বায়ু প্রদূষণ এতিয়া নতুন ৰোগৰ কাৰক
- দীপক কুমাৰ দাস
বায়ু প্রদূষণ মানৱ জাতিৰ বাবে ক্রমান্বয়ে অতি বিপজ্জনক হৈ গৈ আছে৷ বিশ্বজুৰি বায়ু প্রদূষণৰ বর্ধিতমাত্রাই মানৱ জীৱনৰ বাবে শংকা নমাই আনিছে৷ মানৱ সৃষ্ট কাৰণেই হওক, কিম্বা প্রাকৃতিক দুর্যোগৰ ফলতেই হওক, বায়ু প্রদূষণৰ নেতিবাচক প্রভাৱ নিয়ন্ত্রণৰ বাহিৰলৈ গৈ আছে আৰু ইয়ে কোটি কোটি লোকৰ জীৱনলৈ দুর্ভাগ্য নমাই আনিছে৷ প্রাকৃতিক দুর্যোগ বনজুয়ে অষ্ট্রেলিয়াক বিধ্বস্ত কৰি তুলিছে৷ দেশখনৰ বায়ুমণ্ডল প্রদূষিত হোৱাই নহয়, বিশ্বৰ বায়ুমণ্ডলৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে৷ বায়ু প্রদূষণে মানুহৰ শাৰীৰিক–মানসিক স্বাস্থ্যত নেতিবাচক প্রভাৱ পেলায়৷ দেশ এখনৰ অর্থনীতিও বিধ্বস্ত কৰাত অৰিহণা যোগায়৷ কয়লা দাহন প্রকল্প, যান–বাহন আৰু তেল শোধনাগাৰ, বাহ্যিক পৰিৱেশত বায়ু প্রদূষিত কৰি মানৱ জীৱনৰ হানি কৰিছে৷ তেনেদৰে তাপ উৎপত্তি আৰু ৰন্ধন প্রক্রিয়াই আভ্যন্তৰীণ পৰিৱেশত মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰি আছে৷ বায়ুপ্রদূষণ আৰু ধঁপাতজনিত বিষাক্ত পৰিৱেশৰ বাবে বিশ্বজুৰি প্রতিবছৰত ২০ নিযুত লোকৰ অকাল মৃত্যু ঘটে৷ দেশৰ ৰাজধানী নতুন দিল্লীও মানৱ সৃষ্ট কাৰকৰ বাবে প্রদূষিত বায়ু পৰিৱেশৰ মাজত ককবকাই আহিছে৷ বিশ্বৰ এনে এখন চহৰ নাই, য’ত স্বাস্থ্যজনিত বায়ুৰ পৰিৱেশ আছে৷ তথ্য মতে, উন্নত দেশৰ পৰা অনুন্নত–দৰিদ্র দেশলৈকে প্রায় ৯২ শতাংশ লোকে অস্বাস্থ্যকৰ বায়ুৰ পৰিৱেশত বসবাস কৰি আছে৷ পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ ওপৰত আঘাত কৰা বায়ু প্রদূষণে মানসিক স্বাস্থ্য আৰু আচৰণৰ ওপৰতো নেতিবাচক প্রভাৱ পেলায়৷ আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপ, অষ্ট্রেলিয়া, কানাডা, চীন, ভাৰতকে ধৰি বিভিন্ন দেশত চলোৱা অধ্যয়নৰ ১৭৮ গৱেষণামূলক প্রবন্ধৰ ভিত্তিত এই কথা নিশ্চিত হৈছে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য আৰু মানৱীয় আচৰণত ব্যাঘ্যাত জন্মাই আছে বায়ু প্রদূষণে৷ উদ্বিগ্ণতা বৃদ্ধি কৰাৰ লগতে মানসিক বিসংগতি, হতাশা, স্কিজোফ্রেনিয়া, অ’টিজম আদিৰ বলি হৈছে৷ শিশুৰ মানসিক–শাৰীৰিক বিকাশত বায়ু প্রদূষণে ব্যাঘাত জন্মায়৷ বায়ুত থকা বিষাক্ত পদার্থই হাঁওফাঁও কর্কট আৰু হূদযন্ত্রৰ ৰোগ কৰে৷ আনকি ডায়েবেটিছ আৰু এলঝেইমাৰৰ ৰোগতো বায়ু প্রদূষণৰ প্রভাৱ পৰাটো গৱেষকসকলৰ তথ্যত পোহৰলৈ আহিছে৷ তদুপৰি সামাজিক নিয়ন্ত্রণতো কুঠাৰাঘাত কৰে বায়ু প্রদূষণে৷ প্রদূষণৰ বাবে অপৰাধজনিত ঘটনা আৰু অশোভনীয় আচৰণ–কার্যকলাপ বৃদ্ধি পায়৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রত চলোৱা সমীক্ষাত ৯,৩৬০ চহৰৰ ভিতৰত অপৰাধজনিত ঘটনা হত্যা, ধর্ষণ, ডকাইতি আৰু প্রহাৰৰ ঘটনা বৃদ্ধি পাইছে৷ সম্পত্তিজনিত অপৰাধ, প্রৱঞ্চনা আৰু মটৰ–যানবাহন চুৰিৰ ঘটনা বৃদ্ধি পাই আছে ৷
বায়ু প্রদূষণৰ কবলত পৰি বিশ্বৰ সকলো দেশতেই হাঁওফাঁও কর্কট, হূদৰোগত আক্রান্ত হৈ অকাল মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ তথ্য মতে, বছৰি ভাৰতত ১.৬ নিযুত লোকে প্রাণ হেৰুৱায়৷ চীনত প্রাণ হেৰুৱায় ১.১ নিযুত লোকে৷ আনপিনে আমেৰিকা যুক্তৰাষ্ট্রত মুঠ জনসংখ্যাৰ ৩৫ শতাংশ তথা ১১১ নিযুত লোকে বিপজ্জনক বায়ুত বসবাস কৰি আহিছে৷ ঔদ্যোগিক বিপ্লৱৰ পাছৰে পৰাই আমি বাস কৰা গ্রহটিৰ বায়ুমণ্ডললৈ পৰিৱর্তন আহিবলৈ ধৰে৷ ইয়ে ক্রমাগতভাৱে বায়ু প্রদূষিত কৰিবলৈ লয় আৰু মানৱ জাতিৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ বিশুদ্ধ পানী, উন্নত ঔষধ আৰু আন আন উদ্ভাৱনে সংক্রমণ সংক্রান্তীয় ৰোগৰ পৰা মানুহক ৰক্ষা কৰি মৃত্যুৰ হাৰ হ্রাস কৰিবলৈ সক্ষম হয় যদিও বায়ু প্রদূষণজনিত ৰোগৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ ঔদ্যোগিক বিপ্লৱক শক্তিশালী কৰণত গুৰুত্বপূর্ণ কয়লা দাহনৰ বাবে বিশ্ববাসী ধোঁৱাৰ সৈতে উশাহ–নিশাহ ল’বলৈ আৰম্ভ কৰে৷ যান–বাহনৰ পৰা নির্গত বিষাক্ত পদার্থ আছেই৷ লগতে আছে ধঁপাতৰ পৰা নির্গত হোৱা প্রদূষণ৷ লক্ষণীয় যে প্রতি বছৰে ৬.৫ লাখ কোটি চিগাৰেটৰ ধোৱা বায়ুমণ্ডলত ভৰি পৰে৷ ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি–নির্দেশনা অনুসৰি মানুহে বসবাস কৰা অঞ্চলত প্রয়োজনীয় সুস্থ ৰূপত বায়ুমণ্ডল বর্তি থকা নাই৷ মানৱ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক প্রলম্বিবত কণিকাৰ মাত্রা বায়ুমণ্ডলত অধিক হৈছে৷ তথ্য মতে এনে পৰিৱেশত ৯২ শতাংশ লোকে বসবাস কৰি আছে৷ বায়ু প্রদূষণে অর্থনৈতিক আৰু সামাজিক ক্ষেত্রখনত পেলোৱা প্রভাৱ সম্প্রতি চিন্তনীয় বিষয় হৈ পৰিছে৷ গৱেষকসকলৰ মতে বায়ু প্রদূষণে কার্যক্ষমতাত প্রভাৱ পেলায়, কর্ম উৎপাদনতা হ্রাস কৰে৷ প্রথমটি হৈছে কামত অনুপস্থিত থকাৰ অভ্যাস বৃদ্ধি কৰে৷ আনকি প্রাপ্তবয়স্কৰ কামৰ সময়ত ব্যাঘাত জন্মায় অর্থাৎ কামৰ প্রতি অনীহা জাগে৷ দ্বিতীয়টি হৈছে ব্যক্তিগত কর্মচাৰীৰ উৎপাদনশীলতা হ্রাস পায় কর্মস্থানত শাৰীৰিক অৱসাদে এনে পৰিস্থিতিৰ উদ্ভৱ ঘটায়৷ উল্লেখ্য যে বায়ু প্রদূষণে মানৱ স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যতো আঘাত কৰাৰ তথ্য গৱেষকসকলে ইতিমধ্যে প্রকাশ কৰিছে যদিও ডায়েবেটিছ আৰু এলঝেইমাৰ ৰোগতো বায়ু প্রদূষণৰ প্রভাৱ পৰাৰ তথ্য লাভ কৰাটো মানৱ সমাজৰ বাবে অতি চিন্তনীয় বুলি বিশ্বজুৰি চর্চিত হৈছে৷ প্রাকৃতিক সৃষ্ট কাৰকক আমি প্রতিহত কিম্বা নিয়ন্ত্রণত সক্ষম হ’ব নোৱাৰিলেও আমি মানৱ সৃষ্ট কাৰকসমূহ হ্রাস নিশ্চয় কৰিব পাৰিম৷ আমি বাস কৰা গ্রহটিৰ পৰিৱেশ বায়ুমণ্ডলক সঠিক ৰূপত বর্তাই ৰাখিব নোৱাৰিলে আমাৰ ভৱিষ্যত অন্ধকাৰ৷ এই কথাক গুৰুত্ব দি আমি বায়ুমণ্ডল প্রদূষিত কৰি থকা কাৰকসমূহ হ্রাস কিম্বা নিয়ন্ত্রণ কৰাৰ পদক্ষেপ ল’ব পাৰোঁ৷