বসুধৈৱ কুটুম্বকম
মোৰ সাত–আঠ বছৰ বয়সৰ কথা৷ আমাৰ বংশৰে এগৰাকী ঘনিষ্ঠ আত্মীয়ৰ মৃত্যু হ’ল৷ শ্রাদ্ধৰ দিনা মোৰ দেউতাকে ধৰি বংশৰ কেইবাজনো মানুহে চাৰিকড়িয়া নৈত মৃতকৰ পিণ্ডদান কৰিবলৈ গ’ল৷ সেই সময়ত মোৰ এনে এটা অভ্যাস আছিল যে সময় আৰু সুযোগ পালেই মই দেউতাৰ পিছে পিছে ঘূৰি ফুৰোঁ৷ তেওঁ য’লৈকে যায় ময়ো ত’লৈকে যাওঁ৷ পিণ্ড দিয়াৰ দৃশ্য চাবলৈ ময়ো দেউতাৰ লগত চাৰিকড়িয়া নৈলৈ গ’লোঁ৷ বিভিন্ন আচাৰ–নুষ্ঠানৰ মাজতে মই দেখিলোঁ যে তেওঁলোকে পিঠাগুড়িৰ ডাঙৰ ডাঙৰ লাৰু কৰি সেইবোৰ এটা এটাকৈ চাৰিকড়িয়াৰ পানীত উটুৱাই দিছে৷ তেওঁলোকে কিয় সেইটো কৰিছে সেই কথা জানিবলৈ মোৰ মনত ভীষণ কৌতূহল হ’ল৷ কিন্তু পৰিৱেশটোৰ গাম্ভীর্য দেখি তাত মই দেউতাক একো কথা নুসুধিলোঁ৷ ঘৰ পায়েই দেউতাক সুধিলোঁ, ‘পিঠাগুড়িৰ লাৰুবোৰ নৈত কিয় উটুৱাই দিছিলা? সেইবোৰ কোনে খাব?’
দেউতাৰ মুখলৈ চাই মই প্রশ্ণটো কৰিছিলো কিন্তু প্রশ্ণটো শুনি তেওঁৰ মুখত ফুটি উঠা ভাব দেখি মই অনুমান কৰিলোঁ যে তেওঁ উত্তৰটো ক’বলৈ অলপ সংকোচ কৰিছে৷ অলপ সময় নিজৰ লগত যুঁজ কৰি অৱশেষত তেওঁ ক’লে–‘পিঠাবোৰ মাছে খাব, পোক–পৰুৱাই খাব, পানীত চৰি থকা চৰাইবোৰেও তাৰ ভাগ পাব পাৰে৷’
দেউতাৰ উত্তৰত সন্তুষ্ট নহৈ মই আকৌ সুধিলোঁ– ‘মাছক বা পোক–পৰুৱাক কিয় পিঠা খুৱাব লাগে? সদায় নুখুৱাই কেৱল আজি কিয় খুৱাব লাগে?’
দেউতাই বোধহয় ইতিমধ্যে উত্তৰটো ঠিক কৰি লৈছিল৷ তেওঁ ক’লে– ‘আমাৰ শাস্ত্রবোৰত তোৰ প্রশ্ণটোৰ কিবা এটা উত্তৰ থাকিব পাৰে৷ মই শাস্ত্র পঢ়া নাই৷ পুৰুষানুক্রমে কৰি অহা কামটো আমিও কৰি আছোঁ, কাৰণ মানুহে বিশ্বাস কৰে যে মৃতকৰ উদ্দেশ্যে এই পিণ্ড দিয়া হয়৷ অর্থাৎ যিজন মানুহ মৰি পৰলোকলৈ গ’ল তেওঁ খাবৰ কাৰণে এই পিণ্ড দিয়া হয়৷ মই নিজে বিশ্বাস নকৰোঁ যে মৰা মানুহে আহাৰ খায়৷ কিন্তু তোৰ প্রশ্ণটো শুনি মই এটা উত্তৰ বিচাৰি পাইছোঁ৷ মই ভাবোঁ যে মাছ বা পোক–পৰুৱাই খাবলৈকে পিণ্ডদান কৰা হয়, কিয়নো মানুহকে ধৰি পৃথিৱীৰ সৰু–বৰ সকলো প্রাণীকে একেজন ঈশ্বৰে সৃষ্টি কৰিছে আৰু সেই অর্থত একেজন ঈশ্বৰৰ সন্তান হিচাপে গুৰি পৰুৱাৰ পৰা গজহস্তীলৈকে সকলো প্রাণীয়েই মানুহৰ সহোদৰ ভাই–ভনী৷ বোধহয় সেই কথাটো নিজকে মনত পেলাই দিবলৈ পিণ্ডদান কৰা হয়৷ মই বেছি পঢ়া–শুনা কৰা মানুহ নহওঁ তই ডাঙৰ হৈ জ্ঞানী মানুহে লিখা কিতাপ পঢ়ি প্রশ্ণটোৰ উত্তৰ পাবলৈ যত্ন কৰিবি৷’
দেউতাৰ কথা মতেই মই ডাঙৰ হৈ কিছু কিতাপ পঢ়িলোঁ আৰু হিতোপদেশৰ মিত্রলাভ অধ্যায়ত পঢ়িবলৈ পালোঁ এই মহামন্ত্রটো– বসুধৈৱ কুটুম্বকম৷ মই নিজে বিশ্বাস কৰোঁ যে হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ মুখৰ পৰা যিবোৰ অমৃতোপম শব্দ বা বাক্য ওলাইছে, সেই সকলোবোৰ বাক্যৰ শিৰৰ মুকুট হিচাপে স্থান পাবৰ যোগ্য এই মহাবাক্যটো ঃ উদাৰচৰিতানাং তু বসুধৈৱ কুটুম্বকম৷ অতীতৰ সকলো যুগতকৈ আজিৰ মানুহে এই মহামন্ত্রটোৰ গভীৰ তাৎপর্য উপলব্ধি কৰাৰ প্রয়োজন বহুগুণে বাঢ়িছে, কাৰণ সীমাহীন লোভৰ বশৱর্তী হৈ মানুহে প্রাণীজগত আৰু উদ্ভিদজগত ধ্বংস কৰি নিজলৈ মাতি আনিছে সর্বনাশ৷
আধুনিক যুগৰ মহর্ষি এলবার্ট আইনষ্টাইনে এটা প্রবন্ধত লিখিছে– ‘প্রতিজন মানুহেই এটা সমগ্রৰ অংশ মাত্র৷ সেই সমগ্রটোকে আমি বিশ্ব চৰাচৰ বুলি কওঁ৷ মানুহে প্রমাদবশতঃ ভাবে যে তেওঁৰ সকলো চিন্তা আৰু অনুভূতি এই সমগ্র তথা বিশ্বচৰাচৰৰ পৰা বিচ্ছিন্ন কেৱল এটা মানৱিক অভিজ্ঞতা৷ মানুহৰ এনেধৰণৰ ভ্রান্ত ধাৰণাই তেওঁৰ কাৰণে এনে এখন কাৰাগাৰ সৃষ্টি কৰে– যিখন কাৰাগাৰত আবদ্ধ হৈ তেওঁ কেৱল নিজৰ ব্যক্তিগত কামনা–বাসনাৰ বাহিৰে আন একো কথা চিন্তা কৰিব নোৱাৰে, আৰু তেওঁৰ মাত্র কেইজনমান নিকটাত্মীয় আৰু বন্ধু–বান্ধৱৰ বাহিৰে আন কাৰো প্রতি তেওঁ আত্মীয়তা অনুভৱ নকৰে৷ কিন্তু নিশ্চিতভাৱে আমাৰ কর্তব্য হ’ব লাগিব এই কাৰাগাৰৰ পৰা নিজকে মুক্ত কৰা৷ তাকে কৰিবলৈ হ’লে আমি নিজৰ মমতা আৰু কৰুণাৰ পৰিধি এনেকৈ বহলাব লাগিব, যাতে সি সমস্ত জীৱিত প্রাণী আৰু বিনন্দীয়া প্রকৃতি সামৰি ল’ব পাৰে৷ এনে এটা কঠিন কাম সম্পূর্ণৰূপে কৰাটো কাৰো পক্ষেই সম্ভৱ নহ’ব পাৰে কিন্তু তাকে কৰিবলৈ কৰি থকা অবিৰাম চেষ্টায়ো আমাক আংশিকভাৱে হ’লেও মুক্তি দিব পাৰে আৰু লগতে দিব আন্তৰিক নিৰাপত্তাৰ অনুভূতি৷’
বিশ্ববিখ্যাত জীৱ–বিজ্ঞানী জে বি এছ হলডেনে ১৯৫৭ চনত দিয়া ‘জীৱনৰ ঐক্য’ শীর্ষক চর্দাৰ বল্লভভাই পেটেল স্মাৰক বত্তৃণতাত প্রসংগক্রমে কৈছিল– ‘একেটা মাত্র উৎসৰ পৰাই পৃথিৱীৰ সকলো প্রাণীৰ উদ্ভৱ হৈছে আৰু সেই অর্থত সকলো প্রাণীয়েই সহোদৰ৷ কোনো ধৰণৰ বৈজ্ঞানিক তত্ত্বৰ লগত পৰিচিত নোহোৱাকৈয়ে হাজাৰ হাজাৰ বছৰৰ আগতেই ভাৰতীয় ঋষিসকলে ঘোষণা কৰিছিল ‘যত জীৱ তত শিৱ৷’ অর্থাৎ প্রত্যেক প্রাণীৰ মাজতেই প্রকাশ ঘটিছে ঈশ্বৰৰ৷ সেইকাৰণে মানুহৰ প্রেম আৰু কর্তব্য কেৱল মানুহৰ মাজত সীমাবদ্ধ থাকিলে নহ’ব এই পৃথিৱীৰ ক্ষুদ্র–বৃহৎ সকলো প্রাণী আৰু উদ্ভিদকো মানুহে সমান মমতাৰে ভাল পাব লাগিব৷ মানুহৰ উচ্চাকাংক্ষা হ’ব লাগিব নিজৰ হূদয়খন ইমান বেছিকৈ বহল কৰা– যাতে এই পৃথিৱীৰ সকলো প্রাণী আৰু উদ্ভিদকে তেওঁ নিজৰ আত্মীয় বুলি গ্রহণ কৰিব পাৰে৷’
আইনষ্টাইন আৰু হলডেন দুয়োজনে জানো নিজৰ ভাষাত বসুধৈৱ কুটুম্বকম মহামন্ত্রৰে পুনৰোক্তি কৰা নাই?
১৬ শতিকাত ভাৰতবর্ষত যিসকল সন্ত আৰু মহাপুৰুষৰ আবির্ভাৱ হৈছিল তেওঁলোকৰ ভিতৰত এজন আছিল মাৰাঠী সন্ত একনাথ (১৫২৮–১৬০৩)৷ হিন্দু সমাজৰ অস্পৃশ্যতাৰ বিৰুদ্ধে তেওঁ তেতিয়াই বিদ্রোহ ঘোষণা কৰিছিল৷ ভাৰতৰ অমৰ সন্তসকলৰ ভিতৰত একনাথো এজন৷
একনাথে এবাৰ এনে এটা সংকল্প ল’লে যে পৱিত্র গংগাজলেৰে তেওঁ ৰামেশ্বৰম মন্দিৰৰ বিগ্রহক স্নান কৰাব৷ গংগা নদীৰ উৎস হ’ল ভাৰতৰ উত্তৰে থকা হিমালয় পর্বত৷ ৰামেশ্বৰম হ’ল ভাৰতৰ দক্ষিণতম প্রান্ত৷ সেই সময়ত ধর্ম–প্রচাৰক আৰু তীর্থযাত্রীসকলে খোজকাঢ়িয়েই এই বিশাল দেশখনৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ ভ্রমণ কৰি ফুৰিছিল৷ একনাথে এজন বন্ধুক লগৰীয়া হিচাপে লৈ হিমালয়লৈ যাত্রা কৰিলে৷ গংগাজলেৰে ভর্তি এটা কলহ মূৰত লৈ তেওঁ এদিন ৰামেশ্বৰমক লক্ষ্য কৰি ওভতনি যাত্রা আৰম্ভ কৰিলে৷ কেইবামাহো খোজকঢ়াৰ পিছত অৱশেষত এদিন একনাথৰ ক্লান্তিকৰ দীর্ঘ ভ্রমণৰ সামৰণি পৰিবৰ উপক্রম হ’ল৷ আৰু মাত্র কেইকিলোমিটাৰমান অতিক্রম কৰিলেই তেওঁলোকে ৰামেশ্বৰমত ভৰি দিবগৈ৷ এনেতে এটা ঘটনা ঘটিল৷ তেওঁলোকৰ বাট ভেটি থিয় হৈ আছে এটা গাধ৷ সি বোধহয় কেইবাদিনো পানী খাবলৈ পোৱা নাই পিয়াহত তাৰ প্রাণ যায় যায় অৱস্থা৷ পিয়াহত আতুৰ হোৱা প্রাণীয়ে পানীৰো গোন্ধ পায়৷ গাধটোৱে এনে কৰুণ দৃষ্টিৰে একনাথৰ মূৰত থকা পানীৰ কলহটোলৈ চাবলৈ ধৰিলে যে দৃশ্যটো দেখি মুহূর্ততে একনাথৰ হূদয় গলি জোল হৈ গ’ল৷ মুহূর্তৰ কাৰণেও চিন্তা নকৰি বা দ্বিধা অনুভৱ নকৰি তেওঁ গাধটোৰ ওচৰলৈ আগবাঢ়ি গৈ তাৰ মেলা মুখখনত পানী ঢ়ালি দিলে৷ গাধটোৱে হেঁপাহ পলুৱাই পানী খোৱাৰ পিছত একনাথে কলহত থকা বাকী পানীখিনি গাধটোৰ গাত ঢ়ালি দিলে৷ নতুনকৈ জীৱন পোৱাৰ আনন্দত গাধটোৰ গাৰ প্রতিডাল নোম শিহৰিত হৈ উঠিল৷
এই দৃশ্য দেখি একনাথৰ সতীর্থ বন্ধুজন বিস্ময়ত আৰু ক্রোধত হতভম্ব হৈ পৰিল৷ সুদূৰ হিমালয়ৰ পৰা সুদীর্ঘ দুর্গম পথ অতিক্রম কৰি গংগাজলৰ কলহ কঢ়িয়াই আনিছিল কেৱল এটা গাধৰ প্রাণ বচাবলৈ? তেওঁ একনাথক সুধিলে– ‘তুমি কি কাম কৰিলা এই কথা তুমি নিজে বুজি পাইছানে? এটা মাত্র মুহূর্তৰ ভিতৰতে তুমি হেৰুৱালা সমস্ত জীৱনৰ পুণ্যৰ সঞ্চয়৷’
একনাথে স্নিগ্ধ হাঁহি এটা মাৰি উত্তৰ দিলে, ‘মই কিন্তু তোমাৰ কথাত একমত হ’ব নোৱাৰিলোঁ৷ আজিহে গংগাজলৰ প্রকৃত সদ্ব্যৱহাৰ হ’ল৷ মোৰ কামত যে ঈশ্বৰ পৰম সন্তুষ্ট হৈছে সেই বিষয়ে মোৰ মনত বিন্দুমাত্র সন্দেহ নাই৷’
বসুধৈৱ কুটুম্বকম