ঈশ্বৰৰ প্রতি স্বতঃস্ফূর্তভাৱে জাগৃত হোৱা প্রগাঢ় প্রেম আৰু ভক্তিৰ ওপৰত আধ্যাত্মিক আৰু বৌদ্ধিকভাৱে যি মত্বাদ সৃষ্টি হয় তাকেই ভক্তিবাদ লি কোৱা হয়৷ মহর্ষি শাণ্ডিল্যৰ মতে ভক্তি হ’ল ‘সাপৰানুৰক্তিৰীশ্বৰে’৷ অর্থাৎ ঈশ্বৰৰ প্রতি পৰম প্রেমেই হ’ল ভক্তি৷ আৰু সেই ভক্ত্বিাদক প্রতিষ্ঠা কৰ্বিলৈ যি আন্দোলন গঢ়ি তোলা হয় সেয়াই ভক্তি আন্দোলন লি জনাজাত৷ তেনে এক ভক্তি আন্দোলনেৰে খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে সমগ্র ভাৰত্বর্ষত যুগান্তকাৰী এক আলোডনৰ সূত্রপাত ঘটিছিল৷ সেই সময়ছোৱাই ভক্তিকাল নামেৰে পৰিচিতি লাভ কৰিছিল৷ ভক্তিকালৰ আগৰ সময়ক বৌদ্ধ আৰু জৈন কাল লিও কোৱা হৈছিল৷ বৌদ্ধ আৰু জৈন ধর্মই আন ধর্মক সহনশীলতাৰে চোৱা নাছিল৷ উল্লেখনীয় যে আছুতীয়া পৰম্পৰা অনুসৰি চলা দক্ষিণ ভাৰতৰ তামিলসকলৰ গার্হস্থ্য জনজীৱনক েবৌদ্ধ ভিক্ষুসকলে শোষণ আৰু নির্যাতন কৰ্বিলৈও কুণ্ঠাবোধ নকৰিছিল৷ সমান্তৰালভাৱে জৈন ধর্মতো দুৰাচাৰে ঠাই লৈছিল৷ ক্রমশঃ শক্তিপূজাৰ নামত নৰ্বলি দিয়াৰ দৃষ্টান্তই সমাজ জীৱনক এক অস্থিৰ আৰু নিৰাপত্তাহীনতাত ভোগাই তুলিছিল৷ ামাচাৰী তান্ত্রিক আচাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এনে এক প্রতিক্রিয়াশীল সামাজিক অৱস্থাৰ পৰা পৰিত্রাণৰ হেতুকে মধ্যযুগত এক নতুন আৱেগে মূৰ দাঙি উঠে৷ য’ত কোনো ধৰণৰ ধর্মীয়, অসহিষ্ণুতাৰ, বৰ্ণ–বৈষম্য, অন্ধবিশ্বাস বা কু–সংস্কাৰ নাথাকে৷ পুৰণিকলীয়া প্রচলিত ণাশ্রম া চর্তুবর্ণৰ হাতোৰা আৰু তাৰ ফলত সৃষ্টি হোৱা প্রতিক্রিয়াশীল পৰম্পৰাক অস্বীকাৰ কৰি ভাৰতীয় ভক্তি ধর্মই সকলো জাতি–জনগোষ্ঠীৰ মাজত সমভাবাপন্ন, সংহতি আৰু শান্তি–সম্প্রীতিপূর্ণ ৱস্থাৰ হেতুকে সম অধিকাৰ প্রতিষ্ঠাৰ বাণী দশোদিশে প্রচাৰ কৰিছিল– ‘জাতি পাতি পুছহু নাহি কোই৷ হৰিকো ভজই সো হৰি কহু হোই৷’ তদুপৰি আৰু হুকেইটা কাৰকে ভাৰত্বর্ষত ৈবষ্ণৱ ভক্তি আন্দোলন গঢ়ি তোলাৰ দিশত বিশেষ অৰিহণা যোগাইছিল৷ দশম–একাদশ শতিকা মানৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহে প্রচাৰ আৰু প্রসাৰতা লাভ কৰাৰ হেতুকে পালি–প্রাকৃত স্তৰত থকা দেশীয় সাহিত্য–সংস্কৃতি, ধর্ম–দর্শন আদিবোৰক জনসাধাৰণে নিখুঁতভাৱে গ্রহণ কৰাত বহুতো জটিলতা অনুভৱ কৰিছিল৷ অন্যহাতে ভাৰতীয় বিভিন্ন ধর্মীয় সাহিত্যৰাজি আছিল সংস্কৃতত লিপ্বিদ্ধ৷ গতিকে আধুনিক ভাৰতীয় ভাষাসমূহৰ যেতিয়া বিকাশ হ’বলৈ ধৰিলে তেতিয়াৰ পৰাই সংস্কৃত তথা পালি–প্রাকৃত স্তৰত থকা ধর্ম–দর্শনৰ ভক্তি তত্ত্বসমূহ প্রগাঢ়ভাৱে আয়ত্ত কৰাতো অনীহা প্রকাশ কৰিছিল৷ ফলশ্রুতিত দেশীয় আঞ্চলিক ভাষাসমূহৰ জৰিয়তে, ধর্ম–দর্শনৰ জ্ঞানতত্ত্ব গ্রহণৰ অভাৱ অনুভৱৰ অৱস্থা আহি পৰে৷ সেয়ে ক্রমশঃ গীতা, ভাগৱত, মহাভাৰত আদি মহৎ ধর্ম গ্রন্থসমূহ বিভিন্ন আঞ্চলিক ভাষালৈ অনূদিত হ’লৈ ধৰে৷
উল্লেখনীয় যে হিন্দু ধর্মত সেই সময়ত বহু দেৱ–দেৱতাৰ তথা শৈৱ–শাক্ত–বৈষ্ণৱ ধর্মৰ লগতে জল, অগ্নি, বায়ু, বক্ষ আদি তেত্রিশ কোটি দেৱতাৰ পূজা–অর্চনা কৰা হেতুকে কেতিয়াবা যথেষ্ট আহুকাল সৃষ্টি হোৱাত হু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ মহত্ত্ব অনুভৱ কৰি একাংশ ধর্মীয় গৱেষক পণ্ডিত, দার্শনিক তথা চিন্তাশীল লোকে বৈষ্ণৱ ভক্তি আন্দোলনৰ এক পৰিৱেশ সৃষ্টি কৰিছিল৷ অর্থাৎ সমগ্র ভাৰত্বর্ষতে ধর্ম, সাহিত্য, সমাজ–সংস্কৃতিৰ উত্তৰণৰ দিশত এক নৱজাগৰণৰ সৃষ্টি হৈছিল৷ এই দিশত দক্ষিণ ভাৰতত আলোৱাৰসকলৰ প্রচেষ্টাত পোন প্রথমে নৱৈবষ্ণৱ জাগৰণৰ সূত্রপাত ঘটিছিল৷ অর্থাৎ আলোৱাৰসকলে ভাৰতীয় ধর্মীয় সংস্কৃতিত একেশ্বৰবাদী চিন্তাধাৰাৰ ঢৌ বোৱাইছিল৷
যি সময়ত দেশ অত্যাচাৰ, বেভিচাৰ, ধর্মৰ অসহষ্ণুিতাৰে ভৰি পৰিছিল, অসমত প্রাচীন সংস্কৃতি ৰুদ্ধ হৈ মানুহেবাৰ অধর্মত লিপ্ত হৈ অত্যাচাৰী হৈ পৰিছিল সেই সন্ধিক্ষণতে থান্বান হৈ পৰা হৎ অসমীয়া সমাজখন পুনৰ সঞ্জীৱিত কৰাৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱে বক্তিগত তথা পাৰ্বিাৰিক সুখ–স্বাচ্ছন্দ্য ত্যাগ কৰি তেওঁৰ নিজস্ব গভীৰ আত্মবিশ্বাসেৰে নিৰন্তৰ বাণী সাধনাত ৰত হৈ যি সাংস্কৃতিক চেতনা, জাতীয়তাবাদ আৰু প্রবল আশাবাদৰ আধাৰত তেখেতৰ নির্মিতিৰাশিৰে স্বভাৰতীয় মহাজাতীয় চৈতন্যৰ সৈতে ঐক্য স্থাপন কৰিলে৷ ইয়াৰ অন্তৰালত গুৰুজনাৰ সাধুতা, প্রগতিশীল উচ্চাকাংক্ষা, গভীৰ দর্শন, প্রান্তীয় মানসিকতাৰ ঊর্ধ্বত আৰু ঐকান্তিকতাৰ গুণাধিকাৰে দ্ধ৷ যিটো কাৰণত শংকৰদেৱৰ প্রৱর্তিত বৈষ্ণৱ ধর্ম লৈ গণভিত্তি জাগৃত হৈছিল াপক আৰু স্বতঃস্ফূর্ততাৰে৷ সংক্ষেপে ক’লৈ গ’লে শংকৰদেৱৰ এই ভক্তি আন্দোলন মধ্যযুগৰ এক ভাববাদী আন্দোলন, যি আন্দোলনৰ যোগেদি সকলো শ্রেণীৰ লোক ধর্মীয় শোষণ আৰু নিপীডনৰ পৰা মুক্তি পোৱাৰ লগতে সমাজত এক প্রগতিশীল পৰিৱর্তনে বিৰাজ কৰিলে৷ অর্থাৎ প্রতিক্রিয়াশীল সামাজিক অৱস্থাত ধর্মৰ গ্লানি দূৰ কৰি ধর্ম প্রতিষ্ঠাৰ হেতুকে গীতাত পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণই সখা অর্জুনক কোৱা ‘ধর্ম সংস্থাপনার্থে সম্ভৱামি যুগে যুগে’ৰ দৰে মহামন্ত্র আওৰাই অসমত অৱতাৰ গ্রহণ কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে প্রচাৰ কৰিছিল একশৰণ ভাগৱতী নৱ ৈবষ্ণৱ ধর্ম৷ ধর্ম প্রচাৰৰ সময়ত গুৰুজনাই গীতা–ভাগৱতৰ পৰাই এক শৰণ তত্ত্ব আৰু একেশ্বৰ্বাদৰ তত্ত্ব আয়ত্ত কৰিছে৷ শ্রীমদ্ভাগৱতত একশৰণৰ তত্ত্ব গুৰুজনাই অতি সুন্দৰভাৱে ব্যক্ত কৰিছে –
‘সর্বধর্ম এডি একশৰণ সাক্ষাত৷
সুদৃঢ় বিশ্বাসে সখি লৈয়োকে আক্ষাত৷৷’ ১৯০
নকৰ্বিা ভয় হেৰা কৰো অংগীকাৰ৷
সমস্তে পাপতে মই কৰিেবা নিস্তাৰ৷৷ ১৯১
কিন্তু একশৰণ নামধর্ম প্রচাৰ কৰোঁতে ভকত বৈষ্ণৱসকলক আন ধর্মৰ প্রতিও উদাৰ হ’বলৈ আহ্বান জনাইছিল৷
‘পৰৰ ধর্মক নিহিংস্বিা কদাচিত৷
কৰিবা ভূতক দায়া সকৰুণ চিত্ত৷৷
হুইবা শান্ত চিত্ত স্ব ধর্মত ৎসল৷
এহি ভাগৱত ধর্ম জানা মহাবল৷৷’
বিভিন্ন ভাষা–ভাষী, জাতি–ধর্ম, নির্বিশেষেৰে পৰিপূর্ণ বৃহৎ অসমত সকলোৰে মাজত সম্প্রীতিৰ ঐক্য আৰু আধ্যাত্মিক ভাব গঢ়ি তুল্বিলৈ একশৰণ নাম ধর্ম প্রচাৰ কৰোঁতে নাম, দেউ, গুৰু, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি নামধর্ম ভক্তিমার্গৰ প্রৱর্তন কৰে৷ মহাপুৰুষজনাই উপলব্ধি কৰিছিল যে সকলো বিদ্যাতকৈ অধ্যাত্মবিদ্যা শ্রেষ্ঠ৷ সেয়েহে মহাপুৰুষজনাই এনে অধ্যাত্ম তত্ত্বসমূহো ভাষা–সাহিত্য, কলা–কৃষ্টিৰ মাধ্যমেৰে নিজস্ব গভীৰ চিন্তা–চর্চাৰে ধর্মকো নান্দনিক ৰূপ দি সকলো জাতি–জনগোষ্ঠীকে হূদয় সংবাদী কৰি তুলিলে৷ অসমত কিৰাট, কছাৰী, খাচি, মিৰি, যৱন, কংক, গোৱালৰ লগত াহ্মণ, কায়স্থ, কলিতাৰ আদিৰ মাজত পাৰস্পৰিক সমন্বয়ৰ সেতু ান্ধিলে৷ উল্লেখনীয় যে শংকৰদেৱৰ লগত থকা ছকুৰিগৰাকী ভকত সজ্জনৰ মাজত ব্ৰাহ্মণৰ পৰা চান্দসাইৰ পৰা আৰু শেষত যৱন জয়হৰিলৈ শিষ্য থকাটো মাথোঁ একশৰণ নাম ধর্মৰ বাবেই নহয়, সমান্তৰালভাৱে বৃহত্তৰ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন সৰু–বৰ জাতি–জনগোষ্ঠীৰ যি মহত্ত্বপূর্ণ ঐতিহ্য তথা বাৰেৰহণীয়া সংস্কৃতিৰ পক্ষেও গুৰুত্বপূর্ণ৷ তেওঁৰ এনে দূৰদর্শী চিন্তা–চৈতন্যই অন্য এক মহত্ত্ব জাগৃত হৈছে, যিটো অর্থত পৰিচিত হৈছে ‘স্বগুণাকৰ’ ৰূপে৷ সেয়েহে তেওঁৰ ভক্তি ধর্মত প্রকাশ ঘটিছে ঃ
‘নাহি ভকতিত জাতি–জাতি বিচাৰ
কৃষ্ণৰ ভক্তিত সমস্তৰে অধিকাৰ৷’
উল্লেখনীয় যে ভাৰতীয় বৈষ্ণৱ আন্দোলনৰ প্রভাৱতে প্রভাৱান্বিত হোৱা অসম তথা উত্তৰ পূর্বাঞ্চলৰ নৱ-বৈষ্ণৱ ধর্মই ‘একশৰণ হৰিনাম ধর্ম’ নামেৰে প্রতিষ্ঠা লাভ কৰাটো সকলোৰে জ্ঞাত৷ এই একশৰণ হৰিনাম ধর্ম গুৰুজনাই ভাগৱত আৰু গীতা শাস্ত্রক মুখ্য কৰি নিজস্ব প্রজ্ঞা, দর্শন আৰু আধ্যাত্মিক গুণেৰে প্রতিষ্ঠা কৰিলে৷ অর্থাৎ এক উপাস্য দেৱতাৰ দ্বাৰা ভক্তি আৰাধনা কৰিলে প্রতিজন ভক্তিপ্রাণৰ ঈশ্বৰক পাবলৈ কষ্টকৰ নহয়৷ গতিকে ভগৱান তুষ্ট মানেই সকলো দেৱ–দেৱী তুষ্ট৷
উল্লেখনীয় যে শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধর্ম প্রচাৰ কৰাৰ সময়তে উত্তৰ ভাৰতত ক্বীৰে ধর্ম প্রচাৰ কৰিছিল৷ উৰিষ্যা, বাৰাণসী আদি অঞ্চলেবাৰত ক্বীৰৰ ভক্তসকলৰ মাজত ক্বীৰৰ ভক্তি বিষয়ক গীতসমূহ প্রচাৰিত হৈছিল৷ শংকৰদেৱ আৰু ক্বীৰ প্রচাৰিত বৈষ্ণৱ ধর্ম দর্শনৰ সাদৃশ্য মন কৰ্বিলগীয়া৷ শংকৰদেৱ ভগৱান কৃষ্ণৰ উপাসক, মূর্তি, দেৱ–দেৱীৰ পূজাৰ বিৰোধী ঠিক তেনেদৰে ক্বীৰে জড মূর্তিৰ পূজাৰ বিৰোধিতা কৰিছিল৷ অন্যহাতে ংগীয় ধর্মগুৰু শ্রীশ্রীচৈতন্যদেৱৰ ধর্মদর্শনতো কলিকালত ভগৱন্ত কৃষ্ণই শংকৰ অৱতাৰ লৈ হৰিনামৰ যি ভক্তি মহিমা প্রকাশ কৰিলে ঠিক তেনেদৰে ‘হৰিনাম’ ভক্তিৰ মূল আধাৰ হিচাপে নির্ণয় কৰিছে৷
কিন্তু ভাৰত্বর্ষৰ সর্বত্র ভক্তি আন্দোলন সৃষ্টি হোৱাৰ ক্ষেত্রত বিভিন্ন অঞ্চলত বিক্ষিপ্ত ৰূপত ধর্মীয় কিছুমান আছুতীয়া মত্বাদ সৃষ্টি হৈছিল৷ যেনে ৰামানুজাচার্যই বিশিষ্ট দ্বৈত্বাদ, কর্ণাটকৰ মাধৱচার্যই দ্বৈত্বাদ, ল্লভাচার্যই শুদ্ধাদ্বৈত্বাদ আৰু অসমত শংকৰদেৱে একেশ্বৰ্বাদৰ প্রতিষ্ঠা কৰে৷ এনেদৰে বিক্ষিপ্ত মত্বাদৰ সৃষ্টিৰ হেতুকে সেই সময়ত বিভিন্ন ৰাজনৈতিক, সামাজিক আৰু ধর্মীয় কিছুমান প্রতিক্রিয়াশীল কাৰকে ক্রিয়া কৰিছিল৷ প্রধানকৈ অসমত শংকৰদেৱৰ একেশ্বৰ্বাদৰ তত্ত্বক একাংশ াহ্মণে বিৰোধিতা কৰাৰ প্রমাণ হিচাপে দ্বিজ ৰামানন্দৰ লেখাত দৃষ্টিগোচৰ হৈছে এইবুলি ঃ
গুৰুজনাই নৱ ৈবষ্ণৱ ধর্ম প্রচাৰ কৰাৰ সময়ত আহোম স্বর্গদেউসকলে ধর্ম প্রচাৰৰ নামত ৰাজ্যত পুৰণিকলীয়া পৰম্পৰাক বিনষ্ট কৰিছে লি শংকৰদেৱক বিভিন্ন মানসিক অত্যাচাৰ কৰিছিল৷ অন্যহাতে শংকৰদেৱৰ জেজাৱাই হৰিদাস আৰু মাধৱদেৱক হাতী ধৰাৰ কর্মত গাফিলতি কৰা লি প্রাণদণ্ডৰ দৰে আদেশো জাৰি কৰিছিল৷ এই যান্ত্রণাৰ পৰা হাত সাৰ্বিৰ ােব শংকৰদেৱে কোচবিহাৰলৈ গৈ মহাৰাজ নৰনাৰায়ণৰ আশ্রয় লৈছিল৷ তাতো কায়স্থ শংকৰে ধর্ম প্রচাৰ কৰিছে লি একাংশ াহ্মণে ৰজা নৰনাৰায়ণক আপত্তি দিছিল৷ কিন্তু সেই সময়ত নৰনাৰায়ণৰ দূৰদর্শিতা আৰু মহানুভৱতাই শংকৰদেৱক ধর্ম প্রচাৰত সহায় কৰাৰ লগতে বিৰুদ্ধ্বাদী াহ্মণসকলক উচিত প্রত্যুত্তৰ দিছিল৷
বিভিন্ন ঘাত–প্রতিঘাতৰ মাজেৰে শংকৰদেৱে অসমত হৰিনাম ধর্মৰ মহত্ত্ব–যশ প্রচাৰ কৰি গৈছিল৷ কিন্তু গুৰুজনাৰ তিৰোভাৱ (১৫৬৮ খ্রীষ্টাব্দত)ৰ পিছৰ কালতো বিভিন্ন প্রতিক্রিয়াশীল কাৰকে ৰাজ্যত ঈর্ষা, অসূয়া–প্রীতি, দম্ভ–হংকাৰে তির্যক ৰূপত সামাজিক আৰু ধর্মীয় দিশ অস্থিৰ কৰি তুলিছিল৷ আহোম, কোচ, জয়ন্তীয়া, চুতীয়া, ভূঞা আদি বিভিন্ন জনগোষ্ঠীসমূহৰ ৰাজন্য্বর্গৰ হুতো উত্থান–পতন ঘটিছিল৷ ফুলেশ্বৰী কুঁৱৰীৰ দুৰাচাৰে চূডান্ত পর্যায় পাইছিল যে বৈষ্ণৱসকলক লি দিয়া জন্তুৰ তেজ গাত সানি দিছিল৷ যাৰ ফলত মোৱামৰীয়া বিদ্রোহৰ দৰে ধর্ম বিদ্রোহৰ সূত্রপাত ঘটে৷ ক্রমশঃ মানৰ আক্রমণ চলে৷ মানৰ আক্রমণৰ সময়ত নৱ বৈষ্ণৱ ধর্মৰ প্রচাৰকসকলৰ প্রচাৰ কার্য স্তব্ধ হৈ পৰিছিল৷ তেনে সন্ধিক্ষণতে াহ্মণ–ব্রাহ্মণ আৰু বিভিন্ন সৰু–বৰ জনগোষ্ঠীৰ মাজত ণ–ৈবষম্য নীতিৰ প্রকোপত নৱ–ৈবষ্ণৱ ধর্মত কিছু কিছু ক্ষেত্রত প্রচাৰ আৰু প্রসাৰতাত হেঙাৰ সৃষ্টি হৈছিল৷ সেয়েহে মহর্ষি কমলাকান্ত ভট্টাচার্যই ৈবষ্ণৱ ধর্মৰ বিষয়ে ৰ আক্ষেপ কৰি কৈছিল– ‘শংকৰদেৱৰ দেখো জীৱনৰ চৰিত্র কেৱল ভকতত সীমা …..মাধৱদেউ এক সুকবি প্রধান, অসভ্য দেশত জন্মি নষ্টম নাম৷’ (অসম গৌৰৱ)৷ তাৰ পিছত ব্রিটিছৰ আগমন৷ মিছনেৰীসকলৰ খ্রীষ্টান ধর্মৰ প্রভাৱত ৈবষ্ণৱ ধর্মই প্রায় স্তিমিত ৰূপ পাইছিলগৈ৷ কিয়নো মিছনেৰীসকলৰ আগমনে ৰাজ্যত আধুনিকতাৰ পোহাৰ মেলিছিল৷ পশ্চিমীয়া সভ্যতাৰ আশিসধন্য হৈছিল আধুনিক শিক্ষা৷ অসমৰ একাংশ সচেতন ক্তিয়ে কলকাতাত উচ্চ শিক্ষা ল’লৈ ঢ়াপলি মেলিছিল৷ দশোদিশে ঙলা ভাষা প্রৱর্তন হ’ল৷ পাশ্চাত্য শিক্ষা প্রৱর্তন হ’ল৷ হিঃৰাজ্যৰ পৰা জনস্রোতৰ–প্র্ব্রজন্ হাৰ ক্রমাৎ বৃদ্ধি পাব ধৰিলে৷ কিন্তু সেই অনুপাতে শংকৰদেৱৰ আদর্শ আৰু নৱবৈষ্ণৱ ধর্ম আন্দোলনৰ প্রভাৱ স্তব্ধ কৰ্বি নোৱাৰিলে৷ ৰঞ্চ খ্রীষ্টান মিছনেৰী ড০ মাইলছ নছনে কলকাতাৰ পৰা প্রকাশিতThe Fried of India ত এটা নিবন্ধ লিখিছিল এনেদৰে– ‘তেওঁ (শংকৰদেৱ) ৰাইজৰ স্তৰলৈ নামি আহি পৱিত্র হিন্দু ধর্মশাস্ত্রৰ কিছুমান গ্রন্থ মূল সংস্কৃতৰ পৰা অনুবাদ কৰি সেইেবাৰ ৰাইজক নিজৰ ভাষাত প্রদান কৰিলে৷ তেতিয়াৰে পৰা মানুহে আচহুৱা ভাষা আৰু কঠিন পৰিভাষাৰ গৰাহৰ পৰা মুক্ত হৈ ল’ৰালি কালৰ চিনাকি ভাষাত ঈশ্বৰৰ গুণগান কৰ্বি পৰা হ’ল৷ নজুইৰ দৰে বিস্তৃত হৈ এই ৰচনাবোৰ সকলোৰে প্রিয় হৈ পৰিল৷ ইয়াৰ জনপ্রিয়তা আজিও আছে আৰু ক্রমাৎ দ্ধিহে পাইছে৷’ (ড০ ৰেন্দ্র কুমাৰ ভট্টাচার্যৰ দ্বাৰা অনূদিত আৰু উদ্ধৃত ভাষণৰ পৰা) কিন্তু সেইসকল আদর্শৱান জাতীয়তাবাদী ক্তিয়ে অসমৰ নৱ বৈষ্ণৱ ধর্মৰ প্রাসংগিকতা, মহত্ত্ব তত্ত্ব বুজি গুৰুজনাক পুনৰ প্রতিষ্ঠাৰ হকে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ সেইসকল জাতীয় চেতনাসমৃদ্ধ ক্তিৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱাৰ নাম প্রথমেই ল’ব পাৰি৷
বর্তমানেও শাক্ত ধর্মৰ হাতোৰাই বৈষ্ণৱ ধর্মক বিভিন্ন মাধ্যমেৰে গ্রাস কৰ্বিলৈ চেষ্টা চলাই থকাৰ মাজতো একশৰণ নাম ধর্ম আজি বিশ্বৰ দৰ্বাৰত উজলি উঠিছে৷ ইয়াৰ অন্তৰালত গুৰুজনাই ৈবষ্ণৱ ধর্মক অসমত একেশ্বৰ্বাদৰ ওপৰত প্রতিষ্ঠা কৰাৰ হেতুকে আৰু এই একেশ্বৰ্বাদৰ প্রতিষ্ঠাৰ হেতুকে গুৰুজনাই যিমানেবাৰ সাহিত্য সৃষ্টি কৰিলে তাত মাথোঁ কৃষ্ণভক্তিৰ মহিমা প্রচাৰ, হৰিনাম শ্রৱণ, কীর্তনেই কলিযুগৰ শ্রেষ্ঠ ধর্ম তাক গভীৰভাৱে জাই তুলিলে৷ স্বভাৰতীয় চিন্তা জগতৰ অগ্রণীসকলৰ ভিতৰত ড০ সর্বপল্লী ৰাধাকৃষ্ণন, আচার্য বিনোৱা ভাবে, ড০ াসুদেৱ শৰণ, ড০ হৰেকৃষ্ণ মেহতাব, ড০ দশৰথ ওজা, কে এম পানিকৰ আদিয়ে শংকৰদেৱৰ কীর্তি আৰু মনীষাৰ প্রতি অগাধ শ্রদ্ধা আৰু প্রশংসা ক্ত কৰি গৈছে৷ কিন্তু অতিসম্প্রতি অসমৰ একাংশ বিৰুদ্ধ্বাদীৰ উচটনিৰ ফলস্বৰূপে সময়ে সময়ে শংকৰদেৱ আৰু নৱ ৈবষ্ণৱ ধর্মৰ নামত বিৰূপ সমালোচনা কৰা দৃষ্টিগোচৰ হৈ আহিছে৷ যি কি নহওক, মহাপুৰুষ শংকৰদেৱৰ জীৱন্বৃত্ত, আদর্শ তথা অসমৰ ইতিহাসত তেওঁৰ যি অমূল্য দান এই ঐতিহাসিক বাস্তৱতাক অগ্রাহ্য কৰাৰ অধিকাৰ কাৰোৰেই নাই৷