নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ বজাৰত… বিয়াৰ বতৰত…

কেইদিনমানৰ আগৰ কথা৷ গুৱাহাটী গ্রন্থমেলাৰ উদুলি–মুদুলি পৰিৱেশ৷ অফিচলৈ গৈ থাকোঁতে সিদিনা গাডীৰ ৰেডি’ত বাজিআছিল আকাশবাণী গুৱাহাটী৷ আকাশবাণীৰ ‘কি নাম দি মাতিম’ অনুষ্ঠানত গল্পকাৰ মণিকা দেৱীৰ নৱতম গল্প সংকলন ‘বৈতৰণী’ৰ উন্মোচন আছিল সিদিনা৷ আমি ৰেডি’ শুনালৈ উন্মোচনী অনুষ্ঠানত ‘বৈতৰণী’ গল্পটোৰ পাঠ আৰম্ভ হৈছিল৷ কিন্তু শ্রোতাক কৌতূহলত ৰাখিবলৈয়ে গল্পটো আধালৈ পাঠ কৰি অনুষ্ঠানৰ সামৰণি পেলোৱা হৈছিল৷ ‘বুন্দুলি’ নামৰ ছোৱালী এজনীক কেন্দ্র কৰি আৰম্ভ হয় গল্পটো৷ এজনী কুৰূপা ছোৱালীৰ কাহিনী যাক বিয়াৰ বাবে বাৰে বাৰে চাবলৈ আহি অপছন্দ কৰি যায় ল’ৰাবোৰে৷ গল্পটো আধালৈ শুনি পৰৱর্তী কাহিনী কোনফালে আগুৱাব জানিবলৈ ব্যগ্র হ’লোঁ৷ উৎসুকতা দমন কৰিব নোৱাৰি কোনোমতে কিতাপখন আনিহে ক্ষান্ত হ’লোঁ৷ খুব সুন্দৰ আৰু সাৱলীলভাৱে গল্পকাৰে আগুৱাই নিয়া গল্পৰ কাহিনীটো পৰৱর্তী পর্যায়ত গতি সলনি কৰি কেইবাটাও কৌতূহলী মুহূর্তৰ মাজেৰে শেষ হয়৷ অৱশ্যে গল্পটোৰ বাকী কথা আজি আলোচনা কৰিব বিচৰা নাই৷ ‘বুন্দুলি’ক যে চাবলৈ আহি বাৰে বাৰে অপছন্দ কৰি যায় ল’ৰাঘৰীয়া মানুহে, সেই কথাখিনিয়েহে আমাৰ মনত উচপিচনি হৈ ৰৈছে৷
দূৰ সম্পর্কীয় পেহী এজনী৷ পঢ়া–শুনাত বৰ ভাল নাছিল৷ দুবাৰমানৰ মূৰত কোনোমতে মেড্রিকৰ ডেওনা পাৰ হৈ তাতেই শিক্ষাজীৱনৰ অন্ত পেলায়৷ তেনেই কাজি পেহীক একমাত্র শকত চেহেৰাটোৰ বাবেই বিবাহৰ প্রস্তাৱ লৈ আহি বিভিন্নজনে নাকচ কৰে৷ পেহীৰ মেদবহুলতা মূৰৰ কামোৰণি হৈছে ঘৰখনৰ বাবে৷ দৰাৰ খবৰ অহাৰ লগে লগে পোহৰৰ ছবি এখন উদ্ভাসিত হয় ঘৰখনত৷ কিজানিবা এইবাৰ গতি লাগেই ছোৱালীজনীৰ৷ কিন্তু তাৰ পিছতে পৰিৱেশ নিষ্প্রভ৷ এফালে পেহীজনীৰ বিয়াৰ বয়স পৰিছে, আনপিনে ঘৰখনৰ ল’ৰাবোৰৰ সংসাৰ পতাৰ বয়স আগুৱাইছে৷ মাক–দেউতাকৰ মুখবোৰ চিন্তাতে শুকাইছে৷ যদি কোনেও বিয়া নাপাতে ছোৱালীজনীক… ভাবিয়ে কঁপি উঠে তেওঁলোকৰ বুকু৷ এবাৰ তেওঁলোকৰ ঘৰত থাকিবলৈ গৈ দেখা দৃশ্য এটাই আজিও আমাক ব্যথিত কৰে৷ সিদিনা ঘৰখন পুনৰ উৎসাহী৷ নতুনকৈ খবৰ কৰা মানুহ এঘৰে চাবলৈ আহিব পেহীক৷ সময়ৰ মূৰত তিনিজনমান বন্ধুৰ সৈতে আহিও পালে ল’ৰা৷ বজাৰৰ পৰা অনা বিবিধ মিঠাই আদিৰে অতিথিক আপ্যায়ন কৰোৱা হ’ল৷ ওখ–পাখ, হূষ্ট–পুষ্ট চেহেৰাৰ যুৱকজনে পেহীক চাই মেলি গামোচাৰ মান লৈ উভতিল৷ পেহীৰ দেউতাকক সিদিনা খুবেই আনন্দিত দেখিছিলোঁ৷ দৰা তেওঁ বিচৰা ধৰণৰে, তাতেই তেওঁৰ দৃষ্টিত দুয়োৰে যোৰা সুন্দৰকৈ মিলিছিল৷ দৰাৰ খবৰ লৈ অহা কাষৰে তৃতীয় পক্ষৰ মানুহঘৰকো তেওঁ আনন্দতে মিঠাই আদি খুৱালে৷ কিন্তু… আনবাৰৰ দৰে এইবাৰো পেহী নাকচ হ’ল৷ শান্ত–শিষ্ট, অমায়িক পেহীৰ মনত বেজাৰ৷ কিমানবাৰ আৰু সাজি–কাচি থিয় দিব অচিনাকি মানুহবোৰৰ আগত, ভাগৰি পৰিছে, অৱসাদ আহিছে৷ নিজকে ধিক্কাৰ দিয়ে, নেদেখাজনক দোষাৰোপ কৰে…৷
আন এজনী সম্পর্কীয় মাহীৰ বিষয়ে মানুহ এঘৰে কৰা বিশেষ মন্তব্য এটি মনত পৰিলে আজিও খংটো উজাই আহে৷ তেতিয়া আমি সৰু, স্কুলত পঢ়োঁ৷ কজলা চেহেৰাৰ মাহীক যে কিমান ল’ৰাই অপছন্দ কৰিছে তাৰ লেখ–জোখ নাই৷ ল’ৰাৰ দৃষ্টিত মোহিনীবাণ মাৰিব নোৱাৰিলেও মাহীৰ মন এটা কথাত দৃঢ়৷ কিছুমান কথাত আপোচ কৰিলেও একেবাৰে অপাত্রত তেওঁ মিহলি হৈ নাযায় কোনোদিনে৷ এবাৰ শুভচিন্তক এঘৰে ল’ৰা এজনৰ খবৰ দিলে৷ সেইমর্মে চাই উঠি ল’ৰাই পছন্দও কৰিলে মাহীক৷ কিন্তু এইবাৰ মাহীৰহে পছন্দ নহ’ল ল’ৰা৷ অত্যধিক মদ্যপান কৰা আৰু নিজতকৈ কেইবাবছৰো বয়সত ডাঙৰ আদহীয়া মানুহজনৰ সৈতে কোনো কাৰণতে বিয়াত নবহে তেওঁ৷ কান্দি–কাটি উপায়হীন৷ ঘৰৰ মানুহে জোৰ কৰিছে, ভাল দিশবোৰ দেখুৱাই বুজনি দিছে… কিন্তু মাহীৰ মনটোৱে যে নুবুজে৷ ইপিনে, আত্মসন্মানত লাগিছে দৰাৰ খবৰ অনা শুভচিন্তকৰ৷ কি বুলি ক’ব দৰাঘৰীয়াক? গতিকে অকণো চিন্তা নকৰি মাহীলৈ মাৰিলে তেওঁলোকৰ ব্রহ্মাস্ত্রপাট৷ ‘ল’ৰা অপছন্দ কৰাৰ আগতে নিজৰ মুখখন এবাৰ আইনাৰ সমুখত থিয় হৈ চাচোন…৷’ মাহীৰ ৰূপটোক লৈ আৰু কি কি ককর্থনা কৰিলে তেওঁলোকে সেইবোৰ কথা আমাৰ কাণত নোসোমাল৷ প্রথমশাৰী বাক্য শেলতে থৰ লাগি ৰ’লোঁ৷
উল্লেখিত ঘটনা দুটা মাথোঁ উদাহৰণ৷ এনে জীয়া কাহিনী আমাৰ চৌপাশে অলেখ–জস্র আছে৷ দেখাত ধুনীয়া নোহোৱা, পঢ়া–শুনাত বেয়া হোৱা, ঘৰৰ অৱস্থা ভাল নোহোৱা ইত্যাদি দুর্বলতাৰ বাবে কত ছোৱালীয়ে বিয়াৰ বাবে পদে পদে আপোচ কৰিব লাগে, আত্মসন্মান লাঘৱ কৰি অপাত্রৰ সৈতে সংসাৰ পাতে সেয়া কোনো কাৰণতে এইখন সমাজত নতুন কথা নহয়৷ ছোৱালী এজনীৰ বিয়াৰ বাবে ঘৰ এখনে কি কি পৰিস্থিতিৰ মাজেৰে পাৰ হ’ব লাগে সেই কথা ঘৰখনৰ মানুহবোৰেহে বুজিব পাৰে৷ ছোৱালীৰ বিয়াৰ বয়স হোৱাৰ আগতেই মাকে বাকচ ভৰাই গামোচা বৈ থোৱা ছবি আজিও গাঁওবোৰত সুলভ৷ বিয়া ঠিক হোৱা–নোহোৱা বহু পিছৰ কথা, ল’ৰাই চাবলৈ আহিলেই গামোচাবোৰ মান হিচাপে আগবঢ়াই থাকিব লাগে ছোৱালীয়ে৷ বিয়াৰ যোগাৰৰ কথা দূৰতে থ’লোঁ, ল’ৰাই চাবলৈ অহাৰ নামতে তেনেই সীমিত উপার্জনৰ এঘৰ মানুহেই বা কোনটো আয়োজন নকৰিলে চলে? এনে সামাজিক প্রেক্ষাপটত দোকানৰ সামগ্রীৰ দৰে ছোৱালী এজনীয়ে বাৰে বাৰে সাজি–কাচি অচিনাকি মানুহবোৰৰ আগত ওলাই থকা, মূৰৰ পৰা ভৰিলৈকে নিজকে উপস্থাপন কৰা আৰু তাৰ পিছত শকত–ক্ষীণ, ক’লা–বগা ইত্যাদিৰ অজুহাতেৰে অপছন্দ হৈ মানসিকভাৱে ভাগি পৰা কথাবোৰ মগজুৱে ঢুকি নোপোৱা বিষয়৷ অৱশ্যে চহৰ অঞ্চলত ছোৱালী চাবলৈ যোৱা পৰম্পৰাৰ ক্ষেত্রত কিছু সালসলনি আহিবলৈ লৈছে৷ কিন্তু গ্রাম্য সমাজত আজিও প্রায় একেই আছে৷ গাঁৱৰ আলহী–দুলহীৰ ঘৰলৈ গ’লে শুনিবলৈ পোৱা আৰু এটা কথাই প্রায়ে বিৰক্ত কৰে আমাক৷ ছোৱালীৰ বাবে কোনো ল’ৰাই খা–খবৰ কৰা কথাটোক একাংশ মানুহে ‘গ্রাহকে ধৰা’ বা ‘গ্রাহক অহা’ বুলি কয়৷ তেওঁলোকে বিশেষ একো নাভাবে, তেনেই সহজভাৱে চলি অহা শব্দ হিচাপেই ব্যৱহাৰ কৰে৷ উদ্দেশ্যও ছোৱালীজনীক বিক্রী কৰা ধৰণৰ মুঠেই নহয়৷ তাৰ পিছতো এনে শব্দৰ ব্যৱহাৰে ছোৱালী এজনীৰ মান–সন্মানত আঘাত কৰা যেন আমাৰ অনুভৱ হয়৷
বিয়াৰ প্রসংগতে আৰু এটা কথা মনত পৰিছে৷ এতিয়া বিয়াৰ বতৰ৷ ক’ৰোনা মহামাৰী আৰু লকডাউনৰ বাবে যোৱা বছৰটোতবহুত বিয়া বাতিল হোৱা অথবা অনুষুটপীয়াকৈ পতাৰ পিছত পুনৰ ধুমধামেৰে আয়োজন চলিছে বিবাহ অনুষ্ঠানৰ৷ অলপতে মাৰ সৈতে মানুহ এঘৰৰ বিয়াৰ কথা আলোচনা হৈছিল৷ প্রত্যক্ষভাৱে মানুহ ঘৰক চিনি নাপাওঁ৷ দুর্বল আর্থিক অৱস্থাৰ মানুহ ঘৰে অভ্যাগতক খুব সুন্দৰকৈ আপ্যায়ন কৰিছে বিয়াত৷ ৰভা সজোৱাৰ পৰা কইনাৰ মেকআপলৈ সকলোতে বহুল আয়োজন৷ তাৰ পিছ মুহূর্ততে শুনিলোঁ যে জীয়ৰীক বিয়া দিবলৈ মানুহঘৰে বিক্রী কৰিছে কেইবাবিঘা ভূমি৷ সেই টকাৰেই প্রতিটো আয়োজন নিজৰ ওজনতকৈ বেছি ভালকৈ কৰিছে৷ কথাটো শুনি ভাল নালাগিল৷ আন এখন বিয়াৰ ক্ষেত্রতো একেধৰণৰ কথাকে শুনিলোঁ৷ দৰা গুৱাহাটীৰ ধনী ঘৰৰ, কইনাৰ ঘৰ গাঁৱত৷ দৰাঘৰীয়াক আতিথ্য কৰাত কোনো খুঁত ৰখা নাই কইনা ঘৰে৷ তেনেই দুর্বল পৰিয়ালটোৱে খুবেই ৰমক–জমককৈ বিয়াখন পাতিছে৷ খোৱা–বোৱাত তাতকৈ বেছি জাকজমকতা৷ গম পালোঁ তেওঁলোকেও জীয়েকক বিয়া দিবলৈ মাটিকে বিকিছে৷
এনেকুৱা কামবোৰ দেখি নিজলৈয়ে প্রশ্ণ উঠে আধুনিকতাৰ ধামখুমীয়াত আমি কিয় ইমান প্রদর্শনকামী হৈ উঠিছোঁ? আনৰ সৈতে ফেৰ মাৰিবলৈ কত কি যে কৰিছোঁ কিন্তু প্রকৃততে কিবা পাইছোঁনে বহু কিছু হেৰুৱাইছেছা? বিয়াৰ নামত বাহুল্য আয়োজনৰ বাবে কোনোৱে মাটি বিকিছে, কোনো ঋণত পোত গৈছে৷ এদিন বিলাসী ভোজন খুৱাবলৈ ভৱিষ্যতৰ সম্পদ হিচাপে থকা মাটিখিনিকে এৰি দিছে৷ যিকণ মাটিয়ে হয়তো ভৱিষ্যতে বহু বিপদত কাম দিলেহেঁতেন কিজানিবা ছোৱালীজনীৰে জীৱিকাৰ সম্বল হ’লহেঁতেন৷ ছোৱালীৰ বিয়াখনে কিয় সর্বোচ্চ হৈ উঠে ঘৰ এখনৰ বাবে? সচেতন–শিক্ষিত মানুহৰ মাজত চিন্তাৰ সালসলনি হৈছে যদিও বেছি ভাগৰ ক্ষেত্রতে ভাবধাৰা দেখোন একে হৈয়ে ৰৈছে৷ পৰিৱর্তন আনিব নোৱাৰিনে ছোৱালী চাবলৈ যোৱা প্রচলিত প্রথাত? আর্থিক সম্বল অনুযায়ীয়ে কৰিব নোৱাৰিনে বিয়াৰ যোগাৰ?

You might also like