বেগী চৰাই খ্যাত বতাহী চৰাই
- সমীৰণ দুৱৰা
চিৰসেউজ প্রকৃতিক অনন্য মাত্রা প্রদানেৰে অসমৰ প্রতিকোণতে চৰাইৰ অৱস্থিতিয়ে মনোৰম পৰিৱেশৰ সৃষ্টি কৰি আহিছে৷ অসমৰ বিভিন্ন হাবি–জংঘল, ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য, নৈ–পৰীয়া অঞ্চলবিলাকত চিনাকি–চিনাকি বহু চৰাই দেখিবলৈ পোৱা যায়৷ বহু চৰাই আছে যিবিলাকৰ নাম মুখে মুখে স্থানীয়ভাৱে প্রচলিত৷ সচৰাচৰ দেখি থকা কিছুমান চৰাই কেতিয়াবা অচিনাকি হৈ পৰে৷ ৰঙা, হালধীয়া, বেঙুণীয়া বিভিন্ন ৰঙৰ সৰু সৰু কিছুমান চৰাই আছে যিবিলাক চৰাই দেখিলেই মন জুৰ পৰি যায়৷ এনে কিছুমান চৰাই আছে যিবিলাকে আকৌ জীৱনৰ অধিক সময় বতাহতেই উৰি, বতাহতেই খাদ্যৰ সন্ধান কৰে৷ প্রকৃতিৰ অনুপম সৃষ্টি এইবিধ চৰাইৰ নামেই ‘বতাহী চৰাই’৷
আমাৰ গ্রামাঞ্চলত সততে এটা কথা শুনিবলৈ পোৱা যায়– বতাহী নহ’বি৷ অর্থাৎ নিজৰ সন্তানক পিতৃ–মাতৃয়ে যেতিয়া বিচাৰিলেই নাপায় অথবা ৰাতিপুৱা হ’লেই যিবিলাক ল’ৰা–ছোৱালীয়ে পঢ়া–শুনা নকৰি অলৌ–তলৌ কৰি ঘূৰি ফুৰে তেনে অৱস্থাত কয়– ইমান বতাহী নহ’বি৷ এইবিধ বতাহী চৰায়ো তেনেদৰে নির্দিষ্ট এডোখৰ ঠাইত ৰৈ নাথাকি বতাহৰ বেগত উৰি ফুৰে৷ সেয়ে চৰাইবিধক কোৱা হয় ‘বতাহী চৰাই’ ৷
চৰাই বিশেষজ্ঞসকলৰ মত অনুসৰি বতাহী চৰাই আটাইতকৈ বেগী চৰাই৷ খাদ্যৰ সন্ধানত উৰি ফুৰোঁতে প্রতি ঘণ্টাত ৩৫ কিলোমিটাৰ বেগত উৰে৷ উৰি থাকোঁতেই পোক–পতংগ ধৰি খাদ্য হিচাপে গ্রহণ কৰে৷ সাধাৰণতে সমগ্র বিশ্বত ৭৬ বিধ বতাহী চৰাই আছে যদিও প্রধানতঃ তিনি বিধ বতাহী চৰাই পৰিলক্ষিত হয়৷ প্রথমবিধ বতাহী চৰাই৷ বতাহী চৰাইক ইংৰাজীতHimalayan Swiftlet, বৈজ্ঞানিক নামCollocalia brevirostris বুলি কোৱা হয়৷ দ্বিতীয়বিধক তাল বতাহী, ইংৰাজীতAsian Palm Swift আৰু বৈজ্ঞানিক নামCypsiurus Balasiensis বুলি কোৱা হয়৷ তৃতীয়বিধক কোৱা হয় ঘৰ বতাহী, যাক ইংৰাজীতHouse Swift আৰু বৈজ্ঞানিক Apus Affinis বুলি কোৱা হয়৷
বতাহী চৰাইৰ মতা–মাইকী চিনি পোৱাত অসুবিধা হয়৷ ‘তাল বতাহী’ৰ ৰং খয়েৰী৷ নেজ দীঘল, ঠেং চুটি যদিও তীক্ষ্ণ৷ বতাহী চৰাই উত্তৰ পূর্বাঞ্চলৰ লগতে বাংলাদেশ, হিমালয়ৰ নামনি অঞ্চল, দক্ষিণ আফ্রিকা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন, আফ্রিকা, মালয়েছিয়া, ইউৰোপ, ইংলেণ্ড, ফিলিপাইন আদি দেশতো দেখিবলৈ পোৱা যায়৷ সাধাৰণতে অসমত দেখিবলৈ পোৱা বতাহী চৰায়ে ফেব্রুৱাৰী মাহৰ পৰা ছেপ্ঢেম্বৰৰ ভিতৰত বাহ সাজে৷ কম পোহৰ থকা ঠাইত ঠোঁটেৰে থু–লেলাৱতি ব্যৱহাৰ কৰি বাহ সাজে৷ বাহবোৰ মিহি ঘাঁহ, বন, পাখিৰে বাটিৰ আকৃতিত বিলাতী মাটিৰ দৰে লেলাৱতি ব্যৱহাৰ কৰি সহজে ভাঙি নোযোৱাকৈ বাঁহ সাজে৷ বতাহী চৰাইৰ ওজন ৪০ৰ পৰা ৫০ গ্রামৰ ভিতৰত হয়৷ ওজন কম হোৱাৰ বাবে তীব্র বেগত উৰিব পৰা চৰাইবিধে উৰি থাকোঁতেই যোৰ পাতি মিলন হয়৷ আকোঁৰা নখ থকাৰ কাৰণে উৰি থাকোঁতেই ফৰিং, জিঞা, মাখি, পৰুৱা, কাকতি ফৰিং, গুবৰুৱা আদি খাদ্য হিচাপে গ্রহণ কৰে৷ হামিংবার্ড আৰু মৌপিয়াৰ লগত মিল থকা বতাহী চৰায়ে ৩টাৰ পৰা ৪টা পর্যন্ত কণী পাৰে৷ বতাহীৰ কণীবোৰ এটা মূৰৰ বিপৰীত মূৰটো ঈষৎ জোঙা৷ সচৰাচৰ দেখি থকা বতাহী চৰায়ে এপ্রিল মাহৰ পৰা জুন মাহৰ ভিতৰত প্রজননক্ষম হয়৷ দুসপ্তাহৰ ভিতৰত পোৱালি ওলোৱা বতাহী চৰাইৰ পোৱালি উৰিব পৰা হ’লেই বাহলৈ ঘূৰি নাহে ৷
প্রকৃতিৰ সৃষ্টি চৰাইৰ প্রত্যেকৰে নিজস্ব বৈশিষ্ট্য আছে৷ ইটো চৰাইৰ লগত সিটো নিমিলে৷ প্রকৃতিগতভাৱে চৰাইৰ বিচৰণভূমি অসমত নিৰাপদ৷ অৱশ্যে অসমতে এতিয়া বহু চৰাই নিধন হ’বলৈ আৰম্ভ হৈছে৷ এচাম অবিবেচক লোকৰ দয়াহীনতাৰ বাবে কীটনাশক দ্রব্য দি বহু পৰিভ্রমী পক্ষীও নিধন কৰিছে৷ পক্ষীৰ প্রতি থকা নির্দয়তা আৰু মাংসৰ প্রতি লোলুপ দৃষ্টিৰ ফলত বহু চৰাই নাইকিয়া হৈ গৈছে৷ এইক্ষেত্রত প্রকৃতিৰ অনন্য সৃষ্টি চৰাইৰ সংৰক্ষণত সজাগতাৰ অতিকে প্রয়োজন৷