প্রার্থনা
বিশ্ববিখ্যাত ফৰাচী দার্শনিক ভলতেয়ৰক নিৰীশ্বৰবাদী বুলিয়েই জনা যায়৷ কিন্তু জীৱনৰ শেষ বয়সত তেওঁ নিজৰ ঘৰৰ কাষতে এটা সৰু গির্জা সাজি লৈ তাত বোলে নিতৌ প্রার্থনা কৰিছিল৷ মাজে মাজে মোৰ মনত ভাব হয় যে তেৱোঁ বোধহয় মোৰ নিচিনাকৈয়ে গোটেই জীৱন বিশ্বাস আৰু সংশয়ৰ মাজত দোলায়িত হৈ আছিল৷
এদিন এজন মানুহে তেওঁক সুধিলে– ‘এটা ছাগলীয়ে সদায় মোৰ শাকনিৰ বেৰা ভাঙি মোৰ শাক–পাচলিবোৰ খাই পেলায়৷ ঈশ্বৰক প্রার্থনা কৰিলে তেওঁ ছাগলীটোৰ উৎপাতৰ পৰা মোক ৰক্ষা কৰিব পাৰিবনে?’
‘কিয় নোৱাৰিব’ –ভলতেয়ৰে উত্তৰ দিলে – ‘নিশ্চয় পাৰিব৷ কিন্তু ঈশ্বৰক প্রার্থনা কৰি তেওঁৰ সহায় বিচৰাৰ লগতে তুমি ছাগলীটোৰ মুখত অকণমান বিষ ভৰাই দিবলৈ নাপাহৰিবা৷’
প্রার্থনাৰ বিষয়ে আন এটা কাহিনী শুনক৷
এটা দহ–বাৰ বছৰীয়া ল’ৰাৰ এটা মার্বলৰ গুটি হেৰাল৷ সেইটো আছিল তাৰ অতি মৰমৰ মার্বলৰ গুটি৷ বহুত বিচাৰিও মার্বলৰ গুটিটো নাপাই সি তাৰ আইতাকক সুধিলে – ‘আইতা, তুমি সদায় প্রার্থনা কৰা৷ দিনে দুবাৰকৈ প্রার্থনা কৰা৷ ময়ো তোমাৰ নিচিনাকৈ প্রার্থনা কৰিলে হেৰোৱা মার্বল গুটিটো মই বিচাৰি পামনে?’
আইতাকে ক’লে – ‘নিশ্চয় পাবা সোণটো৷ ঈশ্বৰক কাতৰভাৱে কৰা প্রার্থনা কেতিয়াও অথলে নাযায়৷’
ল’ৰাটোৱে আইতাকৰ কথা শুনাৰ লগে লগে প্রার্থনা কৰিবলৈ বহি গ’ল৷ সি ইমান গভীৰভাৱে প্রার্থনাত মগ্ণ হ’ল যে তাৰ বাহ্যজ্ঞান প্রায় লুপ্ত হোৱাৰ নিচিনা অৱস্থা হ’ল৷ তাৰ ধ্যানমগ্ণ মুখলৈ চাই আইতাকৰ মন দুশ্চিন্তাৰে ভৰি পৰিল৷ ইমান আকুলভাৱে প্রার্থনা কৰাৰ পিছতো সি যদি মার্বল গুটিটো বিচাৰি নাপায়, তেতিয়া তাৰ মনৰ অৱস্থা কি হ’ব?
এটা সময়ত ল’ৰাটোৰ প্রার্থনা শেষ হ’ল৷ সি থিয় হ’ল৷ আইতাকে তাক ভয়ে ভয়ে সুধিলে– ‘ঈশ্বৰে তোমাক মার্বল গুটিটোৰ কিবা সম্ভেদ দিলেনে?’
ল’ৰাটোৱে শান্তভাৱে উত্তৰ দিলে– ‘ঈশ্বৰে মোক মার্বল গুটিটো ঘূৰাই নিদিলে, কিন্তু তেওঁ তাতকৈ এটা ডাঙৰ কাম কৰিলে৷ তেওঁ মোৰ মনৰ পৰা মার্বল গুটিটো বিচাৰি পোৱাৰ ইচ্ছা নোহোৱা কৰি দিলে৷’
প্রার্থনাই দিব পৰা ইয়াতকৈ ডাঙৰ পুৰস্কাৰ আন কি হ’ব পাৰে? এই কাহিনীটোৱে মোৰ মনত দকৈ দাগ বহুৱাইছে৷
অৱশ্যে বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞানী আৰু ১৯১২ চনৰ ন’বেল বঁটা বিজয়ী এলেক্সিছ কেৰেলে ইয়াতকৈ ডাঙৰ পুৰস্কাৰৰ প্রতিশ্রুতি দিছে৷ তেওঁ কৈছে– ‘প্রার্থনা মাধ্যাকর্ষণ শক্তিৰ নিচিনা এটা ডাঙৰ শক্তি৷ চিকিৎসক হিচাপে মই নিজৰ চকুৰে দেখিছোঁ যে কোনো চিকিৎসাই আৰোগ্য কৰিব নোৱাৰা মানুহেও কেৱল প্রার্থনাৰ সহায়েৰে ৰোগক জয় কৰিছে আৰু হতাশাজনিত গভীৰ বিষাদৰ পৰা মুক্তি পাইছে৷ পৃথিৱীৰ এইটোৱেই একমাত্র শক্তি– যি প্রকৃতিৰ নিয়মক উলংঘা কৰিব পাৰে৷ বিভিন্ন উপলক্ষ্যত প্রার্থনাই যেতিয়া এই কাম কৰে তেতিয়া তাক কোৱা হয় মিৰাকল, অলৌকিক ঘটনা৷ কিন্তু যিবোৰ মানুহে এই কথা আবিষ্কাৰ কৰিছে যে তেওঁলোকৰ দৈনন্দিন জীৱনৰ প্রার্থনাই অহৰহ এটা প্রাণ–সঞ্চাৰিনী শক্তিৰ যোগান ধৰি থাকে, তেওঁলোকৰ জীৱনত এনে অলৌকিক ঘটনা প্রতিদিনেই ঘটি থাকে৷’
প্রার্থনাৰ বিষয়ে বিশ্বজনীন ধাৰণাটো হ’ল এই যে প্রার্থনা কৰা মানেই এজন কৰুণাময় সর্বশক্তিমান ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি লোৱা মানুহৰ প্রার্থনাৰ বিনিময়ত সেইজন ঈশ্বৰে তেওঁক কিবা এটা দিয়া বুলি বিশ্বাস কৰা৷ ঈশ্বৰৰ অস্তিত্বত আৰু প্রার্থনাৰ শক্তিত বিশ্বাস নকৰা সকলো মানুহৰ হৈ এইচ এল মেনকেন নামৰ এজন আমেৰিকান লেখক, সাংবাদিক আৰু বুদ্ধিজীৱীয়ে (মই বহুত বছৰৰ আগতেই তেওঁৰ বিষয়ে এটা দীঘলীয়া প্রবন্ধ লিখিছিলোঁ) কৈছিল – ‘খ্রীষ্টিয়ানসকলে যিভাৱে ঈশ্বৰৰ উপাসনা কৰে, সিও মোৰ মতে মানুহৰ আত্মাক মহৎ কৰাৰ পৰিৱর্তে কলুষিতহে কৰে৷ এই উপাসনাই এনে এক সত্তাৰ ওচৰত নতজানু হ’বলৈ মানুহক বাধ্য কৰে, যিটো সত্তা ভক্তিতকৈ ভর্ৎসনাৰহে বেছি যোগ্য৷ অৱশ্যে তেনে এটা সত্তাৰ অস্তিত্ব যদিহে সঁচাকৈয়ে আছে৷ ঈশ্বৰৰ মংগলময়তাৰ কোনো প্রমাণেই মই এই জগতত দেখিবলৈ নাপাওঁ৷ বৰং তাৰ বিপৰীতে তেওঁৰ দৈনন্দিন কাম–কাজ দেখি ধাৰণা হয় যে ঈশ্বৰ নিশ্চয় হ’ব লাগিব এজন অতি নির্বোধ, নিষ্ঠুৰ আৰু খলস্বভাৱৰ ব্যক্তি৷ নির্মল বিবেকেৰে সৈতে মই এই কথা ক’ব পাৰোঁ যে মোৰ প্রতি তেওঁৰ আচৰণ খুব ভাল সঁচা কথা ক’বলৈ গ’লে তেওঁ মোৰ প্রতি বিপুল সৌজন্য দেখুৱাই আহিছে৷ কিন্তু বেছিভাগ মানুহৰ ওপৰত তেওঁ যি বর্বৰোচিত অত্যাচাৰ চলাই আছে, সেই কথা মই নভবাকৈ থাকিব নোৱাৰোঁ৷ যি ঈশ্বৰ যুদ্ধ আৰু ৰাজনীতিৰ ঈশ্বৰ, ধর্মতত্ত্ব আৰু কর্কট ৰোগৰ ঈশ্বৰ, সেই ঈশ্বৰক পূজা কৰাৰ কথা মই কল্পনাই কৰিব নোৱাৰোঁ৷’
মেনকেনৰ এই কথাকেইটা মোৰ চিন্তাৰ হুবহু প্রতিধ্বনি৷ কিন্তু তেওঁৰ লগত মোৰ এটা ডাঙৰ অমিল আছে৷ তেওঁ প্রার্থনা কৰাৰ কথা কল্পনাই কৰিব নোৱাৰে কিন্তু মই সদায় এটা নির্দিষ্ট সময়ত প্রার্থনা কৰোঁ৷ কিয় কৰোঁ?
কিয় মই প্রার্থনা কৰোঁ তাৰ উত্তৰটো ব্যাখ্যা কৰি ২০০৩ চনতে প্রকাশিত মোৰ এখন স্বীকাৰোক্তিমূলক কিতাপত মই লিখিছিলোঁ– ‘ধর্মই কল্পনা কৰা ঈশ্বৰজন যদি সঁচাকৈয়ে আছে তেন্তে এই কথা স্বীকাৰ কৰিবই লাগিব যে সেইজন ঈশ্বৰ অতি দুর্বল, অসহায়, পক্ষপাত–দুষ্ট, তোষামোদ–প্রিয়, নিষ্ঠুৰ আৰু নিজেই অসম্পূর্ণ৷ তেনে এজন ঈশ্বৰ থকা আৰু নথকা একেই কথা৷ বৰং থকাতকৈ নথকাহে বেছি ভাল৷ কিন্তু মই প্রতিদিনে কিছু সময় প্রার্থনা কৰিবলৈ বহোঁ৷ মই এজন অস্তিত্বহীন ঈশ্বৰক প্রার্থনা কৰোঁ৷ মই একো বিচাৰি প্রার্থনা নকৰোঁ, প্রার্থনাৰ কিবা উত্তৰ থাকিব পাৰে বুলি মই বিশ্বাস নকৰোঁ৷ মই প্রার্থনা কৰোঁ এই অর্থহীন জীৱনটোৰ ওপৰত কিবা এটা অর্থ আৰোপ কৰিবলৈ, মোৰ নিজৰ ক্ষুদ্রত্ব পাহৰি নিজকে কিবা এটা বিৰাটৰ অংশ বুলি কল্পনা কৰিবলৈ, নশ্বৰ জীৱনৰ নির্জন কাৰাকক্ষৰ বেৰত এটা ফুটা কৰি লৈ সেই ফুটাইদি অনন্তৰ প্রতি মোৰ দৃষ্টি প্রসাৰিত কৰিবলৈ… নহয় নহয়, ইমানখিনি কৈও আচলতে মোৰ একোৱেই কোৱা নহ’ল… মই প্রার্থনা কৰোঁ নীৰৱে কান্দিবলৈ… অথবা এনেকুৱাও হ’ব পাৰে যে মই আচলতে মোৰ প্রার্থনাৰ মাজত এজন ইশ্বৰক সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ… এনে এজন ঈশ্বৰক – যি নাই, অথচ থকাটো উচিত আছিল৷’
মাজে মাজে মই ভাবোঁ যে মানুহে প্রার্থনা কৰে হয় ঈশ্বৰৰ লগত আকুলভাৱে কথা পাতিবলৈ, অথবা নিজৰ লগত গভীৰভাৱে কথা পাতিবলৈ৷
ঈশ্বৰৰ প্রসংগত এইমাত্র আৰু এটা কথা মোৰ মনলৈ আহিছে৷ এদিন এগৰাকী উচ্চ শিক্ষিতা মহিলাৰ লগত কিবা–কিবি বিষয়ে ফোনত কথা পাতি আছিলোঁ৷ প্রসংগক্রমে ঈশ্বৰৰ কথা ওলাল৷ ক’ৰোনা মহামাৰীৰ বিভীষিকাই মোৰ মনটো বিষাদগ্রস্ত কৰি ৰাখিছিল৷ মোৰ মুখৰ পৰা আপোনা–আপুনি ঈশ্বৰৰ বিৰুদ্ধে বিষোদগাৰ ওলাবলৈ ধৰিলে৷ কিছু সময় মোৰ কথা নীৰৱে শুনি থাকি অৱশেষত মহিলাগৰাকীয়ে মাত লগালে – ‘ঈশ্বৰৰ দোহাই, আপুনি মোৰ পৰা মোৰ ঈশ্বৰক কাঢ়ি নিনিব৷’
কথাটো কওঁতে মহিলাগৰাকীৰ কণ্ঠস্বৰত এনে এক অতল–স্পর্শী কাৰুণ্য আৰু আকুলতা ফুটি উঠিছিল যে মোৰ মনত ভাব হ’ল – এই মহিলাগৰাকীৰ হূদয়ৰ পৰা আৰু তেওঁৰ নিচিনা কোটি কোটি মানুহৰ হূদয়ৰ পৰা ঈশ্বৰক কাঢ়ি অনাতকৈ অধিক নিষ্ঠুৰতা আৰু পাপ আন একোৱেই হ’ব নোৱাৰে৷