ‘নাৰীবাদ’ জনপ্রিয় হোৱা নাছিল বিশ্বদৰবাৰত৷ আনকি অন্যান্য বাদ, আদর্শৰ সমান স্তৰত নাৰীবাদক ৰখাও হোৱা নাছিল৷ ২০০১ চনৰ পৰা আন্তঃৰাষ্ট্রীয় নাৰী দিৱসক অর্থপূর্ণভাৱে পালন কৰিবলৈinternationalwomensday.com শীর্ষক এক ৱেবছাইট মুকলি কৰা হয়৷ এই ৱেবছাইটে নাৰী দিৱসৰ তাৎপর্যক উপলব্ধি কৰাত বিভিন্ন দল–সংগঠন, এনজি’সমূহক এক পৰিকাঠামো framework) প্রদান কৰিছে৷ বিগত বছৰত নাৰী সমতা আৰু সবলীকৰণৰ উদ্দেশ্যে প্রতিটো নাৰী দিৱসৰ কেম্পেইনিঙৰ বাবে একোটা থীম ব্যৱহাৰ কৰা হৈছে৷#choosetochallenge, #Eachforequal, #Balanceforbetter, #Pressforprogress, #Beboldyouchange, #Pledgeforparity, #Makeithappen, #Thegenderagenda আদিবোৰ তাৰ ভিতৰত অন্যতম৷
২০১১ চনত আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ ১০০ বছৰ সম্পূর্ণ হয়৷ ২০১১ চনৰ মার্চ মাহটোক ‘মহিলাৰ ঐতিহাসিক মাহ’ হিচাপে পালন কৰা হৈছিল৷ তাৰ পিছতো বিশ্বৰ বিভিন্ন দেশত নাৰীৰ সম–ধিকাৰৰ প্রশ্ণ আজিও উহ্য কিয়? কিয় আজিৰ তাৰিখতো নিজৰ অধিকাৰৰ হকে মাত মাতিলেই এগৰাকী নাৰী আন দহজনৰ দৃষ্টিত অতিৰঞ্জিত হৈ যায়? অথবা কিয় নাৰীৰ হকে মাত মতা পুৰুষকো চোৱা হয় হীনদৃষ্টিৰে? এইসমূহ প্রশ্ণৰ উত্তৰ নাৰীবাদ নুবুজাকৈ দিয়াটো জটিল৷ যদিওবা আমাৰ সমাজ ব্যৱস্থাত নাৰীবাদী বুলিলেই পুৰুষৰ বিপৰীতে থিয় হোৱাগৰাকীকে আঙুলিয়াই দিয়া হয়৷ নাৰীবাদ কেতিয়াও পুৰুষৰ বিপৰীতে কথা কোৱাৰ হকে জন্ম হোৱা নাছিল৷ নাৰীবাদ জন্মই হৈছিল পুৰুষৰ সমানে নাৰীৰ সম–মর্যাদা আৰু সম–ধিকাৰৰ দাবীত৷ নাৰীবাদ কি বুজাৰ বাবে সেয়ে নিজ নিজ সমাজ তথা শ্রেণীৰ পুৰুষতান্ত্রিক ব্যৱস্থাটো বুজাটো অতি জৰুৰী৷
উল্লেখ্য যে পশ্চিমীয়া নাৰীবাদী দৃষ্টিকোণে আমাৰ সমাজখনৰ ভিতৰলৈ সোমোৱাত সহায়হে কৰে৷ এই সমাজত চলি থকা নিয়ম–নীতি, অনুশাসন–আনুগত্যৰ পৰা মুকলি কৰিব নোৱাৰে৷ সেয়ে নাৰীবাদ মানে কেৱল খাদী শাৰী পিন্ধি, চুলি খুৰাই, কাণত দীঘল ইয়েৰিং ওলোমাই দিয়া ফেচবুকৰ আপডেট বা টুইটতে শেষ নহয়৷ ভাৰতৰ প্রেক্ষাপটত নাৰীবাদক চোৱাটো যিদৰে জটিল, ঠিক সেইদৰে আটাইতকৈ প্রয়োজনীয়৷ বিশ্বৰ নাৰীবাদৰ সমান্তৰালভাৱে আমাৰ দেশতো নব্বৈৰ দশকত নাৰীবাদে এক ডাঙৰ ভূমিকা গ্রহণ কৰিছিল৷ দেশত প্রথমটো নাৰীবাদী বতাহ আৰম্ভ হৈছিল নব্বৈ দশকৰ মাজভাগত, যি নাৰী শিক্ষাৰ বিভিন্ন সংস্কাৰক লৈ মুকলিকৈ দাবী উত্থাপন কৰিছিল৷ দ্বিতীয়জাক বতাহ আৰম্ভ হৈছিল ১৯১৫ চনৰ পৰা দেশ স্বাধীন হোৱালৈকে৷ এই সময়খিনিত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত মহিলাৰ অংশগ্রহণক গোটেই বিশ্বই বাঃ বাঃ দিছিল৷ এইখিনি সময়তে মহিলাৰ নেতৃত্বত বিভিন্ন সহযোগী সংগঠনৰো জন্ম হৈছিল৷ এইক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ ধাৰাটো হৈছে স্বাধীনতাৰ পাছৰ নব্য উদাৰতাৰ দিশে গৈ থকা ভাৰতে জন্ম দিয়া নাৰীবাদ৷ এই নাৰীবাদে বিবাহৰ পিছত নাৰীক দিয়া উপযুক্ত মর্যাদাৰ লগতে ঘৰৰ বাহিৰত কৰা কাম আৰু ৰাজনৈতিক পার্টীৰ অধিকাৰকো তুলি ধৰিছিল৷ তাৰ পিছতো ভাৰতীয় নাৰীবাদে ‘সংৰক্ষণ’কহে অধিক অগ্রাধিকাৰ দিয়া পৰিলক্ষিত হয়৷ ইয়াৰ পৰিৱর্তে নাৰীৰ প্রতিনিধিত্বকৰণৰ অধিকাৰ তথা নেতৃত্বৰ প্রাসংগিকতা আজিৰ তাৰিখতো এক অৱহেলাপূর্ণ বিষয়৷
ছ’চিয়েল মিডিয়াত প্রতিদিনে হাজাৰটা ডে’ৰ নটিফিকেচন আহে৷ তাৰ লগতে আহে প্রতিটো ডে’ৰ সৈতে জড়িত কিছুসংখ্যক বিশেষ ৰেহাই৷ বজাৰকেন্দ্রিক এই ৰেহাইবোৰে দিৱসবোৰৰ ঐতিহাসিক তাৎপর্যৰ পৰিৱর্তে সেইবোৰৰ বাহ্যিক ছবি এখনহে আমাৰ সন্মুখত পৰিৱেশন কৰে৷ এনে কাৰণতে তেনে দিৱসে সমাজৰ সর্বস্তৰৰ ভিতৰলৈ সোমাই যোৱাত বিফল হয়৷ ৮ মার্চো তেনেকুৱা এটা দিন৷ এনে কাৰণতে নাৰীৰ ছেক্সুৱেলিটী আজিও আমাৰ দেশত অসুৰক্ষিত৷ পিছপৰা আৰু দুর্বল শ্রেণীৰ নাৰী আজিৰ তাৰিখতো পুৰুষৰ অৱদমনৰ বাবে সুলভ৷ শিক্ষা–দীক্ষাৰে স্ব–নির্ভৰশীল হোৱা নাৰী সমাজৰ দৃষ্টিত চাৰিত্রিকভাৱে সমালোচিত৷ কিন্তু ইমানৰ পিছতো এচাম নাৰীয়ে জন্ম দিয়া একোটা প্রজন্মৰ বাবেই একোটা জাতি, এখন সমাজ, একোখন দেশ চলি আছে৷ নাৰীৰ ধৈর্য, সাহস, ত্যাগ আৰু স্বাভিমানেহে জাতীয় অস্তিত্বৰ বাটো মুকলি কৰে৷ সেয়ে নাৰীৰ নেতৃত্ব আজিৰ তাৰিখত আটাইতকৈ প্রয়োজনীয় দাবী৷Proxy নেতৃত্বৰ পৰিৱর্তে প্রতিগৰাকী নাৰীয়ে যেতিয়া সমাজ একোখনৰ সামূহিক চেতনাক প্রতিনিধিত্ব কৰিব পাৰিব, তেতিয়াহে আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ তাৎপর্য জী থাকিব৷ এনে কাৰণতে ছোৱালী শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰাটো জৰুৰী৷ প্রতিখন কলেজ, বিশ্ববিদ্যালয় কেম্পাছত ছোৱালীৰ প্রতি উপযুক্ত সন্মানৰ পৰিৱেশ ৰচনা হোৱাটোও সিমানেই জৰুৰী৷ অসমৰ বিশ্ববিদ্যালয়, কলেজসমূহত ল’ৰাতকৈ ছোৱালীৰ উপস্থিতি বেছি হোৱা সত্ত্বেও কিয় ছোৱালীৰ প্রতিনিধিত্বকৰণ কম সেই প্রশ্ণ উঠাটোও সময়ৰে দাবী৷ আনকি অসমৰ প্রথমখন কলেজ কটন কলেজ (এতিয়াৰ বিশ্ববিদ্যালয়)ত আজিপর্যন্ত এজনী ছোৱালী সাধাৰণ সম্পাদক ওলোৱা নাই কিয়? এই প্রশ্ণও আজিৰ প্রজন্মই কৰা উচিত৷ গুৱাহাটী তথা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছত আজিও ছাত্রীৰ অনুপাতে হোষ্টেলৰ সংখ্যা ইমান কম কিয়– এই প্রশ্ণ কোনে কৰিব?
যেতিয়ালৈকে এই প্রশ্ণসমূহৰ উত্তৰ আপোনাৰ, মোৰ ওচৰত নাই– তেতিয়ালৈকে সমাজত নাৰী দিৱসৰ তাৎপর্য আধৰুৱা হৈ ৰৈ যাব৷