নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰপিয়াসী মানুহজন

‘মোৰ হূদয়খন কুৎসিত কৰিবলৈ মই দুখক কেতিয়াও অনুমতি নিদিওঁ৷ মই তোমাক দেখুৱাম যে জীয়াই থকাটো সুন্দৰ হ’ব পাৰে৷’ ক্রিষ্টি এণ্ড মার্টিনৰ কথাষাৰ যেন গুণসিন্ধু হাজৰিকাদেৱৰ প্রবল আত্মসন্মানে মোক বাৰে বাৰে মনত পেলাই দিছিল৷ প্রিয় পাঠক, আপোনালোকৰ বহুতেই গুণসিন্ধু হাজৰিকাৰ নাম হয়তো শুনিছে আৰু বহুতৰ বাবে তেওঁ একেবাৰেই অচিনাকি৷ কেইবাবছৰ পূর্বে গুণসিন্ধু হাজৰিকাদেৱক এখন সভাত লগ পাইছিলোঁ৷ মানুহজনক মাত্র অকণমান সময়ৰ বাবেহে লগ পাইছিলোঁ যদিও তেওঁৰ প্রতি মনত অপাৰ কৌতূহল সৃষ্টি হৈছিল৷ তেওঁৰ ফোন নম্বৰটো খুজি লৈছিলোঁ৷ এদিন তেওঁৰ ঘৰলৈ যোৱাৰ অনুমতি বিচাৰিছিলোঁ৷ একে আষাৰে মোক তেওঁৰ ঘৰলৈ যাব নালাগে বুলি কৈ ফোনটো কাটি দিছিল৷ কি ভাবি জানো পিছদিনা তেওঁ নিজেই ফোন কৰি মোক তেওঁৰ ঘৰলৈ যোৱাৰ অনুমতি দিছিল৷ গুণসিন্ধু হাজৰিকা এজন চলচ্চিত্র নির্মাতা, গীতিকাৰ আৰু শ্বায়েৰ৷ আচলতে তেওঁৰ এটা সাক্ষাৎকাৰ লোৱাটোও মোৰ অন্যতম উদ্দেশ্য আছিল৷ হেঙেৰাবাৰীৰ হাউছিং কলনীৰ এটা সৰু ঘৰত পত্নীৰ সৈতে বাস কৰে গুণসিন্ধু হাজৰিকা৷ গুণসিন্ধু হাজৰিকাৰ যন্ত্রণাপিষ্ট জীৱন হাজাৰজনৰ বাবে কৌতূহলৰ উৎস৷ জীৱনৰ প্রতি মানুহজনৰ আছে প্রবল ভালপোৱা৷ কিন্তু জীৱনেহে তেওঁৰ সৈতে কৰিলে যেন ছলনা৷ গুণসিন্ধু হাজৰিকাই এক দুর্ঘটনাত ৩৬ বছৰ বয়সতে হেৰুৱাব লগা হয় দুচকুৰ জ্যোতি আৰু তেতিয়াৰে পৰা এতিয়ালৈকে তেওঁ কৰি আছে অবিৰত সংগ্রাম৷ আত্ম–ভিমানী মানুহজনে নিজৰ কথা সহজে কাৰো আগত নকয়, কিন্তু মানুহজনক লগ পোৱাৰ মুহূর্ততে মই বুজিছিলোঁ যে তেওঁৰ হূদয়ত বহু অব্যক্ত কথাৰ খলখলনি আছে৷ যিবোৰ কথা তেওঁ যিকোনো মানুহৰ আগত ক’বলৈ নিবিচাৰে৷ কাৰণ শিল্পী বুলি তেওঁৰ আছে গৌৰৱ আৰু সেই গৌৰৱ কাৰোবাৰ পুতৌৱে ধূলিসাৎ কৰিব বুলিয়েই তেওঁ নিজৰ ব্যক্তিত্বক এখন কঠিন আৱৰণেৰে ঢ়াকি ৰাখিছে৷ গুণসিন্ধু হাজৰিকাৰ জীৱন কাহিনী শুনিবলৈ তেওঁ অনুমতি দিয়া দিনটোৰ সন্ধিয়া তেওঁৰ ঘৰত উপস্থিত হ’লোঁগৈ৷ মই পূর্বতেই জানিছিলোঁ যে তেওঁ চিনেমাৰ প্রবল অনুৰাগী৷ সেয়েহে চিনেমাৰ কথাৰেই আমাৰ বার্তালাপ আৰম্ভ হ’ল৷ শৈশৱতেই অজানিতে এদিন তেওঁৰ বুকুত গজালি মেলিছিল চিনেমাৰ মোহে৷ কৈশোৰৰ চিন্তামুক্ত সেই দিনবোৰতে এদিন তেওঁ সিদ্ধান্ত ল’লে যেনে–তেনে হ’লেও মুম্বাইলৈ যোৱাৰ৷ তেতিয়া তেওঁ মাত্র অষ্টম শ্রেণীৰ ছাত্র৷ ১৯৬০ চনৰ ১৫ আগষ্টত তেওঁ কলকাতা অভিমুখী এখন শৰণার্থী কঢ়িয়াই নিয়া ৰে’লত উঠি মুম্বাইলৈ যাত্রা কৰিলে৷ অষ্টম শ্রেণীৰ এজন কিশোৰৰ হাতত স্বাভাৱিকতেই সৰহকৈ টকা–পইচা নাথাকে৷ তদুপৰি ১৫ আগষ্টত বিনা পইচাৰে ৰে’লত ভ্রমণ কৰিব পাৰি বুলি কাৰোবাৰ মুখত শুনিছিল৷ সেয়েহে ১৫ আগষ্টৰ দিনাখন তেওঁ বাংলাভাষী বন্ধু পূর্ণ ৰায়ৰ নাম লৈ ভাষা আন্দোলনৰ বলি হোৱা বাংলাভাষী লোকসকলৰ লগ লাগিল৷ সেই লোকসকলক কলকাতাৰ শিয়ালদহলৈ লৈ যোৱা হৈছিল৷ তেওঁ বাংলা ক’ব নাজানিছিল৷ মুম্বাইলৈ যোৱাৰ ইমান তীব্র হেঁপাহ আছিল যে তেওঁ সেইসকল লোকক এই বুলিও ক’লে যে তেওঁৰ মাক–দেউতাক নাই আৰু অসমীয়া পৰিয়াল এটাই তুলি–তালি ডাঙৰ কৰা বাবে বাংলাভাষা শিকাৰ সুযোগেই নাপালে৷ কিন্তু তেওঁৰ দেউতাক বাংলাভাষী বুলি জানিয়েই তেওঁক আক্রমণৰ লক্ষ্য কৰি লোৱা হ’ল আৰু সেয়েহে উপায়হীন হৈ তেওঁ পলাই আহিল৷ কিশোৰ গুণসিন্ধুৰ এই পৰিকল্পনা তথা কার্য সম্পর্কে তেওঁৰ দেউতাক অণ্টিৰাম হাজৰিকা আৰু মাক অণু হাজৰিকা একেবাৰে অজ্ঞাত আছিল৷ গুণসিন্ধু হাজৰিকাৰ লগত কোনো অবিভাৱক নথকাত কলকাতাৰ থানা এখনৰ মৰমিয়াল দাৰোগা এজনে ক’লে যে কোনো চিন্তা নকৰাকৈ তেওঁ দাৰোগাজনৰ পৰিয়ালৰ সদস্য হৈ তাতে থাকিব পাৰিব৷ কিন্তু গুণসিন্ধু হাজৰিকাৰ লক্ষ্য আছিল মুম্বাইহে৷ কথা বিষম দেখি তেওঁ বুদ্ধি কৰি থানাৰ পৰা পলাই আহিল৷ হাজৰিকাদেৱৰ কথাই মোৰ কৌতূহল বঢ়াই নিছিল৷ সেই সময়তে তেওঁৰ পত্নীয়ে আমালৈ চাহ লৈ আহিল যদিও মোৰ তেওঁৰ কথা অহৰহ শুনি থকাৰ ইচ্ছাৰ বাবে কাপতে চাহ চেঁচা পৰিছিল৷ এটা কিশোৰৰ অবিশ্বাস্য যেন লগা কথাবোৰ শুনি শিহৰিত হৈছিলোঁ৷ দাৰোগাজনৰ ঘৰৰ পৰা পলাই আহি তেওঁ মেট্র’ নামৰ চিনেমা হলটোৰ কাষ পালেহি৷ মেট্র’ত তেতিয়া মোগল–ই–আজম নামৰ চিনেমাখন চলি আছিল৷ চিনেমাৰ বাবেই ঘৰ–বাৰী এৰি সেই অচিন বিশাল জনসমুদ্রত প্রৱেশ কৰা ল’ৰাটোৱে সেইদিনাও ‘মোগল–ই–আজম’ ছবিখন চালে৷ মুক্ত আকাশৰ তলত নিশা কটালে চৌৰংগীৰ ৰাজপথত৷ মনলৈ ভয়ৰ ভাব অহাত পুনৰ দাৰোগাজনৰ ওচৰলৈ উভতি গ’ল৷ অসমত তেওঁক বিচাৰি মাক–দেউতাকৰ হাহাকাৰ৷ দাৰোগাজনে তেওঁক পুৰুলিয়াত থকা ৰামকৃষ্ণ মিছনৰ অনাথ আশ্রমত ভর্তি কৰাই দিলে৷ গুণসিন্ধু হাজৰিকাৰ সপোন আছিল মুম্বাইলৈ গৈ হিন্দী ছবিৰ অভিনেতা হোৱাহে৷ সেয়েহে তিনি মাহৰ পিছত পুনৰ নাম সলনি কৰি ‘শেখৰ নন্দী’ নাম লৈ মুম্বাইলৈ পলাই গ’ল৷ মুম্বাইত আৰম্ভ হ’ল তেওঁৰ সংগ্রামৰ জীৱন৷ তথাপি হাৰ নামানিলে তেওঁ৷ সেই সময়ত ৰাজকাপুৰৰ ‘জিছ দেশ মে গংগা বহতী হ্যয়’ নামৰ চিনেমাখনৰ দৃশ্যগ্রহণ চলি আছিল৷ চিনেমাখনত তেওঁ জুনিয়ৰ আর্টিষ্টৰ বাবে ওলোৱাৰ সুযোগ পালে৷ তেওঁৰ উপার্জনৰ হৈছিল মাত্র ৩ টকা৷ চিনেমাত কাম কৰাৰ হেঁপাহে তেওঁক অশান্ত কৰি ৰাখিছিল৷ অহৰহ কামৰ সন্ধানতে আছিল তেওঁ৷ ৰোশন ভৰদ্বাজে পৰিচালনা কৰা ‘ইয়ে খুন ৰং লায়েংগে’ নামৰ চিনেমাখনত তেওঁৰ দ্বিতীয় সহকাৰী পৰিচালক ৰূপে কাম কৰাৰ সুযোগ পালে৷ পৰৱর্তী সময়ত ভোজপুৰী ছবি ‘গৌৰী’, হিন্দী ছবি ‘জব য়াদ কিছিকি আটি হ্যয়’ত দ্বিতীয় সহকাৰী পৰিচালক ৰূপে কাম কৰিলে৷ লাহে লাহে মুম্বাইত সুন্দৰ চেহেৰাৰ পৰিশ্রমী যুৱকজনে এটা দুটাকৈ কাম উলিয়াই ল’বলৈ সক্ষম হৈছিল৷ আত্মবিশ্বাসো বৃদ্ধি পাইছিল৷ ১৯৬২ চনত ড০ ভূপেন হাজৰিকা কলকাতাত আছিল৷ তেওঁ কলকাতালৈ আহি ভূপেনদাৰ লগত কিছুদিন থাকিছিল৷ সেই সময়তে অসমীয়া ছবি ‘মণিৰাম দেৱান’ৰ দৃশ্যগ্রহণ চলি আছিল৷ ছবিখনৰ লগত তেওঁ জড়িত হৈ পৰিল৷ অসমীয়া ছবিজগতৰ সৈতে তেতিয়াই গুণসিন্ধু হাজৰিকাৰ সম্পর্ক গঢ় লৈ উঠিল৷ ক্রমান্বয়ে ইখনৰ পিছত সিখনকৈ ‘ললিতা’, ‘তৰামাই’, ‘আদালত’, ‘নিয়তি’, ‘সন্ধ্যাৰাগ’ত সহকাৰী পৰিচালক ৰূপে কাম কৰে৷ ১৯৭৯ চনত ‘বিতৃষ্ণা’ নামৰ ছবিখন নিজৰ পৰিচালনা আৰু প্রযোজনাৰে কৰাৰ পৰিকল্পনাৰে মুহুৰতো কৰিছিল৷ সুপ্রভা দেৱীৰ পৰিচালনাত ১৯৮১ চনত ‘নয়নমণি’ নামৰ ছবিখনত সহকাৰী পৰিচালক ৰূপে তেওঁ কাম কৰাৰ সুযোগ পাইছিল৷ কিন্তু এটি আকস্মিক দুর্ঘটনাত তেওঁৰ সকলো সপোন, পৰিকল্পনা ধূলিসাৎ হৈ মাত্র ৩৬ বছৰ বয়সতে হেৰুৱাই পেলালে দুচকুৰ জ্যোতি৷ মুম্বাইৰ চিকিৎসকে ঘোষণা কৰিলে যে তেওঁ আৰু কোনোদিনে পৃথিৱীখন নিজৰ চকুৰে চাব নোৱাৰিব৷ সেইদিনা যেন তেওঁৰ ভৰিৰ তলৰ মাটি, মূৰৰ ওপৰৰ আকাশ হেৰাই গৈছিল৷ কিন্তু লাহে লাহে তেওঁ নিজক চম্ভালি ল’লে৷ দুচকুৰ জ্যোতি নোহোৱাকৈয়ে পুনৰ আৰম্ভ কৰিলে জীৱন যুঁজ৷ এই যুঁজ পূর্বতকৈ আছিল হাজাৰগুণ কঠিন৷ কিন্তু তেওঁ হাৰ মানিব খোজা নাছিল৷ ১৯৯০ চনত জীৱনলৈ অহা অনাহূত দুখক একাষৰীয়া কৰি থৈ কাৰিকৰী পৰামর্শদাতাৰ দায়িত্ব পালন কৰিছিল হেমেন দাসে পৰিচালনা কৰা ‘যুঁজ’ নামৰ ছবিখনত৷ ছবিখনে ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰে৷ পুনৰ বিপুল বৰুৱাৰ প্রযোজনা আৰু তেওঁৰ পৰিচালনাত নির্মাণ হোৱা ‘অবুজ বেদনা’ নামৰ শিশু চলচ্চিত্রখনে কঢ়িয়াই আনিলে ৰজত কমল বঁটা৷ ছবিখন পিছত হিন্দীলৈ দাবিং কৰি দূৰদর্শনৰ ৰাষ্ট্রীয় কার্যক্রমত প্রদর্শন কৰা হৈছিল৷ তেওঁ ‘চেতনা’ নামৰ এখন চিনেমা কৰাৰ পৰিকল্পনা কৰিছিল৷ চিনেমাখন হিন্দী, অসমীয়া আৰু বাংলাৰ উপৰি অৰুণাচলী, নাগামিজ, খাচী আৰু মণিপুৰী ভাষাটো কৰিম বুলি ভাবিছিল যদিও সেই সপোন আধৰুৱা হৈ ৰ’ল৷ কথাবোৰ কৈ এটি দীঘল হুমুনিয়াহ এৰিছিল হাজৰিকাদেৱে৷ অসমৰ বাহিৰত এবাৰ ভালদৰে চিকিৎসা কৰিবলৈ নাই তেওঁৰ সামর্থ্য৷ চিনেমাৰ বাবেই শৈশৱতে ঘৰ এৰি যোৱা মানুহজনে আধৰুৱাকৈ এৰিব লগা হ’ল বহুকেইটা চিনেমাৰ লগত জড়িত প্রকল্পও৷ চিনেমা নির্মাণ কৰিবলৈকে ঘৰ–মাটিও বিক্রী কৰা মানুহজন নিয়তিৰ হাতত হৈ পৰিল সর্বস্বান্ত৷ এতিয়া তেওঁৰ সর্বক্ষণৰ লগৰী আর্থিক চিন্তা৷ অসমৰ বাহিৰত এবাৰ ভালদৰে চিকিৎসা কৰিবলৈ নাই তেওঁৰ সামর্থ্য৷ হাজৰিকাদেৱক কি বুলি সাহস দিম সেয়া মই ভাবি পোৱা নাছিলোঁ৷ তেওঁক সাহস দিবলৈ কিবা কথা ক’লেও সেয়া যদি সাত্ব্ন্নাৰ দৰে হয় তেতিয়া তেওঁ যে অভিমানী হৈ পৰিব, সেই কথা ইতিমধ্যে মই বুজি পাইছিলোঁ৷ কাৰো ওচৰত অনুনয়–বিনয় কৰি কোনো সুবিধা আদায় কৰাৰ পক্ষপাতী তেওঁ নহয়৷ মই মনে মনে থকাত তেওঁ ক’লে যে জীৱনটোক তেওঁ খুবেই ভাল পায়৷ সেয়ে জীৱনক সাবটি জীয়াই থকাৰ আখৰা চলাইছে প্রতিদিনে৷ তেওঁৰ মতে এজন স্রষ্টাই যেতিয়া সৃষ্টি কৰাৰ সকলো পথ হেৰুৱাই পেলায়, তেতিয়া মনৰ সকলো সন্তুষ্টি যেন ক’ৰবাত হেৰাই যায়৷ প্রবল ইচ্ছা সত্ত্বেও তেওঁ কলম তুলি ল’ব নোৱাৰে৷ মনৰ ভাববোৰ প্রকাশৰ মাধ্যম হিচাপে ল’লে শ্বায়েৰীৰ সহায়৷ টেলিফোনত লিপিবদ্ধ কৰোৱালে ৫৬৮টা শ্বায়েৰী৷ ৰেখা প্রকাশনে ‘নাজাৰা’ নামৰ শ্বায়েৰী সংকলন এটাও প্রকাশ কৰি উলিয়ালে৷ জীৱনটোকো তেওঁ এটা সুন্দৰ কলা বুলিয়েই ভাবে৷ জীয়াই থকালৈকে এই কলাৰ অনুশীলন সুন্দৰকৈ কৰি যোৱাতেই সার্থকতা আছে বুলিও তেওঁ মোক ক’লে৷ মোৰ কাষতেই বহি থকা মানুহজনৰ হাতখন এবাৰ চুই চাবলৈ মোৰ প্রবল ইচ্ছা হৈছিল৷ সহজে নিজৰ ভিতৰখন উদঙাই দিব নোখোজা মানুহজনে মোক যে ইমান সময় কথাবোৰ ক’লে তাকে ভাবি মোৰ দুচকু সেমেকি উঠিল৷ জয় বাংলা নামৰ চকুৰ অসুখ হওঁতে এবাৰ তিনিদিনমান একো পঢ়া–শুনা কৰিব নোৱাৰি মইপ্রায় কান্দিয়েই পেলাইছিলোঁ৷ তেনে ক্ষেত্রত চিনেমা নির্মাণৰ দৰে কামত জড়িত এজন মানুহে ভৰ যৌৱনত দুচকু হেৰুৱাই কি অবর্ণনীয় যন্ত্রণাত জীয়াই আছে সেয়া ভাবিবলৈও ভয় লাগে৷ শিল্পীজনে ইতিমধ্যে শিল্পী বঁটা, চাতক বঁটা আদি লাভ কৰিছে৷ ৰজাঘৰৰ শিল্পী পেন্সনেৰে তেওঁ আৰু তেওঁৰ পত্নীয়ে জীৱন নির্বাহ কৰি আছে৷ আত্মীয়–স্বজনৰ পৰা দূৰৈত কাকো আমনি নকৰাকৈ দুয়োজন মানুুহে টানি আছে জীৱন নামৰ ৰথখন৷ অৱশ্যে চিকিৎসাৰ বাবে চৰকাৰৰ পৰা কিছু অর্থ সাহায্য পালে তেওঁ যথেষ্ট সকাহ পাব বুলি তেওঁ মোক কয়৷ অহাৰ সময়ত তেওঁ মোৰ মূৰত হাত ফুৰাই কৈ পঠিয়াইছিল– জীৱনটো সহজ, আমাৰ চিন্তা আৰু কর্মইহে ইয়াক জটিল কৰি তোলে৷ গতিকে সুখে–দুখে বিচলিত অথবা আহ্লাদিত নহৈ প্রত্যেকটো দিনৰ এটা এটা ক্ষণ ব্যৱহাৰ কৰিব পাৰিলেই মানৱ জীৱন সার্থক হয়৷ কেইবাদিনলৈকো তেওঁৰ কথাবোৰে মনত জোকাৰি আছিল৷ ৰূপী কৌৰৰ কবিতা সংকলন’The Sun and Her Flowers’ত এটা চমু কবিতা আছে–Why is it/that when the story end we began to feel all of it…

চিনেমাৰ লগত জড়িত মানুহখিনিয়ে বাৰু কেতিয়াবা গুণসিন্ধু হাজৰিকা নামৰ জীৱন্ত গল্পটো শেষ হোৱাৰ পূর্বেই তেওঁৰ মূল্য বুজি এবাৰ তেওঁৰ কাষলৈ যাবনে?

You might also like