সাধাৰণতে নতুন বছৰ এটাই বিশেষ একো পৰিৱর্তনৰ বার্তা বহন নকৰে ৷ কিন্তু পৃথিৱীৰ প্রায় সকলো ঠাইতে নতুন বছৰৰ প্রথম দিনটোক বিশেষভাৱে উদ্যাপন কৰা হয় ৷ সকলো দেশৰে বা জনগোষ্ঠীৰে নিজা নিজা বর্ষ গণনাৰ হিচাপ থাকে আৰু সেই ধৰণে উদ্যাপন কৰে ৷ ব্রিটিছৰ প্রভাৱত গ্রেগৰিয়ান কেলেণ্ডাৰৰ প্রথম দিনটোৰ উদ্যাপন পৃথিৱীৰ সর্বত্র বিয়পি পৰিল আৰু যিহেতু বাস্তৱ জীৱনত এই কেলেণ্ডাৰখনৰেই ব্যৱহাৰ অধিক বাবেই ইয়াৰ প্রভাৱো স্বাভাৱিকভাৱেই বেছি হৈ পৰিল ৷ মানুহে নিজৰ পৰম্পৰাগত নতুন বছৰৰ প্রথম দিন উদযাপন কৰাৰ লগে লগে এই গ্রেগৰিয়ান নতুন বছৰৰ প্রথম দিনটোকো উদযাপন কৰিবলৈ ল’লে আৰু এটা সময়ত নিজৰ নিজৰ বিশ্বাসো তাৰ লগত সংযোজিত হৈ গৈ থাকিল ৷ এই নতুন বছৰ উদযাপন কৰাৰ সপক্ষে বা বিপক্ষে নানা যুক্তিৰ অৱতাৰণা হ’লেও এটা কথা ঠিক যে নতুন বছৰ এটাৰ আৰম্ভণিয়ে অধিকাংশ মানুহকে নতুন কথা চিন্তা বা পৰিকল্পনা কৰিবলৈ উৎসাহিত কৰে ৷ এই পৰিকল্পনা বা সংকল্পৰ ধাৰাবাহিকতা কিমানদূৰ ৰাখিব পাৰে সেই কথা পাছলৈ থৈও ক’ব পাৰি যে মানসিকভাৱে এনে সংকল্পই মানুহক কিছু সময়ৰ বাবে উদ্দীপ্ত কৰি ৰাখে আৰু একধৰণৰ কর্মস্পৃহা যোগান ধৰে ৷ নৱবর্ষৰ প্রথম দিনটোৰ উদ্যাপনৰ ধাৰণাটো মানুহৰ মনত যিধৰণে সোমাই আছে, তাৰ বাস্তৱ ব্যাখ্যা পৃথক হ’লেও তাৰ একধৰণৰ প্রতীকী অর্থও থাকে ৷ এই প্রতীকী ব্যাখ্যা হ’ল জীৱনটোক নতুন নতুন ৰূপত চোৱাৰ, গঢ়ি তোলাৰ, যি ইচ্ছাই মানুহক গতিশীল কৰি ৰাখে সেই ধাৰণাৰ বহির্প্রকাশ ৷ নতুন বছৰৰ প্রথম দিনটোত লোৱা সংকল্প বহু ক্ষেত্রতেই পালন কৰা সম্ভৱ নহ’লেও প্রতিবছৰে একেই কামৰ পুনৰাবৃত্তিয়ে একধৰণৰ উদ্যমক বাৰে বাৰে নতুনকৈ মনত পেলাই দি থাকে ৷
এই কথাবোৰ ব্যক্তিগত পর্যায়ত হ’লেও তাৰ একোটা সামাজিক মূল্যও থাকে ৷ সমাজ জীৱনক আগবঢ়াই নিবলৈ আৰু সমাজৰ বাবে কৰিবলগীয়া কামবোৰ কৰা নহ’লেও তাক মনত পেলাই দিয়া আৰু সেই কামৰ বাবে সকলোকে উজ্জীৱিত কৰাটো এটা জৰুৰী কাম ৷ নতুন বছৰৰ প্রথম দিনটোত যেতিয়া সকলো মানুহেই নতুন সংকল্পৰ বাবে প্রস্তুত হয়, তেনে সময়তে সামাজিক কামৰ বাবেও মানুহ সংকল্পবদ্ধ হোৱাৰ পৰিৱেশ এটাৰ সৃষ্টি হয় ৷ এতিয়া বহু ক্ষেত্রতেই দেখা যায় যে এই নতুন বছৰৰ প্রথম দিনটো বা বছৰৰ শেষৰ দিনটো অকল আনন্দ–উৎসৱৰ মাজেৰেই অতিবাহিত হয় ৷ ই একো দোষণীয় কাম নহয়, কিন্তু উৎসৱৰ এই পৰিৱেশ সামাজিক মংগলৰ বাবে সংকল্প গ্রহণৰ কামৰ বাবেও ব্যৱহাৰ কৰিব পৰাটো সমাজৰ বাবেই মংগলজনক হ’ব ৷ অকল সংকল্পই নহয়, এই সংকল্পক বাস্তৱ কৰাৰ বাবে উপযুক্ত আঁচনিও একে সময়তে প্রস্তুত কৰাটো ফলদায়ক হ’ব ৷ এই সামাজিক সংকল্প হ্রস্বম্যাদী ফলৰ বাবে নহয়, হ’ব লাগে মানুহৰ সামগ্রিক উন্নয়নৰ বাবে প্রতিজ্ঞাবদ্ধ, যাৰ ভিত্তি হ’ব সমাজক কেৱল উন্নত পর্যায়ৰ পিনে নিব পৰা আদর্শ, যাক নিয়ন্ত্রণ কৰিব ওচৰতে থকা মানুহে, যিসকলে অনিশ্চিত ভৱিষ্যতকো এটি ধনাত্মক ৰূপত দেখাৰ সাহস কৰিব পাৰে, যিয়ে ভৱিষ্যতৰ পিনে নিজৰ মতে আগবঢ়াই নিয়াৰ সাহস কৰিব পাৰে আৰু আনকো সেই সাহসৰ অংশীদাৰ কৰিব পাৰে ৷ আগন্তুক নতুন বছৰৰ প্রথম দিনটোত আমি এইটো সংকল্প গ্রহণ কৰিব পাৰোঁ যে সমাজক আগবঢ়াই নিয়াৰ বাবে প্রথমটো সংকল্প ময়েই গ্রহণ কৰিম আৰু সেই সংকল্পৰ বাবে আনকো উৎসাহিত কৰিম ৷ সামাজিক দায়িত্ববোধৰ পৰিচয় দিয়াটোৱেই নতুন বছৰৰ প্রথম দিনটোৰ সংকল্প হওক আমাৰ সকলোৰে ৷