নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশৰ এখন অসমীয়া পঢ়াশালি আৰু মোৰ শৈশৱৰ সোঁৱৰণী

  • দীপালী দত্তবৰদলৈ

সেইদিনা ৭ ডিচেম্বৰ, শনিবাৰ ২০১৯ চনৰ বিয়লি চাৰি বাজিছিল৷ মোৰ চকুৰ আগত ভাহি উঠিছিল উত্তৰ লখিমপুৰৰ গৰেহগা মাইবলীয়া গাঁৱৰ আমাৰ পঢ়াশালিখন৷ এটা দীঘলীয়া ঘৰ, য’ত শ্রেণীকোঠালিবোৰৰ মাজত বেৰ নাছিল৷ আমি বহিছিলোঁ ডাঙৰ দীঘলীয়া ঘৰটোৰ মাটিত ঘৰৰ পৰা লৈ যোৱা বাঁহৰ ঢ়াৰিত৷ প্রতিটো শ্রেণীৰ মাজত মাটিত পাঁচ ফুটমানকৈ খালী ঠাই থাকে, যাতে প্রত্যেক শ্রেণীৰ ছাত্র–ছাত্রীসমূহ এটা এটা গোটত ভাগ হৈ থাকে৷ প্রতিটো শ্রেণীৰ সন্মুখত অৱশ্যে একোখনকৈ ব’ড আছিল৷ তাতেই চকেৰে লিখি ক মান শ্রেণীত অ, আ, ক, খ, এক, দুই, প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীত যোগ, বিয়োগ আৰু অন্যান্য অংক, জিলাৰ মেপ, অসমৰ মেপ আঁকিবলৈ শিকাইছিল৷ আমাৰ ছাৰকেইজন বহিবলৈ সন্মুখত একোখনকৈ কাঠৰ চকী আছিল৷ মই এই সকলো সুঁৱৰিছিলোঁ আমেৰিকাৰ ‘ডেট্রইট অসমীয়া পঢ়াশালি’ত মাটিত কার্পেটৰ ওপৰত বহি থকা ছাত্র–ছাত্রীসকলক সন্মুখৰ ডাঙৰ স্ক্রীনখনত কম্পিউটাৰৰ সহায়ত ই–কাৰ, ঈ–কাৰ, (ক+ ই= কি), শিকাই থকা চিৰঞ্জিৎ বৰদলৈক দেখি৷ মোৰ পাঠশালাখনৰ বৰ ছাৰ প্রয়াত ৰুদ্র দত্ত, প্রয়াত গুণাৰাম দত্ত, প্রয়াত হাও বৰা আদি ছাৰসকললৈ বৰকৈ মনত পৰিছিল সেইদিনা৷ শ্রীমান চিৰঞ্জিৎ বৰদলৈয়ে ছাত্র–ছাত্রীসকলে অতি সহজে শিকিব পৰাকৈ বৰ মনোগ্রাহী আৰু আকর্ষণীয় ৰূপত একোটা ছবিৰ সহায়ত ই–কাৰ, ঈ–কাৰযুক্ত সহজ শব্দবোৰ কৈ আছিল৷ তেওঁ পেছাত অভিযন্তা, কিন্তু শিশুসকলক অসমীয়া শিকোৱাত ব্যস্ত৷ প্রতি ৰবিবাৰে তেওঁ বাটকুৰি বাই গৈ ছাত্র–ছাত্রীসকলক অসমীয়া শিকায়গৈ৷ পঢ়াশালিখনৰ নিজা ঘৰ নাই৷ ঘৰে ঘৰে প্রতি শনিবাৰ বা ৰবিবাৰে আবেলি ৪.০০ বজাৰ পৰা ডেৰ ঘণ্টা বা দুঘণ্টাৰ কাৰণে ছাত্র–ছাত্রীসকল আহি গোট খায়হি এটা ঘৰত৷ সেই বিশেষ দিনটোত পঢ়াশালিখন চলাবলৈ যিঘৰে নিজৰ ঘৰৰ এটা কোঠালি আজৰি কৰি দিয়ে তেওঁৰ ঘৰতেই শ্রেণীকোঠা এটা তৈয়াৰ কৰি পাঠদান কৰা হয়৷ কেতিয়াবা কেতিয়াবা কোনো কোনো ঘৰলৈ কাৰোবাৰ দহ/বাৰ কিলোমিটাৰৰ পৰা ত্রিশ/পঁয়ত্রিশ কিলোমিটাৰ পর্যন্ত দূৰ হয়৷ ইমান দূৰ–দূৰণিৰ পৰাও পিতৃ–মাতৃসকলে নিজৰ পুত্র–কন্যাক অসমীয়া শিকাবলৈ বুলি অনা–নিয়া কৰে৷ সেইদিনা পঢ়াশালি হৈছিল কিশানু কৌশিকৰ ঘৰত৷ পঁচিশ বছৰৰ আগতেই আমেৰিকালৈ যোৱা শ্রীমান কৌশিকো পেছাত অভিযন্তা হ’লেও অসমীয়া ক’লা–সংস্কৃতিৰ একান্ত সাধক৷ কোনো বেতন বা মাচুল নোলোৱাকৈ অসমীয়া ভাষা শিক্ষাৰ কাৰণে কাম কৰি থকা এইসকল লোকৰ মাতৃভাষা আৰু অসমীয়া সংস্কৃতিলৈ হেঁপাহ আৰু মৰম দেখি আমি গর্বিত হ’লোঁ আৰু অসমত’CAA’ ৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়ত বিদেশত নিজৰ পুত্র–কন্যাক অসমীয়া ভাষা শিকাবলৈ কৰা আপ্রাণ চেষ্টা দেখি অসমীয়া জাতি হেৰাই নাযায় বুলি আশাবাদী হ’লোঁ ৷

এনেদৰেই ২০১৪ চনতে লাছভেগাছত হোৱা অসম কনভেনচনত অসম সাহিত্য সভাৰ আমেৰিকা শাখাৰ সাহিত্য সভাখনত শুনিছিলোঁ কেলিফ’র্নিয়া নিৱাসী শ্রীপল্লৱ শইকীয়ায়ো বহুতো কষ্ট কৰি অসমীয়া শিকাই আছে৷ আমেৰিকাত থকা অর্থাৎ তাতে জন্ম হোৱা অসমীয়া ল’ৰা–ছোৱালীসকলক আমাৰ গতানুগতিক পদ্ধতিৰে অসমীয়া ভাষা শিকোৱাটো জটিল৷ সেয়ে তেওঁলোকে শিকাওঁতে বহুতো কষ্ট কৰিব লগা হয়৷ এনেদৰে হয়তো আমি নজনাকৈয়ে ভাৰতবর্ষ আৰু বিশ্বৰ প্রান্তে প্রান্তে থকা অনেকজন প্রবাসী অসমীয়াই বিভিন্ন প্রকাৰে অসমীয়া ভাষাৰ সেৱা কৰি আছে ৷

১৮২৬ চনত অসম ব্রিটিছ প্রশাসনৰ তললৈ যোৱাৰ পিছত ১৮৩৮ চনত অসমত বঙালী ভাষাক চৰকাৰী ভাষাৰ মর্যাদা দিয়ে ব্রিটিছ শাসক গোষ্ঠীয়ে৷ তেতিয়াৰ পৰা প্রায় ৩৫ বছৰ কাল অসমত বঙালী ভাষা প্রচলন কৰাৰ পিছত ১৮৭৩ চনতহে অসমত অসমীয়া ভাষাই পুনৰ ৰাজ্য ভাষাৰ মর্যাদা পায়৷ অসমী আইৰ ভাষাৰ এই লটিঘটি, বঞ্চনাৰ পিছতো পুনৰ ভাষাৰ কাৰণেই কত আন্দোলন হ’ল, কতজন শ্বহীদ হ’ল সেই কথা দোহাৰিবৰ প্রয়োজন আছে বুলি নাভাবোঁ৷ বর্তমান পৰিস্থিতিত অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা বা যাব বুলি চিন্তিত হ’লেই নহ’ব– ভাষাৰ প্রতিষ্ঠা আৰু প্রচাৰৰ কাৰণে কামো কৰিব লাগিব৷’CAA’ৰ কাৰণে অসমত বিশেষকৈ ব্রহ্মপুত্র উপত্যকাত অদূৰ ভৱিষ্যতে অসমীয়াভাষী লোক সংখ্যালঘুত পৰিণত হ’ব বুলি ভবাৰ শংকা নুই কৰিব নোৱাৰি৷ চৰকাৰে অসমৰ বেচৰকাৰী ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া ভাষা শিকাটো বাধ্যতামূলক কৰিলেও আমি নিজে সজাগ আৰু সতর্ক হৈ মাতৃভাষাক সন্মান জনোৱা উচিত৷ অসমীয়া মাধ্যমৰ পঢ়াশালিসমূহৰ দুৰৱস্থা আৰু বন্ধ কৰিব লগা হোৱা অৱস্থাৰ বাবে আমি এতিয়াও ফলপ্রসূ ব্যৱস্থা ল’ব পৰা নাই ৷

কিছুবছৰৰ আগতে ইউৰোপ মহাদেশৰ ছুইডেনলৈ দীঘলীয়া সময়ৰ কাৰণে বহুবাৰ যাবলগীয়া হৈছিল৷ তাত আমাৰ পো–বোৱাৰী আছিল৷ তাত থকা সময়ত বজাৰ–সমাৰ কৰোঁতে ইংৰাজীতে কথা–বার্তা পাতিছিলোঁ৷ কিন্তু তেওঁলোকে নিজৰ ছুইডিছ ভাষাও সমানে ব্যৱহাৰ কৰিছিল৷ ছুইডেনলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা চাকৰি কৰিবলৈ অহা মানুহ বা নিগাজীকৈ বসবাস কৰিবলৈ অহা সকলোকে ছুইডিছ ভাষা শিকোৱাৰ ব্যৱস্থা কৰে৷ ছুইডিছ ভাষা নাজানিলে ছুইডেনত সংস্থাপন পোৱাৰ অসুবিধা হয়৷ সেয়ে প্রব্রজনকাৰীসকলে ছুইডিছ ভাষা শিকাটো একপ্রকাৰ বাধ্যতামূলক হৈ পৰে৷ এনে লোকসকলক বিনামূল্যে ছুইডিছ ভাষা শিকোৱা এটা বিশেষ বিভাগ আছে৷ বিভাগটোৱে তিনিটা স্তৰত ভাষা শিকায়–
(১) যিসকল সম্পূর্ণ অশিক্ষিত তেওঁলোকক ক আৰু খ স্তৰত শিক্ষা দিয়ে৷
(২) যিসকলৰ স্কুল পর্যায়ৰ শিক্ষা মাত্র আছে তেওঁলোকক খ আৰু গ স্তৰৰ শিক্ষা দিয়া হয়৷
(৩) যিসকল উচ্চশিক্ষিত লোক অথচ ছুইডিছ ভাষা নাজানে তেওঁলোকক গ আৰু ঘ স্তৰৰ পাঠ্যক্রমৰ শিক্ষা দিয়ে ৷

ওপৰত উল্লেখিত সকলো স্তৰতে পঢ়িবলৈ চৰকাৰে আটাইৰে খৰচ বহন কৰে৷ পাঠ্যক্রমসমূহত উত্তীর্ণ হ’লে প্রমাণ–পত্র দিয়া হয়৷ তদুপৰি ছুইডিছ নজনা চাকৰিয়ালসকলক ভাষা শিকিবলৈ যাবলৈ চাকৰিৰ সময়ৰ মাজতেই ছুটী দিয়ে আৰু ভাষা শিকা সময়খিনি চাকৰি কৰি থকা বুলিয়েই গণ্য কৰে৷ তদুপৰি ছুইডিছ ভাষাৰ আৰু উচ্চশিক্ষা ল’বলৈ বিচাৰিলে নিজে পইচা খৰচ কৰি শিকিবলৈও কিছুমান প্রাইভেট অনুষ্ঠান আছে৷ এনেদৰে ভাষা শিকি ল’লে তেওঁলোক চাকৰিৰ বাবে উপযুক্ত হয়৷ কিন্তু উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু গৱেষণাৰ কামত ইংৰাজী জনা লোকক চাকৰি দিয়াৰ নিয়ম আছে আৰু চাকৰি দিলেও তেওঁলোককো ছুইডিছ ভাষা শিকিবলৈ উৎসাহিত কৰে আৰু বিনামূল্য শিক্ষা দিয়ে৷ একেদৰেই ইউৰোপিয়ান ইউনিয়নৰ অন্তর্গত দেশসমূহে নিজৰ নিজৰ ভাষা তেওঁলোকৰ দেশলৈ যোৱা লোকসকলক শিকাৰ ব্যৱস্থা কৰি দিছে৷ তাৰ কাৰণে ইউৰোপিয়ান ইউনিয়নে”Common European Framework of Reference for languages” (CEFR) গঠন কৰি দিছে৷ আমাৰ পুত্রই ফ্রান্স, জার্মানী আদি ঠাইত চাকৰি কৰি থাকোঁতেও এনেদৰে ফ্রান্স, জার্মান ভাষা শিকিছিল আৰু তাৰ বাবে তেওঁ কাম কৰা অফিচে পইচা দিছিল৷ এইবোৰ দেখি–শুনি এটা ভাব মনলৈ আহিছে৷ অসমতো এনেদৰে অসমলৈ অহা অসমীয়া নজনা লোকসকলৰ ভাষা শিক্ষাৰ ব্যৱস্থা কৰিব লাগে৷ অসমীয়া ভাষাৰ শিক্ষা দিবলৈ চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান বা বিভাগ এটা খুলি কিছু নিয়মাৱলীৰে সৈতে প্রণালীবদ্ধ ব্যৱস্থা এটা কৰা উচিত ৷
(১) স্কুলসমূহত অসমীয়া ভাষা বাধ্যতামূলক হ’লেও চৰকাৰে অসমীয়া ভাষা শিকোৱা এটা বিভাগ খুলি অসমলৈ চাকৰি কৰিবলৈ বা ব্যৱসায় কৰিবলৈ অহা সকলোকে অসমীয়া ভাষা শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ অসমত চাকৰি কৰি থকা প্রশাসনিক বিষয়াসকলে (ভাৰতীয় প্রশাসনিক সেৱাত নির্বাচিত) প্রাদেশিক ভাষা শিকি অর্হতা প্রমাণ কৰি লয়৷ তেওঁলোকৰ বাবে যি প্রদেশত তেওঁলোক কার্যৰত হ’ব লাগে তাতেই ভাষা শিকি লোৱাৰ নিয়মৰ দৰে অসমতো সকলো বিভাগৰ বহিৰাগত চাকৰিয়ালসকলৰ বাবে একে ব্যৱস্থা কৰিব পাৰে৷
(২) অসমৰ বাহিৰত থকা অসমীয়া ভাষা শিক্ষাদানৰ কেন্দ্র বা পঢ়াশালিসমূহেও অসমৰ এনে প্রণালীবদ্ধ ভাষা শিক্ষা কেন্দ্রৰ পৰা পাঠ্যক্রম পালে আৰু পৰীক্ষা দি প্রমাণ–পত্র পালে উৎসাহিত হৈ উৎফুল্লিত হ’ব৷
(৩) হিন্দী ভাষাত যিদৰে ‘ৰাষ্ট্রভাষা প্রচাৰ সমিতি’ আছে– তেনেদৰেই ‘অসমীয়া ভাষা প্রচাৰ সমিতি’ গঠন কৰি তেওঁলোকক দায়িত্ব দিব পাৰে৷ এনে ব্যৱস্থা কৰিলে হয়তো ভাষা শিকিবলৈ আগ্রহী লোকসকল উপকৃত হ’ব ৷

  • ফোনঃ ৯১০১১৬৩৭৭৬
You might also like