পশু–পক্ষীৰ প্রতি নিষ্ঠুৰতা
কেইসপ্তাহমানৰ আগতে ‘নিয়মীয়া বার্তা’ত এখন চিঠি প্রকাশ পাইছিল– ‘গৰুৱে দুখ নাপায় নেকি?’ চিঠিখন লিখিছিল আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা মানসী বৰাই৷ গৰুবিহুৰ দিনা গৰুক বন্দনা কৰাৰ নামত যে মানুহে লাউ খা বেঙেনা খা বুলি লাউ, বেঙেনা, থেকেৰা আদিৰ টুকুৰাবোৰ জোৰে জোৰে গৰুৰ গালৈ মাৰে, গৰুবোৰে বাৰু দুখ নাপায় নেকি? প্রশ্ণটো উত্থাপন কৰিছে মানসী বৰাই৷ লগতে তেওঁ স্বীকাৰ কৰিছে যে সেই টুকুৰাবোৰ তেওঁলোকৰ গালৈকো মৰা হৈছিল, আৰু তেওঁলোকে কিন্তু বহুত দুখ পাইছিল৷
অসমীয়া বাতৰিকাকতত এনে ধৰণৰ এটা প্রশ্ণ মই জনাত প্রথমবাৰৰ কাৰণে উচ্চাৰিত হ’ল, আৰু সেই কথাটোৱে মোক পৰম আনন্দ দিছে৷ লগে লগে মোৰ মনত পৰিছে যে মই কলকাতাৰ ‘আজকাল’ নামৰ দৈনিক বাংলা বাতৰিকাকতখনত উত্তৰ–পূর্বাঞ্চলৰ বিশেষ প্রতিনিধি হিচাপে কাম কৰোঁতে (১৯৮১–৯১) ডাঙৰ খাঙত ভৰাই বজাৰত বিক্রী কৰিবলৈ অনা বা চাইকেলত শাক–পাচলিৰ নিচিনাকৈ ওলমাই হোটেলত কাটিবলৈ নিয়া কুকুৰাবোৰৰ ভয়ংকৰ যন্ত্রণাদায়ক দৃশ্য দেখি তাৰ প্রতিবাদ কৰি ‘আজকাল’ত এটা প্রবন্ধ লিখিছিলো৷ প্রবন্ধটোৱে ‘আজকাল’ৰ পাঠকসকলৰ মনত যথেষ্ট সঁহাৰি জগাইছিল আৰু কেইবাখনো চিঠি প্রকাশ পাইছিল৷ চন্দন নগৰৰ এগৰাকী শিক্ষয়িত্রীয়ে মোৰ লগত সহমত পোষণ কৰি ‘আজকাল’ত চিঠি লিখাৰ উপৰি মোলৈ একাধিক ব্যক্তিগত চিঠি লিখিছিল৷ মই আজকালত এই চিঠিখন লিখাৰ কেইবাবছৰৰ পিছত টাইমছ অৱ ইণ্ডিয়াত ভৰত ডোগ্রাৰ এটা প্রবন্ধ পঢ়িবলৈ পাইছিলো–Man’s cruelty towards other forms of life৷ তাত তেওঁ অন্যান্য জীৱ–জন্তুৰ প্রতি মানুহৰ ভয়ংকৰ নিষ্ঠুৰতাৰ বিষয়ে তথ্যসহকাৰে লিখাৰ উপৰি কুকুৰাৰ বিষয়ে বিশেষভাৱে লিখিছে এইদৰে– ‘কুকুৰাবোৰ খাঙত ভৰাই বজাৰলৈ আনোতে সিহঁতক পাণ জপাৰ দৰে এনেকৈ জাপে যে সিহঁতে এক মুহূর্তৰ কাৰণেও লৰচৰ কৰিব নোৱাৰে সিহঁতে যাতে খং আৰু যন্ত্রণাত অতিষ্ঠ হৈ ইটোৱে সিটোক কামুৰিব নোৱাৰে সেই উদ্দেশ্যে সিহঁতৰ ঠোঁটবোৰ কাটি পেলোৱা হয়৷’
আমিষ আৰু নিৰামিষ খাদ্যৰ ভিতৰত কোনটো খাদ্য মানুহৰ কাৰণে বেছি উপকাৰী সেই বিষয়ে যুগ যুগ ধৰি তর্ক চলি আহিছে কিন্তু সকলোৰে কাৰণে গ্রহণযোগ্য উত্তৰ আজিলৈকে নোলাল৷ ষ্টিফেন হকিঙে ভৱিষ্যদ্বাণী কৰিছে যে সকলো মানুহেই এদিন নিৰামিষভোজী হ’বলৈ বাধ্য হ’ব৷ হয়তো ‘বাধ্য’ হ’ব কিন্তু বাধ্য হ’ব বাহ্যিক পৰিস্থিতিৰ তাড়নাতহে, হূদয়–পৰিৱর্তনৰ কাৰণে নহয়, অর্থাৎ পৃথিৱীৰ কোটি কোটি মানুহ মাংসভোজী হৈয়েই থাকিব, আৰু খাদ্যৰ প্রয়োজনত প্রাণীহত্যা কৰিয়েই থাকিব৷ মৰণ অনিবার্য আৰু সকলো প্রাণীৰ জীৱনলৈ এদিন নহয় এদিন মৰণ আহিবই৷ কিন্তু মানুহে যেনেকৈ এটা যন্ত্রণাহীন মৃত্যু কামনা কৰে, ইতৰ প্রাণীৰ যন্ত্রণাহীন মৃত্যু কামনা কৰিবলৈ অধিকাৰ নাই নেকি? বিখ্যাত নৃতত্ত্ববিদ ডেছমণ্ড মৰিছে লিখিছে– ‘মৃত্যু অনিবার্য হ’ব পাৰে, কিন্তু নিষ্ঠুৰতা নহয়৷ আমি যদি মাংস খাবই লাগে, তেন্তে আমি এই কথা নিশ্চিত কৰিব লাগিব যে মাংসৰ কাৰণে আমি যিবোৰ প্রাণীক হত্যা কৰোঁ, সিহঁতে যেন মৃত্যুৰ আগতে যথাসম্ভৱ যন্ত্রণাহীন জীৱন–যাপন কৰিব পাৰে৷’
আমি বেছিভাগ মানুহেই পশু–পক্ষীৰ যন্ত্রণাৰ প্রতি নির্মমভাৱে উদাসীন কিন্তু কুৰি শতিকাৰ এজন শীর্ষস্থানীয় প্রাণী বিজ্ঞানী জে বি এছ হলডেইনেThe Unity and Diversity of Life নামৰ পুস্তিকাত লিখিছে– ‘ভাৰতত থকা সময়খিনিত মই দেখা বহুতো দৃশ্যৰ ভিতৰত যিটো দৃশ্যই মোক ভীষণ মানসিক যন্ত্রণা দিছিল সেইবোৰৰ ভিতৰত এটা আছিল খেজুৰৰ ৰসৰ কাৰণে মানুহে খেজুৰৰ গছবোৰ ক্ষত–বিক্ষত কৰাৰ দৃশ্য৷ খেজুৰ গছবোৰে যন্ত্রণা অনুভৱ কৰে বুলি মই নাভাবোঁ৷ কিন্তু কেৱল যন্ত্রণাই অমংগল নহয় বা আটাইতকৈ ডাঙৰ অমংগল নহয়৷’
(জে বি এছ হলডেইনে ১৯৫৭ চনত দিয়া চর্দাৰ বল্লভ ভাই পেটেল স্মাৰক বত্তৃণতাৰ বিষয় আছিল ‘জীৱনৰ ঐক্য আৰু বৈচিত্র্য’৷ মই কিতাপখন তেতিয়াই কিনিছিলঁোে আৰু এতিয়াও মোৰ লগত থকা কিতাপখন বহুবাৰ পঢ়িছোঁ৷)
কেৱল যন্ত্রণাই একমাত্র অমংগলনে? হলডেইনে উত্থাপন কৰা এই প্রশ্ণটো অতিশয় তাৎপর্যপূর্ণ৷ ক্ষত–বিক্ষত খেজুৰ গছৰ দৃশ্যই তেওঁক ইমান গভীৰভাৱে ব্যথিত কৰি তুলিছিল অসমত খাঙত পাণ জপাৰ নিচিনাকৈ জাপি নিয়া কুকুৰাবোৰ বা চাইকেলত মূৰবোৰ তললৈ কৰি ওলমাই বান্ধি নিয়া কুকুৰাবোৰ দেখি তেওঁ কি অনুভৱ কৰিলেহেঁতেন?
হলডেইনে তেওঁৰ বত্তৃণতাৰ সামৰণি মাৰিছিল এই দুটা বাক্যৰে–’On the walls of the large room in the Zoological laboratory at Munster where professor Rensch keeps living animals are written the words ‘tat twam asi’ If I have helped any of you to some implications of this great saying, my lectures have not been in vain.
কিন্তু আমি জানো যে ‘যত জীৱ তত শিৱ’ বুলি ভাটৌ চৰাইৰ দৰে আওৰাই থকা বেছিভাগ ভাৰতীয়ৰে হূদয় হলডেইনৰ বত্তৃণতাই সমূলি স্পর্শ কৰিব নোৱাৰিলে৷
ইতৰ প্রাণীয়ে দুখ pain) আৰু যন্ত্রণা suffering) অনুভৱ কৰেনে? যদি কৰে, কিমানখিনি কৰে? মানুহৰ কেইটামান মৌলিক অধিকাৰ basic humen rights) থকাৰ নিচিনাকৈ পশু–পক্ষীৰো সেই অধিকাৰ আছেনে? এই দুটা প্রশ্ণক কেন্দ্র কৰি বিজ্ঞানীসকলৰ মাজত বিতর্ক চলি আছে৷ সেই বিতর্কৰ মাজলৈ নোসোমাই মই সম্পূর্ণভাৱে সমর্থন কৰোঁ বিখ্যাত ঔপন্যাসিক মিলান কুণ্ডেৰাৰ এই অভিমতটো– ‘যিবোৰ ইতৰ প্রাণী মানুহৰ কৰুণাৰ ওপৰত নির্ভৰশীল, সিহঁতৰ প্রতি মানুহৰ দৃষ্টিভংগীয়েই হ’ল মানৱ জাতিৰ প্রকৃত নৈতিক পৰীক্ষা, মৌলিক পৰীক্ষা৷’
বহু হাজাৰ বছৰ ধৰি মানুহে নিজৰ স্বার্থত পশু–পক্ষীৰ ওপৰত যি অমানুষিক নির্যাতন চলাই আহিছে, তাৰ অৱসান নোহোৱালৈকে মানুহ প্রকৃত অর্থত সভ্য হোৱা বুলি ক’ব নোৱাৰি৷ অৱশ্যে এই মাপকাঠীৰে জুখিবলৈ গ’লে আধ্যাত্মিকতাৰ দেশ ভাৰততকৈ পশ্চিমৰ মানুহ বহু বেছি গুণে সভ্য৷
কিন্তু এই কথাৰ অর্থ এয়ে নহয় যে ভাৰতবর্ষৰ মানুহে পশু–পক্ষীৰ প্রতি প্রেমৰ কোনো পৰিচয় দিয়া নাই৷ ‘যত জীৱ তত শিৱ’, ‘তত্বমসি’, ‘বসুধৈৱ কুটুম্বকম’ –এনেবোৰ মহাবাক্য ভাৰতৰ মানুহৰ মুখতেই সর্বপ্রথমে উচ্চাৰিত হৈছিল৷ পশুৰ প্রতি প্রেমৰ চৰম পৰকাষ্ঠা দেখুওৱা এজন ভাৰতীয়ৰ এটা সত্য কাহিনী উদাহৰণ হিচাপে এইখিনিতে উল্লেখ কৰিব পাৰি৷ ১৬ শতিকাত ভাৰতবর্ষত যিসকল সন্ত আৰু মহাপুৰুষৰ আবির্ভাৱ হৈছিল তেওঁলোকৰ ভিতৰত এজন আছিল মাৰাঠী সন্ত একনাথ (১৫২৮–১৬০৩)৷ একনাথে এবাৰ এনে এটা সংকল্প ল’লে যে পৱিত্র গংগাজলেৰে তেওঁ ৰামেশ্বৰম মন্দিৰৰ বিগ্রহক স্নান কৰাব৷ গংগা নদীৰ উৎস হ’ল ভাৰতৰ উত্তৰে থকা হিমালয় পর্বত৷ ৰামেশ্বৰম হ’ল ভাৰতৰ দক্ষিণতম প্রান্ত৷ অর্থাৎ একনাথে গংগানদীৰ পৰা গংগাজল সংগ্রহ কৰি ৰামেশ্বৰম মন্দিৰলৈ কঢ়িয়াই লৈ যাবলৈ হ’লে এই বিশাল দেশখনত একেবাৰে উত্তৰৰ পৰা একেবাৰে দক্ষিণলৈ সুদীর্ঘ পথ ভ্রমণ কৰিব লাগিব৷ তাকো পদব্রজে, অর্থাৎ খোজকাঢ়ি৷ লগত এজন মানুহক সংগী হিচাপে লৈ তেওঁ হিমালয়ৰ গংগা নদীৰ উৎসমুখলৈ যাত্রা কৰিলে৷ গংগাজল সংগ্রহ কৰি একনাথে আকৌ খোজকাঢ়ি ৰামেশ্বৰম অভিমুখে আগবাঢ়িবলৈ ধৰিলে৷ তেওঁৰ মূৰত গংগাজলেৰে ভর্তি এটা কলহ৷ কেইবামাহো খোজকঢ়াৰ পিছত অৱশেষত এদিন একনাথৰ ক্লান্তিকৰ ভ্রমণৰ সামৰণি পৰিবৰ উপক্রম হ’ল৷ আৰু অলপ মাত্র দূৰত্ব অতিক্রম কৰিলেই তেওঁ ৰামেশ্বৰমত গৈ ভৰি দিব৷
এনেতে এটা ঘটনা ঘটিল৷ তেওঁৰ বাট ভেটি থিয় হৈ আছে এটা গাধ৷ বহুদিন ধৰি চলা অনাবৃষ্টিৰ কাৰণে সি বোধহয় কেইবাদিনো পানী খাবলৈ পোৱা নাই পিয়াহত তাৰ প্রাণ যায় যায় অৱস্থা৷ পিয়াহত আতুৰ হোৱা প্রাণীয়ে পানীৰো গোন্ধ পায়৷ গাধটোৱে এনে কৰুণ দৃষ্টিৰে একনাথৰ মূৰৰ পানীৰ কলহটোলৈ চাবলৈ ধৰিলে যে দৃশ্যটো দেখি মুহূর্ততে একনাথৰ হূদয় গলি জুই হৈ গ’ল৷ মুহূর্তৰ কাৰণেও চিন্তা নকৰি বা দ্বিধা অনুভৱ নকৰি তেওঁ গাধটোৰ ওচৰলৈ আগবাঢ়ি গৈ তাৰ মেলা মুখখনত পানী ঢ়ালি দিলে৷ গাধটোৱে হেঁপাহ পলুৱাই পানী খোৱাৰ পিছত একনাথে কলহত থকা বাকী পানীখিনি গাধটোৰ গাত ঢ়ালি দিলে৷ নতুনকৈ জীৱন পোৱাৰ আনন্দত গাধটোৰ গাৰ প্রতিডাল নোম শিহৰিত হৈ উঠিল৷
একনাথৰ কাণ্ড দেখি তেওঁৰ সহযাত্রীজন বিস্ময়ত হতভম্ব হৈ পৰিল৷ সুদূৰ হিমালয়ৰ পৰা সুদীর্ঘ দুর্গম পথ অতিক্রম কৰি একনাথে মূৰত গংগাজলৰ কলহ কঢ়িয়াই আনিছিল কেৱল এটা গাধৰ প্রাণ বচাবলৈ? মানুহজনৰ মুখৰ পৰা বহুত পৰ এটা শব্দও নোলোৱা হ’ল৷ যেতিয়া তেওঁ কথা কোৱাৰ শক্তি ঘূৰাই পালে, তেতিয়া তেওঁ একনাথক ক’লে– ‘তুমি কি কাম কৰিলা সেই কথা তুমি নিজে বুজি পাইছানে? এটা মাত্র মুহূর্তৰ ভিতৰতে তুমি হেৰুৱালা সমস্ত জীৱনৰ পুণ্যৰ সঞ্চয়৷’
একনাথে এটা স্নিগ্ধ হাঁহি মাৰি উত্তৰ দিলে– ‘বন্ধু, মই কিন্তু তোমাৰ কথাত একমত হ’ব নোৱাৰিলোঁ৷ আজিহে গংগাজলৰ প্রকৃত সৎব্যৱহাৰ হ’ল৷ মোৰ কামত যে ঈশ্বৰ পৰম সন্তুষ্ট হৈছে সেই বিষয়ে মোৰ মনত বিন্দুমাত্র সন্দেহ নাই৷’