নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ লাডাখ ভ্রমণৰ তাৎপৰ্য

যোৱাৰ কথা আছিল প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ৷ কিন্তু ২ জুলাইৰ সেই ভ্রমণসূচী হঠাতে স্থগিত ৰখা হয়৷ তেতিয়ালৈকে কাৰোৰেই মনত প্রশ্ণ ডদয় হোৱা নাছিল যে হঠাতে কিয় ৰাজনাথ সিঙৰ সীমান্ত ভ্রমণ স্থগিত ৰখা হ’ল? সাধাৰণতে এনেধৰণৰ কার্যসূচীৰ সময়সূচী সলনি হৈয়েই থাকে৷ কিন্তু যেতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অকস্মাতে ৩ জুলাইৰ পুৱা গৈ লাডাখত ডপস্থিত হয়, তেতিয়াহে বহুতৰ সম্বিত ফিৰি আহে, আচল কথাটো কি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লাডাখ ভ্রমণ বহু দিশৰ পৰা তাৎপর্যপূর্ণ৷ ইয়ে ভাৰত–চীন সম্পর্কীয় নীতিত মৌলিক পৰিৱর্তন সাধনৰ ইংগিত বহন কৰিছে৷ লগতে স্বদেশৰ সার্বভৌমত্ব ৰক্ষাৰ স্বার্থত ভাৰতবর্ষ যে এখোজো পিছুৱাই নাহে, বৰং চকুত চকু থৈ সমুখৰ দিশে আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ, প্রধানমন্ত্রী মোদীয়ে সেই আচম্বিত ভ্রমণে তাকো স্পষ্ট কৰি দিয়ে৷ নক’লেও চলে, তেওঁৰ লাডাখ ভ্রমণৰ অন্যতম ডদ্দেশ্য আছিল সেনাৰ মনোবল বৃদ্ধি৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিগত সময়ছোৱাৰ শাসন কাললৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ ২০১৪ চনৰ পৰাই প্রতিৱেশী ৰাষ্ট্রৰ সৈতে সম্পর্ক ডন্নত কৰাৰ প্রয়াস চলাই আহিছিল৷ তেওঁ সম্ভৱতঃ দেশৰ অর্থনৈতিক দিশটোক সন্মুখত ৰাখি চতুর্দিশে থকা প্রতিৱেশী ৰাষ্ট্রৰ সৈতে ভাৰত সু–সম্পর্ক গঢ়ি ডঠাতে কামনা কৰিছিল৷ চীনৰ ক্ষেত্রতো তেওঁ একেই নীতি অনুসৰণ কৰিছিল৷ যাৰ বাবে নিজে কেইবাবাৰো চীন ভ্রমণ কৰাৰ লগতে বেইজিঙৰ নেতৃত্বক ভাৰতলৈ নিমন্ত্রণ জনাই দুয়োখন দেশৰ মাজত সম্পর্কক নতুন মাত্রা প্রদানৰ চেষ্টা অব্যাহত ৰাখিছিল৷ প্রধানমন্ত্রী মোদীয়ে হয়তো ভাবিছিল, শীর্ষ পর্যায়ৰ নেতৃত্বৰ সঘন যোগাযোগ, আলোচনা–বিলোচনাই দুয়োখন দেশৰ মাজত সুদীর্ঘ কাল ধৰি বিৰাজমান তিক্ততাপূর্ণ সম্পর্ক সত্ত্বেও বাণিজ্যিক সম্পর্ক অটুট থাকিব৷ ইয়াৰ ক্রমশঃ সম্প্রসাৰণ ঘটি থাকিব৷ যাৰ বাবে পাকিস্তানত আশ্রয় লৈ থকা সন্ত্রাসবাদী সংগঠনৰ নেতাক আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদী ঘোষণাত বাৰে বাৰে বাৰে হেঙাৰৰ সৃষ্টি কৰি অহা, ডোকলামত সংঘাতপূর্ণ পৰিস্থিতি ডদ্ভৱ হোৱা সত্ত্বেও নৰেন্দ্র মোদীয়ে চীনৰ সৈতে সম্পর্ক একেবাৰে চ্ছেদ কৰি দিয়াৰ পক্ষত নাছিল৷ বৰং ইমানবোৰ বাদ–বিবাদৰ বর্তমানতো তেওঁ বিচাৰিছিল, চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্কৰ দুৱাৰখন খোলা থাকক৷ এদিন হয়তো ইয়ে দুয়োখন দেশৰ মাজত বছৰ বছৰ ধৰি অব্যাহত থকা বিবাদবোৰৰো সমাধানৰ পথ মুকলি কৰিব৷ অৱশ্যে এইখিনি আত্মসমর্পণৰ মনোভাবেৰে নহয়, যোগ্য আৰু আত্মমর্যাদাশীল প্রতিৱেশী তথা বিশ্বৰ মঞ্চত এটা ডদীয়মান শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখি আগবাঢ়িছিল৷ কিন্তু প্রধানমন্ত্রী মোদীৰ শেহতীয়া তথা আচম্বিত লাডাখ ভ্রমণে ভাৰতৰ চীন নীতি সন্দর্ভত আমূল পৰিৱর্তনৰ বতৰা কঢ়িয়াই আনিলে৷ তেওঁ যেন চীন সীমান্তলৈ গৈ বেইজিঙক ক’লে– সংঘাত আৰু সম্পর্ক একেলগে চলিব নোৱাৰে৷
প্রধানমন্ত্রী মোদীৰ লাডাখ ভ্রমণৰ অন্যতম তাৎপর্য আছিল, ভাৰতে সীমান্তত যি সংঘাতময় পৰিৱেশ, তাৰ পৰা নেজ পেলাই পিছহোঁহকি নাহে৷ নিজ দেশৰ সার্বভৌমত্বক ৰক্ষা কৰিবলৈ দেশখন সামৰিক দিশত সক্ষম৷ তেওঁ লাডাখত দিয়া ভাষণতেই ইয়াৰ স্পষ্ট আভাস পোৱা যায়৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে চীনৰ নাম ডল্লেখ নকৰাকৈ দিয়া সকীয়নিৰ কথা নক’লে, ভাৰতৰ চীন নীতি সন্দর্ভত পৰিৱর্তনৰ কথাবোৰৰ আলোচনা আধৰুৱা হৈ ৰ’ব৷ তেওঁ সীমান্তত থিয় দি কৈছিল, এতিয়া সাম্রাজ্যবাদৰ দিন ডকলিল৷ এয়া বিকাশৰ যুগ৷ ইতিহাস সাক্ষী হৈ আছে, এনেধৰণৰ সাম্রাজ্যবাদী শক্তিক হয় ধূলিসাৎ কৰি দিয়া হয় নাইবা পিছ হোঁহকিবলৈ বাধ্য হয়৷ এতিয়া সমগ্র বিশ্ব সাম্রাজ্যবাদৰ বিৰুদ্ধে মন স্থিৰ কৰি লৈছে৷ ইয়াৰ পূর্বে ভাৰতৰ ৰাজনৈতিক নেতৃত্বই চীনক ডদ্দেশ্যি এনেদৰে কঠোৰ বাক্যবাণ নিক্ষেপ কৰাৰ নজিৰ নাই৷ আৰু কথাখিনিয়ে সঠিক ঠাইতে আঘাত কৰে৷ বেইজিঙত চীনৰ বৈদেশিক মন্ত্রালয়ে মোদীৰ বক্তব্যৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰিবলৈ বাধ্য হয়৷ তদুপৰি নতুন দিল্লীত থকা চীনৰ দূতাৱাসৰ পৰাও প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰা হয়৷ বেইজিঙে হয়তো ভবাই নাছিল যে লাডাখত চীনৰ আগ্রাসনৰ প্রত্যুত্তৰ ইমান কঠোৰভাৱে দিব৷ সেয়ে প্রধানমন্ত্রীৰ বক্তব্যৰ প্রত্যুত্তৰ দেশখনৰ প্রতিক্রিয়াত একপ্রকাৰৰ হতাশাহে প্রতিফলিত হয়৷ বেইজিঙত বৈদেশিক মন্ত্রালয়ে দুয়োখন দেশে এনে কোনো কাম কৰিব নালাগে৷ যিয়ে সীমান্তত পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে বুলি প্রতিক্রিয়া প্রকাশ কৰে৷ একেদৰে, নতুন দিল্লীস্থিত চীনা দূতাৱাসে চীনক সাম্রাজ্যবাদী বুলি আখ্যা দিয়াটো ভিত্তিহীন বুলি কৈ বিষয়টো সামৰে৷
ইছলামিক সন্ত্রাসবাদী মাছুদ আজাহাৰক বিগত বর্ষৰ ১ মে’ত ৰাষ্ট্রসংঘই আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদী ৰূপে ঘোষণা কৰাৰ পূর্বে চীনে ৰাষ্ট্রসংঘৰ প্রস্তাৱটো গৃহীত হোৱাত কেইবাবাৰো বাধাৰ সৃষ্টি কৰিছিল৷ তাকে সমগ্র ভাৰত চীনবিৰোধী লহৰ অকল্পনীয়ভাৱে তীব্রতৰ হৈছিল৷ ডোকলামত সংঘটিত আগ্রাসনৰ সময়তো ভাৰতৰ জনসাধাৰণৰ মাজত চীনৰ বিৰুদ্ধে ক্ষোভৰ ডদ্গীৰণ ঘটিছিল৷ সেই সময়ছোৱাত দেশখনৰ সর্বত্র চীনা সামগ্রী বর্জনৰ দাবী ডঠিছিল৷ বহুতে ৰাজপথলৈ ওলাই আহি চীনা সামগ্রী দাহ কৰিছিল৷ কিন্তু দেশজুৰি প্রবল বিৰোধিতা আৰু ক্ষোভ সত্ত্বেও চৰকাৰে চীনা সামগ্রী বর্জনৰ ক্ষেত্রত প্রত্যক্ষভাৱে কোনো পদক্ষেপ লোৱা নাছিল৷ কিন্তু এইবাৰ চীনা সামগ্রী তথা চীনক বর্জনৰ ক্ষেত্রত চৰকাৰীভাৱে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়ে ভাৰতৰ পৰিৱর্তিত চীন নীতিৰ আভাস দাঙি ধৰিছে৷ গালৱান ডপত্যকাৰ ৰক্তাক্ত সংঘাতৰ পাছত টিকটককে ধৰি চীনৰ ৫৯টা এপ নিষিদ্ধ হৈছে৷ ইয়াক কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদে ডিজিটেল ষ্ট্রাইক আখ্যা দিছে৷ তদুপৰি, আনগৰাকী মন্ত্রী নীতিন গাডকাৰিয়ে পথ প্রকল্প ৰূপায়ণ, ক্ষুদ্র আৰু মজলীয়া ডদ্যোগত চীনৰ বিনিয়োগৰ প্রয়োজন নাই বুলি স্পষ্টকৈয়ে প্রকাশ কৰিছে৷ একেদৰে, ভাৰতৰ কেইবাখনো ৰাজ্যই চীনৰ অনুষ্ঠান–প্রতিষ্ঠানৰ্ নিবিদাত অংশগ্রহণ নিষিদ্ধ কৰিছে৷ অর্থাৎ সংঘাত সত্ত্বেও চীনৰ সৈতে বাণিজ্যিক ক্ষেত্রখনত যুক্ত হৈ থকা দেশখনক যুক্ত কৰি ৰখাৰ যি নীতি ইমান দিনে অনুসৰণ কৰি আহিছিল, তাৰ পৰা নতুন দিল্লী আঁতৰি আহিবলৈ মন স্থিৰ কৰিছে৷ লগতে সীমান্তত চীনক চীনৰ ভাষাৰে প্রত্যুত্তৰ দিবলৈ নতুন নীতি প্রস্তুত কৰি লৈছে৷ তাৰ বাবে সেনাক পৰিস্থিতি অনুকূল সিদ্ধান্ত ল’বলৈ পূর্ণ স্বাধীনতা দিয়া হৈছে৷ সীমান্তত চীনৰ সৈতে চকুত চকু থৈ কথা ক’বলৈ সেনা মোতায়েন কৰা হৈছে৷ যুদ্ধ যদি হয়, মুহূর্ততে প্রস্তুত হ’ব পৰাকৈ সেনাক সষ্টম কৰি ৰখা হৈছে৷
লাডাখত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া ভাষণৰ কেইবাটাও অংশই ভাৰতৰ চীন নীতিৰ নতুন দিশটোক প্রতিফলিত কৰিছে৷ তেওঁ কৈছিল, আমি সেই জনসমষ্টি, যিয়ে বংশীধৰ শ্রীকৃষক পূজা কৰে আৰু সুদর্শন চক্রধাৰী শ্রীকৃষক আদর্শ হিচাপে মানে৷ ইয়াৰ আঁৰৰ বার্তা কি, সেয়া চীনে নুবুজাকৈ থকা নাই৷ কেৱল সেয়াই নহয়, তেওঁ ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ লগতে সেনাৰ শৌর্য–পৰাক্রমক চীনৰ আগত তুলি ধৰিবলৈও পাহৰা নাছিল৷ তেওঁ চীনক একপ্রকাৰ ধমক দি কৈছিল, ভাৰতৰ শত্রুৱে সেনাৰ কোপ আৰু ক্রোধ Fire And Furry) দেখিছে৷Fire And Furry হ’ল লেহত থকা ভাৰতীয় সেনাৰ ১৪ ক’ৰৰ প্রতীক৷ ১৪ ক’ৰে পূব লাডাখৰ পৰা পাকিস্তান সীমান্তত থকা কার্গিল–চিয়াচেনলৈ সীমান্ত পহৰা দিয়ে৷ ১৫ জুনত গালোৱানত নিৰস্ত্র তথা মুষ্টিমেয় কেইজনমান সেনাই চীন সেনাৰ বৃহৎ দলক কিদৰে শিক্ষা দিছিল, তাকেই বুজাব বিচাৰিছে৷ অর্থাৎ ভাৰতীয় সেনাৰ সৈতে ফেপেৰি পাতিলে, কি পৰিণাম হ’ব পাৰে, প্রধানমন্ত্রী মোদীয়ে ভাষণেৰে তাকেই চীনক বুজাবলৈ চেষ্টা কৰিছে৷
গালৱান ডপত্যকাত সংঘটিত চীন–ভাৰত সেনাৰ সংঘাতৰ পাছৰ ঘটনা প্রৱাহলৈ লক্ষ্য কৰিলে দেখা যায় যে ভাৰতে চীনলৈ পাঁচটা কঠোৰ বাণী প্রেৰণ কৰিছে৷ তাৰে প্রথমটো হ’ল, সংঘাতৰ পাছতে ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ে কেইবাটাও সমৰাস্ত্র ক্রয়ৰ পৰিকল্পনাত মঞ্জুৰি দিছে৷ তাৰে ভিতৰত ৩৩খন নতুন যুঁজাৰু বিমান, ৩০০ ক্রুজ মিছাইল, ২৫০ আকাশৰ পৰা আকাশলৈ প্রেৰণ কৰিব পৰা ক্ষেপণাস্ত্রও আছে৷ ইয়াৰ পৰা এটা বার্তা স্পষ্টকৈ গৈছে যে ভাৰত এতিয়া চীনৰ সৈতে দীর্ঘকালৰ বাবে সংঘাতৰ সন্মুখীন হ’বলৈ সাজু৷ সেইদৰে তিনি জুলাইত প্রধানমন্ত্রী মোদীৰ লাডাখ ভ্রমণো চীনৰ বাবে এটা বার্তা আছিল৷ তাৰ জৰিয়তে ভাৰতে নিজৰ সার্বভৌমত্ব ৰক্ষাৰ স্বার্থত এখোজো যে পিছুৱাই নাহে, তাকে ক’ব বিচাৰিছে৷ তৃতীয়টো বার্তা ডিজিটেল ষ্ট্রাইকেৰে দিয়া হৈছে৷ চতুর্থটো বার্তা গৈছে ভাৰতৰ ৰাজ্যই ৰাজ্যই নিবিদাত চীনৰ অংশগ্রহণত নিষিদ্ধকৰণৰ জৰিয়তে৷ আনহাতে, শেহতীয়াকৈ ৰাষ্ট্রসংঘত ভাৰতৰ স্থায়ী প্রতিনিধিগৰাকীয়ে হংকঙক লৈ দিয়া মন্তব্য৷ ইয়াৰ পূর্বে ভাৰতে হংকঙত বিৰাজমান পৰিস্থিতি সন্দর্ভত মুকলিকৈ মুখ খোলা নাছিল৷ কিন্তু ৰাষ্ট্রসংঘত দিয়া বক্তব্যত স্থায়ী প্রতিনিধিগৰাকীয়ে হংকঙত বুজনসংখ্যাত ভাৰতীয় লোক বসবাস কৰে বুলি ডল্লেখ কৰি ভাৰত নিজেক সেই ৰাষ্ট্রসমূহৰ শাৰীত লৈ গ’ল, যিয়ে হংকঙত মানৱাধিকাৰ ডলংঘাক লৈ চীনৰ সমালোচনা কৰি আহিছে৷ ইয়ে চীনৰ ক্ষেত্রত নতুন নীতিৰে এখন নতুন ভাৰতৰ ছবি প্রতিফলিত কৰিছে৷

You might also like