নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষৰ নতুন পৰিকল্পনা

  • শৌভিক সোম

ছৰবোৰ আহি থাকিব, গৈ থাকিব, সেইদৰেই জীৱনৰ সীমাৰেখাও কমি আহিব ৷ সদায় একঘেয়ামী হৈ পৰা আপোনাৰ জীৱনটোক নতুন বছৰটোৰ পৰাই এক নতুন ৰূপ দিব পাৰে ৷ কেনেকৈ কিদৰে

– বহুতেই বছৰটোৰ ব্যস্ততাখিনি আছুতীয়া কৰি ক’ৰবাত ফুৰিবলৈ যোৱাৰ কথা ভাবে ৷ কিন্তু যাম বুলি ভাবিহে থকা হয়, যোৱা কিন্তু নহয় ৷ এটা কাম কৰক নতুন বছৰটোতে অলপ ফুৰাৰ কথা ভাবি চাব পাৰে ৷ আপোনাৰ মনে মিলা বন্ধুবর্গ বা পৰিয়ালৰ লোকৰ সৈতে একেলগে ফুৰিবলৈ যাব পাৰে ৷

–প্রায়ে আমাৰ সদায় কৰিম বুলি ভবা কামবোৰ সময়ত কৰা নহয়গৈ ৷ এটা কাম কৰক, মনতে ভাবক যে যিকোনো প্রকাৰে এই বছৰটোত কামটো সফল কৰি তুলিবই ৷ অথবা কামটো কৰিবই লাগিব বুলি তথা বাধ্যবাধকতা সহকাৰে কৰিবলৈ আগবাঢ়ক ৷ দেখিব কামটো কৰি উঠি আপুনি নিজেই এটা সন্তুষ্টি লাভ কৰিছে ৷

– বহুতেই ভাবি থাকে নতুন বছৰটোৰ পৰাই এটা ভাল কামৰ শুভাৰম্ভণি কৰিব, কিন্তু আৰম্ভণি কৰা দূৰৰে কথা কামটো ক’ৰ পৰা কেনেকৈ আৰম্ভ কৰিব এইবোৰ ভাবি থাকোতেই বছৰটোৰ শেষ হয়৷ এইবাৰ আপুনি মনতে ভাবি লওক যে যিকোনো প্রকাৰে কামটো কৰিবই লাগিব৷ চাব আপোনাৰ কামটো সম্পূর্ণ নোহোৱাৰ কথাই নাই৷

– এই বছৰটো অধিক পৰিমাণে হাঁহি–স্ফূর্তি, পার্টী, বন্ধু–বান্ধৱী বুলিয়েই পাৰ কৰিলে নেকি ? বহুতৰে তেনেকুৱাই হয় ৷ আনলৈ সহায়–সহযোগিতা, বিপদত পৰাজনক সহায়ৰ হাত আদি আগবঢ়াওঁতে নিজৰ যাৱতীয়খিনি কৰিবলৈ থাকি যায় বা কৰা নহয়গৈ ৷ নতুন বছৰটোত নিজৰ বাবে কিবা এটা কৰাৰ কথা নিশ্চয় ভাবক৷ আনকো সহায় কৰক, কিন্তু নিজৰ কথাও ভাবক ৷

– আপুনি বাৰু কিবা এটা লিখিম বুলি বহুত দিনৰ পৰা ভাবি আছে নেকি ? লেখকসকলৰ ক্ষেত্রত এই সমস্যাই বৰকৈ দেখা দিয়ে ৷ কিবা এটা লিখি উলিয়ায় বুলি ভাবিলেও বিভিন্ন অজুহাতত লিখাখিনি সম্পূর্ণ হৈ নুঠে৷ এক কাম কৰক নতুন বছৰটোতে লিখিম বুলি ভাবি থকা উপন্যাস, কবিতা কিতাপখন লিখি উলিয়াওক৷ বহুদিনীয়া ইচ্ছা এটা পূৰণ হোৱা যেন লাগিব ৷

– আঁচনি বনাও বুলি ক’লে নোৱাৰাৰ কথা নাই ৷ আঁচনি অনুসৰি আপোনাৰ হৈ নুঠা কামবোৰ নতুন বছৰটোত আৰম্ভ কৰিব পাৰে৷ কেৱল লাগিব আপোনাৰ একাগ্রতা ৷

– এই যে আপুনি ঘৰ এটা সৰুকৈ হ’লেও সজাৰ কথা ভাবিছে, আনবোৰ নোৱাৰিলেও ঘৰৰ লাইখুঁটাটোকে স্থাপন কৰকচোন ৷ বাকীবোৰ কাম নোহোৱাকৈ নাথাকে ৷

– ডায়েৰী লিখাৰ অভ্যাসটো ভাল বুলি সকলোৱে কয়৷ কিন্তু বছৰটোৰ আৰম্ভণিতে অ’ৰ–ত’ৰ পৰা উপহাৰ হোৱা ডায়েৰীকেইখনত দুই–এটা কথা লিখা হয় যদিও পিছত ডায়েৰীখন এলাগী হৈ পৰি থাকে৷ কিন্তু বছৰটোত কি কি ভাল কাম কৰিলে, সেইবোৰকে লিখি থওকচোন৷ পুনৰ নতুন বছৰটোত যেতিয়া আপুনি ডায়েৰীখনৰ পাতবোৰ লুটিয়াব, পুনৰ এটা নতুন কাম কৰিবলৈ একাগ্রতা বাঢ়িব৷

– এই বছৰটোত আপোনাৰ সাঁচতীয়া ধন অধিক খৰচ হোৱা যেন লাগিছে নেকি এটা কাম কৰক৷ নতুন বছৰটোৰ পৰাই কিছু পৰিমাণে মিতব্যয়ী হ’বলৈ শিকক৷ ক’ত কিমান খৰচ কৰিছে, প্রতিদিনেই এখন বহীত লিখি যাওক, চাই যাওক অবাবত কিমান খৰচ কৰিলে৷ খৰচবোৰ নিজে নিজে কমি আহিব৷

– আপোনাৰ বাৰু সঞ্চয় পুঁজি আছেনে নাই? আজিৰ এই ব্যয়বহুল দিনত ধন ৰাহি কৰি জমা থ’ব পৰাটোও এটা ডাঙৰ কথা৷ কিন্তু এই অভ্যাস অতিশয় প্রয়োজনীয়৷ যদিহে আপোনাৰ তেনেধৰণৰ কোনো জমা পুজি বা সাঁচতীয়া ধন নাই, তেন্তে নতুন বছৰটোৰ পৰাই পুঁজি জমা কৰাৰ কথাষাৰ ভাবি চাব পাৰে৷

– মানুহৰ পৰিকল্পনাৰ অন্ত নাই৷ যেনেদৰে অন্ত নাই ইচ্ছা–বাসনাবোৰৰ৷ কিন্তু আপোনাৰ একান্ত ইচ্ছাবোৰ পূৰণ কৰিবলৈ আগবাঢ়িছেনে নে কেৱল দুচকু জপালেই দেখা সপোনবোৰৰ দৰে হৈছেগৈ৷ আপোনাৰ সামর্থ্যত থকা ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা এটা চলাব পাৰে নৱবর্ষটোত ৷

সদৌ শেষত এটা কথাই উনুকিয়াব বিচাৰিছোঁ যে আপোনাৰ মনত হয়তো এনেদৰে কৰিবলৈ থাকি যোৱা, কৰিম বুলি ভাবি থকা বহু কথাই ভিৰ কৰিছেহি ৷ নতুন বছৰটোত আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ চেষ্টা কৰক৷ সফলতা নিশ্চয় আহিব ৷

You might also like