নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিস্ময়’ ! ‘বিস্ময়’

কৈশোৰত, বিশেষকৈ বয়ঃসন্ধি সময়ৰ এটা বিশেষ ঘটনাই কিতাপ পঢ়াৰ বিষয়টো এটা দুঃসাহসিক আৰু ৰোমাঞ্চকৰ অনুভৱ হিচাপে মোৰ সন্মুখত উপস্থাপন কৰিছিল৷ প্রায়ে লক্ষ্য কৰিছিলোঁ, বাইদেৱে পাঠ্যক্রমৰ কিতাপ এখনৰ তলত আন এখন কিতাপ লুকুৱাই লেমৰ পোহৰতো পঢ়ি থাকিছিল আৰু মা–দেউতাই মোক তাইৰ আর্হি গ্রহণ কৰিবলৈ সকীয়াই থাকিছিল৷ তাই হৈ পৰিছিল– কিতাপ পঢ়ি ভালপোৱা এজনী অত্যন্ত ‘ভাল ছোৱালী’৷ মই খুব সাংঘাতিক ধৰণেৰে কৌতূহলী হৈ পৰিছিলোঁ– কি কিতাপ পঢ়ে তাই? লাহে লাহে, ‘ধৰা পৰাৰ ভয়ত’ বাইদেৱে মোক তাইৰ ‘দলত’ সুমুৱাই ল’লে৷ শিকালে, এইখন মায়াময়, যাদুকৰী কিতাপ এইখন এনে এখন কিতাপ, যিখন প্রথমৰ পৰা নহয়, শেষ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিব লাগে
শেষৰ পৰা আৰম্ভ কৰিব লাগে? এনেকুৱা কিতাপ? বিস্ময়কৰ ‘বিস্ময়’৷
‘কিতাপ নহয় ঔ আলোচনী মেগাজিন বুলি কয়’ বাইদেৱে শুধৰাই দিলে৷ লাহে লাহে, বাইদেউৰ হাতত ধৰি ছপা আখৰৰ প্রহেলিকাময় জগতখনলৈ মই প্রৱেশ কৰিলোঁ৷ সৰু সৰু ক’লা আখৰবোৰে ক্রমশঃ শিহৰিত কৰা হ’ল৷ আলোচনীখনৰ আকৃতি সৰু হোৱা বাবে স্কুল বেগত সুমুৱাই নিয়াতো সুবিধা আছিল৷ বিদ্যালয়ৰ অষ্টম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে এনে এটা দিন নাছিল, যিদিনা ‘বিস্ময়’ সহপাঠী কোনোবা নহয় কোনোবা এজনী ছোৱালীৰ বেগত থকা নাই
সেই সময়ছোৱাত জ্যোৎস্না বিধৌত কোনো নিশা চম্বলৰ কাহিনী পঢ়ি যদি খং, ক্ষোভত বিদ্রোহী হৈ উঠিছিলোঁ, তেনেহ’লে আন কেতিয়াবা এলিয়েনৰ প্রেমত পৰি ককবকাই ককবকাই অন্য কোনো গ্রহলৈ ঢ়াপলি মেলিছিলোঁ৷ বন্দিতা ফুকনৰ বিজ্ঞানভিত্তিক কাহিনীবোৰ পঢ়িবলৈ আৰু পঢ়ি উঠি কল্পনাৰ নিচাত মজি থাকিবলৈ কি যে এক আমেজ আছিল বন্দিতা ফুকনৰ কল্পকাহিনীবোৰে মোক বিজ্ঞান–সাহিত্যৰ প্রতি আকর্ষিত কৰি তুলিলে… মুকলি কৰি দিলে যেন সাগৰ তলিৰ কুৰি হাজাৰ মাইলৰ আৰম্ভণিৰ অন্তহীন যাত্রাৰ৷ আৰু আন কেতিয়াবা, কোনো প্রেমিকৰ ৰঙীন কাহিনীত নিজকে নায়িকা সজাই বিভোৰ হৈ কত লেমৰ কেৰাচিন শেষ কৰিছিলোঁ– তাৰ হিচাপ নাই
আৰু ৰঞ্জু হাজৰিকা? ভৌতিক, অলৌকিক আতংকময় পৃথিৱী এখনৰ মকৰাজালত যেন মই নিজেই বন্দীহে হৈছিলোঁ
‘শ্রেষ্ঠ প্রশ্ণৰ বাবে নগদ দহ টকা৷’ –বিদূষকৰ বিস্মিতি শিতানৰ বাবে ‘আমিবোৰে কত যে পোষ্ট কার্ড খৰচ কৰিছিলোঁ– তাৰো সীমা–সংখ্যা নাই৷ ‘পত্রবন্ধু’–‘প্রিয়বন্ধু’ হৈ আজি মোৰ লগৰ কেইবাগৰাকীয়েই সুখী যুগ্ম জীৱনৰ অধিকাৰী হৈ আছে৷
‘বিস্ময়ে’ কেৱল কল্পনাৰ জগততে খোজ কঢ়াইছিলনে? নহয়, নহয় প্রফুল্ল কুমাৰ দত্ত, জীমণি চৌধুৰী, নীৰেন ডেকা, অৰুণলোচন দাস, বৈদুর্য বৰুৱা, উৎপল মেনা, উৎপল দত্ত, প্রাঞ্জল শর্মা বশিষ্ঠ…. আৰু কতজনে যে এটাৰ পাছত এটাকৈ প্রজন্মক মোহাচ্ছন্ন কৰিছিল প্রিয় লেখকৰ নামবোৰ পাতনিত বিচৰাৰ অভ্যাস এটাও গা কৰিবলৈ ধৰিলে৷ কেৱল সেয়াই নহয়, ‘বিস্ময়’ৰ অনুপ্রেৰণাতে অসমত জন্ম হ’ল একেই আর্হিৰ কেইবাখনো আলোচনীৰ৷ সৃষ্টি হ’ল এচাম নতুন পঢ়ুৱৈৰ৷ আৰম্ভ হৈছিল আলোচনী সাহিত্যৰ এটি নতুন ধাৰাৰ৷ ‘ৰিডার্ছ ডাইজেষ্ট’ নামৰ সুপঠিত, জনপ্রিয় আলোচনীখনৰ লেখীয়াকৈ এটা সময়ত ‘বিস্ময়’ হৈ পৰিল যুৱপ্রজন্মৰ একছত্রী লগৰী
মাহটো শেষ হ’লেই উৎকণ্ঠাৰে মনটো ভৰি পৰিছিল– কেতিয়া ‘বিস্ময়খন’ হাতত আহি পৰেহি ভাব হৈছিল ‘বিস্ময়’খনে যেন ‘আমাক’ বুজি পায় বুজি পায় শৈশৱ–কৈশোৰৰ ব্যাকুল মনবোৰে কি বিচাৰে বয়ঃসন্ধিৰ সময়ৰ ‘কিবা’ এটাৰ সন্ধান কৰা অহৰহ অতৃপ্ত মনবোৰক পৃথিৱীৰ ভিন ভিন বতৰা দি–আলোচনা কৰি যেন ‘বিস্ময়ে’ শান্ত আৰু সুস্থ কৰি ৰখাৰ প্রয়াস কৰিছিল টেলিভিছন (মূলতঃ দূৰদর্শনে) নেদেখুওৱা, ৰেডি’ই সামৰি নোলোৱা, বাতৰিকাকতে ঠাই নিদিয়া আজব আজব ঘটনাবোৰ প্রকাশ কৰি ‘বিস্ময়ে’ আমাক অবাক কৰি তুলিছিল৷ ইণ্টাৰনেট নোহোৱা সময়ত আমাক স্বাধীনভাৱে কল্পনাৰ জগতত ঘূৰিবলৈ শিকাইছিল৷ ঘটনাবোৰ পঢ়ি উঠি মনৰ জগতত নিজাকৈ ছবি আঁকিবলৈ দি বিস্ময়ে প্রাক্ যৌৱনৰ সময়ক ভৰুণ কৰি তুলিছিল
‘বিস্ময়ে’ হাত বাউল দি মাতিছিল– এই আকুল আহ্বানক সাৰথি কৰি আমি যাত্রা কৰিছিলোঁ কিতাপৰ বিশাল সাৰুৱা পথাৰখনলৈ৷ ‘বিস্ময়’ যেন আছিল কিতাপ পঢ়াৰ অভ্যাসৰ পঢ়াশালিৰ আদিপাঠহে৷ শৈশৱৰ ৰজা–মহাৰজাৰ আখ্যানৰ পিছৰ আৰু গল্প–উপন্যাস–কবিত্ কঠিন সাহিত্যৰ আলিদোমোজাত ‘বিস্ময়’ যেন আছিল দৃঢ় সেতু৷ সাহিত্যিক–বুদ্ধিজীৱীয়্ ঢুকি নোপোৱা, এলাগী বয়ঃসন্ধিৰ ভয়াৱহ দিনবোৰক ‘বিস্ময়ে’ সপোনৰ বৰষুণেৰে জীপাল কৰি ৰাখিছিল
সাহস কৰি ‘বিস্ময়’লৈ লেখা পঠিয়ালোঁ৷ প্রকাশ হ’ল আৰু লগতে আশ্চর্যজনক ঘটনা এটাও ঘটিল৷ নৱেম্বৰ মাহত লেখাটো প্রকাশ হোৱাৰ বাবদ ‘বিস্ময়ে’ আঢ়ৈশ টকাৰ মাননি আৰু নৱবর্ষৰ এখন ডায়েৰী পঠিয়ালে৷ ছাত্রী হিচাপে এয়া আছিল অপ্রত্যাশিত৷ বহুবোৰ কাকতত লিখা–মেলা কৰিছিলোঁ যদিও সেয়া আছিল প্রথম মাননি (এয়া আজিও এটি মধুৰ স্মৃতি, বছা বছা কেইখনমান কাকত–আলোচনীয়েহে অসমত লেখকক মাননি দিয়ে৷) ‘বিস্ময়ে’ প্রতিটো লেখাৰ বাবে মাননি ডাকত পঠিয়াইছিল৷
সেই ‘বিস্ময়’ৰ আজি মৃতপ্রায় অৱস্থা আইৰ ঘৰখন এৰা দিন ধৰি ‘বিস্ময়’ৰ সৈতে সম্পর্ক কমি গৈছিল৷ কিন্তু তাৰমানে জানো হূদয়ৰ দুৱাৰখন ৰুদ্ধ হৈছিল? ‘বিস্ময়’ৰ এই কৰুণ যাত্রা সহ্য হোৱা নাই৷ অপ্রতিৰোধ্য, দুৰন্ত যৌৱনৰ প্রতীক ‘বিস্ময়’ৰ শেষ সময় ইমান শীঘ্রে সমাগতনে?
এই অৱস্থা কেৱল ‘বিস্ময়’ৰেই নে?
ইণ্টাৰনেটৰ বহুল জনপ্রিয়তা আৰু ডিজিটেলাইজেচনে কাকত–আলোচনীৰ ছপা সংস্কৰণৰ জনপ্রিয়তা কমাই দিছিল৷ শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণৰ সময়ত বাতৰিকাকতৰ জৰিয়তেও ক’ৰোনা ভাইৰাছ বিয়পিব পাৰে বুলি ওলোৱা উৰাবাতৰিয়ে গণমাধ্যমৰ ছপা অংশক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰি তুলিলে৷ অর্থনৈতিক সংকটৰ ফলত বন্ধ হৈছে ইখনৰ পাছত সিখনকৈ কাকত–আলোচনী৷ চাকৰি হেৰুৱাইছে সংবাদ প্রতিষ্ঠানত নিয়োজিত ব্যক্তিয়ে৷ ৰাষ্ট্রীয় পর্যায়ৰ বহুকেইখন প্রতিষ্ঠিত কাকত গোষ্ঠী আৰু চেনেলে সাংবাদিক–কর্মচাৰীৰ্ চল্লিশ শতাংশলৈকে দৰমহা কর্তন কৰিছে৷
অৱশ্যে এই ঋণাত্মক বাতৰিৰ মাজতো কিছু ধনাত্মক বাতৰিয়ে আমাক আশাৰ পথ দেখুৱাইছে৷ সেয়া হৈছে কাকত–আলোচনীৰ অনলাইন সংস্কৰণসমূহৰ ক্রমবর্ধিত জনপ্রিয়তা৷ অনলাইন মঞ্চখনৰ পাৰাপাৰহীন সংযোগে ছপা মাধ্যমৰ পঢ়ুৱৈৰ পৰিসৰ বৃদ্ধি কৰিছে৷ (অৱশ্যে ইয়াৰ মাজতো কিদৰে ছপা মাধ্যম বর্তাই ৰাখিব পৰা যায়, তাৰ গুণা–গঁঠা কৰাটো প্রয়োজনীয়)৷ পিছে পঢ়ুৱৈৰ আগ্রহ সঁচাকৈয়ে বৃদ্ধি পাইছেনে নাই, সেয়াও লক্ষণীয়৷
ইয়াৰ লগতে গণমাধ্যম গোষ্ঠীসমূহে বর্তমানে চলি থকা অসমতুল ব্যৱসায়িক দিশটোৰ কথা ভাবি চোৱাৰো সময় আহি পৰিছে৷ সহজ ভাষাত, কোম্পানী এটাই যেতিয়া বজাৰত বস্তু এটাৰ যোগান ধৰে, তেতিয়া তাৰ লভ্যাংশ যোগ কৰিহে বজাৰ দাম নির্ধাৰণ কৰে৷ কিন্তু আচৰিত কথা যে বাতৰিকাকত এখনে কেৱল বিজ্ঞাপনৰ ওপৰত ভৰসা কৰিয়েই উৎপাদনৰ খৰচতকৈ অতি কম দামত কাকতৰ বজাৰমূল্য নির্ধাৰণ কৰে৷ ফলত অনাকাংক্ষিত–ভূতপূর্ পৰিৱেশত বিজ্ঞাপনৰ পৰিমাণ হ্রাস হোৱাই সংবাদ মাধ্যমক কাহিল কৰি পেলাইছে৷
মন কৰিবচোন, বিনোদনৰ বাবে ৰাষ্ট্রীয় পর্যায়ৰ চেনেলসমূহত (ছ’নী, ষ্টাৰ, কালার্ছ, জী ইত্যাদি) দর্শকে মাহেকীয়া ভিত্তিত ক্রয় নকৰেনে? অথচ প্রায়সংখ্যক বাতৰি চেনেলেই দর্শকে বিনামূল্যে উপভোগ কৰি আছে (কেইবাটাও ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী চেনেলে উপায়হীন হৈ গ্রাহকৰ বাবে মূল্য নির্ধাৰণ কৰিছে)৷ এয়া জানো বৈষম্য নহয়?
সকলোৰে এবাৰ ভাবি চাবৰ সময় আহি পৰা নাইনে? দর্শকৰ দায়বদ্ধতাই পৰোক্ষভাৱে সংবাদ মাধ্যমকো অধিক দায়বদ্ধ হ’বলৈ বাধ্য নকৰাবনে? ‘প্রান্তিক’ নামৰ বহুল জনপ্রিয় আলোচনীখনে পঢ়ুৱৈক ভৰসা কৰিয়েই অনলাইন সংস্কৰণ আৰম্ভ কৰিছে৷ ‘বিস্ময়ে’ও অনলাইন সংস্কৰণৰ কথা ভাবিব নোৱাৰেনে? অথবা মাহেকীয়া নহৈও ছমহীয়াকৈ হ’লেও ছেগা–চোৰোকাকৈ প্রকাশ কৰি দুঃসময়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব নোৱাৰেনে? ইতিমধ্যে বহু পঢ়ুৱৈ, উদ্যমীয়ে আর্থিক সাহায্যৰ বাবে বছৰেকীয়া গ্রাহক হিচাপে পঞ্জীয়নভুক্ত হোৱাৰ বতৰাই আমাক উৎসাহিতও কৰিছে৷ আশা কৰোঁ, ‘বিস্ময়ে’ মৃত্যু বিজয়ী হৈ উভতি আহি নতুন বিস্ময়কৰ সাহিত্যৰ উদ্রেক ঘটাব৷
‘বিস্ময়’ যে কেৱল এখন আলোচনী নহয় ‘বিস্ময়’ দশক ধৰি প্রজন্মৰ লগৰী৷ বয়ঃসন্ধি আৰু প্রাক্যৌৱনৰ ধুমুহাক বলাব পৰা সপোনৰ ৰচক৷ ভাবিলে আচৰিত লাগে, অসমত, জীৱনৰ ঠিক এই সময়খিনিত আঙুলি থ’ব পৰা আৰু যে কোনো আলোচনী আজিৰ তাৰিখতো নাই সেয়েহে সিহঁতৰ মনবোৰ ইমান অশান্ত, ভাৰাক্রান্ত নেকি? ইণ্টাৰনেটৰ পৃথিৱীখনৰ সিপাৰৰ স্বপ্ণনীল সোণগুটিৰ পোহাৰ মেলিব পৰা এখন আলোচনীৰ যে এই বয়সত অতীব প্রয়োজন
নব্য ধাৰাৰ প্রৱর্তক ‘বিস্ময়’ৰ মৃত্যু হ’লে অসমীয়া আলোচনী যুগৰ সোণালী অধ্যায় এটাৰো যতি পৰিব সেয়া হ’বলৈ দিব পাৰিনে?

 

  •  ড০ ভাৰতী ভড়ালী
    যোগাযোগ আৰু সাংবাদিকতা বিভাগ
    গুৱাহাটী বিশ্ববিদ্যালয়, ফোন- ৯৮৬৪১–০০৬৩
You might also like