‘অব মুঝে কোন পুছতা হেয়’–
স্বাধীনতাৰ ঠিক পিছতে জাতিৰ পিতা বাপুজীয়ে চকুপানী টুকি কোৱা এক মর্মস্পর্শী বাক্য৷ জাতিৰ পিতাই কোৱা এই কথাষাৰিৰ গূঢ়ার্থক হূদয়ংগম কৰিবলৈ বছৰৰ হিচাপত আমি উভতি যাব লাগিব আজিৰ পৰা ৭৪ বছৰ অতীতলৈ৷ আজিৰ বর্তমানবোৰ এদিন অতীত হোৱাটো যেনেকৈ অতি বাস্তৱ, ঠিক তেনেকৈ কিছুমান ‘অতীত’ কেনেকৈ ‘ৰূঢ় বর্তমান’ বা ‘ৰূঢ় সত্য’ হৈ সূর্য সত্যৰ দৰে আত্মপ্রকাশ কৰে, তাৰেই জাজ্বল্যমান উদাহৰণ ওপৰত উল্লেখিত বাক্যশাৰী৷ –অতি দৃঢ়তাৰে আৰু উচ্চস্বৰে প্রায় নব্বৈৰ ডেওনাত খোজ পেলাব ধৰা মানুহজনে আৰম্ভ কৰিছিল– ‘মই তেতিয়া শ্বিলং–গৱর্ণমেণ্ট হাইস্কুলৰ অষ্টম শ্রেণীৰ ছাত্র৷ সম্ভৱতঃ ১৯৪৭ চনৰ প্রথম স্বাধীনতা দিৱসৰ পিছৰ মাহটোৰ কথা৷ ঘৰখনত মানুহ বুলিবলৈ মা–দেউতা আৰু মই৷ দেউতা পুৱা দিল্লীৰ পৰা আহি পাইছে৷ মোৰ এতিয়াও মনত আছে, যিটো দিনৰ কথা উল্লেখ কৰিবলৈ ওলাইছোঁ, সেই সময়ত সন্ধ্যা হ’বলৈ ধৰিছে৷ মা আৰু মই আমাৰ সৰু ঘৰটোৰ বাৰাণ্ডাত ওচৰা–উচৰিকৈ থিয় দি আছিলোঁ৷ আমি লক্ষ্য কৰিছিলোঁ দেউতাই চোতালত অতি বিষণ্ণ মনেৰে তলমুৱা হৈ ইফাল–সিফাল কৰি আছে৷ দেউতাৰ শৰীৰ বেয়া আছিল বাবেই হয়তো তেনেকৈ আছে বুলি আমি ভাবিছিলোঁ৷ হঠাতে দেউতাই মাক ক’লে– ‘মই বৰ দুখ মনেৰে দিল্লীৰ পৰা আহিলোঁ৷ মই আহিবৰ সময়ত মোৰ পৰম আৰাধ্য বাপুজীয়ে চকুপানী টুকি মোক কৈছিল– ‘অব মুঝে কৌন পুছতা হেয়?’ বাপুৱে হেনো এটা জৰুৰী কথাৰ বাবে পণ্ডিতজীক মাতি পঠিয়াইছিল৷ আজি যাম, কালি যাম বুলি এসপ্তাহ অতিক্রম কৰাৰ পিছতো হেনো পণ্ডিত নেহৰুৱে বাপুক লগ নকৰিলে৷ নেহৰুৱে কৰা এনে অৱজ্ঞা আৰু অপমানৰ বাবে মোৰ আগত বাপুৱে কোৱা কথাখিনিত মই বৰ আঘাত পাইছোঁ জানা৷’ উক্ত কথাখিনিয়ে মোৰ অন্তৰ এনেকুৱাভাৱ চুই গৈছে যে মই সহিব পৰা নাই৷ ভাবিছোঁ যিমান দিন বাচি থাকোঁ মই বাপুৰ লগত থাকিম৷ তেখেতেও মোক মাতিছে৷’
ক্ষোভ আৰু বেদনাত জর্জৰিত হৈ এই প্রতিবেদকৰ আগত উক্ত কথাখিনি উজাৰি দিয়া ব্যক্তিজন আছিল বীৰেন বৰদলৈ৷ ভাৰতীয় জাতীয় কংগ্রেছৰ মঞ্চখনতে অসমৰ বাবে সুকীয়া ৰাজনৈতিক সত্তাক স্বীকৃতি দিয়াৰ বাবে মৃত্যুৰ সময়লৈ অহোপুৰুষার্থ কৰি যোৱা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ দ্বিতীয় পুত্র৷ ১৯৬৩ চনত স্থাপিত ৰঙিয়া মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ বীৰেন বৰদলৈয়ে ১৯৮০ চনতে চাকৰি ইস্তফা দি আজি প্রায় ৩৫ বছৰৰো অধিক কাল বাংগালুৰুস্থিত সত্যসাই আশ্রমত দিন কটাইছে৷ অলপতে তেখেতক লগ পাওঁতে ইতিহাসৰ গর্ভত বিলীন হৈ যাব ধৰা, কিন্তু নৱপ্রজন্মই জানিব লগা বহুতো গুৰুত্বপূর্ণ কথা আমাৰ আগত প্রকাশ কৰিছিল৷ দেউতাকৰ মৃত্যুৰ সময়ত চফল ডেকা বীৰেন বৰদলৈয়ে দেউতাকৰ কাম–কাজ অতি ওচৰৰ পৰা দেখাৰ সুবিধা পোৱাৰ হেতুকেই আজিও পাহৰিব পৰা নাই স্বাধীন ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী পণ্ডিত নেহৰুকে ধৰি দিল্লীৰ একাংশ শীর্ষ নেতৃত্বই অসমৰ বৃহত্তৰ স্বার্থৰ হকে মাত মতাৰ বাবেই দেউতাকক বিভিন্ন সময়ত কৰা অপমানবোৰৰ কথা৷
নেহৰু পৰিয়ালকেন্দ্রিক আজিৰ কংগ্রেছী নেতৃত্বৰ প্রতি তীব্র বাক্যবাণেৰে এই প্রতিবেদকৰ আগত বীৰেন বৰদলৈদেৱে কৈছিল– ‘কংগ্রেছৰ তথাকথিত হাইকমাণ্ডৰ নামত নেহৰু পৰিয়ালৰ লোকসকলক তৈলমর্দনত ব্যস্ত থকা আজিৰ কংগ্রেছী মহলে হূদয়ংগম কৰিব পাৰেনে যে স্বাধীনতা আন্দোলনৰ অন্তিম সময়ক্ষণত বা স্বাধীনতা পোৱাৰ পিছত পণ্ডিত নেহৰুৱে সুযোগ পালেই নিজৰ নিকৃষ্ট স্বার্থত জাতিৰ পিতাক কেনেদৰে অপমান কৰিছিল? এই কংগ্রেছীসকলে উপলব্ধি কৰিব পাৰেনে যে পণ্ডিত নেহৰু বা তেওঁৰ পৰিয়ালৰ কোনো এজনে অসমৰ হিতৰ কাৰণে কোনো ইতিবাচক চিন্তা কৰিছে?’
বৰদলৈদেৱে অতি দৃঢ়ভাৱে আমাক কৈছিল– ‘তুমি মোক আৱেগিক বা উপৰুৱাভাৱে এই কথাবোৰ কোৱা বুলি নাভাবিবা৷ এইবোৰ মোৰ কল্পনাপ্রসূত মনৰ কথা নহয়৷ যিবোৰ কথাই ইতিহাসৰ পাতত এক ষড়যন্ত্রমূলক কলংকিত অধ্যায় হিচাপে ইতিমধ্যে স্থান পাইছে৷ যাৰ বাবেই তাৰ কুফল অসমবাসীয়ে আজিও ভোগ কৰি থাকিব লগা হৈছে৷ যিবোৰ কথা আজিৰ প্রজন্মই জনাটো খুবেই প্রয়োজন বুলি মই ভাবোঁ৷’
এটা অতি পুৰণি অথচ আটোমটোকাৰিকৈ ৰখা ব্রিফকেছৰ পৰা কেইখনমান জৰাজীর্ণ কাগজ উলিয়াই ভাৰত বিভাজন সম্পর্কত পণ্ডিত নেহৰুৱে গান্ধীজীক কৰা অৱহেলা আৰু অপমান সম্পর্কত ক্ষোভ উজাৰিলে এনেদৰে– ‘পণ্ডিত নেহৰু আৰু কংগ্রেছে ভাৰত বিভাজন গ্রহণ কৰিলে সেই ঐতিহাসিক সিদ্ধান্ত গ্রহণৰ সময়ত গান্ধীজীৰ প্রতি সম্পূর্ণ অৱহেলা কৰি তেখেতক একাষৰীয়া কৰি থোৱা হ’ল৷ লর্ড মাউণ্টবেটেনেও দেশ বিভাজনকে এই অশান্তি দমন কৰাৰ অন্যতম উপায় বুলি চিন্তা কৰিছিল৷ তেওঁ নেহৰু প্রমুখ্যে কংগ্রেছৰ নেতাসকলৰ লগত কথা পাতি ভাৰতৰ ক্ষমতা হস্তান্তৰ আৰু স্বৰাজৰ পৰিকল্পনা এনেদৰে কৰিছিল, যাৰ দ্বাৰা ভাৰত দুভাগ হ’ব হিন্দুস্তান আৰু পাকিস্তান হিচাপে৷ উক্ত সর্বনাশী সিদ্ধান্তত জিন্নায়ো সন্মতি প্রকাশ কৰিলে৷ ১৯৪৭ চনৰ ৩ জুনত মাউণ্টবেটেনে তেওঁৰ পৰিকল্পনাৰে কংগ্রেছ আৰু মুছলিম লীগৰ পৰা সন্মতি গ্রহণ কৰি সেইদিনাই গধূলিলৈ মাউণ্টবেটেন, নেহৰু, জিন্না আৰু বলদেৱ সিঙে সেই কথা ৰেডি’যোগে ঘোষণা কৰিছিল৷ ভাৰত বিভাজনৰ কথাটোৱে গান্ধীজীৰ অন্তৰত অত্যন্ত আঘাত দিলে৷ গান্ধীজীয়ে অবিভক্ত ভাৰতক বুকুত বান্ধি অকলে থিয় হৈ ৰ’ল৷ যিজনে ৩০ বছৰৰো অধিককাল ভাৰতৰ স্বাধীনতাৰ কাৰণে অশেষ ত্যাগ আৰু কষ্ট বৰণ কৰি, তাৰ ফলত তেওঁ ভাৰতীয়ৰ তেজেৰে ৰঙা হৈ থকা আৰু মৰাশৰে সিঁচৰতি হৈ পৰা এখন স্বাধীন ভাৰত কেতিয়াও আশা বা কল্পনাও কৰা নাছিল৷ এনে অৱস্থাত ভাৰতক দ্বিখণ্ডিত কৰাত মর্মান্তিক আঘাত পাই এদিন ডাংগী কলনীত প্রভু দয়াল হিমৎসিংকা, ফখৰুদ্দিন আলী আহমদ আৰু দেৱেশ্বৰ শর্মাৰ আগত গান্ধীজীয়ে কৈছিল– ‘মোৰ কথা কোনে শুনে?’
বীৰেন বৰদলৈদেৱে মাথোঁ কৈ গৈছিল– যেন কথাৰ শেষেই নহয়৷ প্রতিটো শব্দত উফৰি আহিছিল এক ক্ষোভ, বিতৃষ্ণা আৰু প্রতিবাদৰ স্ফুলিংগ৷ আমি মাথোঁ নির্বাক হৈ শুনি গৈছিলোঁ