নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ ফেৰী সেৱা আৰু মাজুলীৰ আশা

বিশ্বৰ বিভিন্ন প্রান্তত নিজস্ব গৰিমাৰে অসমক চিনাকিৰ এক অনন্য মাত্রা প্রদান কৰা নদীদ্বীপ মাজুলী প্রাকৃতিক পৰিৱেশ, আধ্যাত্মিক দিশ, বিভিন্ন শিল্পকলা আদিৰে এখন ঐতিহ্যসম্বলিত জিলা৷ কিন্তু প্রতিবছৰে চৰকাৰৰ শ–হাজাৰ কোটিটকীয়া আঁচনিৰে সুৰক্ষিত আৰু আটকধুনীয়া কৰাৰ পৰিকল্পনা লোৱা মাজুলীত আজিৰ দিনতো স্বাস্থ্য, যাতায়াত, যোগাযোগ আদিৰ অতি পুতৌজনক অৱস্থা৷
কংগ্রেছৰ পোন্ধৰ বছৰীয়া শাসন কালত মাজুলীৰ বিশেষ উন্নয়ন নোহোৱাৰ পৰিপ্রেক্ষিতত নতুন দিগন্তৰ সূচনা হ’ব বুলিয়েই মাজুলীবাসীয়ে শেষৰ নির্বাচনত দল–মত নির্বিশেষে সোণোৱাল চৰকাৰক স্বাগতম জনাইছিল৷ মাজুলীবাসীৰ আশা আছিল– ২০১৬ চনৰ নির্বাচনৰ প্রাক্মুহূর্তত আধাৰশিলা স্থাপন কৰা যোৰহাট–মাজুলী সংযোগী দলঙৰ বাস্তৱ ৰূপ দেখা, মাজুলীৰ ভৌগোলিক সুৰক্ষা সুনিশ্চিত কৰা, চিকিৎসা–শিক্ষা–যোগায্ আদি ব্যৱস্থা উন্নীত কৰাৰ লগতে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদানৰ আশা৷ কিন্তু উন্নয়নৰ নামত কেইটামান পকী পথ, বর্তমানলৈকে পূর্ণাংগ ৰূপ দিবলৈ সক্ষম নোহোৱাকৈ দুটামান কার্যালয় স্থাপন কৰিয়েই মাজুলীক এখন আধাখুনীয়া জিলা ঘোষণা কৰা, দুর্বল নেটৱর্কৰ বাবে এটা তথ্য বিচাৰিবলৈ এক মিনিটৰ পৰিৱর্তে এঘণ্টা লগা পৰিস্থিতিত ৱাই–ফাই জিলা ঘোষণা কৰা এনেবোৰ দিশেহে প্রাধান্য পাইছে৷
নতুন চৰকাৰ গঠনৰ প্রাৰম্ভিক অৱস্থাত মাজুলী দক্ষিণপাৰ সংযোগী যাতায়াতৰ বাবে দলং অবিহনে জলপথৰ সুগম ব্যৱস্থাৰ হকে এখন উন্নত প্রযুক্তিৰ ৰ’ ৰ’ জাহাজ, দুখনমান উন্নত সা–সুবিধাযুক্ত ফেৰী আদিৰ সংযোগ ঘটাই মাজুলীবাসীৰ মনত আশাৰ ৰেঙনি অনিছিল যদিও দুবছৰ নৌহওঁতেই সেই ৰেঙনি মাৰ গ’ল৷ প্রতিবছৰে ব্রহ্মপুত্র, খহনীয়া ৰোধ, পকী পথৰ নামত কোটি কোটি টকা ব্যয় কৰা আঁচনিবোৰ কিছুসংখ্যক বিষয়া–ঠিকাদাৰৰ বাবে মাজুলীখন যেন সোণৰ কণী পৰা হঁাহ হৈ পৰিছে৷ কেৱল এখন দলঙৰ আশাত বন্দী মাজুলীবাসীয়ে নিম্নমানৰ পুৰণিকলীয়া জলপথ যাতায়াত ব্যৱস্থাৰ ফলত চিকিৎসাৰ অভাৱত হওক, দুর্ঘটনাজনিত কাৰণত হওক, কত আপোনজনক চকুৰ সন্মুখতে হেৰুৱাবলগীয়া হৈছে, তাৰ কোনো হিচাপ নাই৷ তদুপৰি ব্রহ্মপুত্রৰ জলস্তৰ সামান্য বৃদ্ধিৰ লগে লগে বন্ধ হোৱা ফেৰী সেৱাৰ বাবে নির্দিষ্ট সময়ত গন্তব্যস্থানত উপস্থিত হ’ব নোৱাৰাৰ ফলত বহুজনে হেৰুৱাইছে শিক্ষা লাভ, জীৱিকা লাভৰ দৰে সুবিধা৷
অলীক কল্পনা যেন হৈ পৰা নিমাতী–মাজুলী সংযোগী দলংখন নোপোৱাৰ ক্ষোভ মাৰ নৌযাওঁতেই পুনৰ বিভিন্ন সামাজিক মাধ্যমত দেখিলোঁ পর্যটকক আকর্ষণৰ বাবে গুৱাহাটী–মাজুলী সংযোগী সাগৰীয় উৰাজাহাজ চলোৱাৰ পৰিকল্পনা চলিছে৷ মোদী–সোণোৱালৰ সপোন বাস্তৱ কৰি হেনো মাত্র ত্রিশ মিনিটতে গুৱাহাটী–মাজুলীৰ মাজত যাতায়াত কৰিব পাৰিব৷ ‘গাত নাই ছাল–বাকলি মদ খায় তিনি টেকেলি’ৰ দৰে মাজুলীৰ জনসাধাৰণে জৰুৰী সেৱাও ভালকৈ নোপোৱাকৈ, এনেধৰণৰ আঁচনিবোৰেৰে বিশ্বত মাজুলীক দাঙি ধৰাৰ পৰিৱর্তে মাত্র মাজুলী–নিমাতীৰ মাজত উন্নত যোগাযোগ অবিহনে সকলো হেৰুওৱা মাজুলীবাসীৰ প্রকৃত ছবিখন বিশ্ববাসীৰ আগত কোনে উদঙাই দেখুৱাব? গুৱাহাটীৰ পৰা মাজুলীলৈ পর্যটকক আকর্ষণ কৰিবলৈ সাগৰীয় উৰাজাহাজৰ সপোন দেখাতকৈ মুখ্যমন্ত্রীক অনুৰোধ জনাইছেছা– তেওঁ যদি সঁচাকৈয়ে সেই সপোন দেখিছে, তেতিয়াহ’লে নিমাতী–মাজুলী সংযোগী পথত সেই সুবিধা প্রথমে উপলব্ধ কৰি দেখুৱাওক৷
অসম চৰকাৰলৈ অনুৰোধ– মাজুলীলৈ দলং সজাৰ পৰিকল্পনা যদিও আছে, সেই দলং হোৱালৈকে উক্ত পথত উন্নত প্রযুক্তিৰ ফেৰী সেৱা চলাচলৰ দিহা কৰক৷ বাৰিষা ব্রহ্মপুত্রৰ জলস্তৰ সামান্য বৃদ্ধি পালেই ফেৰী সেৱা বাতিল কৰি মাজুলী প্রশাসনে দায় সাৰিবলৈ যত্ন কৰাতকৈ তেনে পৰিস্থিতিত জৰুৰী সেৱাসমূহ বা অত্যাৱশ্যকীয় সেৱাসমূহ চলি থাকিব পৰাকৈ হ’লেও ফেৰী জাহাজৰ আর্হি প্রস্তুত কৰোৱাৰ বাবে আঁচনি লওক৷ ফেৰী বা ব্রহ্মপুত্রৰ লগত জডিত মাজুলীবাসীৰ হূদয়বিদাৰক ঘটনাবোৰৰ পৰা পোৱা অভিজ্ঞতাৰে অনুৰোধ জনাইছেছা যে এজন মানুহৰ মৃত্যুৰ পিছত বিভাগীয় বিষয়াক চাকৰিৰ পৰা নিলম্বন, দুর্ঘটনাগ্রস্ত ফেৰীখনৰ পঞ্জীয়ন বাতিল কৰা, তদন্ত কৰা– এনেবোৰ আশ্বাস দি প্রশাসনে দায়িত্ব সামৰাতকৈ নিশাৰ ভাগত জৰুৰী সেৱা চলিব পৰাকৈ (এম্বুলেঞ্চৰ বাদেও) উপযুক্ত পোহৰৰ ব্যৱস্থা, দিশ নির্ণায়ক কম্পাছ ব্যৱস্থা, পাৰ সংযোগত এচটা তক্তাৰ সলনি বহল প্লেটফর্ম (ৰ’ ৰ’ জাহাজত থকাৰ দৰে)ৰ ব্যৱস্থা আদি থকা দুখন হ’লেও সৰু জাহাজ মাজুলীবাসীৰ বাবে উপলব্ধ কৰোৱাৰ পৰিকল্পনা লওক৷ ৩০০০–১৫০০ খ্রীষ্টপূর্বতে যদি সাগৰত জাহাজ চলিব পাৰিছিল, আজিৰ এই বিজ্ঞান প্রযুক্তিৰ জয়জয়কাৰ সময়তো ব্রহ্মপুত্রত বাৰিষা চলিব পৰাকৈ এখন জাহাজ নথকাটো মাজুলীবাসীৰ প্রতি চৰম অৱহেলাৰ বাদে আন একো নহয়৷
মাজুলীবাসী হিচাপে আমি পোৱা তিক্ত অভিজ্ঞতাবোৰৰ পৰা এটা আহ্বান জনাব বিচাৰোঁ যে যিসকল জনপ্রতিনিধিয়ে মাজুলীবাসীৰ সুখ–দুখৰ সমভাগী হৈ মাজুলীলৈ আহে, তেওঁলোকে বায়ুপথৰ সলনি আন জনসাধাৰণে ব্যৱহাৰ কৰা সাধাৰণ ফেৰীৰে জলপথ নাইবা উত্তৰ পাৰেৰে স্থলপথেৰে আহক৷ কাৰণ আমি অনুভৱ কৰিছেছা, কেৰেলা খাই নোপোৱা এজনে ৰসগোল্লা খাই খাই কেৰেলা তিতাৰ বিষয়ে কেতিয়াও অনুভৱ কৰিব নোৱাৰে৷
এখন দলং মাজুলীবাসীৰ বাবে নিশ্চিতভাৱে মৌলিক প্রয়োজনৰ দৰে হৈ পৰিছে৷ কিন্তু ধান পকে মানে টুনীৰ মৰণ৷ গতিকে ডাঙৰ ডাঙৰ সপোন দেখুৱাই বাস্তৱ ৰূপ দিব নোৱাৰাতকৈ মুখ্যমন্ত্রীক অনুৰোধ জনাওঁ যে আমাৰ সৰু সৰু সমস্যাবোৰৰ সমাধান আগতীয়াকৈ কৰি আপোনাসৱৰ প্রতি থকা আমাৰ আশাক বাস্তৱ ৰূপ দিয়ক৷ সুগম যাতায়াত ব্যৱস্থাই মাজুলীৰ স্বাস্থ্য, চিকিৎসা, শিক্ষা আদি সকলো ক্ষেত্রতে পাই অহা গভীৰ সমস্যাবোৰৰ বহু পৰিমাণে সমাধান কৰিব৷ এই লেখাৰ জৰিয়তে এগৰাকী মাজুলীবাসী হিচাপে মাজুলী প্রশাসনৰ দৃষ্টিগোচৰ কৰালোঁ যে বানপানী হ’লেই ফেৰী সেৱা বন্ধ, নিশা হ’লেই দক্ষিণ পাৰৰ লগত যোগাযোগ বন্ধ, এজন ৰোগী পাৰ কৰি ঘূৰি অহালৈ মৃত্যুঞ্জয় সেৱাৰ বাবে দুজন অপেক্ষা কৰা, দুর্ঘটনা হ’লে বিভাগীয় বিষয়াক নিলম্বন কৰা– এনেবোৰ সমস্যাৰ আভুৱা–ভাঁৰা সমাধান আমাক নালাগে৷ প্রতিবছৰে একে ৰূপতে দেখি অহা এই সমস্যাবোৰৰ স্থায়ী সমাধান আমাক লাগে৷ মাজুলীক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ সমান্তৰালকৈ প্রযুক্তিগতভাৱে নূ্যনতম সমস্যাৰ সমাধান আৰু সুবিধাখিনি কৰি দিয়াৰ মহান চিন্তা আপোনাসৱৰ কার্যকালতে আৰম্ভ হোৱাৰ কামনা কৰিলোঁ৷ আপোনালোকৰ সদিচ্ছাৰে মাজুলীক, মাজুলীবাসীক সঁচা আশাৰ ৰেঙনি দিয়ক৷

You might also like