বিপিএফে অস্তিত্ব হেৰুৱাব নেকি?
বড়ো শান্তি চুক্তি, প্রমোদ বডোৰ ইউ পি পি এললৈ গমন, সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন, মিত্রতাক লৈ বিজেপিৰ নতুন তথা কৌশলী ৰাজনীতিয়ে সমাগত বিটিচি নির্বাচন ইতিমধ্যে আকর্ষণীয় কৰি তুলিছে৷ লগতে স্বতঃস্ফূর্তভাৱে আন এটা গুৰুত্বপূর্ণ প্রশ্ণৰ অৱতাৰণা ঘটিছে হাগ্রামা মহিলাৰী আৰু বি পি এফৰ ভৱিষ্যত কি হ’ব? বিগত সময়ছোৱাত কোকৰাঝাৰৰ লগতে ৰাজ্যৰ ৰাজনীতিতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা দলটোৰ ভৱিষ্যত সংকটত পৰিব নেকি? আজিৰ তাৰিখত এইটো এটা গুৰুত্বপূর্ণ প্রশ্ণ হৈ পৰিছে৷ সেইবাবেই বি টি আৰ চুক্তিক প্রথমৰ পৰাই আদৰণি জনাই অহা বি পি এফে শেহতীয়াকৈ বি টি আৰে যে সংগ্রামী বডো জনসাধাৰণক একো দিব নোৱাৰে, তাকেই প্রতিপন্ন কৰাত উঠিপৰি লাগিছে৷ সভা–সমিতিয়ে হাগ্রামা মহিলাৰীকে ধৰি দলটোৰ আগশাৰীৰ নেতাৰ কণ্ঠত এতিয়া মাথোঁ বি টি আৰৰ অসাৰতাৰ প্রশ্ণ৷ দলটোৱে কিহৰ তাডনাত পৰি এবছু, এন ডি এফ বিসহ সকলো বডো জাতীয় সংগঠনৰ বিপৰীতে যাবলগীয়া হ’ল, তাক অনুমান কৰাটো কাৰো বাবেই কঠিন নহয়৷ সুদীর্ঘ কালৰ ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট দলটোৰ নেতৃত্বই বডো জনসাধাৰণৰ আৱেগক ব্যৱহাৰ কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ কিয়নো এটা কথা মোটামুটিকৈ সকলোৱে জানে যে বি টি এ ডি অঞ্চলৰ গৰিষ্ঠসংখ্যক বডো জনসাধাৰণৰ মনত সুকীয়া বডোলেণ্ডৰ দাবীটো আজিও এপাহ হেঁপাহ হৈ ফুলি আছে৷ সেইডোখৰ ঠাইত টোকৰ মাৰিব পাৰিলে প্রতিপক্ষক কাবু কৰিব পৰা যাব৷ কিন্তু সমস্যাটো হ’ল, সুকীয়া বডোলেণ্ডৰ কথা মুকলিকৈ ক’বও নোৱাৰি৷ অজনজাতীয় ভোটাৰৰ ৰোষত পৰাৰ ভয়৷ গতিকে বি টি আৰ বেয়া বুলি কোৱাই সমীচীন৷ নহ’লে বডো সমাজখনত ৰাজনৈতিক প্রাসংগিকতা হেৰুৱাই যাব পাৰে৷ আগৰ কথা সুকীয়া আছিল, বি টি এ ডিত প্রত্যাহ্বান জনাব পৰাকৈ কোনো শক্তিয়েই নাছিল৷
সি যি নহওক, এটা কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে পৰিষদীয় অঞ্চলত শক্তিশালী প্রতিদ্বন্দ্বীৰ আৱির্ভাৱ ঘটাৰ লগে লগে বি পি এফৰ দ্বিধাগ্রস্ততা হূদয়ৰ স্পন্দন বঢ়া দি বাঢ়িবলৈ ধৰিছে৷ ইমান দিনে বি টি এ ডিত বিপিএফক প্রত্যাহ্বান জনাব পৰাকৈ কোনো ৰাজনৈতিক দলৰ আগমন ঘটা নাছিল৷ ৰবিৰাম নার্জাৰীৰ নেতৃত্বত বিপিপিএফে দলটোক কঠিন যুঁজলৈ ঠেলি দিব বুলি ধাৰণা কৰা হৈছিল যদিও অদৃশ্য (?) সশস্ত্র শক্তিৰ সন্মুখত পৰি দলটো ছেদেলি–ভেদেলি হৈ পৰিল৷ আনকি দলটোৰ গুৰি ধৰোঁতাগৰাকীও বিপিএফৰ শৰণাপন্ন হ’ল৷ পৰৱর্তীত এবছুৰ আগ্রহ আৰু সক্রিয়তাত ইউ পি পি এল নামৰ ৰাজনৈতিক দলটোৰ গঠন হয় যদিও বিগত সময়ছোৱাত দলটোৱে বি পি এফক বিশেষ প্রত্যাহ্বান জনাব নোৱাৰিলে৷ আনকি এবছুৰ প্রত্যক্ষ সহযোগ সত্ত্বেও দলটোৰ সাফল্য তেনেই সাধাৰণ পর্যায়ৰ হৈয়েই থাকিল৷ ইফালে, হাগ্রামা মহিলাৰীকে ধৰি বিপিএফ নেতৃত্বৰ মনোবল অধিকৰ পৰা অধিকতৰ হৈ গৈ থাকিল৷ আনকি দুই মিত্রদল বিজেপি, অগপকো পৰিষদীয় অঞ্চলত মুকলিকৈয়ে উপেক্ষা কৰিবলৈ ধৰিলে৷ কিন্তু হঠাতে পৰিদৃশ্য সলনি হ’ল৷ বিটিএডি অঞ্চলত শেহতীয়াকৈ বিশেষভাৱে চর্চা লাভ কৰা এটা প্রধান বিষয় হ’ল– বডো ৰাজনীতিত ইতিহাসৰ পুনৰাবৃত্তি ঘটিব নেকি? পৰিষদীয় অঞ্চলত প্রতিখন শান্তি চুক্তিয়ে নতুন ৰাজনৈতিক ইতিহাস ৰচনা কৰিছে৷ পুৰণি ৰাজনৈতিক দলৰ কবৰ খান্দিছে৷ প্রথমখন বডো চুক্তিৰ সময়ত তদানীন্তন বি এ চি অঞ্চলত বডো জাতীয়তাবাদক প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ প্রায় অপমৃত্যু ঘটিছিল৷ এবছুৰ পৃষ্ঠপোষকতাত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছিল৷ এসময়ত পিচিএলডিএফৰ দৰে শক্তিশালী ৰাজনৈতিক দলে পৰিষদীয় অঞ্চলৰ ৰাজনীতি নিয়ন্ত্রণ কৰিছিল৷ কিন্তু বিটিএডি গঠনৰ লগে লগে সেই ৰাজনৈতিক দলসমূহৰ অস্তিত্বয়েই নোহোৱা হৈ পৰিল৷ এইবাৰ তৃতীয়খন বডো শান্তি চুক্তিৰ পাল৷ পূর্বৰ দৰে যদি এইবাৰো বডো জাতীয়তাবাদী চিন্তাধাৰাক নিজস্ব ধৰণে প্রতিনিধিত্ব কৰা বি পি এফৰ বলি ঘটে, তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷ তদুপৰি হাগ্রামা মহিলাৰীৰ নেতৃত্ব প্রদানৰ দক্ষতাৰো এইটো নির্বাচনে পৰীক্ষা ল’ব৷ তেওঁ কঠোৰ নেতৃত্বৰ বাবে দলৰ মজিয়াত বিখ্যাত৷ কিন্তু সিয়ে বহু সময়ত গোপনে শত্রুৰো জন্ম দিয়ে আৰু এনে কঠিন সময়ত সেই শত্রুবোৰৰ সক্রিয়তা আৰম্ভ হয়৷ দলত্যাগ, নেতৃত্বৰ বিৰুদ্ধাচৰণ আদিয়ে দেখা দিয়ে৷ আনকি দলত বিভাজন ঘটাৰ দৰে ঘটনাও ঘটে৷ হাগ্রামা মহিলাৰীয়ে এনে প্রত্যাহ্বানৰ সৈতে কিদৰে মোকাবিলা কৰে, তাৰ ওপৰতো তেওঁৰ ৰাজনৈতিক ভৱিষ্যত ভালেখিনি নির্ভৰ কৰিব৷ মূল কথাটো হ’ল, বি টি আৰে এটা নতুন শাসন ব্যৱস্থা যিদৰে পৰিষদীয় অঞ্চলক দিয়াটো নিশ্চিত কৰিলে, একেদৰে এটা প্রতিষ্ঠিত ৰাজনৈতিক দলৰ ভৱিষ্যতো সংকটৰ দিশে লৈ যোৱাৰ সম্ভাৱনা কঢ়িয়াই আনিলে৷ বি পি এফ তথা দলটোৰ নেতৃত্বই এই কঠিন প্রত্যাহ্বানক কিদৰে পৰাজিত কৰিব পাৰে, তাৰেই ওপৰত দলটোৰো ভৱিষ্যত নির্ভৰ কৰিব৷