মানুহে জুইৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ দিন ধৰি পৰিৱেশ প্রদূষণ আৰম্ভ হয় যদিও উদ্যোগ বিপ্লৱৰ পৰৱর্তী সময়ত ইয়াৰ হাৰ অতি বৃদ্ধি পায়৷ আজিকালি আনকি পূজা সেৱা আৰু ধর্মীয় আচৰণো পৰিৱেশ প্রদূষণৰ কাৰণ হৈ পৰিছে৷ ধর্মীয় আচৰণসমূহত ব্যৱহাৰ হোৱা পৰম্পৰাগত প্রাকৃতিক সামগ্রীৰ ঠাই কৃত্রিম সংশ্লেষিত সামগ্রীয়ে লোৱাৰ পিছৰে পৰাই ধর্মীয় আচৰণসমূহ পৰিৱেশ প্রদূষণৰ কেন্দ্র হৈ পৰিছে৷ দুর্গা পূজাও ইয়াৰ ব্যতিক্রম নহয়৷বৰং ব্যাপক হাৰত অনুষ্ঠিত হোৱাৰ বাবে দুর্গা পূজাৰ সময়ত পৰিৱেশ প্রদূষণৰ হাৰ অতিপাত বৃদ্ধি পায়৷
অতীতত মানুহে বিভিন্ন প্রাকৃতিক উপাদান যেনে– মাটি, মুলটানি মাটি, খেৰ, মৰাপাট,বাঁহ, বেত, কলগছ আদিৰ পৰা পূজাৰ প্রতিমা সাজি দেৱ–দেৱীৰ পূজা–র্চনা কৰিছিল৷ সেইদৰে প্রতিমাসমূহত ৰং বোলাবলৈ বিভিন্ন গছ–লতা, চন্দন, হালধি, ডিমৰু গছৰ গুটি আদিৰ পৰাই ৰং আহৰণ কৰিছিল৷ গতিকে প্রাচীন কালৰ দুর্গোৎসৱৰ পৰিৱেশ জীৱকুলৰ প্রতি ভাবুকি হৈ পৰা নাছিল৷ কিন্তু ধীৰে ধীৰে পৰিৱেশ সলনি হ’ল৷ পূজা মণ্ডপ, প্রতিমা নির্মাণ, প্রতিমা বিসর্জন আদি সকলোতে চমক সৃষ্টি আৰম্ভ হ’ল আৰু পূজা উৎসৱ কেৱল ধর্মীয় বা সাংস্কৃতিক দিশৰ পৰাই নহয়,বাণিজ্যিকভাবেও এক বৃহৎ উৎসৱ হৈ পৰিল৷বৃহৎ বৃহৎ আকাৰৰ প্রতিমা প্রস্তুত কৰিবলৈ ল’লে৷ ফলত মানুহে প্রাকৃতিক উপাদানসমূহ পৰিহাৰ কৰি প্রতিমা সাজিবলৈ কৃত্রিমভাৱে তৈয়াৰ কৰা জৈৱ–বিযোজ্য (ত্ত্বn-biodegradable— উপাদানসমূহ যেনে– চিমেণ্ট, ৰড, প্লাষ্টিক, ত্নaster of Paris, থার্মোকল, সাংশ্লেষিক আঁহ আদিৰ ব্যৱহাৰ আৰম্ভ কৰিলে৷ ইয়াৰ উপৰি প্রতিমাত ৰং বোলাবলৈ কৃত্রিম সংশ্লেষিত দ্রব্যৰ পৰা প্রস্তুত কৰা ৰঙৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰিলে৷ সংশ্লেষিক ৰংসমূহ মূলতঃ কপাৰ চালফেট, মাৰকিউৰি ছালফাইড আদি ধাতৱ যৌগৰ পৰা তৈয়াৰ কৰা হয়৷ এই ৰঙবোৰ পাৰদ, কেডমিয়াম, সীহ, জিংক, ক্র’মিয়াম আদি গধুৰ ধাতু আৰু সিহঁতৰ অক্সাইডসমূহ থাকে আৰু ত্নপ্তster of Parisî ন্ধম্ভsum, åালফাৰ, ফছফৰাছ, মেগনেছিয়াম আদি থাকে৷ সীহ, ক্র’মিয়াম, পাৰদ আদি গধুৰ ধাতুসমূহ প্রতিমাত ৰং দিওঁতে ব্যৱহাৰ হোৱা সেন্দূৰৰ জৰিয়তে পানীত যোগ হয়৷ এইসমূহৰ প্রতিবিধেই কম–বেছি পৰিমাণে বিষাক্ত৷
পূজাৰ পৰম্পৰা অনুসৰি ষষ্ঠীত প্রতিষ্ঠা কৰা দেৱীক বিজয়া দশমীৰ দিনা বিভিন্ন নদ–নদী, বিল, পুখুৰী আদি জলাশয়বোৰত উটুৱাই দিয়া হয়৷ ফলত পূজাৰ প্রতিমা প্রস্তুত কৰোঁতে ব্যৱহাৰ কৰা অপচনশীল উপাদান বা ৰাসায়নিক দ্রব্যসমূহে পানী বিষাক্ত কৰি পেলায়৷ পৰিৱেশবিদসকলে দুর্গা পূজাৰ প্রতিমা বিসর্জনৰ পিছত সেই ঠাইৰ পানী কেনেদৰে বা কিমান পৰিমাণে বিষাক্ত হৈ পৰে এই বিষয়ে গৱেষণা কৰি বিভিন্ন তথ্য দাঙি ধৰিছে৷ তেওঁলোকে প্রকাশ কৰা মতে ক্ষুদ্র জলাশয়ৰ পৰা আৰম্ভ কৰি গংগা, যমুনা আদি বৃহৎ নদ–নদীলৈকে সকলো পানী প্রদূষিত হৈ পৰে৷ হাজাৰ হাজাৰ লিটাৰ সংশ্লেষিত ৰং, শ শ কিলোগ্রাম প্লাষ্টাৰ অৱ পেৰিছ বা নানা ৰাসায়নিক দ্রব্যই জলধাৰা বিষাক্ত কৰি পেলোৱাৰ লগতে নৈ–বিলৰ পানীৰ প্রাকৃতিক প্রবাহবন্ধ কৰি পেলায়৷ প্রতিমা বিসর্জনৰ পিছত পানীত অক্সিজেনৰ পৰিমাণ হ্রাস পায় আৰু পানীৰ অম্লতা বৃদ্ধি পায়৷ ইয়াৰ উপৰি জৈৱিক অক্সিজেনৰ চাহিদা (ন্প্সogical oxygen Demand)] Âóৰিমাণ ঊর্ধ্বগামী হয় আৰু পানীত বিষাক্ত হাইড্রজেন ছালফাইড বৃদ্ধি পায়৷ ফলস্বৰূপে জলাশয়ৰ পৰিস্থিতিতন্ত্র ধ্বংস হৈ পৰা দেখা যায়৷ সেয়ে পৰিৱেশ প্রদূষিত নকৰাকৈ পূজা উদ্যাপন কৰিবলৈ আজি প্রায় দশকজুৰি পৰিৱেশবিদ, প্রকৃতিবিদ তথা সচেতন লোকসকলে আহ্বান জনাই আহিছে৷ ভাৰতৰ পৰিৱেশ,বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়, কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদ (ত্ত্বত্নড্র -2010—, ]াষ্ট্রীয় সেউজ প্রাধিকৰণ আইন (ত্ত্বণ্ড্বAct, 2010— Õ±দিয়ে আজি কেইবাবছৰ ধৰি পৰিৱেশ অনুকূল পূজা উদ্যাপনৰ বাবে নির্দেশনা জাৰি কৰি আহিছে৷ আমাৰ অসমত প্রদূষণ নিয়ন্ত্রণ পৰিষদে কেৱল নির্দেশাৱলীখনহে প্রকাশ কৰিছে৷ বেছিসংখ্যক পূজা সমিতিয়েও পৰিৱেশ অনুকূল পূজা উদ্যাপনৰ প্রতি কোনো আগ্রহ দেখুওৱা পৰিলক্ষিত নহয়৷ যোৱাবাৰ যোৰহাটৰ কাঠনীবাৰীৰ এখন পূজাত বাতৰি কাকত, পেলনীয়া ডাঠ কাগজৰ কাটুন আদি আৰু পৰিৱেশ অনুকূল পানীৰ ৰং ব্যৱহাৰ কৰি প্রতিমা প্রস্তুত কৰিছিল৷ এনে পদক্ষেপক চৰকাৰ, ৰাইজ, প্রচাৰ বিভাগ সকলোৱে গুৰুত্বসহকাৰে উৎসাহিত কৰাটো প্রয়োজনীয়৷ ভাৰতবর্ষত গংগা, যমুনা, তাপ্তি আদি নৈবোৰত পৰিৱেশৰ বাবে ক্ষতিকাৰক প্রতিমা বিসর্জন বন্ধ কৰিবৰ বাবে চৰকাৰ, বেচৰকাৰী সংগঠন, সচেতন নাগৰিক সকলোৱে প্রচেষ্টা চলাই আহিছে৷ ‘ড় Indian Express’î 2০১৯ চনৰ ৩ অক্টোবৰ তাৰিখৰ এক বাতৰি মতে ‘নেচনেল মিছন ফৰ ক্লীন গংগা’ই (ত্ত্বত্তড্র— Ûß বিশেষ নির্দেশাৱলী প্রকাশ কৰিছে৷ পৰিৱেশ (সুৰক্ষা) আইন–১৯৮৬ৰ অধীনত জাৰি কৰা এই নির্দেশনা মতে গংগা বা ইয়াৰ উপনৈসমূহত প্রতিমা বিসর্জন কৰিলে ৫০ হাজাৰ টকা জৰিমনা বিহা হ’ব৷ এই নির্দেশনাত প্রতিমা বিসর্জনৰ বাবে কৃত্রিম পুখুৰীৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰা হৈছে৷ কিন্তু আমাৰ অসমৰ নৈ–বিলসমূহ দেশৰ ভিতৰতে অধিক প্রদূষিতৰ তালিকাত স্থান পোৱাৰ পিছতো সজাগতাৰ অভাৱ৷ হিন্দুসকলৰ ভগৱান ব্রহ্মাৰ পুত্র বুলি কোৱা পবিত্র নদী ব্রহ্মপুত্র আৰু ইয়াৰ সমগ্র নদীতন্ত্র তথা বিভিন্ন নৈ–বিলসমূহ প্রদূষিত কৰাতো ধর্মীয় দৃষ্টিকোণৰ পৰাও গ্রহণযোগ্য নহয়৷শ্রীমদ্ভাগৱত গীতাৰ নৱম অধ্যায়ৰ ৰাজবিদ্যা–ৰাজগুহ্য যোগত উল্লেখ আছে–
‘পত্রং পুষ্পং ফলং তোয়ং যো মে ভক্ত্যা প্রয়চ্ছতি৷
তদহং ভক্ত্যুপহূতমশ্লামি প্রয়তাত্ননঃ৷৷২৬৷৷’
ইয়াৰ পৰাই বুজা যায় যে পাত, ফুল, ফল বা একাঁজলি জলো যদি ভক্তিভাৱে ভগৱানক অর্পণ কৰা হয় তেওঁ তাকেই গ্রহণ কৰি সন্তুষ্ট হয়৷ যিকোনো উৎসৱ তেতিয়াহে আনন্দমুখৰ হয়, যেতিয়া সমস্ত জীৱকুলৰ কাৰো একো অনিষ্ট নকৰাকৈ পৰিৱেশ অনুকূলভাৱে পালন কৰা হয়৷ সেয়ে আমি অসমতো পূজা উৎসৱ উদ্যাপনৰ সময়ত ৰাষ্ট্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ নির্দেশাৱলীৰ প্রতি গুৰুত্ব দি কেইটামান দিশ চকু দিয়াটো প্রয়োজন বুলি ভাবো–
১৷ পূজাৰ প্রতিমা নির্মাণ কৰিবলৈ প্লাষ্টাৰ অৱ পেৰিছ, চিমেণ্ট আদি জৈৱ–বিযোজ্য উপাদান সমূহ পৰিহাৰ কৰি অতীতৰ দৰে প্রাকৃতিক সামগ্রী ব্যৱহাৰ কৰা৷
২৷ প্রতিমাসমূহত ৰং বোলাবলৈ কৃত্রিম সাংশ্লেষিক ৰং পৰিহাৰ কৰি উদ্ভিদজাত, পৰিৱেশ অনুকূল প্রাকৃতিক ৰঙৰ ব্যৱহাৰ কৰা৷
৩৷ প্রতিমা বিসর্জন দিবলৈ নৈ, বিল আদি জলাশয়বোৰৰ ঠাইত কৃত্রিম পুখুৰীৰ ব্যৱস্থা কৰি বিসর্জনৰ লগে লগে পৰিষ্কাৰ কৰা৷
৪৷ পূজা মণ্ডপসমূহ প্লাষ্টিকমুক্ত কৰি ৰখা ইত্যাদি৷
মানৱ সমাজে ইতিমধ্যে আমি বাস কৰা পৃথিৱীখন ধীৰে ধীৰে বাসৰ অনুপযোগী কৰি পেলাইছো৷ জীৱন নির্বাহৰ বাবে কৰা সংগ্রামৰ লগতে যদি ধর্মীয় আচাৰ–আচৰণৰ যোগেদিও আমি পৃথিৱীখনক অধিক ক্ষতিগ্রস্ত কৰোঁ, তেন্তে আমি উত্তৰপুৰুষৰ কাষত জবাবদিহি হ’ব লাগিব৷আমি চৰকাৰক ধর্মীয় আচৰণৰ লগত জডিত প্রদূষণৰ উৎসসমূহ চিনাক্ত কৰি কঠোৰ আইন প্রণয়নৰ যোগেদি এইসমূহ ৰোধ কৰিবলৈ আহ্বান জনাওঁ৷ এইক্ষেত্রত জনসাধাৰণৰ সহযোগিতায়ো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷