মে’ দিৱস আৰু মানৱ অধিকাৰ
‘Everyone is born free, but in chain’ বিখ্যাত সমাজ তত্ত্ববিদ লেখক ৰুছ’ৰ যুগান্তকাৰী ঘোষণা৷ জন্মতে প্রতিজন ব্যক্তি স্বাধীন কিন্তু সর্বত্র তেওঁ শৃংখলাবদ্ধ৷ এই লেখাৰে ফৰাচী বিপ্লৱ আৰু ৰুছ বিপ্লৱে যুগান্তৰ ৰচনা কৰিলে৷ ১৭৮৯ চনৰ ১৪ জুলাই তাৰিখে পেৰিছৰ চৰকাৰী কাৰাগাৰ বেষ্টিল দুর্গ ভাঙি ‘মানুহ (ব্যক্তি) আৰু নাগৰিকৰ অধিকাৰ’ সাব্যস্ত কৰা হ’ল৷ ১৯১৭ চনৰ অক্টোবৰত ৰাছিয়াৰ জনগণৰ অধিকাৰ সম্পর্কীয় ঘোষণা হ’ল আৰু কর্মী আৰু শোষিত জনগণৰ অধিকাৰ সম্পর্কীয় ঘোষণা জাৰি কৰাৰ প্রস্তাৱ লোৱা হ’ল৷ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰৰ সার্বজনীন ঘোষণা–পত্র আন্তর্জাতিকভাৱে গৃহীত হয়৷ শ্রমিকৰ অধিকাৰ মানৱ অধিকাৰৰ অন্তর্গত৷
শাৰীৰিক শ্রমৰ বিনিময়ত জীৱিকা নির্বাহ কৰা লোকসকলেই শ্রমিক৷ গভীৰ চিন্তাৰে লক্ষ্য কৰিলে দেখা যায় এই শ্রমিক জীৱনধাৰাই মানৱ সভ্যতাৰ আদিমতম পর্যায়৷ গছৰ গুটি মাটিত পুতি থ’লে অনুৰূপ গছ এজোপা পাব পাৰি৷ সৃষ্টিৰ এই প্রথম আর্থ–সামাজিক তত্ত্বটো আৱিষ্কাৰ হোৱাৰ লগে লগে আৰম্ভ হ’ল মানৱ সভ্যতাৰ অবিৰত জয়যাত্রা৷ আন কথাত ক’লৈ গ’লে কৃষিকর্ম া কৃষি তত্ত্ব আৱিষ্কাৰৰ লগে লগে শ্রম জীৱন ধাৰা প্র্বাহিত হ’ল৷ নিৰাপত্তা, খাদ্য সংৰক্ষণ আৰু শেহতীয়াকৈ সৌন্দর্য পিপাসাৰ প্রয়োজনীয়তাত নেতৃত্বৰ প্রয়োজন আহিল৷ যাযাবৰী জীৱনৰ অৱসান ঘটাই সমাজ জীৱনৰ শুভাৰম্ভ হ’ল৷ নেতৃত্বই প্রথমতে দলপতি তাৰ পিছত ক্রমান্বয়ে ৰাজতন্ত্রৰ জন্ম দিলে৷ শাসক আৰু শাসিত দুটা শ্রেণী সমাজ জীৱনলৈ আহিল৷ বৌদ্ধিক বিকাশেৰে শাসক শ্রেণী এটাৰো জন্ম হ’ল৷ শোষণৰ ধাৰণা অনুভূত হ’ল শাসিত শ্রেণীৰ মাজত৷ দেয় আৰু প্রাপ্যৰ অনুভূতি আহিল৷ দেয় আদায় নিদিয়াৰ াবে আৰু প্রাপ্য আদায় নোপোৱাৰ াবে ঔদ্যোগিক বিকাশৰ ফলত হোৱা আর্থ–সামাজিক অৱস্থাত মালিক আৰু শ্রমিক দুটা স্পষ্ট শ্রেণীৰ জন্ম হ’ল৷ কর্ম সময় বা শ্রমঘণ্টাৰ হ্রাসকৰণৰ দাবী ডত্থাপন হ’ল৷ নির্যাতন দমন আৰু সংঘাত বিপ্লৱ সমান্তৰাল গতিত আগবাঢ়িল৷ মে’ দিৱসৰ জন্ম–যন্ত্রণা আৰম্ভ হ’ল৷
শ্রম দিৱসৰ কর্মঘণ্টা হ্রাস কৰাৰ দাবীৰ লগত মে’ দিৱসৰ জন্মৰ ইতিহাস সাঙোৰ খাই আছে৷ আধুনিক ড্রেড ইডনিয়নৰ জন্মস্থান গ্রেট ব্রিটেইন, কিন্তু মে’ দিৱসৰ জন্ম স্থান আমেৰিকাতহে৷ ব্রিটেইনৰ এজন সমাজ্বাদী চিন্তানায়ক ৰবার্ট ওৱেনক এইক্ষেত্রত শ্রমিক অধিকাৰ সাব্যস্তকৰণ বিপ্লৱৰ পিতৃ–পুৰুষ বুলিবই লাগিব৷ ১৮১০ চনত ৰ্বার্ট ওৱেনে দৈনিক দহ ঘণ্টা শ্রমৰ দাবী ডত্থাপন কৰে৷ ১৮৩৮ চনত এই দাবীৰে বিপ্লৱৰ হ্ণি শিখাৰ ৰূপ লয়৷ ইয়াৰ পৰিণতিত ব্রিটেইনৰ সংসদত ১০ ঘণ্টাৰ শ্রম দিৱসৰ বিল গৃহীত হয়৷ অনেক সংঘাত–প্রতিঘাতৰ মাজেৰে ব্রিটেইন আৰু আমেৰিকাৰ শ্রমিক সংগঠকসকলৰ দক্ষ আৰু ঐকান্তিক নিষ্ঠাৰ ফলত ১৮৮৩ চনৰ পহিলা মে’ তাৰিখৰ আগৰ ৰব্বিাৰটোত ‘চেণ্ড্রেল ল্বোৰ ইডনিয়ন’ৰ ডদ্যোগত এক শ্রমিক সমাৱেশ অনুষ্ঠিত হয়৷ ইয়াত প্রায় ২৫০০০ শ্রমিকে যোগদান কৰে আমেৰিকাৰ ‘চিকাগো’ চহৰত৷ সেই চনৰে পহিলা মে’ তাৰিখে একে ঠাইতে লক্ষাধিক শ্রমিকৰ সমাৱেশ হয়৷ কাম বন্ধ কৰি ৰাজপথলৈ ওলাই আহি শ্রমিকৰ কর্ম সময় ৮ ঘণ্টা কৰাৰ দাবীৰে যুগান্তৰ ৰচনা কৰি ইতিহাসক গৌৰৱোজ্জ্বল কৰি তুলিলে৷ ইয়াৰ আগতে এনে হৎ শ্রমিক সমাৱেশ বিশ্বৰ ক’তো হোৱা নাছিল৷ ইয়াৰ পিছত অৱশ্যে স্বাভাৱিকভাৱে আৰম্ভ হৈছিল দমন–নিপীডনৰ নির্মম কৰুণ অধ্যায়৷ পহিলা মে’ৰ এই ঐতিহাসিক সমাৱেশৰ ঠিক পিছতেই মোক কার্নিক ৰীনাৰ কাৰখানাৰ শ্রমিকসকলে ৩ মে’ তাৰিখত এখন ৰাজহুৱা সভা পাতে৷ পুলিচৰ দমন নীতিৰ ফলত ৬জন শ্রমিক নিহত হৈছিল৷ এই পাশৱিক দমন নীতিৰ প্রত্বিাদত ৪ মে’ তাৰিখে পুনৰ সমাৱেশ হৈছিল৷ শান্তিপূর্ণভাৱে চলি প্রায় শেষ হওঁ হওঁ অৱস্থাত বিৰাট পুলিচ াহিনী এটা ডপস্থিত হৈছিল৷ হুলস্থূল হ’ল, তাৰেই সুযোগত সভাৰ মাজলৈ এটা বোমা নিক্ষেপ হ’ল৷ বোমাৰ আঘাতত এজন পুলিচ চার্জেণ্ট নিহত হ’ল৷ নির্মম অত্যাচাৰ স্বাভাৱিকভাৱেই হৈ ডঠিল আৰু দর্শকো হাত সাবটি হি নাথাকিল৷ ৪জন শ্রমিক আৰু ৭জন পুলিচ নিহত হ’ল৷ আন্দোলনৰ নেতৃবর্গ কাৰাৰুদ্ধ হ’ল৷পাৰছনছ, স্পাইজ, ফৌচাৰ আৰু এংগেল এই চাৰিজন নেতাক ফাঁচি আৰু বাকীবোৰৰ আজীৱন কাৰাদণ্ডৰ হুকুম হ’ল৷ জে’লৰ ভিতৰতে এজনৰ মৃত্যু হ’ল৷ ১৮৮৭ চনত এই হুকুম কার্যকৰী কৰা হ’ল৷ ১৮৮৯ চনৰ ১৪ জুলাই তাৰিখত বেষ্টিল দুর্গ ভাঙি দিয়াৰ শত্বার্ষিকী ডদযাপনার্থে পৃথিৱীৰ বিভিন্ন দেশৰ সংগঠিত সমাজতান্ত্রিক আন্দোলনৰ নেতৃবর্গ সমৱেত হ’ল পেৰিছ নগৰত৷ ই আছিল দ্বিতীয় আন্তর্জাতিক(Second Continental Congress)৷ ইয়াতেই ১৯৯০ চনৰ পহিলা মে’ তাৰিখটো আন্তর্জাতিক বিক্ষোভ প্রদর্শনৰ দিৱস ৰূপে পালন কৰা হয়৷ বহুত ডত্থান–পতন, নিপীডন–নির্যাতন, একা–বেঁকা পথেৰে আহি আহি বিশ্বৰ শ্রমজীৱী সংগঠনে ১৯০০ চনত ভৰি দিলেহি৷ এই চনত পেৰিছত হা আন্তর্জাতিক কংগ্রেছে সিদ্ধান্ত ল’লে যে পহিলা মে’ তাৰিখত শ্রমিকে কামৰ পৰা বিৰত থাকি দিনটোৰ প্রতি সমগ্র বিশ্বতে শ্রদ্ধা জনাব৷ এই মে’ দিৱস পিছলৈ লাল দিৱসলৈ ৰূপান্তৰিত হ’ল৷আর্যভূমি ভাৰত্বর্ষ ণিকৰ পদানত হ’লেও বিশ্বক বীৰত্ব দেখুৱাব পৰা শক্তি নাছিল বুলিব নোৱাৰি৷ ভাৰত্বর্ষত নাগপুৰৰ এক্সপ্রেছ মিলত প্রথম শ্রমিক আন্দোলন আৰম্ভ হৈছিল ১৮৭৭ চনত৷ ১৮৮৯ চনত ১৭ হাজাৰ শ্রমিকে গৱর্নৰ জেনেৰেলৰ ওচৰত শ্রমিকে ভোগ কৰা শোষণৰ বিৰুদ্ধে এখন স্মাৰক–পত্র দাখিল কৰিছিল৷ ইয়াৰ ফলতেই ১৮৯১ চনত নতুন ফেক্টৰী আইন ইংৰাজ চৰকাৰে প্রণয়ন কৰিবলৈ াধ্য হৈছিল৷ ১৮৮২ চনৰ পৰা ১৮৯০ চনলৈকে ভাৰত্বর্ষত ২৫টা ডদ্যোগত শ্রমিক আন্দোলন হৈছিল৷ ১৮৯৫ চনৰ ১৩ অক্টোবৰ তাৰিখে কলিকতাৰ ‘বাজ াজ’ মৰাপাট মিলত শ্রমিক আন্দোলন হৈছিল৷ এই শ্রমিক আন্দোলনৰ ফলত মিলটো ছয় সপ্তাহ ধৰি ন্ধ হৈ আছিল৷ ভাৰততো ১৮৯০ চনত(Bombay Mill hands Union) জন্ম হৈছিল আৰু ই ভাৰতৰ সর্বপ্রথম(Trade Union)৷ লোকমান্য াল গংগাধৰ তিলকক এইক্ষেত্রত পিতৃ পুৰুষ লিব লাগিব৷ ১৯০৮ চনৰ ২৩ জুলাইত ব’ম্বে হাইক’টৰ ৰায় আছিল ভাৰতীয় ড্রেড ইডনিয়নৰ প্রাণসঞ্চাৰী পৰিঘটনা৷ ৰাজ পথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ শ্রমজীৱী লোক৷ বণিক ব্রিটিছৰ পুলিচ–মিলিটেৰীৰ লগত সংঘর্ষ হৈছিল ২৪ জুলাইৰ পৰা ২৮ জুলাইলৈকে৷ গণপদ গোবিন্দ নামৰ এজন শ্রমিকৰ মৃত্যু হৈছিল৷ ভাৰতীয় ড্রেড ইডনিয়নৰ তেৱেঁই প্রথম শ্বহীদ৷ অসমত চাহ ডদ্যোগ আৰম্ভ হোৱাৰ লগে লগে ভাৰত্বর্ষৰ বিভিন্ন প্রান্তৰ পৰা শ্রমিক সৰ্বৰাহ হৈছিল৷ শ্রমৰ বিনিময়ত শ্রমিকৰ ওপৰত বগা চাহাবে নির্যাতন চলাইছিল৷ চাহ মালিকৰ অত্যাচাৰত হাজাৰজন শ্রমিকে প্রাণ হেৰুৱাব লগা হৈছিল৷কিন্তু সেই সময়ত কোনো ধৰণৰ শ্রমিকসকলৰ ওপৰত কৰা অত্যাচাৰ আৰু অবিচাৰৰ বিৰুদ্ধে শ্রমিকসকলক সংগঠিত কৰাৰ াবে ইডনিয়ন আদি গঠন হোৱা নাছিল৷ কিন্তু বিভিন্ন চাহ াগিচাৰ শ্রমিকসকলে বিক্ষিপ্তভাৱে তেওঁলোকৰ প্রত্বিাদ সাব্যস্ত কৰিছিল৷ চাহ শ্রমিকৰ আন্দোলন অসংগঠিত ৰূপত কাছাৰৰ ‘চাৰগোলা’ চাহ াগিচাত আৰম্ভ হৈছিল৷ হাজাৰ হাজাৰ শ্রমিক চাহ বাগিচাৰ কাম এৰি গুচি গৈছিল৷ অসমত শ্রমিকৰ পূর্ণাংগ সংগঠিত আন্দোলন আছিল ধুবুৰীৰ দিয়াশলাই কাৰখানা আৰু ডিগৈব শোধনাগাৰৰ শ্রমিক আন্দোলন৷ ১৯৩৯ চনৰ ৮ এপ্রিল তাৰিখৰ পৰা আৰম্ভ হোৱা এই আন্দোলন এমাহৰো অধিক কাল চলিছিল৷ পিছলৈ দ্বিতীয় মহাযুদ্ধৰ অজুহাত দেখুৱাই শোধনাগাৰ কর্তৃপক্ষই ভাৰত প্রতিৰক্ষা আইনৰ দোহাই দি অঞ্চলটোক প্রতিৰোধী অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে কেইবাজনো নেতাক ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ ফলত আন্দোলনটো স্থিমিত হৈ পৰিছিল৷ ডিগবৈ ৰিফাইনেৰী আন্দোলন ভাৰত্বর্ষৰ অন্যতম দীঘলীয়া শ্রমিক আন্দোলন৷ ইয়াৰ পিছতেই তমোনৰ ৰাক ডপত্যকা আৰু অসম ডপত্যকাৰ কেইবাটাও ৰাজনৈতিক দলৰ ছত্রছায়াত শ্রমিক ইডনিয়ন গঢ়ি ডঠিছিল৷ ৰাজনৈতিক দলসমূহৰ ভিতৰত আছিল কংগ্রেছ, ছ’ছিয়েলিষ্ট, কমিডনিষ্ট আৰু বিপ্লৱী কমিডনিষ্ট দল৷ এওঁলোকে নিজা নিজা শ্রমিক সংগঠন গঢ়ি তুলিছিল৷ কমিডনিষ্ট দলৰ নেতৃত্বাধীন ড্রেড ইডনিয়নে ১৯৪৯ চনত ডাক, তাঁৰ আৰু ৰে’লৱে বিভাগৰ বিৰুদ্ধে সর্বভাৰতীয় সর্বাত্মক কর্মবিৰতি আন্দোলন গঢ়ি তুলিছিল যদিও অসমত এই আন্দোলন ব্যর্থ হৈছিল৷ অসমৰ শ্রমিক আন্দোলনৰ ইতিহাস ঘটনাবহুল৷ এই সম্পর্কে যথেষ্ট অধ্যয়ন আৰু গৱেষণাৰ প্রয়োজন আছে৷ যদিও বিভিন্ন প্রগতিশীল আইনসমূহ সময়ৰ লগত খাপ খোৱাকৈ চৰকাৰে প্রণয়ন কৰিছে তথাপি এই আইনে ঢুকি নোপোৱা হুবোৰ অসংগঠিত শ্রমিক আছে যিবোৰৰ বেদনা, ক্ষোভ, ঞ্চনা আৰু শোষণৰ প্রত্বিাদ কৰিবলৈ কোনো ধৰণৰ আইনগত মঞ্চ গঢ়ি ডঠা নাই৷ এই সম্পর্কে আজি এই মে’ দিৱসৰ দিনা সকলোৱে অনুভৱ কৰাৰ লগতে চৰকাৰসমূহে এওঁলোকৰ ক্ষেত্রত প্রগতিশীল আইন প্রণয়ন কৰাটো ডচিত আৰু প্রাসংগিক হ’ব৷