নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রখ্যাত চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

সাক্ষাৎ গ্রহণঃ নির্মল ডেকা

দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱা নাম দুটা উচ্চাৰণ হোৱাৰ লগে লগে মনলৈ এক অবর্ণনীয় পৱিত্র পৱিত্র লগা ভাবোর্মিমালাই মনত ক্রিয়া কৰে৷ কাৰণ এটাই– দুয়ো ঋতাশ্রী অর্থাৎ প্রেমৰ জেউতি৷ প্রেম সত্য৷ কিন্তু এই সত্য প্রেমনো কেনেকুৱা দীপালী আৰু নীলপৱন বৰুৱাই ভালদৰে বুজে৷

দীপালী বাইদেউৰ কোনটো গীত আপোনাৰ প্রিয়?

  • তেওঁ গোৱা আটাইকেইটা গীতে ভাল লাগে৷ ‘জোন ধনে জোনালীতে’, ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ ইত্যাদি সকলোবোৰ গীতেই মোৰ প্রিয়৷

দীপালী বাইদেউৰ অবর্তমানত আপোনাৰ নিজকে নিঃসংগ যেন লাগে নিশ্চয়৷

  • অকলশৰীয়া অনুভৱ হয়৷ তেওঁ থাকোঁতে ইটো–সিটো আলপৈচান ধৰোঁ, তেওঁৰ কাষতে বহি ইজনে–সিজনে কথা পাতো৷ ব্যস্ত থাকোঁ তেওঁৰ সৈতে৷ তেনেকৈ সময়খিনি উপভোগ কৰিছিলোঁ৷ এতিয়া সময়খিনি নাযায় নুপুৱায় যেন লাগে৷

চিত্রশিল্পী নোহোৱাহেঁতেন নাটক কৰিলোঁহেঁতেন

ড০ ভূপেন হাজৰিকাকো আপুনি ওচৰৰ পৰা পাইছে, বিষ্ণু ৰাভাকো পাইছে৷ তেওঁলোকৰ সৈতে কটোৱা তেনেকুৱা কিছুমান মুহূর্তৰ কথা আপোনাৰ মনত আছেনে?

  • কথাবোৰ মনলৈ আহে– মনতো আছে৷ ভূপেন হাজৰিকা এবাৰ আমাৰ ঘৰলৈ আহিছিল৷ দীপালী আৰু ভূপেন হাজৰিকা দুয়োজনে কথা পাতি আছিল৷ অলপ পিছতে সোমাই গৈ দেখো দুয়ো কান্দিব ধৰিছে৷
    তেনেকৈ বিষ্ণু ৰাভাকো পাইছোঁ৷ তেওঁক এবাৰ দোকান এখনত লগ পাইছিলোঁ৷ লগে লগে দোকানৰ ল’ৰাটোক কৈছিলোঁ চাহ দিয়া৷ তাৰ পিছত আমি দুয়ো বহি চাহ খাইছিলোঁ, কথাও পাতিছিলোঁ৷ সেইবোৰ মনত পৰে এতিয়া৷ বৰ ভাল লগা আছিল সেই সময়৷

অসমত চিত্রশিল্পীৰ সমাদৰ আছেনে?

  • নিশ্চয় আছে৷ আমাৰ সময়তকৈ এতিয়া বেছি ভালহে হৈছে৷

এগৰাকী সুদক্ষ চিত্রশিল্পী হিচাপে নৱপ্রজন্মৰ মাজত চিত্রশিল্পৰ প্রতি আগ্রহ কেনেধৰণৰ?

  • আজি নৱপ্রজন্ম চিত্রশিল্পৰ প্রতি যথেষ্ট আগ্রহী৷ দেওবাৰে আহিবা ইয়ালৈ৷ ইয়াতে চিত্রশিল্পৰ শিক্ষা দিয়া হয়৷ খুব উৎসাহেৰে সিহঁতে আদৰি লৈছে৷

এগৰাকী চিত্রশিল্পী হ’ম বুলি আপুনি কেতিয়াবা ভাবিছিলনে?

  • নাই, ভবা নাছিলোঁ৷ সেই সময়ৰ পৰিৱেশ আৰু অৱস্থাই মোক গঢ়ি তুলিছে এগৰাকী চিত্রশিল্পী হিচাপে৷

শিল্প জগতলৈ আপোনাৰ অনবদ্য অৱদানৰ বাবে বিষ্ণু ৰাভা বঁটা, ৰাজ্য চৰকাৰে আগবঢ়োৱা প্রণৱ বৰুৱা বঁটাৰ পৰা আদি কৰি বহুতো বঁটা–বাহনৰ স্বীকৃতিয়ে আপোনাক কেনেকৈ অনুপ্রাণিত কৰি আহিছে?

  • বঁটা–বাহনৰ স্বীকৃতিয়ে অনুপ্রাণিত কৰে সঁচা, কিন্তু তাতোকৈ বেছি মোৰ ভয় লাগে৷ নিজকে প্রশ্ণ কৰোঁ– ছবিখনে ভাল বার্তা দিব পাৰিছে নে নাই৷ কিমান বা ভালকৈ আঁকিছোঁ সন্দেহ হয়৷

এগৰাকী সুদক্ষ চিত্রশিল্পীৰ বাবে কেনেধৰণৰ গুণ থকাটো প্রয়োজন বা কেনে বিষয়ত আত্মনিয়োগ কৰাটো দৰকাৰ?

  • সুদক্ষ চিত্রশিল্পী হ’বলৈ বিষয়টো ভিতৰৰ পৰা আদৰি ল’ব লাগিব৷ বিষয়টো গুৰিৰ পৰা ভালদৰে শিকি অর্থাৎconceptটো ভালদৰে আয়ত্ত কৰি সেইমতে আগবাঢ়ি গ’লে ছবি এখনক প্রাণ দিব পাৰি৷

চিত্রশিল্পী নোহোৱাহেঁতেন আপুনি কি কৰিলেঁহেঁতেন?

  • মই নাটক কৰিছিলোঁ সৰুতে৷ নাটক কৰি ভাল পাইছিলোঁ৷ নাটক মোৰ এটা বিশেষ বস্তু আছিল৷ সৰুতে ঘূৰি ফুৰি এইবোৰ শিকিবলৈ লৈছিলোঁ আৰু নাটকৰ প্রতি খুব বেছি আগ্রহী আছিলোঁ৷ পিছত এইবোৰ কৰা নহ’ল, বাদ পৰিল৷ চিত্রশিল্পী নোহোৱাহেঁতেন নাটক কৰিলোঁহেঁতেন৷

প্রিয় খাদ্য কি আপোনাৰ? ৰান্ধি ভাল পায়নে?

  • প্রিয় খাদ্য বুলি তেনেকুৱা নাই, মাছ ভাল পাওঁ৷ ৰান্ধি বেয়া পাওঁ৷

আপোনাৰ প্রিয় সময় কোনখিনি?

  • প্রিয় সময় সৰু কালছোৱা৷ স্কুলীয়া সময়খিনিও বৰ প্রিয়৷ পাহৰিব নোৱৰা আনন্দৰে ভৰা সময়৷

আপোনাৰ প্রিয় ৰং কি?

  • মোৰ প্রিয় ৰং ব্লেক৷ কাৰণ ব্লেক আৰু হোৱাইট ছবিবোৰৰ জৰিয়তেই কর্মজীৱনৰ পাতনি মেলিছিলোঁ৷ আৰু ভালো পাইছিলোঁ ব্লেক এণ্ড হোৱাইট কামবোৰ কৰি৷

চিগাৰেটৰ পেকেটত ছবিঅঁকা ধাৰণাটো আপোনাৰ নিজমনে গথাঁ আছিলনে?

  • শান্তি নিকেতনত পঢ়ি থকা সময়তে ইটো–সিটো কৰি থাকোঁতে এইবোৰ কথা মনলৈ আছিল৷ মোৰ গুৰু এজনে এইবোৰ কাম কৰি থকা দেখিছিলোঁ, তেওঁলোকৰ আদর্শ লৈ চিগাৰেটৰ পেকেটত ছবি আঁকিছিলোঁ৷

শান্তি নিকেতনৰ সময়খিনিৰ কথা কওকচোন৷

  • শান্তি নিকেতন বৰ সুন্দৰ ঠাই৷ শান্তি নিকেতনৰ পৰিৱেশটো এনেকুৱা যে এবাৰ সোমোৱাৰ পিছত ইটো–সিটোকৈ শিকাৰ আগ্রহ বাঢ়ি যায়৷ কলিকতাৰ পৰা ১০০ মাইল দূৰ বলপুৰ পাৰ হৈ শান্তি নিকেতন৷ জেগাডোখৰ এনেয়ে শুকান যদিও বৰ সুন্দৰ জেগা৷ মই ৮ বছৰ আছিলোঁ৷ তাৰ মানুহবোৰ খুব ভাল৷ বিশেষকৈ ৰামকিংকৰ, নন্দলাল বসু এওঁলোক সাংঘাতিক ভাল মানুহ আছিল৷ হেমাংগ বিশ্বাসক লগ পাইছিলোঁ, বৰ সুন্দৰ মনৰ মানুহ আছিল৷ দুখীয়া ল’ৰা–ছোৱালীক খুব সহায় কৰিছিল৷ বহল অন্তৰৰ মানুহ আছিল৷ মই লগ পাইছিলোঁ৷ সৌভাগ্যৱান মই৷
You might also like