পর্যটনৰ বাবে আকর্ষণীয় উপত্যকা
- সঞ্জয় কলিতা
জুকো ভেলী
নাগালেণ্ড আৰু মণিপুৰৰ সীমাত অৱস্থিত জুকো ভেলী এখন অতিকে মনোমোহা উপত্যকা৷ এই উপত্যকা ইয়াৰ মনোৰম প্রাকৃতিক সৌন্দর্যৰ বাবে বিখ্যাত৷ বহুতো আপুৰুগীয়া জীৱ আৰু উদ্ভিদৰ বাসস্থান এই উপত্যকা৷ সাগৰপৃষ্ঠৰ পৰা প্রায় ২,৯৫২ মিটাৰ উচ্চতাত অৱস্থিত জুকো ভেলী৷ এই উপত্যকা তাত পোৱা ফুলৰ বাবে বিখ্যাত, বিশেষকৈ জুকো ভেঁটফুলৰ বাবে বিখ্যাত৷ এই জুকো ভেঁটফুল কেৱল এই অঞ্চলতে পোৱা যায়৷
এই উপত্যকা নাগালেণ্ড আৰু মণিপুৰ দুয়োখন ৰাজ্যৰ সীমাত অৱস্থিত বাবে কিছু বিবদমান সীমাস্থলো ইয়াত আছে৷ এই উপত্যকালৈ যাতায়াত সুগম নহয়৷ পূর্বতে ইয়াত খেতি–বাতি কৰি বসবাসৰ উপযোগী কৰাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সফল নহ’ল৷ বর্তমান সময়ত জুকো ভেলী পর্যটনস্থল হিচাপে বিখ্যাত হৈ পৰিছে৷
পৰৱর্তী সময়ত মনোৰম পাহাৰেৰে আগুৰা এই উপত্যকা সেউজীয়া ঘাঁহনি আৰু ৰঙীন ফুলেৰে আগুৰি ধৰে আৰু তাকে দর্শন কৰিবলৈ সোঁত ব’বলৈ ধৰে পর্যটকৰ৷ শীতকালত তাপমান যথেষ্ট কমি যায় আৰু শুকুলা বৰফেৰে ঢ়াক খাই যায় এই উপত্যকা৷ গ্রীষ্ম আৰম্ভ হোৱাৰ লগে লগে বৰফৰ আৱৰণ গুচি সেউজীয়া ঘাঁহনি আৰু ৰঙীন জুকো লিলিৰ আগমন আৰম্ভ হয়৷ জুলাই মাহত ইয়াত ফুলৰ সংখ্যা সর্বাধিক হোৱা দেখা যায়৷
পার্বতী ভেলী
হিমাচল প্রদেশত অৱস্থিত পার্বতী ভেলী পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্র৷ চিৰসেউজ বনানি, শাৰী শাৰী পাইন গছ আৰু ৰুদ্রনাগ জলপ্রপাত পার্বতী ভেলীৰ প্রধান আকর্ষণ৷ ইয়াত অৱস্থিত ক্ষীৰগংগা শিৱৰ ধ্যান স্থল আছিল বুলি জনা যায়৷ ইয়াতেই আছে পিন ভেলী ৰাষ্ট্রীয় উদ্যান৷ ইয়াত পোৱা যায় বিখ্যাত ‘ষ্ট্র’ লেপার্ড’৷ দুঃসাহসিক ক্রীড়াৰ ব্যৱস্থাও ইয়াত আছে৷ ৰক ক্লাইম্বিং আৰু ট্রেকিং কৰিবলৈ বহুতো লোকৰ আঘমন ঘটে ইয়ালৈ৷ গ্রীষ্মৰ সময়ত ইয়াত কেম্পিং কৰাৰ ব্যৱস্থাও আছে৷
কাংগ্রা ভেলী
হিমাচল প্রদেশৰ আন এখন বিখ্যাত উপত্যকা হ’ল কাংগ্রা ভেলী৷ ইয়াক ভাৰতৰ আটাইতকৈ ডাঙৰ ভেলী বুলিও জনা যায়৷ শীতৰ সময়ত ইয়াত বৰফ পৰে৷ অকোৱা–পকোৱা ৰাস্তা আৰু শাৰী শাৰী পাইন গছেৰে এই উপত্যকাৰ সৌন্দর্য নান্দনিক৷ অক্টোবৰৰ পৰা মার্চলৈ শীতৰ আগমন হয় আৰু চাৰিওফালে বৰফেৰে আগুৰি থাকে৷ এই উপত্যকাৰ সর্বোচ্চ উচ্চতা হ’ল ১৫,৯৫৬ ফুট৷ ইয়াতেই আছে বিখ্যাত কাংগ্রা ফ’ট৷
ভেলী অৱ ফ্লাৱাৰ
ভেলী অৱ ফ্লাৱাৰ পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত অৱস্থিত৷ অসংখ্য ফুলেৰে আগুৰা বাবে এই উপত্যকাৰ নাম ভেলী অৱ ফ্লাৱাৰ ৰখা হৈছে৷ বহুতো বিৰল আৰু বিলুপ্তপ্রায় ফুল পোৱা যায় এই উপত্যকাত৷ এজন ইংৰাজ পর্বতাৰোহী ফ্রাংক এছ স্মিথে এই উপত্যকা প্রথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল৷ বহুতো দুষ্প্রাপ্য প্রাণী যেনে– নীলা ভেড়া, হিমালয়ান স্ন’ লেপার্ড আদিও ইয়াত পোৱা যায়৷ প্রায় ৩০০ প্রজাতিৰ ফুল ইয়াত আছে৷ হিমালয়ান ব্লু প’পী, ডিয়ানমাছ কেলেগুলা আদিও বিশেষভাৱে ইয়াত পোৱা যায়৷
জান্ষ্কাৰ ভেলী
লাডাখত অৱস্থিত জান্ষ্কাৰ ভেলী জান্ষ্কাৰ নদীৰ বাবে আৰু ইয়াত পোৱা বনৰীয়া গোলাপৰ বাবে বিখ্যাত৷ এই উপত্যকাৰ সৌন্দর্য ইমানেই মোহনীয় যে এবাৰ ইয়ালৈ আহিলে নিজকে সম্পূর্ণৰূপে পাহৰি যায় পর্যটকে৷ শীতকালত বৰফৰ চাদৰে এই উপত্যকা আগুৰি থাকে৷
আৰাকু ভেলী
অন্ধ্রপ্রদেশত অৱস্থিত আৰাকু উপত্যকা বিশাখাপট্টনমৰ পৰা প্রায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত৷ এই উপত্যকা সেউজীয়া বননি আৰু কফী বাগিচাৰ বাবে পর্যটকৰ আকর্ষণৰ কেন্দ্র হৈ পৰিছে৷ ইয়াতেই আছে আৰাকু আৰু কেবা গুহাৰ সমষ্টি৷ এই উপত্যকতাত বহুতো জলপ্রপাত আছে৷ ইয়াতেই আছে স্থানীয় জনজাতীয় গাঁও আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্রীৰ বজাৰ৷
কেট্টি ভেলী
তামিলনাডুৰ কুন্নুৰত আছে কেট্টি উপত্যকা৷ পুতলা ৰে’লৰ দ্বাৰা ইয়াৰ নান্দনিক সৌন্দর্য উপভোগ কৰাৰ ব্যৱস্থা আছে এই উপত্যকাত৷ ইয়াত আছে দুঃসাহসিক ক্রীড়াৰ ব্যৱস্থাও৷ বহুতো চাহ বাগিচাও আছে ইয়াত৷ বিখ্যাত শিৱ লিংগৰ মন্দিৰ আছে ইয়াত৷
ডিবাং ভেলী
অৰুণাচল প্রদেশত অৱস্থিত ডিবাং ভেলী ইয়াৰ বিখ্যাত ডিবাং নদীৰ পৰা আহিছে৷ এই উপত্যকা পর্বত, জলপ্রপাত, হ্রদ, নদী আৰু নিজৰাৰে ভৰি আছে৷ এই উপত্যকা আপাৰ ডিবাং ভেলী আৰু লৱাৰ ডিবাং এই দুটা ভাগত বিভক্ত৷ এই উপত্যকা গোটেই পৃথিৱীৰ পর্যটকৰ বাবে আকর্ষণীয় পর্যটন স্থলী হিচাপে সমাদৰ লাভ কৰিছে৷ ইয়াত পোৱা যায় উৰণীয়া কের্কেটুৱা, ধনেশ আদি দুষ্প্রাপ্য প্রাণী৷ স্থানীয় জনজাতীয় লোকসকলৰ ৰঙীন সংস্কৃতিৰ বাবেও বহুতো পর্যটক ইয়ালৈ আহে৷