দহ বছৰমান আগতে এখন দৈনিক বাতৰিকাকতত শুভ্র বৰুৱাৰ এটি লেখা পঢ়ি উৎসাহিত আৰু লগতে অভিভূত হৈছিলোঁ৷ আজিও মোৰ মানসপটত কথাখিনি পোহৰৰ দৰে জিলিকি আছে৷ তেওঁ লিখিছিল যে সর্বসাধাৰণৰ মাজত এটা ধাৰণা আছে যে কর্কট ৰোগত আক্রান্ত হোৱা মানেই জীৱন শেষ৷ কিন্তু বর্তমান বিজ্ঞান–প্রযুক্তিৰ উন্নতিৰ দিনত এই ৰোগৰ নিৰাময় সম্ভৱ হৈ পৰিছে৷ প্রথম অৱস্থাতেই ধৰা পৰিলে ৯৫ শতাংশই আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে৷ এইক্ষেত্রত চিকিৎসাৰ লগতে ৰোগীজনৰ মানসিক দৃঢ়তা অধিক প্রয়োজন বুলি চিকিৎসকসকলে মত প্রকাশ কৰে৷ শুভ্র বৰুৱাদেৱে তাৎক্ষণিক চিকিৎসা আৰু নিজৰ মনোবলৰ ফলত আৰোগ্য লাভ কৰি নিজ কর্মৰ জৰিয়তে বিশ্বত উজলি থকা কেইজনমান কর্কট যোদ্ধাৰ বিষয়ে উল্লেখ কৰাত তেওঁলোকৰ সাহসৰ উমান পাই অভিভূত হৈছিলোঁ৷ তেখেতে উল্লেখ কৰা কেইজনমান ব্যক্তি আছিল ক্রমে শান্তিৰ ন’বেল বঁটা বিজয়ী নেলচন মেণ্ডেলা, অষ্ট্রেলিয়া ক্রিকেট দলৰ অধিনায়ক মাইকেল ক্লার্ক, বিখ্যাত চাইক্লিষ্ট লেন্স আর্মষ্ট্রং, ভাৰতীয় ক্রিকেট দলৰ জনপ্রিয় খেলুৱৈ যুৱৰাজ সিং, হলীউডৰ বিখ্যাত গায়িকা কাইলি মিন’গ ভেনিজুৱেলাৰ ৰাষ্ট্রপতি হুগো চাভেজ৷
ন বছৰমান আগতে মোক বি বৰুৱা কর্কট প্রতিষ্ঠানত ৰোগীসকলৰ মনোৰঞ্জনৰ বাবে দুটামান গীত পৰিৱেশনৰ বাবে মাতিছিল৷ তালৈ গৈ দেখিলোঁ যে অসমৰ কেইবাগৰাকী বিশিষ্ট শিল্পী গীত গাবলৈ আহিছে৷ এটা সময়ত প্রবীণ শিল্পী কুল বৰুৱাই গীত গালে৷ গীত গোৱাৰ আগতে তেওঁ ৰোগীসকলক উদ্দেশ্যি ক’লে– ‘আপোনালোকে সাহসেৰে ৰোগৰ যন্ত্রণা জয় কৰিবলৈ শিকক৷ মোৰ কথাটোৱেই ভাবকচোন৷ মোৰ সত্তৰ বছৰ পাৰ হৈ গৈছে৷ মোৰ ডিঙিৰ ভিতৰত কর্কট ৰোগ হৈছিল৷ প্রথমে মই গান গাব নোৱাৰিম বুলি হতাশ হৈছিলোঁ৷ কিন্তু চিকিৎসক আৰু মোৰ শুভাকাংক্ষীসকলে যোগোৱা সাহস, মোৰ নিজৰো কর্কটক জয় কৰিবলৈ থকা অদম্য মনোবলৰ বাবেই হয়তো আজিও মই গান গাই আছোঁ৷ কুলদাৰ কথাখিনি শুনি তেখেতৰ প্রতি থকা শ্রদ্ধা দুগুণে বাঢ়ি গ’ল৷
কুল বৰুৱা মানুহজন আছিল এগৰাকী প্রকৃত শিল্পী, অহংকাৰমুক্ত প্রশান্ত হূদয়ৰ এজন লোক৷ সৰু–বৰ সকলো শ্রেণীৰ লোকৰ প্রতি তেওঁৰ অন্তৰত আছিল অগাধ স্নেহ আৰু শ্রদ্ধা৷ তেওঁৰ এই মহানুভৱতাৰ বাবেই সকলোৰে বাবে তেওঁ আছিল এজন আদৰৰ ব্যক্তি৷ তেওঁ গোৱা গানবোৰৰ দৰে তেওঁৰ কথা–বতৰায়ো মানুহক জীৱনমুখী ভাবনাৰে মানুহৰ উপাসক হ’বলৈ প্রেৰণা যোগায়৷ সকলোতকৈ ভাল লগা কথাটো হ’ল যে তেওঁ তেওঁতকৈ বয়সত সৰু ডাঙৰ সকলোৰে লগত সমানে মিলি যাব পাৰে৷ আলোচনী এখনৰ এটি সাক্ষাৎকাৰত পূবালী ভাগৱতীয়ে কুলদাক সুধিছিল– ‘আপোনাক দেখিলে সঁচাকৈ বয়সটো ধৰিব নোৱাৰি৷ কিয় বাৰু? কুলদাই উত্তৰত কৈছিল– ‘‘লক্ষ্যধৰ চৌধুৰীয়ে কোৱা কথা এটি মনত পৰি থাকে৷ তেখেতে কৈছিল– ‘বয়স কেতিয়াও বছৰেৰে জুখিব নালাগে৷ বন্ধুৰে জুখিব লাগে৷ তোমাতকৈ সৰু ল’ৰা–ছোৱালী বা বন্ধু–বান্ধৱৰ লগত থাকিলে সদায় নিজকে সৰু হৈ থকা যেন অনুভৱ কৰিবা৷’ লক্ষ্যদাৰ কথাটো সদায় মনত পেলাওঁ৷’’ যোৱা পোন্ধৰ বছৰমান আগৰ পৰা মই কুলদাৰ বন্ধুৰ দৰেই হৈ পৰিছিলোঁ৷ মোক মেলে–সবাহে গান বা ৰসাল কথা ক’বলৈ মাতিলে কোনটো গান গাম, কোনটো ৰসাল ঘটনাৰ কথা ক’ম সেইবোৰ কুলদায়েই প্রায়েই বাছি দিয়ে৷ কেইবছৰমান আগৰ কথা৷ এদিন পুৱাই কুলদাই ফোনত ক’লে– ‘আজি ক’ৰবাত গান গাবলৈ যাবা নেকি? মই এখন গ্রন্থ উন্মোচনী সভালৈ যাম বুলি কোৱাত কুলদাই ক’লে– এটা ধেমেলীয়া কিন্তু বার্তা থকা কথা এটা কওঁ ৰ’বা৷ যোৱাকালি বন্ধু এজনৰ মুখত শুনিলোঁ৷ তুমি আজি এইটো কথা সভাখনত ক’ব পাৰিবা৷ কথাটো শুনা– ‘‘এদিন মুর্গী পোৱালি এটাই মাকক সুধিলে– ‘মা, আমাৰ ঘৰৰ মালিকৰ সিদিনাখন ছোৱালী এজনী জন্ম হওঁতে সকলোৱে দেখোন তাইক মইনা বুলি মাতিবলৈ লৈছে৷ ঘৰত থকা কুকুৰ পোৱালিটো টমি আৰু কাষৰ ঘৰৰ মানুহৰ তাত ঘূৰি ফুৰা পোৱালি মেকুৰীটোক বহুতে পুছি বুলি মাতে৷ আমাৰহে একো নাম নাই৷ কোনেও আমাক নাম ধৰি নামাতে৷’ মাকজনীয়ে আমন–জিমনকৈ ক’লে– ‘বাচা, জীয়াই থাকোঁতে আমাক কোনেও নাম দি নামাতে নহয় মৰাৰ পিছত দেখোন আমাক ভাল ইংৰাজী নামেৰে মাতেই– চিলি চিকেন, চিকেন ললীপপ, চিকেন বাটাৰ মচলা, গার্লিক চিকেন, চিকেন বিৰিয়ানী, চিকেন ড্রাই–ফ্রাই আৰু কত কি? গতিকে মন বেয়া নকৰিবি৷’’ কুলদাই আকৌ ক’লে– ‘দেখিছা মুর্গীৰো কিমান এটা যোগাত্মক মন৷’ মই ক’লোঁ– ‘কুলদা, মোকো চাগে কোনোবাই মৰণোত্তৰভাৱেহে গায়ক হিচাপে কিবা সন্মান জনাব৷ এতিয়ালৈকে গায়েই আছোঁ৷ একো সন্মান নাপাওঁ দেখোন?’ কুলদাই অলপ ধমকৰ সুৰত ক’লে– ‘কি কোৱাহে? তোমাক আৰু কি সন্মান লাগে? তোমাক দেখোন ভূপেনদাৰ গান গাবলৈ কলকতা, আগৰতলা, লণ্ডনলৈও মাতিছে৷ তোমাৰ ভাগ্যই ভাল৷ এবাৰ ভাবি চোৱাচোন, তোমাতকৈ ভাল গান গোৱা বহুতেই লণ্ডনলৈ গান গাবলৈ যোৱা নাই৷ গতিকে অসমৰ বাহিৰলৈ যে তোমাক গান গাবলৈ মাতি আছে সেইটোৱেই তোমাৰ বাবে ডাঙৰ সন্মান৷’ সঁচাকৈয়ে, কুলদাক যিসকল লোকে ওচৰৰ পৰা পাইছে তেওঁলোকে কেতিয়াও ঋণাত্মক দৃষ্টিৰে কথাবোৰ ভাবি নাথাকে৷ জীৱনটো সহজভাৱে ল’বলৈ শিকে৷
এটা কথা মনত পৰিছে৷ এবাৰ শ্রদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ স’তে টিভিৰ ‘কথাবার্তা’ অনুষ্ঠানলৈ মই যাম বুলি শুনি কুলদাই এটা ৰসাল কথা ক’বলৈ মোক উপদেশ দিলে৷ সেই কথাটো মই আগতে মেলে–সবাহে এবাৰমান কৈছিলোঁ৷ তেখেতে শুনিছিল হেনো৷ কথাটো আছিল এনেধৰণৰ– মোৰ যেতিয়া বিয়া ঠিক হ’ল তেতিয়া মই সপ্তাহত দুদিনমানকৈ হ’ব লগা পৰিবাৰৰ ঘৰলৈ গৈছিলোঁ৷ মাক–দেউতাক আৰু হ’ব লগা পৰিবাৰ ৰুমীৰ লগত কিছুসময় কথা পাতি চাহ–জলপান খাই গুচি আহোঁ৷ সেই সময়ত মই বৰ লাজকুৰীয়া স্বভাৱৰ আছিলোঁ৷ বেছি কথা নকৈছিলোঁ৷ এদিন মোক ৰুমীয়ে জয়ন্ত হাজৰিকাদেৱৰ গান এটি গাবলৈ অনুৰোধ কৰিলে৷ মই কিন্তু লাজতে নাগালোঁ৷ বিয়াৰ প্রায় দুমাহমান পিছত মই এদিন নিজেই এটা গান শুনাম বুলি ৰুমীক মাতি আনিলোঁ৷ হাৰমনিয়াম বজাই বজাই জয়ন্ত হাজৰিকাদেৱৰ ‘তোমাৰ মৰমে মোৰ’ গানটো গালোঁ৷ গানটো গাই ৰুমীক কেনে লাগিল সুধিলোঁ৷ ৰুমীয়ে ক’লে গানটো হেনো মই ৰেডি’ত গাব লাগিছিল৷ তেতিয়া ১৯৮৫ চন৷ সকলোৱে ৰেডি’ শুনে৷ টিভি দুই–এঘৰতহে আছিল৷ আজিৰ দৰে ঘৰে ঘৰে টিভি নাছিল৷ মোৰ মনটো ভাল লাগি গ’ল৷ ইমান ভালকৈ গানটো গাইছোঁনে যে মই ৰেডি’ত গোৱাৰহে যোগ্য৷ আনন্দত অধীৰ হৈ সুধিলোঁ– ‘ইমানেই ভাল গাইছোঁনে যে মই ৰেডি’ত গাব লাগে? তেতিয়া ৰুমীয়ে কোনো লুকঢ়াক নোহোৱাকৈ ক’লে– ‘নিজৰ মানুহজনক (স্বামী) কোন, সতেৰে গানটো মুখৰ আগতে বেয়া হোৱা বুলি কওঁ? ৰেডি’ত গোৱা হ’লে ৰেডি’টো বন্ধ কৰি দিব পৰা গ’লহেঁতেন মাতটো ভাল, কিন্তু সুৰত নাগালে ভাল লাগিব জানো? ভালকৈ সাধনা কৰা৷ এদিন মানুহে তোমাৰ গান আদৰি ল’বই৷’ এইখিনি কথা শুনি হোমেন বৰাগোহাঞিদেৱে বৰকৈ হাঁহিছিল৷ অনুষ্ঠানটোৰ শেষত কুলদাই কৈছিল– ‘অঞ্জন, এই কথাটো তোমাৰ দৰে ময়ো এবাৰ আনৰ মুখত শুনিছিলোঁ৷ যিজনে ভাবি ভাবি এই ঘটনাটোৰ কথা উলিয়াইছিল তেওঁৰ ৰসবোধ কিমান উচ্চখাপৰ আছিল ভাবাচোন আমি তেওঁৰ ওচৰত কৃতজ্ঞ থকা উচিত আৰু তেওঁক প্রশংসা কৰাও উচিত৷ আমাৰ অসমখনৰ সকলো ঠাই এনে ৰসাল মানুহেৰে ভৰি আছে৷ মই তোমাৰো প্রশংসা কৰিছোঁ৷ এই কাৰণেই যে তুমি যেনেকৈ নিজে নাহাঁহি কথাবোৰ কৈ যোৱা, কথাখিনি তোমাৰ নিজৰ ক্ষেত্রত সঁচাকৈয়ে হোৱা যেনেই লাগে৷’ কথাখিনি শুনি গর্বতে বুকু ফুলি গৈছিল৷
দহ বছৰমান আগৰ আৰু এটা কথা মনলৈ আহিছে৷ অসমীয়াৰ হিয়াৰ আমঠু জয়ন্ত হাজৰিকাৰ জন্মদিনত ‘স্বৰাঞ্জলি’ নামৰ এটি অনুষ্ঠানে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত এটি গীতৰ সন্ধিয়াৰ আয়োজন কৰিছিল৷ সেই অনুষ্ঠানৰ উপ–সভাপতি হৈ থকাৰ বাবেই নে মই ভালকৈ গান গাব পৰা হৈছোঁ তাৰ বাবেই চাগে মোক জয়ন্ত হাজৰিকাদেৱৰ বহু জনপ্রিয় ‘কষ্ণচূড়া, কৃষ্ণচূড়া তোমাৰ প্রাণৰ ৰঙেৰে মোৰ জীৱন’ গানটো গাবলৈ সুযোগ দিছিল৷ ৰবীন্দ্রভৱনত ইমান সুন্দৰ গান এটা গাবলৈ পাম বুলি মোৰ উলাহে হিয়া নধৰা অৱস্থা৷ কিন্তু সেই নির্দিষ্ট দিনত অনুষ্ঠান আৰম্ভ হ’বলৈ দুঘণ্টামান আগৰে পৰা মোৰ মনলৈ নেতিবাচক চিন্তাবোৰ আহিবলৈ ধৰিলে– মই চাগে গানটো ভালকৈ গাব নোৱাৰিম, মাজে মাজে নিশ্চয় বেসুৰা হৈ যাব, তাল লয় ভুল হৈ যাব…৷ কথাবোৰ ভাবি–চিন্তি থাকোঁতে অণ্ঠ কণ্ঠ শুকাই গৈছিল৷ মঞ্চৰ ছোঁ ঘৰত হঠাৎ কুলদাই মোক দেখি ক’লে– ‘অঞ্জন, তুমি বহুত কিবা চিন্তা কৰি থকা যেন লাগিছে৷ ইমানকৈ ঘামিছা কিয়?’ মই ক’লোঁ– ‘দাদা, মোৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱাৰ দৰে হৈছে৷ মই গানটো ভালকৈ গাব নোৱাৰিম যেন লাগিছে৷ তাহানিতে জয়ন্তদাৰ কণ্ঠত প্রথম শুনোতেই গানটোৱে হূদয় চুই গৈছিল৷ এইটো সেই তেতিয়াৰ পৰাই মোৰ হূদয়ত বাজি থকা গান৷ কিন্তু আজি কি বা হ’ল, মই যেন গানটো ভালকৈ গাব নোৱাৰিম তেনে যেনেই লাগি আছে৷’ কুলদাই কিছুসময় কিবা ভাবি মোৰ পিঠিত থপৰিয়াই ক’লে– ‘ভয় নকৰিবা৷ একো ভয় নাই৷ তুমি এটা কাম কৰিবা৷ গানটো গোৱাৰ আগমুহূর্তত ৰাইজক উদ্দেশ্যি এনেদৰে ক’বা– ‘শ্রদ্ধেয় ৰাইজ, আপোনলোকক সেৱা যাচিছোঁ৷ জয়ন্তদাৰ এই যুগমীয়া গানটো গোৱাৰ আগতে গানটোৰ সম্বন্ধে মই আপোনালোকক দুটা প্রশ্ণ কৰিব খুজিছোঁ৷ ‘কৃষ্ণচূড়া কৃষ্ণচূড়া গানটো কোনে লিখিছিল আৰু গোটেই গানটোত ‘কৃষ্ণচূড়া’ শব্দটো কিমানবাৰ কোৱা হৈছে?’ দহটা, বিশটা নে পঁচিশটা? প্রশ্ণটো কৰিয়েই তুমি গান গাবলৈ আৰম্ভ কৰি দিবা৷ তুমি গাই থাকোঁতে সভাত থকা বেছিভাগ শ্রোতা–দর্শকেই গানটোত কৃষ্ণচূড়া শব্দটো কিমান আছে এক, দুইকৈ গণি থাকিব৷ গতিকে তুমি কেনে গাইছা সেইটোৰ প্রতি তেওঁলোকে বেছি মন–কাণ নিদিব৷ গতিকে বেয়া গালেও এইবাৰলৈ তুমি বাচি যাবা৷ ইয়াৰ পিছত কেতিয়াবা কোনোবাই যদি গান গাব গাবলৈ মাতে কঠোৰ সাধনা কৰিহে গাবলৈ যাবা৷ সাধনাৰ ফল সদায়েই মিঠা৷’ কুলদাই শিকাই দিয়া প্রশ্ণ দুটাৰ লগতে মই নিজৰ পৰা ভাবি–চিন্তি আৰু এটা বাক্য ক’লে’– ‘যিগৰাকীয়ে শুদ্ধ উত্তৰ প্রথমেই দিব তেখেতক আমাৰ সকলোৰে শ্রদ্ধাৰ, আদৰৰ কুল বৰুৱা দাদাই এটি সোণালী ৰঙৰ কলম নিজ হাতেৰে প্রদান কৰিব৷’ এইবুলি কৈয়েই মই গানটো গাবলৈ ল’লোঁ৷ গান গোৱা শেষ হোৱাৰ লগে লগে বহুতেই বাইশটা, ওঠৰটা, চৈধ্যটা বুলি চিঞৰিলে৷ গীতিকাৰৰ নাম প্রায় সকলোৱেই মায়াশ্রী বৰকটকী বুলিয়েই শুদ্ধকৈ ক’লে৷ মই তেতিয়া কুলদাই শিকাই দিয়া মতেই ক’লো– শ্রদ্ধেয় শ্রোতা ৰাইজ, আচলতে কৃষ্ণচূড়া শব্দটো গানটোত কেইটা আছে ময়ো নাজানো৷’ মোৰ কথা শুনি সকলোৱে গির্জনি মাৰি হাঁহিলে৷ এয়াই আমাৰ সকলোৰে আদৰৰ কুলদা, যি সততে আনক সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈয়েই থাকিছিল৷ ২০২১ চনৰ ২৪ ফেব্রুৱাৰীত নিজৰ সুকীয়া যাদুকৰী কণ্ঠেৰে মোহাচ্ছন্ন কৰি ৰখা সহস্রজনক কন্দুৱাই কুলদা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল৷ কিন্তু লুইত যেতিয়ালৈ বৈ থাকিব তেওঁৰ সুৰীয়া গানবোৰো প্রতিজন সংগীতপ্রেমীৰ হূদয়ত প্রতিধ্বনি হৈ ৰ’ব৷