বাকচ ধাৰাৱাহিকত অসমীয়া ভাষাৰ শৰশয্যা
বহুদিন পূর্বে লিখিছিলোঁ যে বাকচৰ, – মানে –, টী ভীৰ, ধাৰাৱাহিক চোৱাৰ অভ্যাস মোৰ নাছিল৷ কিন্তু চেনেহীয়ে মেলানি মগাৰ পাছৰেপৰা, কোঠাটোৰ পৰা নিজৰ নিঃসংগতা আঁতৰ কৰাৰ আশা আৰু চেষ্টাৰে, দিনটোৰ বেছিভাগ সময় বাকচটো খোলা ৰখাৰ অভ্যাস কৰিলোঁ৷ সেই সূত্রেই, লিখা–পঢ়া বা আন কাম কৰি থাকোঁতে, বাকচত চলি থকা ধাৰাৱাহিকবোৰো শুনিবলৈ পাওঁ৷ শুনি থাকোঁতেই মাজে মাজে চোৱাও হয়৷ কেতিয়াবা বাতৰি, কেতিয়াবা ধাৰাৱাহিক৷ সেইবোৰকে লৈ সময়ে সময়ে কলম পিহোঁ৷
পূর্বেই এইটোও লিখিছিলোঁ যে যিবোৰ ধাৰাৱাহিক চাওঁ বা চকুত পৰে, সেইবোৰৰ অভিনয় শিল্পীসকলৰ প্রায় আটাইৰে অভিনয় অতি সুন্দৰ, – চৰিত্রৰ লগত খাপ খোৱা, – একাত্মতাপূর্ণ৷ মই পূর্বে নেদেখা বা চিনি নোপোৱা কোনো কোনো অভিনেতা–ভিনেত্রীৰ অভিনয় দেখিলে আচৰিতেই হওঁ – ‘এওঁ লোকনো ইমান দিন ক’ত সোমাই আছিল, পৰিচালকে আৰু প্রযোজকেনো ক’ত কেনেকৈ বিচাৰি উলিয়ালেগৈ’ – বুলি৷ এবাৰ নৱীন–প্রৱীণ ভালেখিনি অভিনয় শিল্পীৰ নামো উনুকিয়াইছিলোঁ৷ দৰাচলতে, মজিদ, বিষ্ণু খাৰঘৰীয়া, বিজু ফুকন, নিপন গোস্বামী আদি অনেকজনৰ নাম উল্লেখ কৰাৰ আৱশ্যক নায়েই৷ অৱশ্যে, মই জনাত, এখেতসকলে বহুত বেছি বাকচ ধাৰাৱাহিকত অভিনয় কৰা নাই কিন্তু যেতিয়াই কৰিছিল বা কৰে, তেতিয়াই তেখেতসকলৰ অভিনয় চৰিত্রানুগ আৰু নিখুঁত৷ পূর্বে নাম উনুকিওৱাসকলৰ উপৰি, মিনু বণিয়া, জলী ভট্টাচার্য, সাগৰিকা গোস্বামী, গীতাৱলী ৰাজকুমাৰী, জুনু বৰা, স্নিগ্ধা গগৈ, কলিতা, প্রাঞ্জনা দত্ত, ভাস্কৰ বৰা, দীপনজ্যোতি ভৰালী (ভঁৰালী?) (এখেতৰ অভিনয় মই মঞ্চতো দেখিছোঁ, বেছ ভাল), উদয়ন দুৱৰা, ‘পলাশ–পল্লৱ–প্রদ্য্’ আদি অনেকৰে অভিনয় অতি সুন্দৰ৷ পিচে, পৰিচয় লিপি চাই অনেককে নামে–মানুহে চিনিব নোৱাৰোঁ৷
বাৰু, সেই কথা সুকীয়া৷ মূল কথা হৈছে, গান, আবৃত্তি, বত্তৃণতা আৰু অভিনয় আদি যিবোৰ কলাৰ প্রধান মাধ্যম ভাষা, সেইবোৰত বাক্যৰ গাঁথনি, শব্দৰ প্রয়োগ আৰু উচ্চাৰণ, কথন শৈলীত তাল, মান, লয় আদি যথোচিত নহ’লে পৰিৱেশনৰ সামগ্রিক মাপৰেখা লগে লগে নিম্নগামী হয়৷ নাটকৰ সংলাপৰ বেলিকা, ভাষাৰ জতুৱা ঠাচ, বাক্যৰ লয় আৰু অর্থ, শব্দৰ উচ্চাৰণ আদি ভুল আৰু শ্রুতিকটু হ’লে, পৰিশীলিত কাণত সিবোৰে ঠহৰ ঠহৰকৈ বিন্ধে৷ তাৰ বাবে, ৰচয়িতা, পৰিচালক, অভিনয় শিল্পী কোনেও গা এৰা দিব নোৱাৰে কম–বেছি পৰিমাণে আটাই দায়ী৷ কিন্তু সামগ্রিক দায়িত্বভাৰ গ্রহণ কৰা পৰিচালকগৰাকী আনসকলতকৈ অধিক দায়ী৷ ভাষা য’ত প্রধান মাধ্যম, তাত, সেই মাধ্যমটো আয়ত্ত নকৰাকৈ ৰাজহুৱাকৈ আত্মপ্রকাশ কৰিব কিয়? শিক্ষা ব্যৱস্থা, শিক্ষা দান আদিৰ কথাতো আছেই৷ সেইবোৰ কথা অলেখ ঠাইত অলেখবাৰ কৈছোঁ৷ এতিয়া সেইবোৰলৈ নাযাওঁ৷
এই কথা অলেখবাৰ কোৱা হৈছে যে অসমীয়া ভাষাত, কিছুমান ধাতুৰপৰা হোৱা ক্রিয়াৰ কর্তাত প্রত্যয় লাগে আৰু আন কিছুমান ধাতুৰপৰা হোৱা ক্রিয়াৰ কর্তাত প্রত্যয় নালাগে৷ দ্বিতীয়বিধৰ উদাহৰণ স্বৰূপে, ‘হ’ ধাতু, ‘শা’ ধাতু, উঠ, বহ, আহ, যা, পৰ, থাক আদি এনে অনেক ধাতু আছে যিবোৰৰপৰা সৃষ্টি হোৱা ক্রিয়াপদৰ বেলিকা, বাক্যত থকা কর্তাত প্রত্যয় নালাগে৷ নমুনা চাওক৷ ‘কেঁচুৱাটোৱে শুলে’ – (‘শো’ ধাতুৰ অতীত কালৰ ৰূপ) – এই বুলি ক’লে হ’বনে? ‘ইয়াত ‘কেঁচুৱাটো’ বোলা শব্দটোত – এ–প্রত্যয়টোৰ আৱশ্যক আছেনে? ‘কেঁচুৱাটোৱে শুলে’, নে, ‘কেচুঁৱাটো শুলে’? নিজকে সোধক৷ ‘হাজৰিকাই বহিছে’ (‘বহ’ ধাতু), নে ‘হাজৰিকা বহিছে’? ‘ৰহমানে বজাৰলৈ গ’ল’ (‘যা’ ধাতু), নে, ‘ৰহমান বজাৰলৈ গ’ল’? ‘এতিয়া তোমালোকে আহাঁ (‘আহ’ ধাতু), নে, – ‘এতিয়া তোমালোক আহাঁ’–? ‘বসুমতাৰীয়ে ঘৰত আছে’ (‘থাক’ ধাতু), নে – ‘বসুমতাৰী ঘৰত আছে’ –? ‘তেওঁৰ ল’ৰাকেইটাই ভাল নহ’ল’ (অতীত কালত ‘হ’ ধাতুৰ ক্রিয়াপদৰ নঞর্থক (নে’গেটিভ্) ৰূপ) বুলিলে শুদ্ধ হয়নে? ইয়াত সেই – ‘ই’– প্রত্যয়টো লাগেনে? ‘– ল’ৰাকেইটাই ভাল নহ’ল’, নে, ‘– ল’ৰাকেইটা ভাল নহ’ল? ‘চোৰটোৱে কঁঠাল গছৰ পৰা পৰিল’, নে, – ‘চোৰটো … পৰিল’? ইয়াৰ বিপৰীতে যিবোৰ ধাতুৰ পৰা হোৱা ক্রিয়াপদৰ কর্তাত প্রত্যয় অপৰিহার্য্য, তাত প্রত্যয় যোগ নিদিয়াৰ মাথোন এটা উদাহৰণ দিওঁ, চাওক (‘চাওঁক’ নহয়) – ‘দলটো/ডকাইতকেইটা প্রৱেশ কৰে ’ (‘কৰ’ ধাতু) ‘দলটো বা ডকাইতকেইটা প্রৱেশ কৰে’, – নে, – ‘দলটোৱে/
ডকাইতকেইটাই প্রৱেশ কৰে’? অনিচ্ছা সত্ত্বেও ইমানকেইটা উদাহৰণ দিয়াৰ উদ্দেশ্য হ’ল, ভাষাটো কেনেদৰে, কিমান বান্ধোনহীনভাৱে, ব’ঠা নোহোৱা, নাৱৰীয়া নোহোৱা নাৱৰ দৰে উটি–ভাহি গৈ আছে, তাৰ এটা সামান্য আভাস দিয়া৷
সম্ভৱতঃ, এই দিশত এনে অৰাজকতাৰ আটাইতকৈ ডাঙৰ বলি হৈছে ‘হ’ ধাতুৰ পৰা সৃষ্ট, ‘হয়’ বোলা শব্দটোৰ ভিন্ ভিন্ ৰূপবোৰ৷ নিচেই তাকৰ গোটাদিয়েক নমুনালৈ মন কৰক৷ ‘কান্দোন’ নে ‘টাঙোন’ কিবা এটা নামৰ এখন ধাৰাৱাহিকত এটা চৰিত্রই কৈছে – ‘হে’ ভগৱান, অৱশেষত যে ছোৱালীজনীয়ে বিয়াৰ বাবে মান্তি হ’ল’ ‘ছোৱালীজনীয়ে মান্তি হ’ল’, – নে, ‘ছোৱালীজনী মান্তি হ’ল’? আকৌ – ‘মানৱে বাৰু চন্দনাৰ লগত বিয়াখনক লৈ সুখী নহয় নেকি’? ‘মানৱে সুখী নহয়’ – নে, – ‘মানৱ সুখী নহয়’? খুৰাদেৱেকে ভতিজীয়েক আৰু ভতিজাকক কয় – ‘তহঁতে (তহঁত+ এ) এতিয়াও ডাঙৰ নহ’লি’ উস্ ‘কিক্কৰা’ যায় ‘তহঁতে ডাঙৰ নহ’লি,’ নে, – তহঁত ডাঙৰ নহ’লি’? চৰিত্রাভিনেতাই তেনেকৈ কওঁতে পৰিচালকে কি কাটি আছিল? প্রৱীণ অভিনেতাই নিজেই শুধৰাই ল’ব নোৱাৰেনে? নে কিবা বাধা–নিষেধ আছে নেকি? আকৌ – ‘ৰীতমে দেখোন মোৰ কথা শুনিবলৈ সাজুৱেই নহয়’৷ এই (ভুল) বাক্যটোত ৰীতম নামৰ কর্তাটোৰ লগত দুটা ক্রিয়া যুক্ত হৈ আছে এটা হ’ল – ‘শুন’ ধাতুৰপৰা হোৱা ‘শুনিবলৈ’ আৰু, আনটো হ’ল, – ‘হ’ ধাতুৰপৰা হোৱা ‘হয়’৷ এটা বাক্যত বাক্যৰ কর্তাৰ লগত এটাতকৈ অধিক ক্রিয়াবাচক শব্দ জড়িত হৈ থাকিলে, কর্তাত প্রত্যয় যুক্ত হ’ব নে নহ’ব, সেইটো নির্ণীত হয় মুখ্য তথা সমাপিকা ক্রিয়াৰ দ্বাৰা, কোনো এটা গৌণ তথা অসমাপিকা ক্রিয়াৰ দ্বাৰা নহয়৷ উল্লিখিত বাক্যটোত ‘শুনিবলৈ’–টো গৌণ আৰু অসমাপিকা ক্রিয়া মুখ্য তথা সমাপিকা ক্রিয়া হ’ল – ‘হয়’–টোহে৷ এতেকে নিজকে সোধক – ‘ৰীতমে… সাজু নহয়’, নে – ‘ৰীতম … সাজু নহয়’ (‘হ’ ধাতুৰ, বর্তমান কালৰ নঞর্থক ৰূপ)? যদিহে বাক্যটো – ‘ৰীতমে দেখোন মোৰ কথা নুশুনেই’ হ’লহেঁতেন (‘হ’ল হয়’?), তেতিয়া ‘ৰীতমে’ (ৰীত+এ)টো শুদ্ধ হ’লহেঁতেন৷ ‘পূর্ণিমাৰ আন্ধাৰ’, নে, তেনে আন কিবা এটা নামৰ আন এখন ধাৰাৱাহিকত, ধাৰাৱাহিকৰ প্রচাৰক নে বিপণন উদ্যোক্তাই পর্দাৰ তলফালে পৰিৱেশন কৰা এই বাক্যটোলৈ মন কৰক ঃ ‘কি কাৰণে মনোমতীয়ে ঘৰলৈ পুলিচ মাতিবলৈ বাধ্য হ’ব?’ ইয়াত ‘মাতিবলৈ’টো মুখ্য ক্রিয়া কিম্বা সমাপিকা ক্রিয়ানেকি? এতেকে, – ‘মনোমতীয়ে … বাধ্য হ’ব’, নে, – ‘মনোমতী .. .বাধ্য হ’ব’? আকৌ সুধিছোঁ, – ‘হ’ ধাতুৰ ক্রিয়াৰ কর্তাত প্রত্যয় লাগেনেকি? আকৌ – ‘তোমালোকে কিয় মনে মনে আছাঁ (‘থাক’ ধাতু)?’ ‘তোমালোকে … মনে মনে আছাঁ,’ – নে – ‘তোমালোক … মনে মনে আছাঁ? এতিয়া ইয়াৰ বিপৰীতে, এনেকুৱা আৰু এটা বাক্য চাওক যিটো বাক্যত কর্তাত প্রত্যয় যুক্ত কৰাটো অপৰিহার্য্য, অথচ … ‘এতিয়া মনোমতীৰ জীৱনটো কোন দিশে গতি কৰিব (‘কৰ’ ধাতু)?’ ‘জীৱনটো … গতি কৰিব’, – নে, – ‘জীৱনটোৱে … গতি কৰিব’? ‘ৰহন’ নে ‘ঘঁহন’ নামৰ এখন ধাৰাৱাহিকত মাকে জীয়েকক কয় – ‘আজি দেওবাৰ দেউতাৰে ঘৰতে আছে (‘থাক’ ধাতু)’৷ ‘দেউতাৰে আছে’, – নে – ‘দেউতাৰ আছে’? ‘পূর্ণিমাৰ আন্ধাৰ’–ত মনোমতীৰ পেহীয়েকে দৰাঘৰীয়াক কয় – ‘আপোনালোকে (আপোনালোক) বহক’ উস্, কি গতি কৰিছে ভাষাটোৰ
‘হ’ ধাতুৰ পৰা সৃষ্ট, ‘হয়’ বোলা শব্দটোৰ ব্যাপক অপপ্রয়োগৰ এটা নিদর্শন হ’ল, – সম্ভাৱ্য ভূত কালত ব্যৱহূত, ‘হেঁতেন’ বোলা শব্দটোৰ ঠাইত, তাক ঠেলি–হেঁচি ভৰাই দিয়া বে’–পৰোৱা কার্য্য৷ ঠাইৰ অভাৱৰ হেতু, খনচেৰেক ধাৰাৱাহিকৰ পৰা তেনেই নামমাত্র গোটাদিয়েক নমুনা দিওঁ৷ লগতে, প্রতিটো বাক্য পুনৰাবৃত্তি নকৰি, ভুল ‘হয়’–টোৰ কাষতে, বন্ধনীৰ ভিতৰত, শুদ্ধ ‘হেঁতেন’–টো দি যাওঁ, চাওক – (১) তইতো মোক কথাটো এবাৰ জনাব পাৰিলি হয় (হেঁতেন) (২) তেনেকৈতো ময়ো আপোনাক ক’ব পাৰিলোঁ হয় (হেঁতেন) (৩) আপুনিতো মোৰ বাবে এষাৰ মাতিব পাৰিলে হয় (হেঁতেন) (৪) মোৰ যদি আন্তৰিকতা নাথাকিল হয় (হেঁতেন), যদি ভাল পোৱা নাথাকিল হয় (হেঁতেন), তেন্তে মই জানো খুৰা–খুৰীৰ অজ্ঞাতে তোমাক বিয়া কৰাই আনিলোঁ হয়৷ (হেঁতেন)? (৫) ‘মই যদি আনৰ দৰে দেখা পালোঁ হয় (হেঁতেন)’ দৰাচলতে, এনেবোৰ বাক্যত এই ‘হয়’–টো–ৰ (অপ–) প্রয়োগত কিছুমান মানুহ ইমানেই অভ্যস্ত যে হয়তোবা চিত্রনাট্যত ‘হেঁতেন’ বুলি থাকিলেও, এইসকলৰ মুখেদি সেইটো নোলায়হে নোলায় পৰিচালকৰো মনোভাৱ – হ’ল – ‘হ’ব দিয়াঁ কোৱাইটি’ এনেকৈয়ে এইসকলে এটা সুন্দৰ অসমীয়া শব্দৰ মূৰ চোবাইছে৷
বহুবাৰ কৈছোঁ যে অসমীয়া ভাষাৰ শৈলীত সাধাৰণ পৰিচয়সূচক বা সম্বন্ধসূচক অর্থত ‘হয়’ শব্দটো, বাক্যত ইংৰাজীৰIS আৰুARE তথা হিন্দীৰ ‘হঁ্যেয়–ৰ দৰে, প্রকাশ্য ৰূপত নাথাকে অপ্রকাশ্য ৰূপত, অর্থাৎ নেপথ্যৰপৰাই সি অর্থ প্রকাশ কৰে৷ কিন্তু আজিকালি চৌদিশে প্রায় আটাইৰে মুখে মুখে শুনিবলৈ পোৱাৰদৰে, বাকচ ধাৰাৱাহিকসমূহতো সততে শুনিবলৈ পোৱা বাক্যসমূহ হ’ল – ‘আপুনি কোন হয়’, ‘তাই কোন হয় (হু ইয্ শী?’, ‘তেওঁ (তেখেত) মোৰ মামা হয়’, ‘সি মোৰ ফ্রে’ণ্ড্ (বন্ধু) হয়,’ ‘মই অমুক কলেজৰ স্তিউড্ণ্ঢ্ হয় (মই/আমি হ’লে, – ‘হওঁ’– হে)’ ইত্যাদি ইত্যাদি ঃ মুঠতে এনেবোৰ বাক্যত সম্পূর্ণ অপ্রয়োজনীয় আৰু অত্যন্ত শ্রুতিকটু হ’লেও, – এই ‘হয়’–টোৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন নক’লেও চলে যে ‘হয়’–ৰ এই অনধিকাৰ প্রৱেশৰ বাবে অন্যান্য বহু পক্ষও দায়ী – ও, প্রধানতঃ দায়ী হ’ল অসমত থকা কেন্দ্রীয় বিদ্যালয়সমূহ তথা কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীন, ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ কর্তৃপক্ষসমূহ তথা শিক্ষক আৰু ছাত্র–ছাত্রীসকল৷ মিছা কৈছোঁনে বাৰু, ছাহিত্য ছভা?
লেখাটোৰ আৰম্ভণিতে পাঙিছিলোঁ আৰু এটা দিশ সামৰাৰ কথা৷ পিচে, সম্পাদনা কক্ষই সঘনে জোকাৰি থকা লেকেচিডালৰ কথা সুঁৱৰি, সেই লোভটোহে সামৰিবলগীয়া হ’ল৷ আজিলৈ সেইফেৰা তেহেলৈ থৈ ভিন্ ভিন্ কিচিমৰ ভুল গোটাদিয়েককে লেছেৰি বোটলাদি বুটলি সেইকেইটাকে সান–মিহলিকৈ আগবঢ়ালোঁ৷ যেতিয়া ‘যে’ আৰু ‘বুলি’, এই দুয়োটা শব্দই একে অর্থ প্রকাশ কৰে, তেতিয়া একেটা বাক্যতে সেই অর্থত দুয়োটা শব্দৰ প্রয়োগ নহয় যি কোনো এটাৰহে প্রয়োগ হয়৷ কিন্তু এখন ধাৰাৱাহিকত থকা এই বাক্যটো পঢ়ক – ‘আপুনি কেনেকৈ জানে যে মোৰ ছোৱালীয়ে আপোনাৰ ল’ৰাক হাত কৰিছে বুলি’? লিখোঁতাই বা কেনেকৈ লিখে আৰু কওঁতাই বা কেনেকৈ কয় এনেকুৱা জঘন্য বাক্য? দৰাচলতে সংলাপটো (১) ‘আপুনি কেনেকৈ জানে যে মোৰ ছোৱালীয়ে আপোনাৰ ল’ৰাক হাত কৰিছে’? অথবা (২) ‘মোৰ ছোৱালীয়ে আপোনাৰ ল’ৰাক হাত কৰিছে বুলি আপুনি কেনেকৈ জানে’? – এই দুটাৰ যি কোনো এটা হ’ব নালাগিছিলনে বাৰু? আন এখনত থকা আন এটা সংলাপ চাওক/শুনক ঃ ‘মই ভবা নাছিলোঁ যে মই ইমান কঠোৰ হ’ব লাগিব বুলি’ ক্যা কিয়া যায়ে’ পৰবৰদিগাৰ শুদ্ধ ৰূপ দুটা চাওক/ শুনক ঃ (১) ‘মই ভবা নাছিলোঁ যে মই ইমান কঠোৰ হ’ব লাগিব’ (২) ‘মই ইমান কঠোৰ হ’ব লাগিব বুলি ভবা নাছিলোঁ’? হয়, নে নহয় বাৰু? এইবাৰ – ‘চিন্ময়, তই ভাতটো খাই আও, চিন্ময়ৰ পেটটোনো বাৰু ইমান সৰুনে যে এটা ভাতেৰেই সেইটো ভৰে? আজিকালি চৌদিশে – ‘ভাতটো, পানীটো, গেট (গেইট্)টো, গছটো, বুঢ়ীটো’ ঃ – ‘কেনেকৈ যাম? এই কেৰাহীটো (খন) ধোওঁতেই আধা ঘণ্টা লাগিব৷’
‘এটি বনৰ ভালুক’–ত আছে – ‘তুমি মোৰ ওপৰত কৰা উপকাৰ মই কেতিয়াও নাপাহৰোঁ উপকাৰো ‘ওপৰত’? বঢ়িয়া ‘মোক কৰা উপকাৰ’ – বুলিলে দৈৱাসন তল গ’লহেঁতেন নেকি? আকৌ, – ‘এটা জুৱাৰীক মই মোৰ দাদা বুলি পৰিচয় দিবলৈ নোৱাৰোঁ?’ পৰিচয় দিবলৈ নোৱাৰে নে, দিব নোৱাৰে? হায়, অছমীয়া ভাছা শাহুৱেকে বোৱাৰীয়েকক সোধে – ‘তোমাৰ এইখন ঘৰলৈ আহিবলৈ কিমান দিন হৈছে?’ ‘আহিবলৈ কিমান দিন হৈছে’, ‘নে, – ‘অহা কিমান দিন হৈছে’ অথবা ‘আহিবৰ কিমান দিন হৈছে’? আকৌ – ‘মোৰ সম্পত্তি মই কেনেকৈ ভাগ–বতৰা কৰোঁ, সেইটো মোৰ কথা’৷ উস্, বাপ্পা হেৰেই ‘ভাগ–বতৰা’ নহয়, ‘ভাগ–বটোৱাৰা’হে ‘বতৰা’–টো ‘কথা’–ৰ লগতহে লাগে, মানে,– ‘কথা–বতৰা’৷ এঠাইত শুনিছে বা পাইছে এটা শব্দ, তাকে আনি দিছেহি লগাই বাপ্পেকে আন এঠাইত অসমীয়া এটা ভাষ্য, নে দোৱান, ছাহিত্য ছভা? আকৌ – ‘মোৰ প্রতিটো কথাই তোমাক বিৰক্তি কৰিছিল’ ‘বিৰক্তি কৰিছিল’, নে, ‘বিৰক্ত কৰিছিল’ অথবা ‘বিৰক্তি দিছিল’? কিয়, বিশেষ্যবাচক শব্দ আৰু বিশেষণবাচক শব্দৰ মাজত একো পার্থক্য নাই নেকি? যি কোনো এটা শব্দ আনি য’তে–ত’তে বহুৱাই (লট্কাই’?) দিলেই কি ‘খেলা খতম’?
ব্যাকৰণ অনুসাৰে ‘দ্বিতীয় পুৰুষ’ আৰু ‘তৃতীয় পুৰুষ’ৰ মাজৰ সম্বন্ধৰ উল্লেখৰে ব্যাকৰণৰ ‘প্রথম পুৰুষ’–এ ‘দ্বিতীয় পুৰুষ’ক কোৱা কথাৰ নমুনা চাওক – (১) ‘তুমি তোমাৰ গিৰিয়েকক যি কোঁৱা, কৈ থাকাঁ’ নহয়, ‘তোমাৰ গিৰিয়েৰাক’, ‘তোৰ গিৰিয়েৰক’, ‘আপোনাৰ গিৰিয়েকক’৷ (২) ‘তোৰ বায়েৰাক মুক্ত কৰি লৈ আহ’’ নহয়, – ‘তোৰ বায়েৰক’, ‘ তোমাৰ বায়েৰাক’, ‘আপোনাৰ বায়েকক’ (৩) ‘আপোনাৰ নাতিয়ে (নাতিয়েকে) আপোনাৰ নীতি আদর্শ সকলো ভৰিৰে গচকি পেলাইছে’ নহয়, – ‘আপোনাৰ নাতিয়েকে’, ‘তোমাৰ নাতিয়েৰাই’, ‘তোৰ নাতিয়েৰে’৷ আৰু এটা কথা ঃ গচকা কামটো ভৰিৰে নকৰি কোনোবাই হাতেৰে, মূৰেৰে বা পেটেৰে কৰে নেকি? অৱশ্যে, ভৰিৰে মোহৰা বুলি ক’লে কথাটো সুকীয়া এনেয়ে, – মাথোন ‘গচকি পেলাইছে’ বুলি ক’লেই যথেষ্ট৷ ‘ভৰিৰে গচকা’ৰ আৰু এটা নমুনা চাওক – ‘মই কি মোৰ জীৱনৰ সকলো আশা–আকাংক্ষা ভৰিৰে গচকি পেলাব লাগিব’? (৪) ‘তোমাৰ মাই খুব ভাল ৰেস্পন্স্ কৰিছে’ নহয় – ‘তোমাৰ মাৰাই’, ‘তোৰ মাৰে’, ‘আপোনাৰ মাকে’৷ আৰু এটা কথা ঃ ‘ৰেস্পন্স্’ নকৰে ৰিস্পন্স্ response) দিয়ে, ৰিস্পণ্ড্ respond) হে কৰে৷
আকৌ চাওক, – ‘সাংবাদিকৰ লগত কিহৰ মতলব (?)’ শ্রীবিষ্ণু বোলোঁ, নহয় বাপ্পা হেৰেই ‘সাংবাদিকৰ লগত কিহৰ লেন–দেন (বা) কি কাম (বা) কি কথা’ – ইত্যাদিহে৷ আকৌ – ‘কেতিয়াবা কিছুমান মানুহৰ কথাৰ প্রতি মোৰ হাঁহি উঠে’ কথাত হাঁহি নুঠে হ’বলা, ‘কথাৰ প্রতি’–হে হাঁহি উঠে? ‘এটি বনৰ ভালুক’ত নে ক’ত থকা প্রশ্ণবোধক এটা সংলাপ (প্রলাপ?) শুনক – ‘মই আপোনাক মা মাতিব পাৰোঁনে?’ নহয় অ’ আইজনী, ‘মা মাতিব’ নহয়, ‘মা বুলিব’ অথবা ‘মা বুলি মাতিব’ পাৰোঁনে (?)–হে৷ চিত্রনাট্য ৰচয়িতাই বা ৰচিছিল কি, পৰিচালকে বা শুনি আছিল কি
আজিকালি অসমীয়া ভাষাত ‘দেখা’ আৰু দেখুৱা’ ‘ওলোৱা’ আৰু ‘উলিওৱা’ ‘লুকোৱা’ আৰু ‘লুকুওৱা’ ‘শুকা’ আৰু ‘শুকুৱা/শুকুওৱা’ ‘হেৰা’/‘হেৰোৱা’ আৰু ‘হেৰুওৱা’ আদিৰ মাজৰ পার্থক্যবোৰ ক্রমাৎ নোহোৱাই হ’ল সকলো একাকাৰ৷ গোটাদিয়েক নমুনা দিওঁ, মুখ ফুটাই পঢ়ক আৰু শুনক ঃ (১) কোনটো বস্তু ক’ত থ’ব লাগে, মই দেখাই (দেখুৱাই) দিম, ৰ’বাঁ’ (২) তুমিতো মোক এবাৰ দেখাই (দেখুৱাই) দিব পাৰিলাঁ হয় (হেঁতেন), (৩) ‘ফোনটো ওলা (উলিয়া)’ সেইটো নিজে নোলায় নহয়, তাক কোনোবাই উলিয়াই দিলেহে সি ‘ওলাব’ অৱশ্যে তাৰ যদি জীউ এটা আছে, মই নাজানো থাকিলে তাক পোনে পোনে আদেশ দিব পৰা হ’ব (৪) ‘তই কিন্তু বৌৱেৰৰ আগত এইবোৰ কথা নোলাবি (নুলিয়াবি)’ (৫) পূর্বে সম্প্রচাৰিত ‘বাহু পোৱালি’ নে কি এখন ধাৰাৱাহিক তেতিয়া চোৱা নাছিলোঁ এতিয়া পুনৰ সম্প্রচাৰিত হৈ থাকোঁতে সিদিনা এজন বন্ধুৱে আন এজনক কৈ থকা শুনিলো – ‘খাগৰি আৰু তোৰ কথা আমাৰ পৰা লুকাই (লুকুৱাই) লাভ নাই’ (৬) ‘কান্দোন’ নে ‘টাঙোন’ নামৰ খনত শুনিলোঁ – ‘আমি আমাৰ সন্তানটো হেৰাব লগা নহ’লহেঁতেন’ মাক–দেউতাকে সন্তানটো নে – ‘হেৰায়’ নহয় সন্তানটোহে হেৰায়, মাক–দেউতাকে হেৰুৱায়হে (নেহেৰুৱালেই মংগল)৷
সেই যেresponse ‘কৰা’ – এতিয়া ‘এটি বনৰ ভালুক’–ত তেনেকৈয়ে আন এটা ইংৰাজী শব্দৰ ‘ব্যৱহাৰ’ চাওক/শুনক ঃ দেউতাকে জীয়েকক কয় – ‘ফোনটো ছাইলে’ন্স্ Silence – নীৰৱতা) কৰি নথ’বি’ নহয়, – ‘ছাইলে’ণ্ট্ silent – নিঃশব্দ) কৰি নথ’বি’৷ এইবোৰৰে কোনোবা এখনত এজন অভিনেতাই কয় – ‘খবৰটো শুনি ৰখিবই (ৰ’বই) নোৱাৰিলোঁ, গুচি আহিলোঁ’ খবৰটো শুনালৈকে কি ৰখি আছিল বা গৰু–ছাগলী, নে চোমনি অভিনয় আটাইৰে ভাল পিচে হ’লে কি হ’ব? এইফালে যে গুৰিতে কেণা
পুচ্ছপট ঃ দিনদিয়েক আগেয়ে এটা বাকচে দি থকা বাতৰি (?)–ৰ মাজতে পর্দাৰ লিপিত দেখা পালোঁ – চৰাইদেউত হেনো ‘আৰক্ষী স্বামীৰ চৰকাৰী চকীত মহিলা পত্নী ব্যাখ্যা নকৰোঁ দিয়ক৷
ফোন ঃ