প্রকৃতি সুৰক্ষা আৰু সংৰক্ষণৰ বাবে শীঘ্রে ফলপ্রসূ পদক্ষেপ গ্রহণ নকৰিলে পৃথিৱীৰ পৰিৱেশ–প্রকৃতি বিনাশৰ মাত্রা আৰু অধিক বৃদ্ধি পাব৷ যিয়ে পৃথিৱীৰ আর্থিক বিকাশৰ হাৰত প্রচণ্ড প্রভাৱ পেলাব৷ মানৱ জাতিৰ বাবে উন্নয়নৰ কাম–কাজত ব্যাঘাত জন্মিব৷ প্রকৃতিৰ বিনাশ মানেই মানৱ জাতিৰ প্রতি প্রত্যাহ্বানৰ লগত আর্থিক দিশটোৰ বিস্তৰ ক্ষতিসাধন৷ ৱর্ল্ড ৱাইল্ড লাইফ ফাণ্ডে (ডব্লিউ ডব্লিউ এম) পুৰডিউ বিশ্ববিদ্যালয়ৰ গ্লোবেল ট্রেড এনালাইছিছ প্রজেক্ট আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ নেচাৰেল কেপিটেল প্রজেক্টৰ সহযোগত বিশ্বৰ ১৪০ দেশত চলোৱা অধ্যয়নৰ প্রতিবেদন মতে, বিশ্বৰ ধনী দেশৰ পৰা দৰিদ্র দেশলৈকে প্রকৃতি বিনাশৰ বিৰূপ প্রভাৱ পৰিব৷ আর্থিক বিকাশ হাৰত নেতিবাচক প্রভাৱ পৰিব৷ প্রাৰম্ভিক অধ্যয়ন মতে, পৰিৱেশ–প্রকৃতিৰ বিনাশৰ ফলত বিশ্বব্যাপী বার্ষিক ৪৭৪.২৪ বিলিয়ন মার্কিন ডলাৰ ক্ষতি হ’ব৷ ইয়াৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনাও আছে৷ আর্থিক বিকাশৰ হাৰ ক্ষতিৰ সন্মুখীন হোৱা শীর্ষ দহৰ তালিকাৰ প্রথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্র৷ বিশ্বৰ বৃহত্তম অর্থনীতিৰ দেশৰ তালিকাৰ শীর্ষত থকা আমেৰিকা যুক্তৰাষ্ট্রৰ বার্ষিক ক্ষতি হ’ব ৮১.৪২ বিলিয়ন মার্কিন ডলাৰ৷ দ্বিতীয় স্থানত জাপানৰ ৭৯.৯৫ বিলিয়ন মার্কিন ডলাৰ, তৃতীয় স্থানত গ্রেট ব্রিটেইনৰ ২১.০৬ বিলিয়ন মার্কিন ডলাৰৰ বিপৰীতে চতুর্থ স্থানত ভাৰতৰ ২০.৩২ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হ’ব৷ শীর্ষ দহৰ আন দেশ কেইখন ক্রমে অষ্ট্রেলিয়া, ব্রাজিল, দক্ষিণ কোৰিয়া, নৰৱে, স্পেইন আৰু ফ্রান্স৷ প্রকৃতি–পৰিৱেশবিদ সকীয়নি মতে, যদি শীঘ্রেই প্রকৃতি সুৰক্ষাৰ পদক্ষেপ নলয়, তেতিয়াহ’লে বিশ্বব্যাপী উপকূলত খহনীয়া, প্রজাতিৰ বিনাশ আৰু বনাঞ্চলৰ পৰা মৎস্য জগতলৈকে প্রাকৃতিক সম্পদবোৰ নিম্নগামী হৈ পৰিব৷ ইয়াৰ বাবে পৰৱর্তী ৩০ বছৰত প্রায় ১০.৪ লাখ কোটি মার্কিন ডলাৰৰ ক্ষতি হ’ব৷ ২০৫০ চনলৈকে এই ক্ষতিৰ পৰিমাণ কম বুলি ভবা হৈছে যদিও ই বহুগুণ বৃদ্ধি পাব পাৰে৷ কিয়নো ধাৰণাতকৈ অধিক এণ্টার্কটিকাৰ বৰফ ভাণ্ডাৰত গলন অব্যাহত আছে৷ গোলকীয় উষ্ণতাৰ বাবে বৰফ গলন আৰু ইয়ে দ্রুতগতিত সাগৰীয় জলপৃষ্ঠ বৃদ্ধি কৰি আছে৷ যি ভয়াৱহতা ইতিমধ্যে বিশ্ববাসীয়ে প্রত্যক্ষ কৰি আহিছে৷ বনাঞ্চল, আর্দ্রভূমি আৰু ক’ৰেল ৰীফ(প্রবাল প্রাচীৰ)ৰ পৰা নেতিবাচক প্রভাৱৰ বাবে পৰিৱেশতন্ত্রৰ বৈশিষ্ট্যত আঘাত পৰিছে৷ গছ–গছনিৰ উৎপাদন হ্রাস পাইছে, মাছৰ ভঁৰাল হ্রাস পাইছে আৰু পৰাগ সংযোগ হ্রাস পাইছে৷ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাই আছে, বনঞ্চল ধ্বংস কৰি কৃষিভূমিৰ সম্প্রসাৰণ আৰু চহৰৰ উন্নয়নেও পৰিৱেশতন্ত্রত ভাবুকি নমাই আছে৷ পৰাগ সংযোগকাৰীৰ সংখ্যা হ্রাস পাই থকাৰ ফলত গছ–গছনিৰ স্বাভাৱিক সৃষ্টিত ব্যাঘাত জন্মিছে৷ উপকূল সুৰক্ষা, পানীৰ যোগান আৰু কার্বনৰ ভঁৰালৰ পৰিসৰ হ্রাস পাইছে৷ প্রকৃতি বিনাশৰ বাবে কৃষিখণ্ডত ব্যাপক প্রভাৱ পৰিছে৷ আন্তর্জাতিক খাদ্যৰ মূল্য অভাৱনীয় ৰূপত বৃদ্ধি পাব৷ সম্ভাৱনা মতে, গছ তথা কাঠৰ মূল্য ৮ শতাংশ, সূতাৰ মূল্য ৬ শতাংশ, তেল বীজৰ মূল্য ৪ শতাংশ আৰু ফল–মূল শাক–পাচলিৰ মূল্য ৩ শতাংশ বৃদ্ধি পাব৷ প্রাকৃতিক উপকূল সুৰক্ষা পদ্ধতিত নেতিবাচক প্রভাৱ পৰাত জীৱ–উদ্ভিদৰ বসতিস্থানত প্রভাৱ পৰিব৷ সাগৰীয় প্রাণীৰ বসতিস্থলত প্রচণ্ড আঘাত পৰিছে আৰু ই অনাগত সময়ত অধিক প্রভাৱ পৰিব৷ মাছৰ উদ্যোগ খণ্ডলৈ অশনি সংকেত নমাই আনিছে৷
ইপিনে নিউজ নেচাৰ ইক’নমী ৰিপ’টৰ মতে বিশ্বৰ বাণিজ্য খণ্ডটি ধাৰণা কৰাতকৈ অধিক নির্ভৰশীল প্রকৃতি আৰু জৈৱ–বৈচিত্র্যৰ ওপৰত৷ বিশ্বৰ ১৬৬ উদ্যোগ খণ্ডত চলোৱা অধ্যয়নত এই কথা নিশ্চিত হৈছে যে প্রকৃতি আৰু জৈৱ–বৈচিত্র্যৰ বিনাশ মানেই উদ্যোগ খণ্ডত বিস্তৰ ক্ষতি আৰু পৰৱর্তী বর্ষবোৰত ক্ষতি অধিক হৈ পৰিব৷ প্রকৃতি আৰু ইয়াৰ সেৱাবোৰত ব্যাঘাত জন্মিলে বিশ্বৰ অর্থনীতিৰ ওপৰতো প্রভাৱ পৰে৷ বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ আধাতকৈ অধিক উদ্যোগ খণ্ডৰ পৰা আহে৷ এনেক্ষেত্রত প্রকৃতিৰ ওপৰত নির্ভৰশীল উদ্যোগ খণ্ডত প্রভাৱ পৰিলে বিশ্বৰ জিডিপিৰ ক্ষতি হয়৷ তথ্য মতে বিশ্বৰ উদ্যোগ খণ্ডৰ অর্থনীতি ৪৪ লাখ কোটি মার্কিন ডলাৰৰ৷ প্রকৃতিৰ ওপৰত সর্বাধিক নির্ভৰশীল উদ্যোগৰ ভিতৰত নির্মাণ খণ্ড, কৃষি আৰু খাদ্য–পানীয়ৰ উদ্যোগ অধিক ক্ষতিৰ সন্মুখীন হয়৷ তথ্য মতে নির্মাণ খণ্ডৰ ৪ লাখ কোটি মার্কিন ডলাৰ, কৃষি খণ্ডৰ ২.৫ লাখ কোটি মার্কিন ডলাৰ আৰু খাদ্য–পানীয় খণ্ডৰ ১.৪ লাখ কোটি মার্কিন ডলাৰৰ অর্থনীতিলৈ প্রত্যাহ্বান আহি পৰিছে৷ এই তিনি উদ্যোগৰ অর্থনীতি জার্মানীৰ অর্থনীতিৰ দুগুণতকৈ অধিক৷ তিনিওটা উদ্যোগত পৰোক্ষ আৰু প্রত্যক্ষভাৱে পৰা প্রভাৱৰ ভিতৰত বনাঞ্চল অথবা মহাসাগৰৰ সম্পদ হানি অথবা পৰিৱেশ পদ্ধতিৰ ভূমি, পৰিচ্ছন্ন পানী, পৰাগ সংযোগ আৰু সুস্থিৰ জলবায়ুত নেতিবাচক প্রভাৱ৷ উল্লেখ্য যে জিডিপিৰ সর্বাধিক প্রকৃতি নির্ভৰশীল দেশৰ ভিতৰত চীনৰ ২.৭ লাখ কোটি মার্কিন ডলাৰ, ইউৰোপীয় সংঘৰ ২.৪ লাভ কোটি মার্কিন ডলাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ২.১ লাখ কোটি মার্কিন ডলাৰ অর্থনীতিত ক্ষতিৰ পৰিমাণ অধিক হোৱাৰ সম্ভাৱনা আছে৷ প্রকৃতিৰ বিনাশৰ ফলত উল্লেখিত তিনি দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰা মানেই বিশ্বৰ অর্থনীতিতো প্রভাৱ পৰাটো নিশ্চিত৷ এনে পৰিপ্রেক্ষিততেই প্রকৃতিৰ বিনাশ নকৰাকৈয়ে উন্নয়নৰ কাম–কাজক আগবঢ়াই নিয়াৰ প্রাসংগিকতা বৃদ্ধি পাইছে৷ মানৱ জাতি আৰু প্রকৃতিৰ মাজত অভিন্ন সম্পর্কক অধিক শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আহি পৰিছে৷ সম্প্রতি বিশ্বত এই ধাৰণা প্রসাৰিত কৰি থকা হৈছে যে প্রকৃতি অবিহনে মানৱ জাতিৰ অস্তিত্ব বিপন্ন৷ প্রকৃতিৰ সুৰক্ষিত থাকিলেহে মানৱ সুৰক্ষিত হৈ থাকিব৷