মানুহে আপোনাক কি হিচাপে মনত ৰখাটো আপুনি বিচাৰে
বেছিভাগ শিক্ষিত মানুহৰ দৰেই ময়ো পিটাৰ ড্রাকাৰৰ নামটোৰ লগত পৰিচিত, অৱশ্যে ঘাইকৈ ব্যৱসায়–বাণিজ্যৰ লগত জড়িত লোকসকলক উদ্দেশ্য কৰি লিখা তেওঁৰ কিতাপবোৰ পঢ়িবলৈ মই আগ্রহ অনুভৱ নকৰোঁ৷ কিন্তু তেওঁ নিজৰ জীৱনৰ বিষয়ে লিখি থৈ যোৱা এটা সত্য কাহিনীয়ে মোক মোৰ নিজৰ জীৱনৰ বিষয়ে বহুত কথা নতুনকৈ চিন্তা কৰি চাবলৈ বাধ্য কৰিলে৷ আপোনাকো কৰিব– এই আশাত কাহিনীটো চমুকৈ তলত লিখিলোঁ৷
পিটাৰ ড্রাকাৰৰ বয়স যেতিয়া তেৰ বছৰ, সেই সময়তে এদিন তেওঁৰ শিক্ষকজনে শ্রেণীটোৰ প্রত্যেকজন ছাত্রৰ ওচৰলৈ গৈ প্রশ্ণ কৰিলে– ‘মানুহে তোমাক কি হিচাপে মনত ৰখাটো তুমি বিচাৰিবা?’
এনে এটা প্রশ্ণৰ কাৰণে ছাত্রসকল নিশ্চয় প্রস্তুত নাছিল৷ তদুপৰি এনে এটা কঠিন প্রশ্ণৰ উত্তৰ ততালিকে দিয়াটো কোমল বয়সীয়া ছাত্রসকলৰ পক্ষে সম্ভৱো নাছিল৷ শিক্ষকজনেও নিশ্চয় সেই কথা জানিছিল৷ কাৰো পৰা একো উত্তৰ নাপাই অৱশেষত তেওঁ নিজেই ক’লে– ‘তোমালোকে এইটো প্রশ্ণৰ উত্তৰ দিব পাৰিবা বুলি মই নিজেও আশা কৰা নাই৷ কিন্তু প্রশ্ণটো সোধাৰ এটা উদ্দেশ্য আছে৷ মই তোমালোকৰ মগজত প্রশ্ণটো সুমুৱাই দিলোঁ এই উদ্দেশ্যে যে ইয়াৰ পিছত তোমালোকে গোটেই জীৱন ধৰি প্রশ্ণটো মনত কঢ়িয়াই ফুৰিবলৈ বাধ্য হ’বা আৰু কোনো কোনো মুহূর্তত হয়তো প্রশ্ণটোৰ উত্তৰো বিচাৰিবা৷ কিন্তু এটা কথা– তোমালোকে পঞ্চাশ বছৰত ভৰি দিয়াৰ সময়তো যদি প্রশ্ণটোৰ উত্তৰ বিচাৰি নোপোৱা, তেন্তে নিশ্চয়কৈ জানিবা যে তোমালোকৰ জীৱনটো সঁচাকৈয়ে অথলে গ’ল৷’
পিটাৰ ড্রাকাৰে নিশ্চয় কেতিয়াবা চেতন আৰু কেতিয়াবা অৱচেতন মনত প্রশ্ণটো কঢ়িয়াই লৈ ফুৰিছিল৷ এদিন তেওঁ ষাঠি বছৰীয়া হ’ল৷ বছৰি হোৱাৰ দৰে সেই বছৰতো পুৰণি সহপাঠী বন্ধুবোৰৰ পুনর্মিলন সভাখন অনুষ্ঠিত হ’ল৷ পিটাৰ সেই সভালৈ গ’ল৷
পিটাৰৰ এজন সহপাঠী বন্ধুৱে তেওঁক সুধিলে– ‘পিটাৰ, ফাদাৰ ফ্লিগাৰ আৰু তেওঁ আমাক সোধা প্রশ্ণটো তোমাৰ মনত আছেনে?
সেইদিনা সভাখনত সমৱেত হোৱা প্রতিজন মানুহেই প্রশ্ণটো মনত ৰাখিছে৷ প্রশ্ণটোৰ এনেকুৱাই মাহাত্ম্য যে কাৰোপক্ষেই তাক পাহৰি যোৱাটো সম্ভৱ হোৱা নাই৷ প্রত্যেকেই স্বীকাৰ কৰিলে যে উত্তৰ বিচাৰি পাওক বা নাপাওক, প্রশ্ণটোৱে কিন্তু তেওঁলোকৰ জীৱন সলনি কৰি দিছে৷ জীৱনৰ বাটত আগবাঢ়ি গৈ থাকোঁতে খন্তেক থমকি ৰৈ তেওঁলোকে নিজকে প্রশ্ণ কৰিছে– ‘মানুহে মোক কি হিচাপে মনত ৰখাটো মই বিচাৰোঁ?’ কিন্তু বিশ বছৰ বয়সত বিচাৰি পোৱা উত্তৰটোৱে ত্রিশ বছৰ বয়সত তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাই৷ প্রশ্ণটোৰ উত্তৰৰ অন্বেষণ দীঘলীয়া হৈ গৈ আছে৷
পিটাৰ ড্রাকাৰে নিজে লিখিছে– ‘মই সততে নিজকে এই প্রশ্ণটো কৰি থাকোঁ– ‘মানুহে কি হিচাপে তোমাক মনত ৰখাটো তুমি নিজে বিচাৰা?’ প্রশ্ণটোৰ চূড়ান্ত উত্তৰ নাপালেও ই কিন্তু মোক নিজকে নিত্য–নতুন ৰূপত গঢ়িবলৈ তাড়না দিছে৷ মই সদায় হৈ থকাতকৈ বেলেগ এজন মানুহ হ’বলৈ চেষ্টা কৰি থাকিবলৈ প্রশ্ণটোৱে মোক বাধ্য কৰিছে৷ যিজন নতুন মানুহ হ’বলৈ, বেলেগ মানুহ হ’বলৈ, মানুহৰ স্মৰণযোগ্য মানুহ হ’বলৈ মই বিচাৰোঁ, তেনে এজন মানুহ হ’বলৈ সাধনা কৰিবৰ কাৰণেও প্রশ্ণটোৱে মোক প্রেৰণা দিছে৷’
এই প্রশ্ণটোৱে যদি আপোনাক গোটেই জীৱন খেদি ফুৰে, তেন্তে তাৰ উত্তৰৰ অন্বেষণে আপোনাৰ জীৱনটোকেই সলনি কৰি নেপেলাবনে? আপুনি নিজকে প্রশ্ণ কৰিবলৈ বাধ্য নহ’বনে– সমাজে কেনেকুৱা মানুহ মনত ৰাখে? মানুহৰ কোনবোৰ গুণ বা কর্ম আটাইতকৈ বেছি স্মৰণযোগ্য?