নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেষ্ট মেন অৱ ইণ্ডিয়া

চৰাইৰ কিচিৰ–মিচিৰ শব্দত আপোনাৰ বাৰু এতিয়াও ঘুমতি ভাগেনে? আগৰ দৰেই আপোনাৰ চোতালত বালিমাহীৰ নাচোন দেখেনে আপুনি, অথবা চোতালত শালিকাৰ কাজিয়াত থানবান হয়নে আপোনাৰ চ’তৰ দুপৰীয়াৰ নির্জনতা৷ যদি এনে হয়, তেনেহ’লে আপুনি নিশ্চয়কৈ ভাগ্যৱান৷ কিন্তু এই ভাগ্য এতিয়া বহুতৰে নাই৷ মন কৰিছেনে আপুনি, আমাৰ চোতালত উমলি থকা চিনাকি চৰাইবোৰ নোহোৱা হ’ল৷ ক’লৈ গ’ল চৰাইবোৰ, কিয় গ’ল আমি নাজানো৷ তেনে অনুভৱ ৰাকেশ খেত্রীৰো হৈছিল৷ দিল্লী নিৱাসী ৰাকেশ খেত্রীৰ শৈশৱ পাৰ হৈছিল পুৰণি দিল্লীৰ চান্দনী চ’কত, য’ত অসংখ্য চৰাই আছিল৷ ৰাকেশ খেত্রীৰ ঘৰৰ ভিতৰৰ চাঙত ঘৰচিৰিকাই বাস কৰিছিল৷ চৰাইৰ মাতত তেওঁলোকৰ দিন আৰম্ভ হৈছিল৷ ঘৰৰ প্রত্যেক সদস্যই চৰাইৰ মাততে শোৱাপাটী এৰিছিল৷ কিন্তু লাহে লাহে চৰাইবোৰ নোহোৱা হ’ল৷ আচলতে দ্রুত নগৰায়নে চৰাইৰ জীৱনলৈ সংকট নমাই আনিলে৷ চৰাইবোৰে কংক্রিটৰ দেৱালৰ অসুৰক্ষিত স্থানত বাহ সাজিবলৈ ধৰিলে৷ ৰাকেশ খেত্রীয়ে সৰুৰে পৰা দেখিছিল যে তেওঁলোকৰ পৰিয়ালৰ ডাঙৰ সৰু সকলোৱে চৰাইৰ হানি হ’ব পৰা যিকোনো কামৰ পৰা বিৰত আছিল৷ আনকি ঘৰৰ ভিতৰত ওখ চুকত ঘৰচিৰিকাই বাহ সাজি থাকে বাবে প্রচণ্ড গৰমতো তেওঁলোকে ফেন নচলাইছিল৷ ভয় আছিল কিজানি চৰাইবোৰে আঘাত পায়৷ কিন্তু লাহে লাহে চৰাইবোৰ যেন কমি আহিছিল৷ চৰাইৰ মাতেৰে মুখৰ হৈ থকা তেওঁলোকৰ চৌহদলৈ আহি পৰা নির্জনতাই তেওঁক অনুভৱ কৰালে যে চৰাইবোৰৰ বাবে কিবা এটা কৰাটো তেওঁৰ একান্ত কর্তব্য৷ এসময়ত তেওঁ পুৰণি দিল্লীৰ পৰা অশোক বিহাৰত বাস কৰিবলৈ আহিল৷ সেই ঠাইতো তেওঁ একে পৰিৱেশৰে সাক্ষী হ’লহি৷ অশোক বিহাৰতো চৰাইবোৰ মানুহৰ ঘৰত সোমাব নোৱাৰে আৰু বাহ সাজিবগৈ নোৱাৰে৷ চৰাইবোৰক দেৱালৰ মাজত ফাকৰ প্রয়োজন, কিন্তু মানুহে দেৱালত এতিয়া ফুটা দেখিলেই বন্ধ কৰিবলৈ চেষ্টা কৰে৷তদুপৰি গছ আৰু জোপোহা কমি যোৱাৰ ফলতো চৰাইৰ বাসস্থানৰ অভাৱ হৈছে৷ ৰাকেশে পৰিৱেশ অনুকূল সামগ্রীৰে চৰাইৰ বাবে বাহ সজাৰ সিদ্ধান্ত ল’লে৷ তেওঁ প্রথমে নাৰিকলৰ বাকলিৰে চৰাইৰ বাহ সজিবলৈ আৰম্ভ কৰিলে৷ কিন্তু সেইবোৰ বাহত চৰাই থাকিবলৈ নাহিল৷ ৰাকেশৰ কামক উপলুঙা কৰা মানুহৰ সংখ্যাও কম নাছিল৷ কিন্তু হতাশাক প্রশ্রয় নিদিয়া ৰাকেশে পৰীক্ষা–নিৰীক্ষা চলাই চৰাইৰ বাহৰ বাবে উপযোগী সামগ্রীৰ সন্ধান কৰি বাহ সাজিলে৷বাঁহৰ কাঠী, তুঁহগুৰি আৰু মৰাপাতৰ সূতাৰে তেওঁ বাহ সাজিলে আৰু এইবাৰ তেওঁ সফল হ’ল৷ বাহবোৰৰ ওজন কম হোৱা বাবে ওলমাই ৰখাও সহজ আছিল৷ বাহবোৰ চৰাইৰে ভৰি পৰিল৷ ৰাকেশে প্রথমতে ২০টা বাহ সাজি নিজৰ অঞ্চলত চৰাই আহিব পৰা ঠাইত ৰাখিলে৷ লাহে লাহে প্রকৃতিবিদ আৰু তথ্যচিত্র নির্মাতা ৰাকেশে সজা চৰাইৰ বাহবোৰৰ কথা জনাজাত হ’ল আৰু চৰাইক ভালপোৱা বহু মানুহে ৰাকেশক অনুৰোধ কৰিলে তেওঁলোকৰ বাবেও চৰাইৰ বাহ সাজিবলৈ৷ ঘৰ চিৰিকা দিল্লীৰ ৰাজ্যিক চৰাই৷ ঘৰচিৰিকাৰ দ্রুত হ্রাসে ৰাকেশ খেত্রীক উদ্বিগ্ণ কৰিছিল৷ তেওঁ শংকিত হৈছিল যে দিল্লীৰ ভৱিষ্যৎ প্রজন্মই হয়তো ঘৰচিৰিকা দেখিবলৈকে নাপাব৷ এই শংকায়ো তেওঁক চৰাইৰ বাহ সাজিবলৈ অনুপ্রাণিত কৰিছিল৷ ২০০৮ চনত প্রকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈকে তেওঁ চাকৰিও এৰিলে৷ প্রকৃতিৰ সুৰক্ষাৰ প্রতি অহৰহ উদগ্রীৱ ৰাকেশ খেত্রীয়ে অনুভৱ কৰিলে যে প্রকৃতি সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে তেওঁ এটা সংস্থা আৰম্ভ কৰি কাম কৰিব পাৰে৷ ৰাকেশে কয় যে আমাকহে প্রকৃতিৰ প্রয়োজন, প্রকৃতিক আমাৰ প্রয়োজন নাই, প্রকৃতিৰ সৈতে আমি একলগে কাম কৰিব লাগিব৷ ২০১২ চনত সেয়ে তেওঁ ইক’ ৰুটছ ফাউণ্ডেচন নামৰ সংস্থাটো আৰম্ভ কৰে৷ জন্মৰে পৰা সংস্থাটোৱে পৰিৱেশতন্ত্রৰ সুৰক্ষা, পৰিৱেশ আৰু জৈৱ বৈচিত্র্যৰ সুৰক্ষাৰ বাবে কাম কৰি আছে৷ ২০০৮ চনত এজন প্রকৃতিপ্রেমীয়ে ৰাকেশক অনুৰোধ কৰিছিল মানুহে ধ্বংস কৰা ঘৰচিৰিকাৰ বাহবোৰ পুনৰ সাজিবলৈ৷ মানুহজনে ৰাকেশক পঞ্চাশ টকা দিছিল বাহ সজাৰ সামগ্রী কিনিবলৈ৷ বর্তমানলৈকে চৰাইৰ বাবে আঢ়ৈ লাখ বাহ সজা ৰাকেশ খেত্রী এতিয়া জনাজাত নেষ্ট মেন অৱ ইণ্ডিয়া নামেৰে৷ তেওঁ প্রায় ১০ লাখ শিক্ষার্থীক ৱেবিনাৰৰ জৰিয়তে অথবা প্রত্যক্ষভাৱে চৰাইৰ বাহ সাজিবলৈ শিকাইছে৷ সকলোকে চৰাইৰ বাহৰ ব্যৱস্থা কৰাৰ প্রয়োজনীয়তা সম্পর্কেও বুজাইছে৷ শিক্ষার্থীসকলক জলবায়ু পৰিৱর্তন আৰু ই আৱর্জনা ব্যৱস্থাপনাৰ বিষয়েও তেওঁ শিকাইছে৷ তেওঁ শিক্ষার্থীসকলক কয় যে আগতে ঘৰ চিৰিকাবোৰ মানুহৰ ঘৰৰ ভিতৰত বাস কৰিছিল, কিন্তু এতিয়া সিহঁতৰ বাবে আমাৰ ঘৰৰ দুৱাৰ খিৰিকী বন্ধ৷ গতিকে সিহঁতৰ বাবে বিকল্প ব্যৱস্থা চিন্তা কৰাটোও আমাৰেই কর্তব্য৷ ৰাকেশৰ মতে, কাৰোবাক এটা ঘৰ দিব পৰাৰ সমান আনন্দ আন একোৱেই আমাক দিব নোৱাৰে৷ ঘৰ হেৰুওৱা চৰাইক ঘৰ দিয়া আৰু চৰাইৰ সুৰক্ষাৰ বাবে ৰাকেশে সৃষ্টি কৰা সজাগতাই বহু মানুহক সচেতন কৰি তুলিছে আৰু বহুতেই ৰাকেশৰ পৰা চৰাইৰ বাহ লৈ নিজৰ ঘৰত চৰাইক আশ্রয় দিছে৷ ইতিমধ্যে ৰাকেশৰ কর্ম আই চি এছ ই পাঠ্যক্রমত অন্তর্ভুক্ত হৈছে৷ ভাৰতৰ চৰাইৰ বাহ মানৱজন ইতিমধ্যে বিভিন্ন সন্মানেৰে সন্মানিত হৈছে৷ ২০২০ চনৰ বিজ্ঞান পুৰস্কাৰ, লিমকা বুক অৱ ৰেকর্ডছ, ইণ্টাৰনেচনেল গ্রীন এপল এৱার্ড আদি তেওঁ লাভ কৰা সন্মান৷ আজিৰ ভোগবাদী সমাজত আমি সকলোৱে কেৱল নিজৰ স্বার্থৰ কথা ভাবোঁ৷ যাৰ বাবে পশু পক্ষীৰ বাসস্থানত আমাৰ অনাধিকাৰ প্রৱেশ ঘটিছে৷ অস্তিত্বৰ সংকটত পৰিছে বিভিন্ন জীৱ৷ জৈৱ বৈচিত্র্যও হ্রাস পাইছে৷ কিন্তু চাৰিওফালৰ এনে নেতিবাচক ঘটনাৰ মাজতে ৰাকেশ খেত্রীৰ দৰে ব্যক্তিৰ প্রকৃতিপ্রেমেই পৃথিৱীখন যেন জীৱৰ উপযোগী কৰি ৰাখিছে৷
ফোন: ৯৩৬৫৪–৮৫৪২২

You might also like